বালা হিজাম
| বালা হিজাম | |
|---|---|
| জন্ম | হিজাম সূৰ্যবালা দেৱী ৯ জুন, ১৯৯১ সগোলবন্দ সালাম লৈকাই, ইম্ফল, মণিপুৰ |
| পেচা | অভিনেত্ৰী |
| উচ্চতা | ১৬২ ছেমি |
| দাম্পত্যসঙ্গী | নিংথৌজাম দিনেশ সিং |
| পিতৃ-মাতৃ | হিজাম বীৰমঙ্গল হিজাম সুনীতি দেৱী |
সূৰ্য বালা হিজাম (জন্ম: ৯ জুন ১৯৯১; ইম্ফলত, বালা হিজাম নামেৰে পৰিচিত) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ প্ৰধানকৈ মণিপুৰী চলচ্চিত্ৰত অভিনয় কৰে।[1][2][3]
তেওঁৰ উল্লেখযোগ্য চলচ্চিত্ৰসমূহৰ ভিতৰত বুং, নীলাকাশম পাচকাডাল চুভান্না ভূমি, য়াইস্কুলগী পাখাং আঙাওবা, মণিপুৰ এক্সপ্ৰেছ, সানাগী তাংবল, আমুক্তা আনি আৰু ইনাম্মা উল্লেখযোগ্য।[4][5]
অভিনয় জীৱন
[সম্পাদনা কৰক]বালা হিজামে ১৫ বছৰ বয়সত ওকেন আমকচাম পৰিচালিত টেল্লাংগা মামেই চলচ্চিত্ৰৰ জৰিয়তে অভিনয় জীৱনৰ আৰম্ভণি কৰে। এই সুযোগ তেওঁ লাভ কৰিছিল চলচ্চিত্ৰখনৰ চিত্ৰগ্ৰাহক ইৰোম মাইপাকৰ জৰিয়তে।[6]
তেওঁ হিন্দী চলচ্চিত্ৰ জিন্দেগী অন দ্য ৰকছত অভিনয় আৰম্ভ কৰিছিল যদিও কিছু সমস্যাৰ বাবে চলচ্চিত্ৰখন অসম্পূৰ্ণ হৈ থাকে।[7]
তেওঁৰ প্ৰথম উল্লেখযোগ্য চৰিত্ৰ আছিল ৰোমি মৈতেই পৰিচালিত খাংদ্ৰেদা নংদাম্বা চলচ্চিত্ৰত, য’ত তেওঁ কমলা সাইখোমৰ সৈতে সহ-অভিনয় কৰিছিল। ইয়োমায়াই মংগসাবা পৰিচালিত আৰু ফ্লাই হাই ফিল্মছ প্ৰযোজিত পন্থুঙী ৱাংমাদা আছিল তেওঁৰ প্ৰথম মুখ্য চৰিত্ৰৰ চলচ্চিত্ৰ।
তেওঁৰ জনপ্ৰিয় চলচ্চিত্ৰসমূহৰ ভিতৰত য়াইস্কুলগী পাখাং আঙাওবা, মণিপুৰ এক্সপ্ৰেছ, মীৰাং মহুম, আমুক্তা আনি, দিল্লী মেল্লেই, সানাগী তাংবল আৰু থাবাটন ২ উল্লেখযোগ্য।[8]
তেওঁ তামোয়াইগী এবেচা চলচ্চিত্ৰত এগৰাকী শাৰীৰিকভাৱে অক্ষম নাৰীৰ চৰিত্ৰত অভিনয় কৰিছিল।
২০১৮ চনত তেওঁ শিক্ষামূলক চলচ্চিত্ৰ হু ছেইড বয়জ কেণ্ট ৱেৰ মেকআপ?ত অভিনয় কৰে।[9]
২০২২ চনত তেওঁ ময়ংক প্ৰতাপ সিং পৰিচালিত চুটি চলচ্চিত্ৰ লেম্বী লৈমাত অভিনয় কৰে।[10]
২০২৪ চনত তেওঁ বুং চলচ্চিত্ৰত মন্দাকিনী চৰিত্ৰত অভিনয় কৰে। এই চলচ্চিত্ৰখন ২০২৪ টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰথমবাৰৰ বাবে প্ৰদৰ্শিত হৈছিল।[11]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Interview of Bala Hijam, The Reigning Queen of Manipuri Cinema". The Moviean. Archived from the original on 2018-03-21. https://web.archive.org/web/20180321063138/https://themoviean.com/bala-hijam-interview/। আহৰণ কৰা হৈছে: ২০ মাৰ্চ ২০১৮.
- ↑ Aribam Bishwajit. "Bridging the Gap: The Need to Elevate Manipuri Cinema on Global Stage". imphalreviews.in. https://imphalreviews.in/bridging-the-gap-the-need-to-elevate-manipuri-cinema-on-global-stages/। আহৰণ কৰা হৈছে: ১০ অক্টোবৰ ২০২৫.
- ↑ Roy, Esha (১৭ আগষ্ট ২০১৪). "From Manipur, stories of the women actors who didn't get to play Mary Kom". The Indian Express. http://indianexpress.com/article/entertainment/entertainment-others/shes-got-the-look-3/। আহৰণ কৰা হৈছে: ৪ মাৰ্চ ২০১৭.
- ↑ "'Boong' Review: A Small Coming-of-Age Tale on India's Eastern Border Disguises Larger Politics". Variety. ১৬ ছেপ্টেম্বৰ ২০২৪. https://variety.com/2024/film/reviews/boong-review-lakshmipriya-devi-tiff-1236144265/.
- ↑ "When Kerala called Surja Bala Hijam". The New Indian Express. ১৬ জুলাই ২০১৩. https://www.newindianexpress.com/entertainment/malayalam/2013/jul/16/when-kerala-called-surja-bala-hijam-497371.html.
- ↑ "The Beauty of Manipuri Cinema with a Heart of Gold". NorthEast Feed. ২৮ ছেপ্টেম্বৰ ২০১৮. Archived from the original on 2020-10-12. https://web.archive.org/web/20201012005846/https://northeastfeed.in/bala-hijam-beauty-manipuri-cinema-heart-gold/। আহৰণ কৰা হৈছে: ১৬ এপ্ৰিল ২০২০.
- ↑ "Soma Laishram is not at fault". The Hindu. ২৬ ছেপ্টেম্বৰ ২০২৩. https://www.thehindu.com/opinion/op-ed/soma-laishram-is-not-at-fault/article67344705.ece.
- ↑ "Interview of Bala Hijam, the reigning queen of Manipuri Cinema". The Moviean. Archived from the original on 2018-03-21. https://web.archive.org/web/20180321063138/https://themoviean.com/bala-hijam-interview/। আহৰণ কৰা হৈছে: ১৬ এপ্ৰিল ২০২০.
- ↑ "2018 Manipuri film Who Said Boys Can't Wear Makeup Is No Less Than A Revolution". Imphal Times. ১৬ এপ্ৰিল ২০২৩. https://www.imphaltimes.com/pdf/2023/April/16%20April.pdf.
- ↑ "Manipur: After bagging 22 awards, movie to be screened in Imphal". North East Now. ৮ এপ্ৰিল ২০২৩. https://nenow.in/north-east-news/manipur/manipur-after-bagging-22-awards-movie-to-be-screened-in-imphal.html.
- ↑ "TIFF 2024". Money Control. ১৫ ছেপ্টেম্বৰ ২০২৪. https://www.moneycontrol.com/entertainment/movies/tiff-2024-boong-lakshmipriya-devi-interview-article-12822041.html.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- বালা হিজাম সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- বালা হিজাম – কে এল এম ডিবি
- ইনষ্টাগ্ৰামত বালা হিজাম