বাণী যাদৱ
ড° বাণী যাদৱ (ইংৰাজী: Dr. Bani Yadav; জন্ম: ৭ ছেপ্টেম্বৰ ১৯৭১) এগৰাকী ভাৰতীয় ৰেলী চালক, মটৰস্পৰ্টছ প্ৰমোটাৰ আৰু সামাজিক অধিকাৰ সমৰ্থক। ৰাষ্ট্ৰীয় মহিলা শাখাত সৰ্বাধিক বৃহৎ ক্ৰছ কাণ্ট্ৰী ৰেলী খিতাপ দখল কৰা ভাৰতৰ একমাত্ৰ মহিলা হিচাপে যাদৱ পৰিগণিত হৈছিল।[1]
প্ৰাথমিক জীৱন আৰু কেৰিয়াৰ
[সম্পাদনা কৰক]লক্ষ্ণৌত জন্মগ্ৰহণ কৰা যাদৱ দিল্লীত ডাঙৰ-দীঘল হৈছিল। ১৩ বছৰ বয়সত ৰেচিঙৰ প্ৰথম অভিজ্ঞতাৰ জৰিয়তে তেওঁ ২০১৩ চনৰ জয়পুৰ স্পীড স্প্ৰিণ্টত ৪৩ বছৰ বয়সত প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ প্ৰেৰণা পাইছিল। তেওঁ দ্বিতীয় স্থানত অন্ত কৰিছিল। তেওঁ ২০১৫ চনৰ এছিয়া-পেচিফিক ৰেলী চেম্পিয়নশ্বিপত যাদৱ আছিল সৰ্বাধিক দ্ৰুততম মহিলা চালক। যাদৱে নাৰী সবলীকৰণৰ বাবে অনুষ্ঠানত অংশগ্ৰহণ কৰে, সম অধিকাৰ আৰু লিংগ সমতাৰ সমৰ্থন কৰে। বাণী ২০১৮ আৰু ২০১৯ চনত ৰাষ্ট্ৰীয় অটোক্ৰছ চেম্পিয়ন-মহিলা আছিল।[2] ভাৰতৰ বাহিৰত আবুধাবি ইয়াছ মেৰিনা চাৰ্কিটত ফৰ্মুলা ৪ গাড়ী চলোৱা তেওঁ ভাৰতৰ প্ৰথমগৰাকী মহিলা। ভাৰতৰ একমাত্ৰ মহিলা যিয়ে মটৰস্পৰ্টছত ডক্টৰেট ডিগ্ৰী লাভ কৰিছে।

২০১৩ চনৰ অক্টোবৰ মাহত মেৰুদণ্ডৰ অক্ষমতা সৃষ্টিকাৰী আঘাতত যাদৱ আক্ৰান্ত হয়৷ তাৰ পিছত তেওঁ পুনৰ ৰেচিঙলৈ উভতি আহিল।
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]যাদৱ তেওঁৰ বন্ধু সুৰেশৰ সৈতে বিবাহিত৷ তেওঁলোকৰ দুজন পুত্ৰ আছে৷ দুয়োজনেই ৰেলী চালক।[3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Das, Deepannita (2018-11-13). "Bani Yadav, India's Fastest Woman Rally Driver, Knows How To Put Her Life On The Right Track" (en-US ভাষাত). lifebeyondnumbers.com. https://lifebeyondnumbers.com/bani-yadav-indias-fastest-woman-rally-driver-knows-how-to-put-her-life-on-the-right-track/। আহৰণ কৰা হৈছে: 2023-04-30.
- ↑ "International Women's Day 2019: किसी ने मां बनने के बाद तो किसी ने कम उम्र में बनाया ड्राइविंग को जुनून" (hi ভাষাত). Dainik Jagran. https://www.jagran.com/automobile/latest-news-international-womens-day-2019-girls-passion-for-racing-and-automobile-19025876.html। আহৰণ কৰা হৈছে: 2020-08-10.
- ↑ "Dainik Bhaskar". 17 June 2016. https://www.bhaskar.com/news/SPO-OTH-OTH-bani-yadav-is-speed-car-racer-of-india-news-hindi-5351463-PHO.html.