সমললৈ যাওক

বাবা বুদ্ধ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বাবা বুদ্ধ

Ji

গুৰমুখী শিলালিপিৰ সৈতে বাবা বুদ্ধক চিত্ৰিত কৰা ফ্ৰেস্কো, গুৰদ্বাৰা বাবা বীৰ সিং, প্ৰায় ১৯ শতিকা
ব্যক্তিগত
জন্ম
বুৰা ৰন্ধাৱা

৬ অক্টোবৰ ১৫০৬ চন
কথু নংগল, অমৃতসৰ, ভাৰত
মৃত্যু ০৮ ছেপ্টেম্বৰ, ১৬৩১ (১২৪ বছৰ)
ঝাণ্ডা ৰামদাস
ধৰ্ম শিখ ধৰ্ম
সন্তান ভাই ভানা (১৫৩৬-১৬৪৪)
পিতৃ-মাতৃ ভাই সুখা ৰান্ধৱা (পিতৃ)
মাই গৌৰন সন্ধু (মাতৃ)
জনা যায় শিখ ধৰ্মৰ প্ৰাৰম্ভিক ব্যক্তিত্ব।

বাবা বুদ্ধ (ইংৰাজী: Baba Buddha) গুৰমুখী: ਬਾਬਾ ਬੁੱਢਾ; বাবা বুঢ়া; আক্ষৰিক অৰ্থ "জ্ঞানী বুঢ়া"; (জন্ম, ৬ অক্টোবৰ ১৫০৬ –মৃত্যু, ৮ ছেপ্টেম্বৰ ১৬৩১) আদি শিখ ধৰ্মৰ এজন প্ৰধান ব্যক্তি আছিল। [1]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৫০৬ চনত অমৃতসৰৰ কঠু নংগল গাঁৱত ৰন্ধাৱা [2] জাট পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। পিতৃৰ নাম সুঘা ৰন্ধাৱা আৰু মাকৰ নাম মাই গৌৰাণ। তেওঁৰ জন্মৰ নাম বুৰা (গুৰমুখী: ਬੂੜਾ; বুদা)।[3]

সৰুতে নিজৰ গাঁৱৰ বাহিৰত গৰু চৰাৰ সময়ত গুৰু নানক লগ পাইছিল। তেওঁ গুৰু নানকক জীৱন-মৃত্যুৰ বিষয়ে বহু প্ৰশ্ন কৰিছিল, যাৰ ফলত গুৰু নানক তেওঁক কম বয়সতে "বুদ্ধ" নামেৰে আশীৰ্বাদ দিছিল কাৰণ তেওঁ এজন জ্ঞানী বয়োজ্যেষ্ঠৰ দৰে কথা কয়।

আধ্যাত্মিক জীৱন

[সম্পাদনা কৰক]

তেওঁ গুৰু নানকৰ আদিম শিখসকলৰ ভিতৰত এজন আছিল, আৰু গুৰু নানকৰ উত্তৰাধিকাৰী হোৱা পাঁচজন শিখ গুৰুৰ আনুষ্ঠানিক ৰাজ অভিষেক অনুষ্ঠান সম্পন্ন কৰিছিল; গুৰু অংগদ, গুৰু অমৰ দাস, গুৰু ৰাম দাস, গুৰু অৰ্জন, আৰু গুৰু হৰগোবিন্দ। [4][5]

১৬০৪ চনৰ ১৬ আগষ্টত শ্ৰী হৰিমন্দিৰ চাহাবত শিখ শাস্ত্ৰৰ সংকলন আদি গ্ৰন্থ স্থাপনৰ লগে লগে ভাই বুদ্ধক গুৰু অৰ্জনে প্ৰথম গ্ৰন্থি হিচাপে নিযুক্তি দিয়ে। [6]

যেতিয়া মাতা ভানীক (গুৰু অমৰ দাসৰ কন্যা) মোগল সম্ৰাট আকবৰে ৫০০ বিঘা উৰ্বৰ কৃষিভূমি জাগীৰ হিচাপে দিছিল, তেতিয়া বাবা বুদ্ধ সেই মাটিৰ প্ৰশাসক আছিল। [7] সেয়েহে সেই ভূমিক 'বীৰ বাবা বুঢ়া জী' নামেৰে জনাজাত হ'ল। [7] সেই মাটিত গুৰুদ্বাৰ নিৰ্মাণ কৰা হ’ল, খেতি-বাতি কৰা হ’ল আৰু শিক্ষামূলক কাম-কাজো কৰা হ’ল।[7]

গুৰু অৰ্জনৰ পত্নী গংগাই গুৰু পদৰ উত্তৰাধিকাৰী হ'বলৈ পুত্ৰ সন্তান জন্ম দিবলৈ বাবা বুদ্ধৰ আশীৰ্বাদ বিচাৰিছিল। [8][9] প্ৰথম প্ৰচেষ্টাত বিফল হোৱাৰ পিছত অৱশেষত বাবা বুদ্ধই তেওঁৰ ইচ্ছা পূৰণ কৰি আশীৰ্বাদ দিয়ে।[8][9] এই আশীৰ্বাদৰ পিছত গংগাই গুৰু হৰগোবিন্দৰ জন্ম দিয়ে। [8][9]

সামৰিক জীৱন

[সম্পাদনা কৰক]

শিখ কিংবদন্তি আৰু মৌখিক ইতিহাস অনুসৰি বাবা বুদ্ধই গুৰু নানকৰপৰা শিখ যুদ্ধ কলা ব্যৱস্থা বা সমৰ কলা শিকিছিল।[10] বাবা বুদ্ধই পৰৱৰ্তী গুৰুসকলক যুদ্ধ কলাৰ প্ৰশিক্ষণ দিয়ে আৰু গুৰু হৰগোবিন্দে তেওঁক প্ৰথম শিখ সেনাবাহিনীত নতুনকৈ নিযুক্তি পোৱাসকলক শাস্তৰ বিদ্যা শিকোৱাৰ দায়িত্ব অৰ্পণ কৰে।[10]

১৬০৬ চনৰ ৩০ মে'ত গুৰু অৰ্জনৰ শ্বহীদ হোৱাৰ পিছত গুৰু হৰগোবিন্দই অকাল তখ্ত নিৰ্মাণৰ নিৰ্দেশ দিয়ে আৰু ইয়াৰ নিৰ্মাণৰ দায়িত্ব বাবা বুঢ়া আৰু ভাই গুৰদাসৰ ওপৰত ন্যস্ত কৰে।[1] গুৰু হৰগোবিন্দ কাৰাগাৰত থকাৰ সময়ত বাবা বুঢ়াই তেতিয়াৰ অকল সেনা নামেৰে জনাজাত নিহাং সেনাবাহিনীৰ সংস্কাৰ সাধন কৰে যদিও বৰ্তমান জাথেদাৰ বাবা বুঢ়া ৰান্ধৱাৰ নামেৰে ইয়াক বুঢ়া দল বুলি জনা যায়।

গোটেই জীৱন শিখ গুৰুসকলক অনুসৰণ কৰি ১৬৩১ চনত ১২৪ বছৰ বয়সত ৰবি নদীৰ পাৰৰ ঝাণ্ডা ৰামদাস গাঁৱত বাবা বুদ্ধৰ মৃত্যু হয়। গুৰু হৰগোবিন্দ তেওঁৰ কাষত আছিল আৰু তেওঁক তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াৰ জুইকুৰালৈ লৈ গৈ আদি গ্ৰন্থৰপৰা আবৃত্তি কৰি তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছিল।

চিত্ৰসমূহ

[সম্পাদনা কৰক]

তথ্যৰ উৎস

[সম্পাদনা কৰক]
  1. 1 2 "BUḌḌHĀ BĀBĀ (1506-1631)". eos.learnpunjabi.org. http://eos.learnpunjabi.org/BUDDHA%20BABA%20(1506-1631).html আহৰণ কৰা হৈছে: 2019-08-29.
  2. McLeod, W. H.; Fenech, Louis E. (2014) (en ভাষাত). Historical Dictionary of Sikhism (3rd সম্পাদনা). Rowman & Littlefield. পৃষ্ঠা. 73. ISBN 978-1-4422-3600-4. https://books.google.com/books?id=xajcAwAAQBAJ&pg=PA73. "BUDDHA, BHAI or BABA (trad. 1506–1631). A Jat from Kathu Nangal, who was originally called Bura Randhava."
  3. "Baba Budha | Discover Sikhism". www.discoversikhism.com. http://www.discoversikhism.com/sikhs/baba_budha.html আহৰণ কৰা হৈছে: 2022-08-19.
  4. Singha, H. S. (2000) (en ভাষাত). The Encyclopedia of Sikhism (over 1000 Entries). Hemkunt Press. ISBN 9788170103011. https://books.google.com/books?id=gqIbJz7vMn0C&q=Baba+Buddha&pg=PA39.
  5. Khalsa, Gurutej Singh (2014-08-23) (en ভাষাত). Rajni. Trafford Publishing. ISBN 9781490743301. https://books.google.com/books?id=UmOTBAAAQBAJ&q=Baba+Buddha&pg=PA98.
  6. Singh, Harjinder (12 September 2022). "From Pothi to Guru Granth Sahib: The Perfect-Genius of Guru Arjan Sahib". Sikh Research Institute. https://sikhri.org/articles/from-pothi-to-guru-granth-sahib. "Guru Arjan Sahib asked his Sikh, Baba Buddha (1506–1631), to be the first Granthi (the one who knows the Granth) to be the custodian at Sri Harimandar Sahib. Baba Buddha was carrying the Granth on his head; Guru Arjan Sahib was waving the chaur (royal-whisk). The beautiful revered Harigobind was also part of the procession. Atmosphere was divine: sound of many sankh (conch), vibrations of dundabhi (drums), and cheers of jai-jai-kar (hail or praise)."
  7. 1 2 3 Singh, Prithi Pal (2006). The History of Sikh Gurus. Lotus Press. পৃষ্ঠা. 55–56. ISBN 9788183820752.
  8. 1 2 3 Singh, Prithi Pal (2006). The History of Sikh Gurus. Lotus Press. পৃষ্ঠা. 67–69. ISBN 9788183820752.
  9. 1 2 3 Jain, Harish (2003). The Making of Punjab. Unistar Books. পৃষ্ঠা. 275.
  10. 1 2 Singh, Kamalroop (2014). "38. Sikh Martial Art (Gatkā)". In Singh, Pashaura. The Oxford Handbook of Sikh Studies. Oxford Handbooks Online. Oxford University Press. পৃষ্ঠা. 459–470. doi:10.1093/oxfordhb/9780199699308.013.022. https://academic.oup.com/edited-volume/34369/chapter-abstract/291509332?redirectedFrom=fulltext.
  • gurbilas Chhevin Patshahi. Patiala, 1970
  • Bhalla, Sarup Das, Mahima Prakash. Patiala, 1971
  • Padam, Piara Singh, and Gianl Garja Singh, eds., Guru ban Sakhlari Patiala, 1986

অধিক পঢ়ক

[সম্পাদনা কৰক]