সমললৈ যাওক

বায়ু গুণাগুণ সূচকাংক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
স্কটলেণ্ডৰ এডিবৰাত অৱস্থিত এটা বায়ু গুণাগুণ মাপক কেন্দ্ৰ

বায়ু গুণাগুণ সূচকাংক (এ কিউ আই) হ'ল বৰ্তমান বায়ু কিমান প্ৰদূষিত বা ভৱিষ্যতে কিমান প্ৰদূষিত হ'ব পাৰে সেইটো ভৱিষ্যৎবাণী কৰা এটা সূচক সংখ্যা। বায়ু প্ৰদূষণৰ মাত্ৰা যেতিয়া বাঢ়ে, একিউআই বৃদ্ধিৰ লগতে ৰাজহুৱা স্বাস্থ্য অৱনতিৰ আশংকাও বৃদ্ধি পায়।

বিভিন্ন দেশৰ নিজা নিজা বায়ু গুণাগুণ সূচকাংক আছে, যি সেই দেশৰ ৰাষ্ট্ৰীয় বায়ুৰ গুণাগুণ মানদণ্ডৰ সৈতে মিলে। ইয়াৰ ভিতৰত আছে কানাডাৰ এয়াৰ কোৱালিটি হেল্থ ইনডেক্স, মালয়েছিয়াৰ এয়াৰ প’লুচন ইনডেক্স, আৰু চিংগাপুৰৰ প’লুটেণ্ট ষ্টেণ্ডাৰ্ড ইনডেক্স। সাধাৰণতে নিৰীক্ষণ কৰা প্ৰদূষকসমূহ হ'ল- ভূপৃষ্ঠীয় অ'জন, কণিকা পদাৰ্থ, কাৰ্বন ডাই-অক্সাইড, কাৰ্বন মন’অক্সাইড আৰু নাইট্ৰজেন ডাই-অক্সাইড।

শিশু, বয়সস্থ লোক আৰু শ্বাস-প্ৰশ্বাস বা হৃদযন্ত্ৰৰ সমস্যাত থকা ব্যক্তিসকল সাধাৰণতে উচ্চ বায়ু গুণাগুণ সূচকাংকৰ প্ৰথম বলি হয়। যেতিয়া একিউআই বৃদ্ধি পায়, চৰকাৰী সংস্থাই সাধাৰণতে মানুহক ঘৰৰ বাহিৰত কৰিবলগীয়া শাৰীৰিক কাম-কাজ কমাবলৈ, বা সম্পূৰ্ণৰূপে বাহিৰলৈ নোলোৱাৰ পৰামৰ্শ দিয়ে।

এ কিউ আই গণনাৰ বাবে এটা নিৰ্দিষ্ট গড় সময়ৰ ভিতৰত বায়ু প্ৰদূষকৰ ঘনত্বৰ প্ৰয়োজন হয়, যিটো বায়ু নিৰীক্ষক বা আৰ্হিৰ পৰা পোৱা যায়। ঘনত্ব আৰু সময়ক একেলগে বিবেচনা কৰিলে বায়ু প্ৰদূষকৰ মাত্ৰা পোৱা যায়। এটা নিৰ্দিষ্ট মাত্ৰাৰ সৈতে মিল থকা স্বাস্থ্যজনিত প্ৰভাৱ মহামাৰীবিজ্ঞানৰ গৱেষণাৰ দ্বাৰা নিৰূপণ কৰা হয়।[1]  বায়ু প্ৰদূষকভেদে তাৰ প্ৰভাৱৰ ভিন্নতা থাকে, আৰু বায়ু প্ৰদূষকৰ ঘনত্বৰ পৰা এ কিউ আইলৈ ৰূপান্তৰ কৰিবলৈ ব্যৱহাৰ কৰা ফলন প্ৰদূষক অনুসৰি ভিন্ন হয়। বায়ু গুণাগুণ সূচকাংকৰ মানসমূহ সাধাৰণতে কেইটামান গোটত ভাগ কৰা হয়। প্ৰতিটো গোটৰ বাবে এটা বৰ্ণনা, এটা ৰঙৰ ক'ড, আৰু এটা প্ৰামাণিক জনস্বাস্থ্য পৰামৰ্শ নিৰ্ধাৰ্য কৰা হয়।

বায়ুৰ নিৰ্গমন বৃদ্ধিৰ বাবে এ কিউ আই বৃদ্ধি পাব পাৰে। উদাহৰণস্বৰূপে, তীব্ৰ যান-জঁটৰ সময়ত, বা বনাঞ্চলত লগা জুই, বা বায়ু প্ৰদূষকৰ অতিমাত্ৰা প্ৰভাৱত।  এন্টিচাইক্লন, বিপৰীতমুখী তাপমাত্ৰা বা কম বতাহৰ গতিৰ ফলত হোৱা স্থবিৰ বায়ুৱে বায়ু প্ৰদূষণক স্থানীয় অঞ্চল এটাতে আৱদ্ধ কৰি ৰাখে, যাৰ ফলত প্ৰদূষকৰ উচ্চ ঘনত্ব, বায়ু প্ৰদূষক পদাৰ্থৰ মাজত ৰাসায়নিক বিক্ৰিয়া আৰু ধুমুহাময় পৰিস্থিতিৰ সৃষ্টি হয়।[2]


টেক্সাছৰ হিউষ্টনৰ গাল্ফটনত অ’জন ঘড়ীৰ ইংগিত দিয়া চাইনব’ৰ্ড

যিদিনা সূক্ষ্ম কণা প্ৰদূষণৰ বাবে একিউআই বৃদ্ধি হোৱাৰ ভৱিষ্যদ্বাণী কৰা হয়, এটা সংস্থা বা জনস্বাস্থ্য সংস্থাই:

  • সংবেদনশীল গোট যেনে বৃদ্ধ, শিশু আৰু শ্বাস-প্ৰশ্বাস বা হৃদযন্ত্ৰৰ সমস্যা থকা বা ৰোগত আক্ৰান্তসকলক বাহিৰৰ পৰিশ্ৰম এৰাই চলিবলৈ পৰামৰ্শ দিব পাৰে।[3]
  • বায়ুৰ নিৰ্গমন হ্ৰাস কৰাৰ স্বেচ্ছামূলক ব্যৱস্থাক উৎসাহিত কৰিবলৈ "কাৰ্য্যৰূপায়ণ দিৱস" ঘোষণা কৰা হয়, যেনে ৰাজহুৱা পৰিবহণ ব্যৱহাৰ কৰা।[4]
  • হাওঁফাওঁত মিহি কণা প্ৰৱেশ ৰোধ কৰিবলৈ বাহিৰত মাস্ক্ আৰু ঘৰৰ ভিতৰত বায়ু পৰিশোধক ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়ে।[5]

বায়ুৰ গুণাগুণ অতি নিম্নমানৰ হোৱা সময়ছোৱাত, যেনে বায়ু প্ৰদূষণৰ বাবে যেতিয়া একিউআই-এ ইংগিত দিয়ে যে তীব্ৰ সংস্পৰ্শই জনস্বাস্থ্যৰ যথেষ্ট ক্ষতি কৰিব পাৰে, সংস্থাসমূহে কিছুমান জৰুৰীকালীন পৰিকল্পনা আৰোপ কৰিব পাৰে। উদাহৰণস্বৰূপে, বিপজ্জনক পৰিস্থিতি কমি নোযোৱালৈকে প্ৰধান নিৰ্গমনকাৰী উৎসবোৰক (যেনে কয়লা জ্বলোৱা উদ্যোগ) নিৰ্গমন হ্ৰাস কৰিবলৈ নিৰ্দেশ দিব পাৰে।[6]

বেছিভাগ বায়ু প্ৰদূষক পদাৰ্থৰ বাবে কোনো নিৰ্দিষ্ট এ কিউ আই নাথাকে। বহু দেশে ভূমি-স্তৰৰ অ'জন, কণিকা পদাৰ্থ, ছালফাৰ ডাই-অক্সাইড, কাৰ্বন মন'ক্সাইড আৰু নাইট্ৰজেন ডাই-অক্সাইডৰ ওপৰত নিৰীক্ষণ কৰি এই প্ৰদূষণবোৰৰ বাবে বায়ুৰ গুণাগুণ সূচকাংক গণনা কৰে।

নিৰ্দিষ্ট দেশ এখনৰ এ কিউ আইৰ সংজ্ঞাই সেই দেশৰ ৰাষ্ট্ৰীয় বায়ু-গুণাগুণ মানদণ্ডৰ বিকাশ সম্পৰ্কত হোৱা আলোচনা-বিতৰ্কক প্ৰতিফলিত কৰে।[7] বিশ্বৰ যিকোনো ঠাইৰে চৰকাৰী সংস্থাসমূহে বায়ুৰ গুণাগুণ সূচকাংকৰ সাধাৰণ সংজ্ঞা ব্যৱহাৰ কৰি প্ৰদৰ্শনৰ বাবে নিজৰ বাস্তৱ সময়ৰ বায়ু নিৰীক্ষণ তথ্য দাখিল কৰিব পৰাকৈ এটা ৱেবছাইট শেহতীয়াকৈ উপলভ্য হৈছে।[8]

ভাৰতত প্ৰচলিত সূচকাংক

[সম্পাদনা কৰক]
ভাৰতৰ ৰাষ্ট্ৰীয় বায়ু গুণাগুণ সূচকাংক(NAQI)ৰ উপাদানসমূহ

স্বচ্ছ ভাৰত অভিযানৰ অধীনত ২০১৪ চনৰ ১৭ ছেপ্টেম্বৰত নতুন দিল্লীত ৰাষ্ট্ৰীয় বায়ুৰ গুণাগুণ সূচকাংক (NAQI) আৰম্ভ কৰা হৈছিল।[9][10][11][12]

ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ সৈতে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডে দেশৰ ২৪০খন চহৰ সামৰি ৰাষ্ট্ৰীয় বায়ু নিৰীক্ষণ কাৰ্যসূচী (NAMP) চলাই আহিছে, য'ত ৩৪২টাতকৈও অধিক নিৰীক্ষণ কেন্দ্ৰ আছে।[13] স্বাস্থ্যকৰ্মী, বায়ুৰ গুণাগুণ বিশেষজ্ঞ, শিক্ষাবিদ, ওকালতি সংঘ, আৰু এছপিচিবি আদিৰে গঠিত এটা বিশেষজ্ঞ গোট গঠন কৰা হয় আৰু আইআইটি কানপুৰক এটা কাৰিকৰী অধ্যয়নৰ দায়িত্ব প্ৰদান কৰা হয়।[14] আই আই টি কানপুৰ আৰু বিশেষজ্ঞ গোটে ২০১৪ চনত এ চি আই আঁচনিৰ পৰামৰ্শ দিছিল। পূৰ্বৰ জোখ-মাখৰ সূচকাংক তিনিটা সূচকত সীমাবদ্ধ আছিল যদিও নতুন সূচকাংকটোৱে আঠটা প্ৰাচল জুখিছে।[15] প্ৰায় বাস্তৱ সময়ৰ ভিত্তিত তথ্য প্ৰদান কৰা অবিৰত নিৰীক্ষণ ব্যৱস্থাসমূহ নতুন দিল্লী, মুম্বাই, পুনে, কলকাতা আৰু আহমেদাবাদত স্থাপন কৰা হয়।[16]


ৰাষ্ট্ৰীয় বায়ুৰ গুণাগুণ সূচকাংক (NAQI)ৰ ছটা শিতান আছে। সেইকেইটা হ'ল- ভাল, সন্তোষজনক, মধ্যমীয়া, বেয়া, গুৰুতৰ আৰু অতিশয় বিপদজনক। প্ৰস্তাৱিত এন এ কিউ আইয়ে আঠটা প্ৰদূষক (PM10, PM2.5, NO2, SO2, CO, O3, NH3, আৰু Pb) বিবেচনা কৰিব যাৰ বাবে হ্ৰস্বম্যাদী (24 ঘণ্টাৰ গড় সময়লৈকে) ৰাষ্ট্ৰীয় বায়ু গুণাগুণৰ মানদণ্ড নিৰ্ধাৰণ কৰা হৈছে।[17] পৰিৱেশৰ ঘনত্বৰ মান, সংশ্লিষ্ট মানদণ্ড আৰু সম্ভাৱ্য স্বাস্থ্যজনিত প্ৰভাৱৰ ওপৰত ভিত্তি কৰি এই প্ৰদূষকসমূহৰ প্ৰতিটোৰ বাবে এটা উপ-সূচী গণনা কৰা হয়। আটাইতকৈ বেয়া উপ-সূচীটোৱে সামগ্ৰিকভাৱে এন এ কিউ আই প্ৰতিফলিত কৰে। বিভিন্ন এন এ কিউ আই শ্ৰেণী আৰু প্ৰদূষকৰ বাবে সম্ভাৱ্য স্বাস্থ্য প্ৰভাৱৰ কথাও চিকিৎসা বিশেষজ্ঞসকলৰ দ্বাৰা পৰামৰ্শ দিয়া হৈছে। চিনাক্ত কৰা আঠটা প্ৰদূষকৰ বাবে এন এ কিউ আই মান আৰু সংশ্লিষ্ট পৰিৱেশৰ ঘনত্ব (স্বাস্থ্য ব্ৰেকপইণ্ট)ৰ লগতে সংশ্লিষ্ট সম্ভাৱ্য স্বাস্থ্য প্ৰভাৱসমূহ তলত দিয়া ধৰণৰ:

এ কিউ আই শ্ৰেণী (পৰিসৰ)PM10
২৪ ঘণ্টা
PM2.5
২৪ ঘণ্টা
NO2
২৪ ঘণ্টা
O3
৮ ঘণ্টা
CO
৮ ঘণ্টা (মি.গ্ৰা./মি.)
SO2
২৪ ঘণ্টা
NH3
২৪ ঘণ্টা
Pb
২৪ ঘণ্টা
ভাল (০–৫০)০–৫০০–৩০০–৪০০–৫০০–১.০০–৪০০–২০০০–০.৫
সন্তোষজনক (৫১–১০০)৫১–১০০৩১–৬০৪১–৮০৫১–১০০১.১–২.০৪১–৮০২০১–৪০০০.৬–১.০
মধ্যমীয়া (১০১–২০০)১০১–২৫০৬১–৯০৮১–১৮০১০১–১৬৮২.১–১০৮১–৩৮০৪০১–৮০০১.১–২.০
বেয়া (২০১–৩০০)২৫১–৩৫০৯১–১২০১৮১–২৮০১৬৯–২০৮১০.১–১৭৩৮১–৮০০৮০১–১২০০২.১–৩.০
গুৰুতৰ (৩০১–৪০০)৩৫১–৪৩০১২১–২৫০২৮১–৪০০২০৯–৭৪৮*১৭–৩৪৮০১–1600১২০০–১৮০০৩.১–৩.৫
অতিশয় বিপদজনক (৪০১–৫০০)৪৩০+২৫০+৪০০+৭৪৮+*৩৪+১৬০০+১৮০০+৩.৫+
এ কিউ আইমন্তব্যৰং সংকেতসম্ভাব্য স্বাস্থ্যজনিত প্ৰভাৱ
০–৫০ভালসামান্য প্ৰভাৱ
৫১–১০০সন্তোষজনকসংবেদনশীল লোকৰ উশাহ-নিশাহত সামান্য অস্বস্তি
১০১–২০০মধ্যমীয়াহাওঁফাওঁ, হাঁপানী আৰু হৃদৰোগ থকা লোকসকলৰ উশাহ-নিশাহত অস্বস্তি
২০১–৩০০বেয়াদীৰ্ঘ সময়ৰ বাবে সংস্পৰ্শলৈ আহিলে বেছিভাগ মানুহৰে উশাহ-নিশাহত অস্বস্তি
৩০১–৪০০গুৰুতৰদীৰ্ঘ সময়ধৰি সংস্পৰ্শৰ ফলত শ্বাস-প্ৰশ্বাসজনিত ৰোগ
৪০১–৫০০অতিশয় বিপদজনকসুস্থ লোকক প্ৰভাৱিত কৰে আৰু বৰ্তমান ৰোগ থকা লোকসকলক গুৰুতৰভাৱে প্ৰভাৱিত কৰে

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Step 2 - Dose-Response Assessment". 26 September 2013. http://www.epa.gov/risk_assessment/dose-response.htm আহৰণ কৰা হৈছে: 20 August 2015.
  2. Myanmar government (2007). "Haze". Archived from the original on 2008-02-24. https://web.archive.org/web/20080224035453/http://www.kjc.gov.my/english/education/weather/haze01.html আহৰণ কৰা হৈছে: 2007-02-11.
  3. "Air Quality Index - American Lung Association". American Lung Association. http://www.lung.org/healthy-air/outdoor/air-quality-index.html আহৰণ কৰা হৈছে: 20 August 2015.
  4. "Spare the Air - Summer Spare the Air". http://www.sparetheair.org/Make-a-Difference/Spare-the-Air-Every-Day/Summer.aspx আহৰণ কৰা হৈছে: 20 August 2015.
  5. "FAQ: Use of masks and availability of masks". Archived from the original on 2018-06-22. https://web.archive.org/web/20180622004913/https://www.moh.gov.sg/content/moh_web/home/pressRoom/Current_Issues/2014/haze/faq--use-of-masks-and-availability-of-masks.html আহৰণ কৰা হৈছে: 20 August 2015.
  6. A. Scott Voorhees (24 June 2014). "US Experience on Emergency Response System". 10th China City Air Quality Management Workshop Clean Air Asia & Ministry of Environmental Protection. http://cleanairinitiative.org/portal/sites/default/files/presentations/1_en_air_pollution_emergency_response_system_-_us_experience_1.pdf আহৰণ কৰা হৈছে: 2014-09-25.
  7. Jay Timmons (13 August 2014). "The EPA's Latest Threat to Economic Growth". WSJ. https://www.wsj.com/articles/the-epas-latest-threat-to-economic-growth-1407970689 আহৰণ কৰা হৈছে: 20 August 2015.
  8. "World Air Quality Index". http://waqi.info/ আহৰণ কৰা হৈছে: 20 August 2015.
  9. Rama Lakshmi (October 17, 2014). "India launches its own Air Quality Index. Can its numbers be trusted?". Washington Post. https://www.washingtonpost.com/blogs/worldviews/wp/2014/10/17/india-launches-its-own-air-quality-index-can-its-numbers-be-trusted/.
  10. "National Air Quality Index (AQI) launched by the Environment Minister AQI is a huge initiative under 'Swachh Bharat' AQI to act as 'One Number- One Colour-One Description' to judge the Air Quality". Business Standard India. 17 October 2014. https://www.business-standard.com/article/government-press-release/national-air-quality-index-aqi-launched-by-the-environment-minister-aqi-114101700961_1.html.
  11. "Air Quality Index in India: When it was set up and how it is measured" (en ভাষাত). Firstpost. 17 November 2021. https://www.firstpost.com/india/from-safar-to-national-air-quality-index-how-and-when-india-started-monitoring-aqi-10143261.html.
  12. "National Air Quality Index (AQI) launched by the Environment Minister AQI is a huge initiative under 'Swachh Bharat'". pib.gov.in. https://pib.gov.in/newsite/printrelease.aspx?relid=110654#:~:text=National%20Air%20Quality%20Index%20(AQI,Environment%2C%20Forest%20and%20Climate%20Change.&text=The%20Minister%20for%20Environment%2C%20Forests,(AQI)%20in%20New%20Delhi..
  13. "Ambient Air Quality Monitoring Stations" (en-US ভাষাত). 2016-08-15. http://www.ppsthane.com/blog/ambient-air-quality-monitoring-stations আহৰণ কৰা হৈছে: 2016-08-16.
  14. "Indian Air Quality Index". Archived from the original on 2014-11-07. https://web.archive.org/web/20141107224911/http://home.iitk.ac.in/~mukesh/indian%20air%20quality.html আহৰণ কৰা হৈছে: 2014-10-21.
  15. "National Air Quality Index (AQI) launched by the Environment Minister AQI is a huge initiative under 'Swachh Bharat'". http://pib.nic.in/newsite/PrintRelease.aspx?relid=110654 আহৰণ কৰা হৈছে: 20 August 2015.
  16. "India launches index to measure air quality". timesofindia-economictimes. http://economictimes.indiatimes.com/news/politics-and-nation/india-launches-index-to-measure-air-quality/etvertical_articleshow/44855452.cms.
  17. "Central Pollution Control Board". http://www.cpcb.nic.in আহৰণ কৰা হৈছে: 20 August 2015.