সমললৈ যাওক

বালি প্ৰেল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বালি প্ৰেল
মিউনিখত থকা বালি প্ৰেল ফোৱাৰা
মিউনিখত থকা বালি প্ৰেল ফোৱাৰা
পৃষ্ঠভূমি
জন্ম নাম এগনেছ পাউলিন প্ৰেল
জন্ম ১৪ ছেপ্টেম্বৰ ১৯২২
স্কাৱাবিং, জাৰ্মানী
মৃত্যুৰ তাৰিখ ২০ মাৰ্চ, ১৯৮২ (৫৯ বছৰ)
সংগীতৰ ধৰণ লোক-সংগীত, ধ্ৰুপদী
পেচা গায়িকা, অভিনেত্ৰী, ব্যংগ অভিনেত্ৰী

বালি প্ৰেল (ইংৰাজী: Bally Prell; ১৪ ছেপ্টেম্বৰ ১৯২২ – ২০ মাৰ্চ ১৯৮২) এগৰাকী জাৰ্মান পৰিবেশক, হাস্যৰসময়ী গায়িকা আৰু লোক-গায়িকা৷ তেওঁ প্ৰধানকৈ বাভাৰিয়ান ভাষাত কণ্ঠদান কৰিছিল।

বাভাৰিয়াৰ ৰাজধানী মিউনিখৰ এখন জিলা স্কাৱাবিঙৰ লিওপল্ড ষ্ট্ৰীট ৭৭ত প্ৰেলৰ জন্ম হৈছিল৷ তেওঁৰ পিতৃ লুডৱিগ প্ৰেল এজন লোক-গায়ক আৰু সুৰকাৰ৷ সৰুতে তেওঁ নাম আছিল এগনেছ পাউলিন প্ৰেল (Agnes Pauline Prell)। তেওঁ পাঁচ বছৰ বয়সতে মিউনিখৰ অডিয়ান হলত অনুষ্ঠান পৰিৱেশন কৰিছিল আৰু কণ্ঠৰে দৰ্শকক আপ্লুত কৰিছিল। তাইৰ কণ্ঠ নিম্ন স্বৰৰ (বেৰিটন)[1] আছিল আৰু সেই স্বৰতে তেওঁ কিছুমান ধ্ৰুপদী গীত গাইছিল।

১৯৫৩ চনৰ ৩১ অক্টোবৰত মিউনিখৰ প্লাটজলত তেওঁ প্ৰথমবাৰৰ বাবে তেওঁৰ গীত "ডাই ছনহাইটস্কোনিজিন ভন ছনাইজলৰেউথ" ("ছনাইজলৰেউথৰ সৌন্দৰ্য্য ৰাণী") পৰিবেশন কৰে। গীতটোৱে প্ৰেলৰ অস্বাভাৱিক কণ্ঠৰ পৰিসৰ আৰু নিৰ্ণায়কভাৱে অ-সৌন্দৰ্য্য ৰাণীৰ দৰে চেহেৰা ব্যৱহাৰ কৰি উদীয়মান সৌন্দৰ্য্যৰ উন্মাদনাক ব্যংগাত্মক কৰি তুলিছিল। অনুষ্ঠানত তেওঁৰ পিতৃৰ দ্বাৰা ৰচিত সংগীতো অন্তৰ্ভুক্ত কৰিছিল। প্ৰেলে গোটেই জীৱন প্লেটজৰ সৈতে সংযুক্ত হৈ থাকিল।

১৯৫৬ আৰু ১৯৫৭ চনত তেওঁ ছবিত কাম কৰিবলৈ আৰম্ভ কৰে, যেনে মেৰেজ ফৰবিডেন ছবিত গায়িকা হিচাপে[2] আৰু টু বাভাৰিয়ানছ ইন দ্য হাৰেম ছবিত ৰোজ অৱ দ্য নাইট লেইলাৰ চৰিত্ৰত অভিনয় কৰে।

১৯৮২ চনত গৰল ৰোগৰ অস্ত্ৰোপ্ৰচাৰৰ প্ৰভাৱত প্ৰেলৰ মৃত্যু হয়। মিউনিখৰ নৰ্ডফ্ৰিডহফ কবৰস্থানত (কবৰ নং ২-৩-৫) তেওঁক সমাধিস্থ কৰা হৈছে।

মিউনিখ চিটি মিউজিয়ামত প্ৰেলৰ সন্মানত এখন প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয়৷ এই প্ৰদৰ্শনীত তেওঁৰ বিখ্যাত মঞ্চ সাজ-পোছাকৰ মৌলিক সামগ্ৰীসমূহৰ যেনে ফুলাম পোছাক, সমুদ্ৰ তীৰৰ ছাতি, আঙুলিবিহীন হাত মোজা, সৌন্দৰ্য্যৰ মুকুট আৰু "মিছ শ্বনাইজল্ৰ'থন" লিখা বগা-নীলা ৰঙৰ স্কাৰ্ফ আদি প্ৰদৰ্শন কৰা হয়।[3]

তেওঁৰ সন্মানত উলফগেং ছেণ্ডে ডিজাইন কৰা এটা ফোয়াৰা ১৯৯২ চনত লিওপোল্ডষ্ট্ৰাছত তেওঁৰ ঘৰৰ সন্মুখত স্থাপন কৰা হয়।[4]

২০০৭ চনৰ ১৪ জুনত মিউনিখ চহৰ পৰিষদে প্ৰেলৰ নামেৰে এটা নতুন ৰাস্তাৰ নামকৰণ কৰে। লোচহাউজেন জিলাত থকা এই ৰাস্তাটো নতুন উন্নয়নৰ কাম চলি আছে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]