সমললৈ যাওক

বানাসুৰা লাফিংথ্ৰাছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/সাঁচ:Taxonomy/Montecincla|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}

Montecincla jerdoni
সংৰক্ষণ স্থিতি
বৈজ্ঞানিক শ্ৰেণীবিভাজন e
Unrecognized taxon (ঠিক কৰক): Montecincla
প্ৰজাতি: M. jerdoni
দ্বৈৰাশিক নামকৰণ
Montecincla jerdoni
(Blyth, 1851)
সাঁচ:Leftlegend
সমাৰ্থক

মন্টেচিনক্লা কেচিনানছ জেৰ্ডোনি

বানাসুৰা লাফিংথ্ৰাছ (ইংৰাজী: : Montecincla jerdoni), হৈছে লেইঅʼথ্ৰিচিডে পৰিয়ালৰ এবিধ চৰাই। দক্ষিণ-পশ্চিম কৰ্ণাটক আৰু উত্তৰ কেৰালাৰ পশ্চিমঘাট পৰ্বতমালাৰ এটা সৰু অঞ্চলত থকা শ্বোলা বাসস্থানত এই চৰাইবিধ পোৱা যায়। পূৰ্বতে ইয়াক ব্লেক-চিনড লাফিংথ্ৰাছৰ এটা উপপ্ৰজাতি বুলি গণ্য কৰা হৈছিল।

শ্ৰেণীবিভাজন

[সম্পাদনা কৰক]

১৮৫১ চনত প্ৰাণীবিজ্ঞানী এডৱাৰ্ড ব্লাইথে বানাসুৰা লাফিংথ্ৰাছৰ বৰ্ণনা কৰিছিল। থমাছ জেৰ্ডন নামৰ আন এজন প্ৰাণীবিজ্ঞানীয়ে আধুনিক কেৰালাৰ বানাসুৰা পাহাৰত সংগ্ৰহ কৰা এটা লাফিংথ্ৰাছৰ নমুনাৰ আধাৰত বানাসুৰ লাফিংথ্ৰাছৰ বৰ্ণনা কৰিছিল।[2] এডৱাৰ্ড ব্লাইথে প্ৰথমে ইয়াক গাৰুলাক্স প্ৰজাতিত স্থান দিছিল। কিছু দিনৰ বাবে শ্ৰেণীবিভাজনৰ পুনৰ্গঠনৰ অন্তত এই প্ৰজাতিটোক পালানি লাফিংথ্ৰাছ আৰু আশাম্বু লাফিংথ্ৰাছৰ সৈতে মণ্টেচিনক্লা প্ৰজাতিত স্থান দিয়া হয় আৰু আজিও এই প্ৰজাতিটো আছে।

পূৰ্বতে বানাসুৰা লাফিংথ্ৰাছক নীলগিৰি লাফিংথ্ৰাছৰ সৈতে একেটা প্ৰজাতি বুলি গণ্য কৰা হৈছিল আৰু ইয়াক ব্লেক-চিনড লাফিংথ্ৰাছ নামেৰে জনা গৈছিল। কিন্তু বংশগতিবিদ্যামূলক বিশ্লেষণত প্ৰকাশ পায় যে বানাসুৰা আৰু নীলগিৰি লাফিংথ্ৰাছ দুটা পৃথক জনসংখ্যা, যি ভৌগোলিকভাৱে পৃথক প্ৰজাতি গঠন প্ৰক্ৰিয়াৰ জৰিয়তে পৃথক হৈ পৰিছিল।[3] সেয়েহে ২০১৫ চনত বানাসুৰা লাফিংথ্ৰাছক এটা স্বতন্ত্ৰ পূৰ্ণ প্ৰজাতি হিচাপে স্বীকৃতি দিয়া হয়।[4]

বানাসুৰা লাফিংথ্ৰাছ জিনগতভাৱে নীলগিৰি লাফিংথ্ৰাছৰ সৈতে ঘনিষ্ঠভাৱে সম্পৰ্কিত। দুয়োটা প্ৰজাতি বৰ্তমানৰ পৰা প্ৰায় ৩ লাখ ৩০ হাজাৰ বছৰ পূৰ্বে পৃথক হৈ বিকশিত হোৱা বুলি অনুমান কৰা হৈছে।[4]

কেৰালাৰ চেম্ব্ৰাত এটা বানাসুৰা লাফিংথ্ৰাছ

বানাসুৰা লাফিংথ্ৰাছ এবিধ মজলীয়া আকাৰৰ গীত গোৱা চৰাই। ইয়াৰ দৈৰ্ঘ্য প্ৰায় ২০.৩ৰ পৰা ২৩.০ ছেণ্টিমিটাৰ আৰু ওজন ৩৬ৰ পৰা ৫২ গ্ৰাম।[5] প্ৰাপ্তবয়স্ক চৰাইৰ মুখ আৰু ডিঙি ক’লা; চকুৰ ওপৰৰ ভ্ৰূৰেখা বগা; বুকু, গাল আৰু পিঠি ধূসৰ; পেট গেৰুৱা; আৰু পিঠিৰ পিছফাল, ডেউকা আৰু নেজ জলফাই ফলৰ দৰে সেউজীয়া। ইয়াৰ উপৰি ঠোঁট ক’লা, চকুৰ আইৰিছ উজ্জ্বল ৰঙা আৰু ভৰি মুগা বৰণীয়া। ইয়াৰ ধূসৰ বুকুৰ বাবে ইয়াক নীলগিৰি লাফিংথ্ৰাছৰ পৰা পৃথক কৰিব পাৰি। আনহাতে, ক’লা থুঁতৰিৰ বাবে পালানি লাফিংথ্ৰাছ আৰু আশাম্বু লাফিংথ্ৰাছৰ পৰা ইয়াক চিনাক্ত কৰিব পাৰি। মতা আৰু মাইকী চৰাইৰ পাখিৰ বৰণত কোনো দৃশ্যমান পাৰ্থক্য নাই।[5]

যদিও বানাসুৰা লাফিংথ্ৰাছ মণ্টেচিনক্লা গণৰ আন প্ৰজাতিসমূহৰ সৈতে দেখাত অত্যন্ত মিল আছে, ইয়াৰ বিস্তৃতিৰ ভিতৰত এই গণৰ আন কোনো প্ৰজাতি পোৱা নাযায়। সেয়েহে ইয়াক সহজেই চিনাক্ত কৰিব পাৰি।[4]

বিস্তৃতি আৰু বাসস্থান

[সম্পাদনা কৰক]

বানাসুৰা লাফিংথ্ৰাছৰ বিস্তৃতি অতি সীমিত। ই দক্ষিণ ভাৰতৰ পশ্চিমঘাট পৰ্ব্বতৰ কেইটামান সৰু পৰ্ব্বতৰ শৃংগ বা আকাশ দ্বীপত স্থানীয়ভাৱে পোৱা যায়। ইয়াৰ বিস্তৃতি উত্তৰে কৰ্ণাটকৰ ক’ডাগুৰ ব্ৰহ্মগিৰি পাহাৰৰ পৰা দক্ষিণে কেৰালাৰ ভাভুল মালালৈকে বিস্তৃত। এই বিস্তৃতিৰ ভিতৰত ইয়াৰ বিচ্ছিন্ন জনসংখ্যা ৱায়ানাডৰ বানাসুৰা পাহাৰ, চেম্ব্ৰা শৃংগ আৰু ভেল্লাৰিমালাত পোৱা যায়।[5]

বানাসুৰা লাফিংথ্ৰাছ মূলতঃ সমুদ্ৰপৃষ্ঠৰ পৰা ১,৪০০ৰ পৰা ২,৪০০ মিটাৰ উচ্চতাত থকা শ্বোলা বাসস্থানত পোৱা যায়।

আচৰণ আৰু পৰিৱেশতত্ত্ব

[সম্পাদনা কৰক]
কেৰেলাৰ মেপ্পাডিত এবিধ বানাসুৰাৰ হাঁহি

বানাসুৰা লাফিংথ্ৰাছে শ্বোলা বনাঞ্চলৰ মধ্যস্তৰ আৰু নামনিৰ অৰণ্যৰ পাতলীয়া অংশত খাদ্য বিচাৰে। ই এটা ডালৰ পৰা আনটো ডাললৈ জঁপিয়াই ফুৰি মূলতঃ ফল আৰু পোক-পতংগ খায়। প্ৰতিটো চৰাই সাধাৰণতে এটা নিৰ্দিষ্ট অঞ্চলতে থাকে আৰু নিয়মীয়াকৈ এটা শ্বোলা বনাঞ্চলৰ পৰা আন এটালৈ অহা-যোৱা নকৰে।[5]

মণ্টেচিনক্লা গণৰ আন লাফিংথ্ৰাছৰ দৰে বানাসুৰা লাফিংথ্ৰাছো অতি সুৰীয়া আৰু উচ্ছ কণ্ঠস্বৰযুক্ত। ইয়াৰ আটাইতকৈ সাধাৰণ মাত হৈছে ৩ৰ পৰা ৬টা জোৰেৰে আৰু নাকৰ সুৰৰ দৰে শুনা শৃংখল ধাৰা। অৱশ্যে ইয়াৰ মাতৰ যথেষ্ট বৈচিত্ৰ্য আছে আৰু ২, ৩, ৪ আৰু ৬টা নোটযুক্ত বিভিন্ন ধৰণৰ মাতো নথিভুক্ত কৰা হৈছে। বানাসুৰা লাফিংথ্ৰাছৰ মাত কেতিয়াবা নীলগিৰি লাফিংথ্ৰাছৰ মাতৰ পৰা পৃথক কৰাটো কঠিন হৈ পৰে। তথাপি বিশ্লেষণত দেখা গৈছে যে বানাসুৰা লাফিংথ্ৰাছৰ মাত সাধাৰণতে মণ্টেচিনক্লা গণৰ আন লাফিংথ্ৰাছসমূহৰ তুলনাত অধিক জটিল।[4]

সংৰক্ষণ

[সম্পাদনা কৰক]

অতি সীমিত বনাঞ্চল মাত্ৰ ৫৭ বৰ্গ কিলোমিটাৰতকৈও কম বিস্তৃতিৰ বনাঞ্চলত বিচৰণ কৰা বাবে বানাসুৰা লাফিংথ্ৰাছৰ জনসংখ্যা অতি কম আনুমানিক মাত্ৰ ৫০০ৰ পৰা ২,৫০০টা প্ৰাপ্তবয়স্ক চৰাই।[3] বাসস্থান হ্ৰাস আৰু অৱক্ষয়ৰ বাবে ইয়াৰ বিস্তৃতিও যথেষ্ট বিচ্ছিন্ন, যাৰ ফলত এই প্ৰজাতিটো অধিক বিপদাপন্ন হৈ পৰিছে। অতি কম জনসংখ্যা আৰু সীমিত বিস্তৃতিৰ বাবে আন্তৰ্জাতিক প্ৰকৃতি সংৰক্ষণ সংঘই (IUCN) বানাসুৰা লাফিংথ্ৰাছক “বিপন্ন” হিচাপে শ্ৰেণীবদ্ধ কৰিছে।[1]

বানাসুৰা লাফিংথ্ৰাছৰ গুৰুত্বপূৰ্ণ বাসস্থান সংৰক্ষণৰ উদ্দেশ্যে কেমেল হামপ পৰ্বতমালাক এটা গুৰুত্বপূৰ্ণ পক্ষী অঞ্চল হিচাপে নিৰ্ধাৰণ কৰা হৈছে।

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 BirdLife International. (2024) (en ভাষাত). Montecincla jerdoni. 2024. doi:10.2305/IUCN.UK.2024-2.RLTS.T103874145A249695988.en.
  2. Blyth, E. (1851). Notice of a collection of Mammalia, birds, and reptiles, procured at or near the station of Chérra Punji in the Khásia Hills, north of Sylhet. Journal of the Asiatic Society of Bengal XX (Part II): 517–524.
  3. 1 2 Praveen, J.; Nameer, P. O. (2013). "Strophocincla laughingthrushes of south India: a case for allopatric speciation and impact on their conservation". Journal of the Bombay Natural History Society খণ্ড 109 (1–2): 46–52. https://www.researchgate.net/publication/255962881.
  4. 1 2 3 4 Robin, V.V.; Vishnudas, C. K.; Gupta, Pooja; Rheindt, Frank E.; Hooper, Daniel M.; Ramakrishnan, Uma; Reddy, Sushma (2017). "Two new genera of songbirds represent endemic radiations from the Shola Sky Islands of the Western Ghats, India". BMC Evolutionary Biology খণ্ড 17 (1): 31. doi:10.1186/s12862-017-0882-6. ISSN 1471-2148. PMID 28114902.
  5. 1 2 3 4 সাঁচ:Cite BOW