সমললৈ যাওক

বানু মুস্তাক

অসমীয়া ৱিকিপিডিয়াৰ পৰা


বানু মুস্তাক (ইংৰাজী: Banu Mushtaq) (জন্ম ১৯৪৮) দক্ষিণৰ কৰ্ণাটক ৰাজ্যৰ এগৰাকী ভাৰতীয় সমাজকৰ্মী, অধিবক্তা আৰু সাহিত্যিক। তেওঁ কানাড়া ভাষাত লিখে৷ তেওঁৰ ৰচনাসমূহ উৰ্দু, হিন্দী, তামিল, মালায়ালম আৰু শেহতীয়াকৈ ইংৰাজী ভাষাতো প্ৰকাশ পাইছে।[1] ২০২৫ চনত তেওঁৰ চুটিগল্প সংকলন 'হাৰ্ট লেম্প' শীৰ্ষক গ্ৰন্থখনে (দীপা ভাষ্টিয়ে কৰা অনুবাদ) আন্তৰ্জাতিক বুকাৰ বঁটা লাভ কৰে।[2]

বানু মুস্তাক

প্ৰাৰম্ভিক আৰু ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

১৯৪৮ চনত কৰ্ণাটকৰ হাছানৰ এটা মুছলমান পৰিয়ালত মুস্তাকে জন্মগ্ৰহণ কৰিছিল৷[3] ৮ বছৰ বয়সত মুস্তাকে শিৱমোগ্গাৰ কানাড়া ভাষাৰ মিছনেৰী স্কুলত নামভৰ্তি কৰে; এই চৰ্তত যে তেওঁ "ছমাহত কানাড়া পঢ়িবলৈ আৰু লিখিবলৈ" শিকিব৷ স্কুলত কেইদিনমান পিছত তেওঁ লিখিবলৈও আৰম্ভ কৰিলে।[4]

সামাজিক নীতিৰ বিৰোধিতা কৰি তেওঁ বিশ্ববিদ্যালয়ত পঢ়িবলৈ গৈছিল আৰু ২৬ বছৰ বয়সত প্ৰেমবিবাহ কৰিছিল।[5]

তেওঁ কানাড়া, হিন্দী, ডাখনী উৰ্দু আৰু ইংৰাজী ভাষা কয়।[5]

কৰ্মজীৱন

[সম্পাদনা কৰক]

মুস্তাক ইয়াৰ পূৰ্বে লংকেশ পত্ৰিকে[5] নামৰ কাকতখনৰ সাংবাদিক আছিল আৰু কিছু মাহ ধৰি বেংগালুৰুৰ অল ইণ্ডিয়া ৰেডিঅ'ত কাম কৰিছিল।[3]

Booker prize winner Banu Mushtaq talk at Kollam 2025

লেখিকা হিচাপে

[সম্পাদনা কৰক]

বানু মুস্তাক সৰুৰে পৰা লিখাৰ প্ৰতি আগ্ৰহী আছিল, কিন্তু ২৯ বছৰ বয়সলৈকে তেওঁ লেখক হোৱা নাছিল৷ প্ৰসৱৰ পিছত এগৰাকী নতুন মাতৃ হিচাপে তেওঁ প্ৰসৱোত্তৰ বিসণ্ণতাত ভুগিছিল। মুস্তাকে নিজৰ অনুভৱ আৰু অভিজ্ঞতা অন্বেষণ কৰিবলৈ লিখা-মেলা কৰিবলৈ আৰম্ভ কৰিলে। তেওঁৰ লেখাৰ বেছিভাগেই নাৰী-আধাৰিত।[5]

মুস্তাকে ছখন চুটিগল্প-সংকলন, এখন উপন্যাস, এখন ৰচনা সংকলন আৰু এটা কবিতা সংকলন প্ৰকাশ কৰিছে।[6] তেওঁৰ গল্প "কাৰি নাগাৰগালু"ক ২০০৩ চনত হাছিনা নামৰ এখন ছবিলৈ ৰূপান্তৰিত কৰা হয়।[5]

হাৰ্ট লেম্প

[সম্পাদনা কৰক]

ইংৰাজীলৈ অনুবাদ হোৱা মুস্তাকৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ কিতাপ আছিল দক্ষিণ ভাৰতৰ মুছলমান সম্প্ৰদায়ৰ ১২টা নাৰীকেন্দ্ৰিক কাহিনীৰ সংকলন হাৰ্ট লেম্প (আৰু অন্যান্য কাহিনী, ২০২৫)। গল্পসমূহ বাছনি কৰি দীপা ভাষ্টিয়ে ইংৰাজী ভাষালৈ অনুবাদ কৰিছিল[7] তেওঁ ২০২২ চনৰ পৰা মুস্তাকৰ ৰচনাসমূহ ইংৰাজীলৈ অনুবাদ কৰিবলৈ আৰম্ভ কৰে।[5] এই সংকলনত ২০১৯ চনৰ পৰা ২০২৩ চনলৈকে লিখা আৰু প্ৰকাশিত গল্পসমূহ সন্নিবিষ্ট কৰা হৈছে।[4][5]

২০২৫ চনৰ মে' মাহত হাৰ্ট লেম্পে ২০২৫ চনৰ আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা লাভ কৰে।[2] মুস্তাক হৈছে প্ৰথমগৰাকী কন্নড় ভাষাৰ লেখক যাৰ ৰচনাক এই বঁটাৰ বাবে মনোনীত কৰা হৈছিল।[4] দীপা ভাষ্টি এই বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় অনুবাদক৷ 'হাৰ্ট লেম্প' হৈছে বুকাৰ সন্মান বঁটা লাভ কৰা প্ৰথমটো চুটিগল্প সংকলন।[8]

সামাজিক সক্ৰিয়তা

[সম্পাদনা কৰক]

১৯৮০ চনৰ পৰা মুস্তাক কৰ্ণাটকত "মৌলবাদ আৰু সামাজিক অন্যায়"ক অৱমাননা কৰাৰ দিশত কাম কৰা কৰ্মী আন্দোলনৰ সৈতে জড়িত হৈ আছে।[9]

২০০০ চনত মুস্তাক আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে তিনিমাহৰ বাবে "সামাজিক বৰ্জন" ঘোষণা কৰা হয়৷ তেওঁ "মুছলমান মহিলাৰ মছজিদত প্ৰৱেশৰ অধিকাৰৰ পোষকতা" কৰাৰ বাবে এই বৰ্জন ঘোষণা কৰা হয়।[9]

২০০০ চনৰ আৰম্ভণিতে মুস্তাকে চিকমাগালুৰ জিলাৰ বাবা বুডাংগিৰিৰ এটা ছিনক্ৰেটিক মন্দিৰত মুছলমানসকলক দৰ্শন কৰাত বাধা দিয়াৰ প্ৰচেষ্টাত প্ৰতিবাদ সাব্যস্ত কৰে।[9]

মুস্তাকে মুছলমান ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়ত হিজাব পিন্ধাৰ অধিকাৰক সমৰ্থন কৰিছে, যিটোৱে কৰ্ণাটকত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।[9]

বঁটা আৰু স্বীকৃতি

[সম্পাদনা কৰক]
  • কৰ্ণাটক সাহিত্য একাডেমী বঁটা (১৯৯৯)[10]
  • দানা চিন্তামণি আতিমব্বে বঁটা[10]
  • ২০২৪ চনৰ পেন ইংৰাজী অনুবাদ বঁটা; (দীপা ভাষ্টিৰ হাছিনা আৰু অন্যান্য গল্প অনুবাদৰ বাবে)[11]
  • ২০২৫ চনৰ হাৰ্ট লেম্পৰ বাবে আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা, অনুবাদ-দীপা ভাষ্টি[12]

প্ৰকাশনসমূহ

[সম্পাদনা কৰক]
  • হাৰ্ট লেম্প: নিৰ্বাচিত কাহিনী (আৰু অন্যান্য কাহিনী, ২০২৫) আই.এচ.বি.এন. 9781916751163

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Authors: Banu Mushtaq". And Other Stories. 4 December 2024. https://www.andotherstories.org/authors/banu-mushtaq/। আহৰণ কৰা হৈছে: 27 March 2025. 
  2. 2.0 2.1 Marshall, Alex (20 May 2025). "Banu Mushtaq's Heart Lamp, a Story Collection, Wins International Booker Prize". The New York Times. https://www.nytimes.com/2025/05/20/books/review/international-booker-prize-winner.html. 
  3. 3.0 3.1 "Muslim patriarchs – I prefer to call them Muslim fascist forces: Banu Mushtaque (interview)". New Age Islam. 17 August 2010. https://www.newageislam.com/interview/banu-mushtaq/muslim-patriarchs-i-prefer-call-them-muslim-fascist-forces-banu-mushtaque/d/3307। আহৰণ কৰা হৈছে: 27 March 2025. 
  4. 4.0 4.1 4.2 Sathish, G. T. (2025-03-04). "Firebrand writer Banu Mushtaq, and her International Booker Prize-longlisted anthology, Heart Lamp" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/books/kannada-author-banu-mushtaq-international-booker-prize-longlist-heart-lamp-short-stories-translation-deepa-bhasthi/article69268894.ece. 
  5. 5.0 5.1 5.2 5.3 5.4 5.5 5.6 Sharma, Kanika (2025-03-01). "Banu Mushtaq wrote Heart Lamp for 33 years. Now, it's nominated for the International Booker Prize" (en-IN ভাষাত). Vogue India. https://www.vogue.in/content/banu-mushtaq-wrote-heart-lamp-for-33-years-nominated-for-international-booker-prize। আহৰণ কৰা হৈছে: 2025-03-27. 
  6. "Authors: Banu Mushtaq". The Booker Prizes. https://thebookerprizes.com/the-booker-library/authors/banu-mushtaq। আহৰণ কৰা হৈছে: 27 March 2025. 
  7. Knight, Lucy (20 May 2025). "'Radical translation' of Heart Lamp by Banu Mushtaq wins International Booker prize". The Guardian. https://www.theguardian.com/books/2025/may/20/radical-translation-of-heart-lamp-by-banu-mushtaq-wins-international-booker-prize. 
  8. "Banu Mushtaq and Deepa Bhasthi have won the International Booker Prize 2025 for Heart Lamp, the first collection of short stories to win the prize". The Booker Prizes. https://thebookerprizes.com/the-booker-library/prize-years/international/2025। আহৰণ কৰা হৈছে: 20 May 2025. 
  9. 9.0 9.1 9.2 9.3 "'In Karnataka, Cultural Practices Basavanna Fought Against Are Getting Reintroduced'". article-14.com. https://article-14.com/post/-in-karnataka-cultural-practices-basavanna-fought-against-are-getting-reintroduced--6231ec2685c76। আহৰণ কৰা হৈছে: 2025-03-27. 
  10. 10.0 10.1 Creamer, Ella (25 February 2025). "All 13 writers on International Booker longlist are first-time nominees". The Guardian. https://www.theguardian.com/books/2025/feb/25/all-13-writers-on-international-booker-longlist-are-first-time-nominees. 
  11. "Collection of Banu Mushtaq's short stories translated into English wins PEN English Translate award" (en-IN ভাষাত). The Hindu. 2024-07-18. ISSN 0971-751X. https://www.thehindu.com/news/national/karnataka/collection-of-banu-mushtaqs-short-stories-translated-into-english-wins-pen-english-translate-award/article68418815.ece. 
  12. Marshall, Alex (8 April 2025). "International Booker Prize Shortlist: 6 Books to Talk About" (en ভাষাত). New York Times. https://www.nytimes.com/2025/04/08/books/international-booker-prize-shortlist.html.