বান কি-মুন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বান কি-মুন

২০০৮ চনত বান কি-মুন
ৰাষ্ট্ৰসংঘৰ অষ্টম মহাসচিব
কাৰ্যকাল
১ জানুৱাৰী ২০০৭ – ৩১ ডিচেম্বৰ ২০১৬
সহকাৰী আশা-ৰোজ মিগিৰো
জেন ইলিয়াছন
পূৰ্বসূৰী ক'ফি আন্নান
উত্তৰসূৰী এণ্টনিও গুটেৰেছ
ব্যক্তিগত তথ্য
জন্ম ১৩ জুন, ১৯৪৪ (৭৯ বছৰ)
ইনচেই, জাপানী কোৰিয়া[1][2]
(বৰ্তমানৰ ইউমচেয়ং কাউণ্টি, দক্ষিণ কোৰিয়া)
ৰাজনৈতিক দল নিৰ্দলীয়
দাম্পত্যসঙ্গী য়ু চুন-টাইক
সন্তান
শিক্ষা চিউল নেচনেল ইউনিভাৰ্চি (কলা স্নাতক)
হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় (স্নাতকোত্তৰ)
স্বাক্ষৰ

বান কি-মুন (ইংৰাজী: Ban Ki-moon) হৈছে দক্ষিণ কোৰিয়াৰ এগৰাকী ৰাজনীতিবিদ তথা কূটনীতিবিদ। তেওঁ ২০০৭ চনৰ জানুৱাৰীৰ পৰা ২০১৬ চনৰ ডিচেম্বৰ লৈকে ৰাষ্ট্ৰসংঘৰ অষ্টম মহাসচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। মহাসচিব হোৱাৰ পূৰ্বে বান কি-মুনে দক্ষিণ কোৰিয়াৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত আৰু ৰাষ্ট্ৰসংঘত কূটনীতিবিদ হিচাপে কাম কৰিছিল। তেওঁ বিশ্ববিদ্যালয়ৰ স্নাতক শিক্ষা সমাপ্ত কৰাৰ বছৰতেই কূটনৈতিক সেৱাত প্ৰৱেশ কৰিছিল, আৰু ভাৰতনতুন দিল্লীত তেওঁৰ প্ৰথম পদ গ্ৰহণ কৰিছিল।

২০০৬ চনৰ ১৩ অক্টোবৰত তেওঁ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ দ্বাৰা অষ্টম মহাসচিব ৰূপে নিৰ্বাচিত হয়। ২০০৭ চনৰ ১ জানুৱাৰীত তেওঁ ক'ফি আন্নানৰ উত্তৰাধিকাৰী ৰূপে মহাসচিবৰ পদ গ্ৰহণ কৰে। মহাসচিব হিচাপে তেওঁ বিশ্বজুৰি শান্তি ৰক্ষা আৰু ৰাষ্ট্ৰসংঘৰ নিযুক্তি পদ্ধতিৰ ওপৰত কেইবাটাও গুৰুত্বপূৰ্ণ সংস্কাৰৰ বাবে দায়বদ্ধ আছিল। কূটনৈতিকভাৱে বানে গোলকীয় উষ্ণতা বৃদ্ধিৰ ক্ষেত্ৰত বিশেষভাৱে শক্তিশালী দৃষ্টিভংগী গ্ৰহণ কৰিছিল, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জৰ্জ ডব্লিউ বুশ্বক এই বিষয়টো বাৰে বাৰে হেঁচা দিছিল। লগতে দাৰ্ফুৰ সংঘৰ্ষৰ ওপৰত তেওঁ চুদানৰ ৰাষ্ট্ৰপতি ওমৰ আল-বছিৰক শান্তিৰক্ষী সৈন্যক চুদানত প্ৰৱেশ কৰিবলৈ অনুমতি দিবলৈ প্ৰেৰিত কৰিছিল।[3][4]

২০১৬ চনৰ ৩১ ডিচেম্বৰত তেওঁ মহাসচিব পদৰ কাৰ্যকাল সমাপ্ত হয় আৰু সাধাৰণ সভাই তেওঁৰ উত্তৰাধিকাৰী হিচাপে এণ্টনিও গুটেৰেছক নিযুক্তি দিয়ে।[5] তেওঁক ২০১৭ চনৰ দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সম্ভাৱ্য প্ৰাৰ্থী হিচাপে গণ্য কৰা হৈছিল,[6] পিছে তেওঁ ঘোষণা কৰে যে তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে।[7]

জন্ম আৰু শিক্ষা[সম্পাদনা কৰক]

১৯৪৪ চনৰ ১৩ জুনত জাপানী কোৰিয়াৰ উত্তৰ চুংচিয়াং প্ৰদেশৰ ইউমচেয়ং কাউণ্টি (ইনচেই)-ৰ ৱাননাম টাউনশ্বিপৰ হেংচি নামৰ এখন সৰু কৃষি গাওঁত বান কি-মুনৰ জন্ম হৈছিল।[2][8] চিউল নেচনেল ইউনিভাৰ্চিৰ পৰা কলা শাখাৰ স্নাতক আৰু হাভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা এম পি এ ডিগ্ৰী লাভ কৰে।[9]

কৰ্মজীৱন[সম্পাদনা কৰক]

তেওঁ এজন ৰাজনীতিবিদ আৰু কূটনীতিবিদ আছিল যি জানুৱাৰী ২০০৭ ৰ পৰা ডিচেম্বৰ ২০১৬ লৈ ৰাষ্ট্ৰসংঘৰ অষ্টম মহাসচিব হিচাপে কাৰ্য নিৰ্বাহ কৰিছিল।

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. p. 493, "Local Administration, Chapter XXIV: Korea (Chōsen)," The Japan-Manchukuo Year Book 1938, Japan-Manchukuo Year Book Co., Kojimachi-ku, Tokyo
  2. 2.0 2.1 "Welcomto Eumseong". http://www.eumseong.go.kr/english/contents.do?key=933। আহৰণ কৰা হৈছে: 14 May 2016. 
  3. Suzanne Goldenberg (27 January 2011). "Ban Ki-moon ends hands-on involvement in climate change talks". The Guardian. https://www.theguardian.com/environment/2011/jan/27/ban-ki-moon-un-climate-change-talks. 
  4. Lynch, Colum (17 April 2007). "Sudan To Allow U.N. Force in Darfur". The Washington Post. https://www.washingtonpost.com/wp-dyn/content/article/2007/04/16/AR2007041601508.html. 
  5. "António Guterres appointed next UN Secretary-General by acclamation". UN News Centre. 13 October 2016. https://www.un.org/apps/news/story.asp?NewsID=55285। আহৰণ কৰা হৈছে: 14 October 2016. 
  6. "With an Eye on South Korea's Presidency, Ban Ki-moon Seeks to Burnish his U.N. Legacy". Foreign Policy. https://foreignpolicy.com/2016/12/28/with-an-eye-on-south-koreas-presidency-ban-ki-moon-seeks-to-burnish-his-u-n-legacy/। আহৰণ কৰা হৈছে: 2 January 2017. 
  7. Cheng, Jonathan (1 February 2017). "Ban Ki-moon Drops Out of South Korean Presidential Race". The Wall Street Journal. ISSN 0099-9660. https://www.wsj.com/articles/former-u-n-secretary-general-ban-ki-moon-drops-out-of-south-korean-presidential-race-1485931698। আহৰণ কৰা হৈছে: 1 February 2017. 
  8. Warren Hoge (9 December 2006). "For New U.N. Chief, a Past Misstep Leads to Opportunity". The New York Times. https://www.nytimes.com/2006/12/09/world/asia/09ban.html. 
  9. Maggie Farley and Bruce Wallace (9 October 2006). "Aspiring U.N. Chief Is a Harmonizer, Not a Rock Star; South Korean career diplomat Ban Ki-moon may lack charisma, but he has many fans". Los Angeles Times.