বাবু হৰদাস
| বাবু হৰদাস (এল এন হৰদাস) | |
|---|---|
হৰদাসৰ প্ৰতিকৃতি | |
| জন্ম | ০৬ জানুৱাৰী, ১৯০৪ কামথি, বৃটিছ ভাৰত |
| মৃত্যু | ১২ জানুৱাৰী, ১৯৩৯ (৩৫ বছৰ) বৃটিছ ভাৰত |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| জনা যায় | জয় ভীম অভিবাদন বাণী প্ৰচলক |
| দাম্পত্যসঙ্গী | চাহুবাই |
বাবু হৰদাস নামেৰে জনপ্ৰিয় হৰদাস লক্ষ্মণৰাও নাগ্ৰালে(৬ জানুৱাৰী ১৯০৪ – ১২ জানুৱাৰী ১৯৩৯) এজন ভাৰতীয় দলিত নেতা, ৰাজনীতিবিদ আৰু সমাজ সংস্কাৰক আছিল। তেওঁ বি আৰ আম্বেদকাৰৰ তীব্ৰ অনুগামী আছিল আৰু দলিতসকলৰ মাজত জয় ভীমৰ শুভেচ্ছাবাণী আদান-প্ৰদান প্ৰথাৰ পথ-প্ৰদৰ্শক আছিল। তেওঁ মধ্য প্ৰদেশৰ এজন বিশিষ্ট শ্ৰমিক নেতা আছিল আৰু প্ৰদেশখনৰ স্বতন্ত্ৰ শ্ৰমিক দলৰ সাধাৰণ সম্পাদক আছিল।[1] ১৯৩৭ চনত নাগপুৰ কাম্পটি সমষ্টিৰপৰা নিৰ্বাচিত হোৱা বিধানসভাৰ প্ৰথমজন সদস্যও হৰদাস আছিল।[2]
জীৱন
[সম্পাদনা কৰক]১৯০৪ চনৰ ৬ জানুৱাৰীত কামথিৰ মহৰ পৰিয়ালত জন্মগ্ৰহণ কৰা হৰদাস। তেওঁৰ পিতৃ লক্ষ্মণৰাও নাগ্ৰাৰালে ৰেল বিভাগৰ কেৰাণী আছিল। নাগপুৰৰ পাটৱৰ্ধন হাইস্কুলৰপৰা মেট্ৰিক পাছ কৰে। নাগপুৰত আৰ্য সমাজৰ স্বামী ব্ৰহ্মানন্দৰ ওচৰতো তেওঁ সংস্কৃত অধ্যয়ন কৰিছিল।[3]
সেই সময়ৰ সামাজিক ৰীতি-নীতিৰ সৈতে সামঞ্জস্যপূৰ্ণভাৱে ১৯২০ চনত ১৬ বছৰ বয়সত তেওঁ চাহুবাইক বিয়া কৰায়।[4]
সমাজ সংস্কাৰক
[সম্পাদনা কৰক]১৭ বছৰ বয়সত হৰদাসে দলিতসকলৰ মাজত সামাজিক সচেতনতা বিয়পোৱাৰ উদ্দেশ্যে নাগপুৰৰপৰা বিতৰণ কৰা মহাৰাথ শীৰ্ষক সাপ্তাহিক প্ৰকাশন প্ৰতিষ্ঠা কৰে। ১৯২২ চনত মহাৰ সমাজ সংগঠন প্ৰতিষ্ঠা কৰি “মহাৰ সমাজ’’ক সংগঠিত কৰাৰ চেষ্টা কৰিছিল। লগতে দলিতসকলক অত্যাচাৰৰপৰা ৰক্ষা কৰিবলৈ অসংগঠিত মহাৰ যুৱক-যুৱতীসকলক একত্ৰিত কৰিবলৈ এটা মহাৰ সমাজ পাঠক নামে এটা স্বেচ্ছাসেৱী সেনা গোট গঠন কৰে। দলিত মহিলাসকলক দৈনন্দিন কাম-কাজৰ প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্যে তেওঁ এখন মহিলা আশ্ৰম মুকলি কৰে। লগতে, বিড়ি শ্ৰমিকক শোষণৰপৰা ৰক্ষা কৰিবলৈ তেওঁ সমবায় ভিত্তিত বিড়ি তৈয়াৰৰ কাম আৰম্ভ কৰিছিল, যি সেই অঞ্চলত অতি সফল হৈছিল।[উদ্ধৃতিৰ প্ৰয়োজন]
হৰদাস আছিল অযুক্তিকৰ আৰু অন্ধবিশ্বাসী ৰীতি-নীতিৰ প্ৰবল বিৰোধী। হতাশগ্ৰস্ত শ্ৰেণীৰ মাজত উপজাতিগত বাধাৰ তীব্ৰ বিৰোধিতা কৰিছিল। মহাৰ সম্প্ৰদায়ৰ চতুৰ্দশ শতিকাৰ সাধু চোখামেলাৰ মৃত্যু বাৰ্ষিকীত তেওঁ এই সীমা অতিক্ৰম কৰিবলৈ বাৰ্ষিক সামূহিক ভোজৰ আয়োজন কৰিছিল। তেওঁ মূৰ্তি পূজাৰ বিৰোধী আছিল। তেওঁ ১৯২৭ চনত কিষাণ ফাগুজী বনচোড়ৰ সভাপতিত্বত ৰামটেকত ভাতৃদ্বয়ৰ এখন বৈঠকৰ আয়োজন কৰে। এই সভাত হৰদাসে তেওঁৰ লোকসকলক ৰামটেকৰ মন্দিৰত মূৰ্তি পূজা আৰম্ভ কৰিবলৈ আৰু তাত থকা লেতেৰা আম্বাড়া টেংকত গা-ধোৱা বন্ধ কৰিবলৈ উপদেশ দিয়ে। কিন্তু ১৯৩০ চনৰ ২ মাৰ্চত বি আৰ আম্বেদকাৰৰ নেতৃত্বত কালাৰাম মন্দিৰ প্ৰৱেশ সত্যগ্ৰহত অংশগ্ৰহণ কৰিবলৈ শংকৰ মুকুন্দ বেলেৰ নেতৃত্বত তেওঁৰ অনুগামীৰ এটা দল পঠিয়াইছিল। তেওঁ যুক্তি দিছিল যে, এইটো বৈষম্যৰ বিৰুদ্ধে আৰু মূৰ্তি পূজা কৰা নহয়।[5]
হৰদাস দলিতসকলৰ শিক্ষাৰো প্ৰবল পোষকতা আছিল। তেওঁ নিজেই মেট্ৰিক সম্পূৰ্ণ কৰিছিল, যিটো তেতিয়া দলিতৰ বাবে বিৰল কাম আছিল। ১৯২৭ চনত মহাৰ জনগোষ্ঠীৰ নিৰ্দেশমৰ্মে তেওঁ কামথিত নৈশ বিদ্যালয় আৰম্ভ কৰে। তেওঁৰ বিদ্যালয়ত এটা সময়ত ৮৬ জন ল’ৰা আৰু ২২ গৰাকী ছোৱালীয়ে শিকিছিল। প্ৰায় একে সময়তে তেওঁ কামথিত এটা সন্ত চোখামেলা পুথিভঁৰালও আৰম্ভ কৰে।[3]
হৰদাস আছিল এজন শক্তিশালী লেখক আৰু বেছিভাগেই হতাশগ্ৰস্ত শ্ৰেণীত সামাজিক সচেতনতা সৃষ্টিৰ বাবে নিজৰ লেখাৰ দক্ষতা ব্যৱহাৰ কৰিছিল। সমাজৰ দুষ্টতাৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে ১৯২৪ চনত তেওঁ মণ্ডল মহাত্মে নামৰ এখন গ্ৰন্থ ৰচনা কৰিছিল। তেওঁ এই গ্ৰন্থখনৰ বিনামূলীয়া প্ৰতিলিপি ৰাইজৰ মাজত বিতৰণ কৰে। এই গ্ৰন্থখনে জনসাধাৰণৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছিল আৰু অঞ্চলটোৰ দলিত লোকসকলে হিন্দু দেৱতাৰ আধাৰত নাটক চোৱা আৰু উপভোগ কৰা বন্ধ কৰি দিছিল। তেওঁ বীৰ বালক (সাহসী শিশু) নাটক এখনো লিখি জনসাধাৰণৰ মাজত সজাগতাৰ নতুন ঢৌ সৃষ্টি কৰিবলৈ মঞ্চস্থ কৰে।[6] তেওঁ বজাৰৰ গীত আৰু অগ্নিকুণ্ডৰ গীত লিখি প্ৰকাশ কৰে। তেওঁৰ প্ৰবন্ধসমূহ আম্বেদকাৰে সম্পাদনা কৰা সাপ্তাহিক জনতাতো প্ৰকাশ পাইছিল।[1]
ৰাজনৈতিক জীৱন
[সম্পাদনা কৰক]১৯২৮ চনত হৰদাসে প্ৰথমবাৰৰ বাবে বি.আৰ.আম্বেদকাৰক লগ পায়।[7] যদিও তেওঁ বহু আগতেই সামাজিক কাম-কাজ আৰম্ভ কৰিছিল, এই সাক্ষাতৰ লগে লগে তেওঁ ৰাজনৈতিক ক্ষেত্ৰলৈ আগুৱাই যায়। সেই বছৰতে বি আৰ আম্বেদকাৰে তেওঁক চাইমন কমিচনৰ সন্মুখত সাক্ষ্য দিবলৈ অনুৰোধ কৰিছিল। পিছলৈ ১৯৩০–৩১ চনত দ্বিতীয় ঘূৰণীয়া মেজ মেল সন্দৰ্ভত যেতিয়া অস্পৃশ্যৰ প্ৰকৃত নেতৃত্বৰ বিষয়ে প্ৰশ্ন উত্থাপন হৈছিল, তেতিয়া হাৰদাসে যুক্তৰাজ্যৰ তেতিয়াৰ প্ৰধানমন্ত্ৰী ৰামছে মেকড’নাল্ডলৈ টেলিগ্ৰাম প্ৰেৰণ কৰিছিল যে, ড° বি আৰ আম্বেডকাৰ অস্পৃশ্য লোকৰ প্ৰকৃত নেতা, মহাত্মা গান্ধী নহয়। তেওঁ দেশৰ বিভিন্ন ঠাইত এই বিষয়ে এটা মতামতো সৃষ্টি কৰিছিল আৰু বিভিন্ন অস্পৃশ্য নেতাৰদ্বাৰা মেকড'নাল্ডলৈ মুঠ ৩২টা টেলিগ্ৰাম প্ৰেৰণ কৰিছিল।[7] বি আৰ আম্বেদকাৰৰ দৰে হৰদাসেও বিধানসভাত দলিত শ্ৰেণীৰ অধিক অংশগ্ৰহণ বিচাৰিছিল। তেওঁ মধ্য প্ৰদেশ আৰু বেৰাৰৰ গৱৰ্ণৰক আবেদন জনায় যে, দলিত শ্ৰেণীৰ মাজৰ সদস্যসকলক বিধান পৰিষদ, জিলা স্থানীয় ব’ৰ্ড, আৰু পৌৰসভালৈ মনোনীত কৰক। ১৯৩০ চনৰ ৮ আগষ্টত নাগপুৰত বি.আৰ. আম্বেদকাৰৰ সভাপতিত্বৰ এই সন্মিলনত দলিত শ্ৰেণীৰ বাবে সুকীয়া নিৰ্বাচনমণ্ডলী স্থাপনৰ প্ৰস্তাৱ গৃহীত হয়। এই সন্মিলনে অল ইণ্ডিয়া ডিপ্ৰেছড ক্লাছ ফেডাৰেচন গঠন কৰে আৰু হৰদাস ফেডাৰেচনৰ যুটীয়া সম্পাদক হিচাপে নিৰ্বাচিত হয়। ১৯৩২ চনৰ ৭ মে’ত কামথিত সৰ্বভাৰতীয় দলিত শ্ৰেণীৰ দ্বিতীয়খন সন্মিলন অনুষ্ঠিত হয় আৰু হৰদাস ইয়াৰ অভ্যৰ্থনা সমিতিৰ সভাপতি আছিল। এই সভাত তেওঁক ফেডাৰেচনৰ ৰাষ্ট্ৰীয় সংস্থাৰ সম্পাদক হিচাপে নিৰ্বাচিত কৰা হয়।[উদ্ধৃতিৰ প্ৰয়োজন]
১৯৩৬ চনত হৰদাস স্বতন্ত্ৰ শ্ৰমিক পাৰ্টি (আই এল পি)ৰ চি পি আৰু বেৰাৰ শাখাৰ সম্পাদক হয়। ১৯৩৭ চনত নাগপুৰ-কামথি সমষ্টিৰপৰা বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈ জয়ী হয়।[8] ১৯৩৮ চনত তেওঁ আই এল পিৰ চি পি আৰু বেৰাৰ শাখাৰ সভাপতি হিচাপেও মনোনীত হয়। ১৯৩৯ চনত যক্ষ্মা ৰোগত আক্ৰান্ত হৈ ১৯৩৯ চনৰ ১২ জানুৱাৰীত তেওঁৰ মৃত্যু হয়।[4]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Moon 2001, পৃষ্ঠা 47–48
- ↑ "Filmmaker Nagdeve wins director's award at Dalit film fest in New York | Nagpur News - Times of India". 5 March 2019. https://timesofindia.indiatimes.com/city/nagpur/filmmaker-nagdeve-wins-directors-award-at-dalit-film-fest-in-new-york/articleshow/68261785.cms.
- ↑ 3.0 3.1 Kshirsagar 1994, পৃষ্ঠা 224–225
- ↑ 4.0 4.1 Moon 2001, পৃষ্ঠা 50
- ↑ Shri Krishan 2005, পৃষ্ঠা 200–201
- ↑ Kshirsagar 1994, পৃষ্ঠা 226
- ↑ 7.0 7.1 Avale 1998, পৃষ্ঠা 79–80
- ↑ Moon (2001), pp. 48-49, gives an interesting account of how Hardas won the election against a wealthy Indian National Congress candidate from the constituency. Hardas was forced, with the help of local goons, to take back his candidacy.