সমললৈ যাওক

বালিছ মিষ্টি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেত্ৰকোণাৰ বালিছ মিষ্টি

নেত্ৰকোনাৰ ঐতিহ্যবাহী বালিছ মিষ্টি
অন্য নাম গয়ানাথৰ বালিশ
প্ৰকাৰ মিঠাই
অঞ্চল নেত্ৰকোণা জিলা
উদ্ভাৱক গয়ানাথ ঘোষ
মুখ্য উপাদান চানা, ময়দা, চেনি, মলাই

বালিছ মিষ্টি বা মিঠাই (বঙালী: বালিশ মিষ্টি) বাংলাদেশৰ নেত্ৰকোণা জিলাৰ এবিধ প্ৰসিদ্ধ মিঠাই। বঙালী ভাষাত গাৰুক বালিছ কয়; মিঠাইবিধৰ আকাৰ এটা গাৰুৰ দৰে। ইয়াৰ ওপৰত ক্ষীৰৰ প্ৰলেপ এটা থাকে বাবে দেখাত গাৰুৰ আৱৰণীৰ দৰে লাগে। মিঠাইবিধ গয়ানাথেৰ বালিছ নামেৰেও পৰিচিত।[1] ২০২৫ চনত বাংলাদেশৰ শিল্প মন্ত্ৰ্যালয়ৰপৰা নেত্ৰকোণাৰ ঐতিহ্যবাহী বালিছ মিষ্টিয়ে ভৌগোলিক নিৰ্দেশক (GI) স্বীকৃতি লাভ কৰে।[2]

বালিছ মিষ্টিৰ জনক গয়ানাথ ঘোষাল। হিন্দুসকলৰ ভিতৰত ঘোষসকল মিঠাই তৈয়াৰ কৰাত প্ৰখ্যাত। নেত্ৰকোণা নগৰৰ বাৰহাট্টা ৰোডৰ ‘গয়ানাথ মিষ্টান্ন ভাণ্ডাৰ’ৰ স্বত্বাধিকাৰী গয়ানাথ ঘোষ এশ বছৰৰো অধিক কাল আগত বালিছ মিষ্টি উদ্ভাৱন কৰে। গয়ানাথৰ সপোন আছিল নতুন কিবা মিঠাই উদ্ভাৱন কৰা। এদিন তেওঁ এটা বিশাল আকৃতিৰ মিঠাই তৈয়াৰ কৰি ক্ৰেতাসকলক খাবলৈ দিয়ে আৰু ক্ৰেতাসকলে ইয়াৰ ভুৰি-ভুৰি প্ৰশংসা কৰে। ইয়াৰ আকাৰ কোলাত লোৱা গাৰুটোৰ দৰে। সেয়েহে ক্ৰেতাসকলৰ পৰামৰ্শমতে ইয়াৰ নাম ‘বালিছ’ ৰাখে। স্বাদে-গোন্ধে অতুলনীয় হোৱাত কিছুদিনৰ ভিতৰতে এই মিঠাইবিধৰ নাম সৰ্বত্ৰে বিয়পি পৰে। ইয়াৰ উদ্ভাৱক হিচাপে গয়ানাথেও ব্যপক পৰিচিত লাভ কৰে। সেয়েহে পৰৱৰ্তী সময়ত তেওঁৰ নামো মিঠাইবিধৰ সৈতে জড়িত হৈ পৰে। সেই সময়ত একমাত্ৰ তেওঁৰ দোকানতে এইবিধ মিঠাই বিক্ৰী হৈছিল। কিন্তু বৰ্তমান সেই দোকানৰ বাদেও অন্য দোকানতো বিক্ৰী হয় এই মিঠাইবিধ। নেত্ৰকোনাৰ বিখ্যাত এই মিঠাই বৰ্তমান ঢাকাৰ নিকটৱৰ্তী নীলা মাৰ্কেটতো পোৱা যায়।[3]

বালিছ গাখীৰ-চানা, চেনি আৰু ময়দাৰে তৈয়াৰ কৰা হয়। প্ৰথমে চানাৰ সৈতে সামান্য ময়দা মিহলাই মণ্ড তৈয়াৰ কৰা হয়। এই মণ্ডৰপৰাই বিভিন্ন আকাৰৰ বালিছ তৈয়াৰ কৰা হয়। তাৰ পিছত ভাজি লৈ চেনিৰ গৰম ৰসত দুবাই ৰখা হয়। ঠাণ্ডা হোৱাৰ পিছতো বহু সময় চেনিৰ ৰসত দুবাই ৰখা হয়। বিক্ৰী কৰাৰ পূৰ্বে বালিছৰ ওপৰত ক্ষীৰ বা গাখীৰৰ মলাইৰ প্ৰলেপ দিয়া হয়। ইয়াৰ বাদেও বালিছ তৈয়াৰ কৰা প্ৰক্ৰিয়াৰ কিছু গোপনীয়তা আছে, যিটো ব্যৱসায়ৰ স্বাৰ্থত কাৰিকৰসকলে প্ৰকাশ কৰিব নিবিচাৰে।

বৰ্তমান অৱস্থা

[সম্পাদনা কৰক]

১৯৪৭ চনৰ দেশ বিভাজনৰ পিছত ঘোষ পৰিয়ালৰ বহুকেইজন ভাৰতলৈ গুছি আহে। গয়ানাথ ঘোষ অহা নাছিল। এই মিঠাইৰ ৰহস্য তেওঁ কাকোৱে শিকোৱা নাছিল। ১৯৬৯ চনত গয়ানাথ ঘোষ ভাৰতলৈ গুছি আহে। তেতিয়া তেওঁ ব্যৱসায় প্ৰতিষ্ঠানটো কুমুদচন্দ্ৰ নাগক বিক্ৰী কৰি দিয়ে। তাৰ ছয় বছৰ পাছত নাগে বালিছ মিষ্টি তৈয়াৰ কৰা প্ৰধান কাৰিকৰ নিখিল মোদকক বিক্ৰী কৰে। নিখিলৰ মৃত্যুৰ পাছত ব্যাৱসায়িক প্ৰতিষ্ঠানটো পৰিচালনা কৰি তেওঁৰ তিনি সন্তান বাবুল, দিলীপ আৰু খোকন মোদকে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. নেত্ৰকোণাৰ বালিশ মিষ্টি,আলপনা বেগম, দৈনিক বাংলাদেশ প্ৰতিদিন।
  2. "জিআই স্বীকৃতি পেল নেত্ৰকোনাৰ বালিশ মিষ্টি". Kaler Kantho. 29-9-2025. https://www.kalerkantho.com/online/national/2025/09/29/1584556। আহৰণ কৰা হৈছে: 8 November 2025. 
  3. "নেত্ৰকোনাৰ বালিশ মিষ্টি এখন ঢাকায়". Ekeshe ETV. 13-9-2018. https://www.ekushey-tv.com/lifestyle/49486। আহৰণ কৰা হৈছে: 8 November 2025.