সমললৈ যাওক

বালুৰণ ৰাষ্ট্ৰীয় উদ্যান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বালুৰণ ৰাষ্ট্ৰীয় উদ্যান
Taman Nasional Baluran
বালুৰণ ৰাষ্ট্ৰীয় উদ্যানৰ বেকল ছাভানাত এটি ম'হ
বালুৰণ ৰাষ্ট্ৰীয় উদ্যানৰ বেকল ছাভানাত এটি ম'হ
জাভাত অৱস্থিতি
অৱস্থান ছিটুবণ্ডো ৰিজেন্সি, পূব জাভা, ইণ্ডোনেছিয়া
নিকটতম চহৰ ছিটুবণ্ডো
মাটিকালি 250 বৰ্গ কি.মি. (97 বৰ্গ মাইল)
প্ৰতিস্থা ১৯৮০
পৰ্যটক ১০,১৯২ (২০০৭[1] চনত)
কৰ্তৃপক্ষ পৰিৱেশ আৰু বন মন্ত্ৰালয়, ইণ্ডোনেছিয়া
ৱেবছাইট balurannationalpark.web.id

বালুৰণ ৰাষ্ট্ৰীয় উদ্যান (ইংৰাজী: Baluran National Park) হৈছে ইণ্ডোনেছিয়াৰ এখন ৰাষ্ট্ৰীয় উদ্যান। উদ্যানখন ইণ্ডোনেছিয়াৰ পূব জাভাৰ চিটুবণ্ডো ৰিজেন্সিত অৱস্থিত। ইয়াৰ জলবায়ু তুলনামূলকভাৱে শুষ্ক আৰু ই মূলতঃ ছাভানা (৪০%), লগতে নিম্নভূমিৰ অৰণ্য, মেনগ্ৰোভ বনাঞ্চল আৰু পাহাৰেৰে গঠিত। মাউণ্ট বালুৰণ (১,২৪৭ মিটাৰ) হৈছে অঞ্চলটোৰ সৰ্বোচ্চ শৃংগ।[2]

বালুৰাণ ৰাষ্ট্ৰীয় উদ্যান, জাভাৰ উত্তৰ-পূব প্ৰান্তত, বালি আৰু মাদুৰা দ্বীপৰ ওচৰত অৱস্থিত। উদ্যানখনৰ উত্তৰে মাদুৰা জলদ্বীপ, পূবে বালি জলদ্বীপ, পশ্চিমে বাজুলমাটি (ৱোনোৰেজো গাঁও) আৰু দক্ষিণে ক্লোকাৰান নদী (সুম্বেৰানয়াৰ গাঁও) অৱস্থিত। উদ্যানখন এটি ৰুক্ষ বৃত্ত, যাৰ কেন্দ্ৰত বালুৰণ আগ্নেয়গিৰি নামেৰে এটি বিলুপ্ত আগ্নেয়গিৰি আছে। ইয়াৰ মুঠ মাটিকালি ২৫,০০০ হেক্টৰ।[3] উদ্যানখন পাঁচটা অঞ্চলক লৈ গঠিত: প্ৰধান অঞ্চল (১২,০০০ হেক্টৰ), প্ৰান্তৰ অঞ্চল (৫,৫৩৭ হেক্টৰ, ১,০৬৩ হেক্টৰ পানী আৰু ৪,৫৭৪ হেক্টৰ ভূমি লৈ গঠিত), নিবিড় ব্যৱহাৰ অঞ্চল (৮০০ হেক্টৰ), নিৰ্দিষ্ট ব্যৱহাৰ অঞ্চল (৫,৭৮০ হেক্টৰ) এবং পুনৰ্বাসন অঞ্চল (৭৮৩ হেক্টৰ)।[4]

উদ্ভিদকুল আৰু প্ৰাণীকুল

[সম্পাদনা কৰক]
উদ্যানখনত দুজোপা বগৰী (Ziziphus mauritiana) গছ

উদ্যানখনত ৪৪৪টা উদ্ভিদ প্ৰজাতি লিপিবদ্ধ কৰা হৈছে, যাৰ ভিতৰত কিছুমান বিলুপ্তপ্ৰায় উদ্ভিদ প্ৰজাতি যেনে: জিজিফাছ ৰটাণ্ডিফ’লিয়া, টামাৰিণ্ডাছ ইণ্ডিকা (তেঁতেলী), ডিঅ’স্ক’ৰিয়া হিস্পিডা, এলেউৰাইটছ মলুকেনাছ আৰু ক’ৰিফা ইউটান[3]

বালুৰণ ৰাষ্ট্ৰীয় উদ্যানত বিলুপ্তপ্ৰায় বাণ্টেং, সুমাত্ৰাৰ ৰাংকুকুৰ, সুগৰী পহু, জাভাৰ মাউছ-ডিয়াৰ, চুণ্ডাৰ লতামাকৰী বাঘ, জাভাৰ নাহৰফুটুকী আৰু পূব জাভাৰ বান্দৰকে ধৰি ২৬টা স্তন্যপায়ী প্ৰাণী আছে। ১৯৯৬ চনৰ পৰা ২০১২ চনৰ ভিতৰত, বাণ্টেঙৰ জনসংখ্যা অভাৱনীয়ভাৱে ৩৩৮ৰ পৰা ২৬টালৈ হ্ৰাস পাইছে।[2] ইয়াৰ কাৰণ হʼল কিছুমান আক্ৰমণাত্মক জীৱ প্ৰজাতি যেনে- বাবুল গছ (Acacia nilotica)[5] আৰু জলম'হ।[6] কিন্তু প্ৰজননৰ নিবিড় প্ৰচেষ্টাৰ ফলত ২০২০ চনৰ ভিতৰত জনসংখ্যা প্ৰায় ২০০ টালৈ বৃদ্ধি পাইছে।[7]

উদ্যানখনত পোৱা চৰাইসমূহ হʼল সেউজীয়া ময়ূৰ, বনকুকুৰা, মালাবাৰৰ দাগযুক্ত ধনেশ, গঁড় ধনেশ আৰু বৰটোকোলা[3] ২০১০ চনলৈকে উদ্যানখনত ১৫৫টা প্ৰজাতিৰ চৰাইৰ পঞ্জীয়নভুক্ত কৰা হৈছিল, যদিও ২০১২ চনত চৰাইৰ ফটোগ্ৰাফী প্ৰতিযোগিতাৰ পিছত, এই প্ৰজাতিৰ সংখ্যা সংশোধন কৰি ১৯৬টা কৰা হয়।[8]

বিলুপ্ত

[সম্পাদনা কৰক]

১৯৬০ দশকৰ মাজভাগলৈকে এই সংৰক্ষিত এলেকাত জাভাৰ বাঘো পোৱা গৈছিল।[9]

সংৰক্ষণ আৰু ভাবুকি

[সম্পাদনা কৰক]

১৯২৮ চনৰ পৰা এই অঞ্চলটো সংৰক্ষিত হৈ আহিছে, ডাচ্ চিকাৰী, এ.এইচ. ল’ডেব’ৰৰ উদ্যোগত প্ৰথমবাৰৰ বাবে এই কাৰ্যটো আৰম্ভ হৈছিল। ১৯৩৭ চনত, ডাচ্ ঔপনিৱেশিক চৰকাৰে ইয়াক বন্যপ্ৰাণীৰ আশ্ৰয়স্থল হিচাপে ঘোষণা কৰে।[10] ১৯৮০ চনত এই অঞ্চলটোক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়।[3]

চোৰাং চিকাৰে উদ্যানখনৰ বন্যপ্ৰাণীৰ বাবে এক ডাঙৰ ভাবুকিৰ সৃষ্টি কৰিছে, বিশেষকৈ বেণ্টেঙৰ জনসংখ্যাৰ হ্ৰাস হোৱাৰ বাবে। প্ৰ'ফাউনা ইণ্ডোনেছিয়াৰ মতে, কেৱল স্থানীয় লোকেই নহয়, সামৰিক বাহিনীৰ সদস্যসকলও চোৰাং চিকাৰৰ সৈতে জড়িত হৈ আছে।[10]

বালুৰণ ৰাষ্ট্ৰীয় উদ্যানত কমেও ৬,০০০ হেক্টৰ চাভানা দখল কৰা, কাঁইটীয়া বাবুল গছে বেণ্টেঙৰ বাবে খাদ্য বিচাৰি পোৱাটো ক্ৰমান্বয়ে কঠিন কৰি তুলিছে। ১৯৯৬ চনত, ৩২০টা বেণ্টেং আছিল আৰু ২০১৩ চনৰ তথ্য অনুসৰি বৰ্তমান মাত্ৰ ৩৫টা বেণ্টেঙহে অৱশিষ্ট আছে।[11]

চিত্ৰ বীথিকা

[সম্পাদনা কৰক]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. Forestry statistics of Indonesia 2007 Archived July 22, 2011, at the Wayback Machine, retrieved 20 May 2010
  2. 2.0 2.1 Indra Harsaputra, 'Baluran: the little Africa of Java', The Jakarta Post, 20 July 2013.
  3. 3.0 3.1 3.2 3.3 Ministry of Forestry of Indonesia: Baluran National Park, retrieved 20 December 2013
  4. Baluran National Park: History, Location and Area Archived 2011-04-20 at the Wayback Machine Lua error in Module:In_lang at line 40: attempt to call local 'name_from_tag' (a nil value).
  5. [1], 27 June 2020
  6. [2]
  7. [3]
  8. "Baluran National Park Holds 4th Annual Birding Competition" in Tempo, 26 June 2013
  9. Seidensticker, J., Suyono, I. (1980). The Javan Tiger and the Meri-Betiri Reserve, a plan for management. Gland: International Union for the Conservation of Nature and Natural Resources. 
  10. 10.0 10.1 Indra Harsaputra: "Baluran Banteng herd dying out", The Jakarta Post, 10 January 2013.
  11. Ika Ningtyas (February 7, 2015). "Acacia Trees Invade Baluran National Park". http://en.tempo.co/read/news/2015/02/07/206640671/Acacia-Trees-Invade-Baluran-National-Park. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]