সমললৈ যাওক

বাল্মিক থাপাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বাল্মিক থাপাৰ
জন্ম ১৯৫২
নতুন দিল্লী, ভাৰত
মৃত্যু (৭৩ বছৰ)
নতুন দিল্লী, ভাৰত
শিক্ষা চেণ্ট. ষ্টিফেন কলেজ, দিল্লী (বি.এ.)
পেচা
জনা যায় বাঘৰ ভূমি (১৯৯৭)
দাম্পত্যসঙ্গী সঞ্জনা কাপুৰ
সন্তান হামিৰ থাপাৰ
আত্মীয়-স্বজন ৰোমিলা থাপাৰ (পেহীয়েক)
দয়া ৰাম থাপাৰ (ককা)
প্ৰাণ নাথ থাপাৰ (ডাঙৰ খুড়াক)

বাল্মিক থাপাৰ (ইংৰাজী: Valmik Thapar; ১৯৫২ – ৩১ মে' ২০২৫) এজন ভাৰতীয় প্ৰকৃতিবিদ, সংৰক্ষণবিদ আৰু লেখক।[1][2] তেওঁ ১৪খন কিতাপ আৰু কেইবাটাও প্ৰবন্ধৰ লেখক আৰু টেলিভিছনৰ বাবে বিভিন্ন অনুষ্ঠানৰ প্ৰযোজক আছিল।[3] তেওঁ ভাৰতৰ অন্যতম সন্মানীয় বন্যপ্ৰাণী বিশেষজ্ঞ আৰু সংৰক্ষণবিদ আছিল; তেওঁ বিবিচি, এনিমেল প্লেনেট, ডিস্কভাৰী আৰু নেচনেল জিঅ’গ্ৰাফিক আদি সংবাদ মাধ্যমৰ বাবে ভাৰতৰ প্ৰাকৃতিক বাসস্থানৰ ওপৰত তথ্যচিত্ৰ নিৰ্মাণ আৰু বৰ্ণনা কৰিছিল।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

বাল্মিক থাপাৰৰ জন্ম বম্বেত ১৯৫৯ চনত হৈছিল। তেওঁৰ পিতৃ ৰমেশ থাপাৰ এজন প্ৰখ্যাত সাংবাদিক আৰু ৰাজনৈতিক মন্তব্যকাৰ আছিল, আৰু মাতৃ ৰাজ থাপাৰ ৰাজনৈতিক আলোচনী চেমিনাৰ প্ৰতিষ্ঠা কৰা মহিলা আছিল। বিখ্যাত ভাৰতীয় ইতিহাসবিদ ৰমিলা থাপাৰ তেওঁৰ পেহীয়েক আছিল।

তেওঁ নাট্য-জগতৰ ব্যক্তিত্ব সঞ্জনা কাপুৰৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু তেওঁলোকৰ এজন পুত্ৰ আছিল, নাম হামিৰ। ভাল্মিক থাপাৰ আৰু তেওঁৰ পৰিয়াল দিল্লীত বাস কৰিছিল।[4]

কেৰিয়াৰ

[সম্পাদনা কৰক]

ভাৰতৰ বাঘৰ জনসংখ্যাৰ অৱস্থাৰ ওপৰত দশকজুৰি অনুসৰণ আৰু অধ্যয়ন কৰিছিল। তেওঁ ফতেহ সিং ৰাথোৰৰদ্বাৰা গভীৰভাৱে প্ৰভাবিত হৈছিল।[5] ৰন্থামবৌৰ ফাউণ্ডেশ্যনক ষ্টুয়াৰ্ডশ্বিপ স্বীকৃতি প্ৰদান কৰি ভাৰত চৰকাৰে তেওঁক ২০০৫ চনৰ টাইগাৰ টাস্ক ফ’ৰ্চৰ সদস্য হিচাপে নিযুক্তি দিয়ে। তেওঁ তেওঁৰ সমালোচনামূলক টোকাত সংখ্যাগৰিষ্ঠ টাস্ক ফ’ৰ্চৰ মতামতক সমালোচনা কৰি কৈছিল যে বাঘ আৰু মানুহৰ সহ-অস্তিত্বৰ সম্ভাৱনাৰ ওপৰত অত্যধিক গুৰুত্ব আৰোপ কৰা হৈছে, যিটো তেওঁৰ মতে পেনেলৰ উদ্দেশ্যৰ সৈতে সামঞ্জস্য নাছিল।

তেওঁৰ লেখাবোৰত ১৯৭৩ চনত ভাৰত চৰকাৰৰদ্বাৰা স্থাপিত এখন বন্যপ্ৰাণী সংৰক্ষণ ব্যৱস্থা প্ৰজেক্ট টাইগাৰৰৰ ব্যৰ্থতাৰ বিষয়ে বিশ্লেষণ কৰা হৈছে।[6] তেওঁ প্ৰজেক্ট টাইগাৰক সমালোচনা কৰি ইয়াৰ অপব্যৱস্থাপনাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিছিল,যে ই বন-বিভাগীয় প্ৰশাসনৰদ্বাৰা ভুলভাৱে পৰিচালিত হৈছে, যাৰ অধিকাংশেই বৈজ্ঞানিকভাৱে প্ৰশিক্ষিত নহয়। তেওঁৰ শেষৰখন গ্ৰন্থ দ্য লাষ্ট টাইগাৰ (অক্সফৰ্ড ইউনিভাৰ্চিটি প্ৰেছ)ত এই যুক্তি দৃঢ়তাৰে উল্লেখ কৰা হৈছে।

ভাৰতৰ পৰিৱেশ আৰু বন মন্ত্ৰ্যালয়ক থাপাৰে কৰা ধাৰাবাহিক সমালোচনাৰ ভিতৰত এটা হ’ল, চোৰাং চিকাৰ ৰোধ কৰিবলৈ সশস্ত্ৰ টহল ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনীহা আৰু বনাঞ্চলসমূহক বৈজ্ঞানিক গৱেষণাৰ বাবে উন্মুক্ত নকৰা। তেওঁৰ বিখ্যাত ‘মাচ্চলি’ নামৰ বাঘিনী এজনী সৈতে থকা সম্পৰ্ক তেওঁৰ কিছুমান লেখাত উল্লেখ কৰা হৈছে।[7] থাপাৰৰ অতি প্ৰিয় বাঘবোৰৰ ওপৰত বিবিচিৰ তথ্যচিত্ৰ মাই টাইগাৰ ফেমিলিত বিশেষভাৱে আলোকপাত কৰা হৈছে।[8]

২০২৪ চনত থাপাৰৰ কৰ্কট ৰোগ ধৰা পৰিছিল, আৰু নতুন দিল্লীৰ নিজৰ ঘৰত, ২০২৫ চনৰ ৩১ মে’ত, ৭৩ বছৰ বয়সত মৃত্যু হয়।[9][10][11]

ৰন্থাম্বোৰ আৰু বাল্মিক থাপাৰ

[সম্পাদনা কৰক]

থাপাৰৰ বাঘৰ সৈতে‍ প্ৰেমৰ সম্পৰ্ক আৰম্ভ হৈছিল ১৯৭৬ চনত ৰন্থাম্বোৰত।[12] ১৯৮৮ চনত ৰন্থাম্বোৰ জাতি‍ষ্কাৰ হ'বলৈ‍ আৰম্ভ কৰাৰ সময়ত থাপাৰে স্থানীয় সম্প্ৰদায়সমূহক জড়িত আৰু উন্নীত কৰাৰ প্ৰয়োজনীয়তাক স্বীকাৰ কৰি ৰন্থাম্বোৰ ফাউণ্ডেশ্যন প্ৰতিষ্ঠা কৰে আৰু ২০০০ চনলৈকে তেওঁ ইয়াৰ পথ-প্ৰদৰ্শক আছিল।[12]

নিৰ্বাচিত টেলিভিছনৰ কাম

[সম্পাদনা কৰক]
  • ঠাইগাৰ ক্ৰাইচিছ (১৯৯৪)
  • লেণ্ড অৱ দ্য টাইগাৰ (১৯৯৭)
  • টাইগাৰ্ছ ফৰেষ্ট (২০০০)
  • ডেঞ্জাৰ ইন টাইগাৰ পেৰাডাইজ (২০০২)
  • চাৰ্ছ ফৰ ঠাইগাৰ্ছ (২০০৩)
  • মাই টাইগাৰ ফেমিলি (২০২৪)[13]

গ্ৰন্থতালিকা

[সম্পাদনা কৰক]

বাল্মিক থাপাৰৰ গ্ৰন্থসমূহ

[সম্পাদনা কৰক]
  • উইথ টাইগাৰ্ছ ইন দ্য ৱাইল্ড
  • টাইগাৰ: প’ৰ্ট্ৰেইট অৱ এ প্ৰেডেটৰ
  • টাইগাৰ্ছ: দ্য ছিক্ৰেট লাইফ
  • দ্য টাইগাৰ্ছ ডেষ্টিনি
  • দ্য লেণ্ড অৱ দ্য টাইগাৰ
  • দ্য ছিক্ৰেট লাইফ অৱ টাইগাৰ্ছ
  • টাইগাৰ
  • ৱাইল্ড টাইগাৰ্ছ অৱ ৰণথম্ভোৰ
  • ব্ৰিজ অৱ গড° ২০ ডেজ ইন দ্য মাসাই মাৰা
  • দ্য কাল্ট অৱ দ্য টাইগাৰ
  • টাইগাৰ: দ্য আল্টিমেট গাইড
  • দ্য লাষ্ট টাইগাৰ
  • দ্য ইলাষ্ট্ৰেটেড টাইগাৰ্ছ অৱ ইণ্ডিয়া
  • ৰণথম্ভোৰ: ১০ ডেজ ইন দ্য টাইগাৰ ফ’ৰ্ট্ৰেছ
  • টাইগাৰ্ছ এণ্ড দ্য বেনিয়ান ট্ৰি
  • এন আফ্ৰিকান ডায়েৰী
  • দ্য টাইগাৰ: ছৌল অৱ ইণ্ডিয়া
  • টাইগাৰ্ছ, মাই লাইফ
  • মাই লাইফ উইথ টাইগাৰ্ছ
  • টাইগাৰ্ছ ইন দ্য এমেৰাল্ড ফ’ৰেষ্ট
  • টাইগাৰ ফায়াৰ
  • টাইগাৰ ফায়াৰ: ৫০০ ইয়াৰ্ছ অৱ দ্য টাইগাৰ্ছ ইন ইণ্ডিয়া
  • ৱাইল্ড ফায়াৰ
  • উইংড ফায়াৰ
  • লিভিং উইথ টাইগাৰ্ছ
  • ছেৰেঙ্গেটি মেজিক
  • ছেৰেঙ্গেটি টেলছ
  • ছেভিং ৱাইল্ড ইণ্ডিয়া

সহ-লিখিত গ্ৰন্থ (Co-authored Books)

[সম্পাদনা কৰক]
  • উইথ টাইগাৰ্ছ ইন দ্য ৱাইল্ড — Fateh Singh Rathore আৰু Tejbir Singh-ৰ সৈতে
  • টাইগাৰ্ছ এণ্ড টাইগাৰৱালাহছ) — Jim Corbett, Billy Arjan Singh, Geoffrey C. Ward আৰু Diane Raines Ward-ৰ সৈতে
  • একজটিক এলিয়েনছ) — Romila Thapar আৰু Yusuf Ansari-ৰ সৈতে

সম্পাদিত গ্ৰন্থ (Edited Books)

[সম্পাদনা কৰক]
  • ছেভিং ৱাইল্ড টাইগাৰ্ছ, ১৯০০–২০০০: দ্য এছেনচিয়েল ৰাইটিংছ
  • ব্যাটলিং ফ’ৰ ছাৰভাইভেল

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Archives Top and Latest News". http://www.livemint.com/2010/11/25201205/A-message-in-bold-stripes.html.
  2. "Why Valmik Thapar Needs a Plan B". 18 December 2005. http://www.indianexpress.com/oldStory/84093/.
  3. Walia, Nona (15 September 2002). "Tiger, tiger burning bright". The Times of India. http://timesofindia.indiatimes.com/articleshow/22169790.cms.
  4. Sawhney, Anubha. "Hamir spells sonrise for Sanjana". The Times of India. http://timesofindia.indiatimes.com/city/delhi-times/Hamir-spells-sonrise-for-Sanjana/articleshow/16379130.cms.
  5. Lalitha Sridhar (21 March 2012), "'If only Indira Gandhi was sitting there, asking, is that tiger safe?' Interview with Valmik Thapar", News & Features (InfoChange India), archived from the original on 5 January 2012, https://web.archive.org/web/20120105105222/http://infochangeindia.org/environment/changemaker/-if-only-indira-gandhi-was-sitting-there-asking-is-that-tiger-safe.html, আহৰণ কৰা হৈছে: 24 November 2025
  6. "Showcasing the big cat". The Hindu (Chennai, India). 2 December 2008. http://www.hindu.com/br/2008/12/02/stories/2008120250031400.htm.
  7. "Animal Planet features special series on Indian Wildlife – 'India Revealed'". 6 November 2004. http://www.indiantelevision.com/headlines/y2k4/nov/nov64.htm আহৰণ কৰা হৈছে: 12 December 2010.
  8. "My Tiger Family – BBC Documentary". 14 August 2024. https://www.mikebirkhead.com/MyTigerFamily.html.
  9. Valmik Thapar, conservationist and chronicler of India’s tigers, dies at 73
  10. "Valmik Thapar, iconic tiger crusader & wilds roaring voice, falls silent at 73" (en-in ভাষাত). The Tribune. https://www.tribuneindia.com/news/india/valmik-thapar-iconic-tiger-crusader-wilds-roaring-voice-falls-silent-at-73/ আহৰণ কৰা হৈছে: 1 June 2025.
  11. Dutt, Bahar (31 May 2025). "Valmik Thapar: The Man Who Made Tiger Conservation an Aspirational Brand" (en ভাষাত). TheQuint. https://www.thequint.com/opinion/valmik-thapar-the-man-who-gave-the-tiger-its-roar-obituary.
  12. 1 2 "Valmik Thapar - Lifetime Service Award (2017)". https://sanctuarynaturefoundation.org/award/valmik-thapar আহৰণ কৰা হৈছে: 24 November 2025.
  13. "My Tiger Family". BBC Two. https://www.bbc.co.uk/programmes/m00220f1.