সমললৈ যাওক

বায়'স্কোপ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বায়’স্কোপ

বায়’স্কোপ (ইংৰাজী: Bioscop ) ১৮৯৫ চনত জাৰ্মান উদ্ভাৱক আৰু চলচ্চিত্ৰ নিৰ্মাতা মেক্স স্ক্লাডান'স্কি আৰু তেওঁৰ ভাতৃ এমিল স্ক্লাডান'স্কিৰ (১৮৬৬–১৯৪৫) দ্বাৰা বিকশিত এটা চিনেমা প্ৰজেক্টৰ। [1]

বায়’স্কোপৰ প্ৰদৰ্শন সম্পৰ্কীয় ১৮৯৫ চনৰ পোষ্টাৰ
ৰিংকেম্পফাৰ (১৮৯৫)

বায়’স্কোপ ব্যৱহাৰ কৰি চলচ্চিত্ৰৰ দৃশ্যসমূহৰ প্ৰথম ৰাজহুৱা প্ৰদৰ্শন বাৰ্লিনৰ ফেল্ডছক্লোছেন ৰেষ্টুৰেণ্টত আয়োজন কৰা হৈছিল। প্ৰাৰম্ভিক চিনেমেট’গ্ৰাফীৰ তিনিটা দৃশ্য- ‘বক্সিং কেংগাৰু’, ‘দ্য ৰেচলাৰ’ আৰু ‘দ্য ছাৰপেণ্টাইন ডান্সাৰ’ প্ৰখ্যাত হৈছিল। এই সকলো দৃশ্য ৰেষ্টুৰেণ্টখনৰ বাগিছাত চিত্ৰগ্ৰহণ কৰা হৈছিল। [2]

পিছলৈ ফেল্ডছক্লোছেন ৰেষ্টুৰেণ্টৰ বলৰুমটো জাৰ্মানীৰ প্ৰথম স্থায়ী চিনেমা হললৈ ৰূপান্তৰিত কৰা হয় আৰু টিভ’লি নামেৰে দৰ্শকক চলচ্চিত্ৰ পৰিবেশন কৰা হয়। ১৯৯৪ চনত ডিচকাউণ্ট চুপাৰমাৰ্কেটৰ বাবে ঠাই উলিয়াবলৈ ইয়াক বন্ধ কৰি দিয়া হয়। [1]

স্ক্লাডানভ্স্কি ভাতৃদ্বয়ে পৰৱৰ্তী সময়ত বাৰ্লিনৰ ভেৰিয়েট থিয়েটাৰ "ৱিণ্টাৰগাৰ্টেন"ত বৃহৎ দৰ্শকক চিনেমা দেখুৱাবলৈ বায়’স্কোপ ব্যৱহাৰ কৰে। মূল্য প্ৰদান কৰা দৰ্শকৰ বাবে এইটোক প্ৰথম চলচ্চিত্ৰৰ অনুষ্ঠান বুলি ক’ব পাৰি। ১৮৯৬ চনত তেওঁলোকে নেদাৰলেণ্ড আৰু স্কেণ্ডিনেভিয়া যাত্ৰা কৰি আন্তঃৰাষ্ট্ৰীয় দৰ্শকৰ সন্মুখত নিজৰ উদ্ভাৱনটো উপস্থাপন কৰে। [1]

নেদাৰলেণ্ড আৰু বাল্কনত "বায়’স্কোপ"/"বায়’স্কুপ" শব্দৰ অৰ্থ চলচ্চিত্ৰ[3] ইতিমধ্যে জুলছ ডুবস্কে তেওঁৰ ষ্টেৰিঅ'ফ'ট'গ্ৰাফিক ফেণ্টাস্কোপৰ বাবে "বায়'স্কোপ" শব্দটো ব্যৱহাৰ কৰিছিল (১৮৫২/১৮৫৩ চনৰ আশে-পাশে নিৰ্মিত)। কিন্তু এই যন্ত্ৰটোৱে স্ক্লাডান'স্কি চলচ্চিত্ৰীয় প্ৰণালীৰ দৰে ইমান মনোযোগ লাভ কৰা নাছিল।

তথ্যউৎস

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]