বাল নাগাম্মা
বাল নাগাম্মা | |
---|---|
পোষ্টাৰ | |
পৰিচালক | চি পুলায়া |
ৰচনা | বালিজেপল্লী লক্ষ্মীকান্ত কবি |
প্ৰযোজক | এছ এছ ভাছান |
অভিনয়ত | কাঞ্চনমালা গোবিন্দৰাজুলা ছুব্বা ৰাও |
চিত্ৰগ্ৰহণকাৰী | শৈলেন বসু বি এছ ৰংগা |
সংগীত পৰিচালক | এম ডি পাৰ্থসাৰথি এছ ৰাজেশ্বৰ ৰাও |
প্ৰযোজনা কোম্পানী |
জেমিনী ষ্টুডিঅ’জ |
পৰিবেশক | জেমিনী ষ্টুডিঅ’জ |
মুক্তি |
১৭ ডিচেম্বৰ ১৯৪২(India) |
দৈৰ্ঘ্য |
২২০ মিনিট |
ভাষা | তেলেগু |
বাল নাগাম্মা (ইংৰাজী: Bala Nagamma) ১৯৪২ চনj চি পুল্লাই পৰিচালfl আৰু এছ এছ ভাছান প্ৰযোজিত এখন তেলেগু ভাষাৰ ছবি। বাল নাগম্মা কাহিনীটো এটা জনপ্ৰিয় বুৰ্ৰা কথাৰ পৰা লোৱা হৈছে। জেমিনী ষ্টুডিঅ’ই তেলেগু ভাষাত নিৰ্মাণ কৰা প্ৰাৰম্ভিক সফল ছবিসমূহৰ ভিতৰত এইখন অন্যতম আছিল, যিখন ছবি তামিল ভাষাত পুনৰ নিৰ্মাণ কৰা হোৱা নাছিল।[1][1] জেমিনী ষ্টুডিঅ'ই ছবিখন হিন্দী ভাষাত “বহুত দিন হুৱে”(১৯৫৪) নামেৰে পুনৰ নিৰ্মাণ কৰিছিল, য’ত মধুবালাই অভিনয় কৰিছিল।[2] পিছলৈ ১৯৫৯ চনত বেদান্তম ৰাঘৱ্যৰ পৰিচালনাত একে নামেৰে ছবিখন পুনৰ নিৰ্মাণ কৰা হয়।
কাহিনী
[সম্পাদনা কৰক]কাহিনীটো বালা নাগম্মা নামৰ এজনী ৰাজকুমাৰীৰ বিষয়ে। ৰজা নৱভোজৰাজুৰ পত্নী ভূলক্ষ্মী ৰাণী, বংশৰ বাবে জটাংগী মুনিক প্ৰাৰ্থনা কৰে আৰু সাতটা সন্তানৰ প্ৰাপ্তি হয়; ইয়াৰে সৰুটোৰ নাম বালা নাগম্মা (কাঞ্চনামালা)। কাৰ্যবৰ্দী ৰাজুৰ (বান্দা) সৈতে বিবাহপাশত আবদ্ধ হয়। মায়ালা ফকিৰেয়ে (গোবিন্দৰাজুলা চুববাৰাও) ৰাজকুমাৰীক কুকুৰলৈ ৰূপান্তৰিত কৰি নাগুল্লাপুডী গট্টুত থকা নিজৰ গুহালৈ লৈ যায়। চৈধ্য বছৰ ধৰি গুহাত বন্দী হৈ থাকে, সেই সময়ছোৱাত তেওঁ ব্ৰতম আৰু পূজা-অৰ্চনা কৰি তাক আঁতৰত ৰাখে।
সেই সময়ছোৱাৰ ভিতৰত তেওঁৰ পুত্ৰ বালাৱৰ্দী ৰাজু ডাঙৰ হয় আৰু মায়ালা ফকিৰে মাকক বন্দী কৰি ৰখাৰ কথা গম পায়। বালাবৰ্দীয়ে ফুল বিক্ৰেতা তাম্বালী পেড্ডীৰ জৰিয়তে, তেওঁৰ নাতিয়েকৰ ৰূপ লৈ ফকিৰক বিচাৰি ফুৰে। তাৰ পিছত ফকিৰক পৰাস্ত কৰি মাকক উদ্ধাৰ কৰে।
ব্যৱসায়
[সম্পাদনা কৰক]চলচ্চিত্ৰ ইতিহাসবিদ ৰেণ্ডাৰ গাইৰ মতে বাল নাগাম্মাই ৪০ লাখ টকা (২০২৩ চনত ৫৯ কোটি ₹ বা ৬.৭ মিলিয়ন মাৰ্কিন ডলাৰৰ সমতুল্য) লাভ কৰিছিল।[3]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Pullayya, C. (1942). Balanagamma (motion picture) (in তেলুগু). Gemini Studios. Opening credits, from 0:57 to 1:41.
- ↑ Guy, Randor (23 May 2003). "With a finger on people's pulse". The Hindu. Archived from the original. Error: If you specify
|archiveurl=
, you must also specify|archivedate=
. https://web.archive.org/web/20030629133534/http://www.thehindu.com/thehindu/fr/2003/05/23/stories/2003052301510600.htm। আহৰণ কৰা হৈছে: 3 May 2018. - ↑ Randor Guy (December 2008). "... And thus he made Chandralekha sixty years ago". Madras Musings খণ্ড XVIII. Archived from the original on 24 May 2013. https://web.archive.org/web/20130524070957/http://madrasmusings.com/Vol%2018%20No%2017/and_thus_he_made_chandralekha_sixty_years_ago.html.
0202