সমললৈ যাওক

বাহবিজ দোৰাবজী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বাহবিজ দোৰাবজী

২০১৬ চনত বাহবিজ দোৰাবজী
জন্ম ২৮ নৱেম্বৰ, ১৯৮৫ (৪০ বছৰ)[1]
পুনে, মহাৰাষ্ট্ৰ, ভাৰত
পেচা
  • অভিনেত্ৰী
  • মডেল
সক্ৰিয় হৈ থকা সময় ২০১০–বৰ্তমান
জনা যায় প্যাৰ কি এক কাহানীৰ পন্সী দোব্ৰিয়াল
দাম্পত্যসঙ্গী ভিভিয়ান দেশনা (বি. ২০১৩; বিচ্ছেদ ২০১৬)

বাহবিজ দোৰাবজী (ইংৰাজী: Vahbbiz Dorabjee) এগৰাকী ভাৰতীয় দূৰদৰ্শন অভিনেত্ৰী আৰু মডেল।[2][3]

কৰ্মজীৱন

[সম্পাদনা কৰক]

বাহবিজ দোৰাবজীয়ে দূৰদৰ্শন ধাৰাবাহিক প্যাৰ কি য়ে এক কাহানীৰ জৰিয়তে বাহবিজ দোৰাবজীত আত্মপ্ৰকাশ কৰে৷[4][5] ২০১০ চনৰ ১৮ অক্টোবৰৰ পৰা ২০১১ চনৰ ১৫ ডিচেম্বৰলৈকে প্ৰচাৰিত হোৱা ধাৰাবাহিকখনত তেওঁ পঞ্চি ডোব্ৰিয়ালৰ চৰিত্ৰত অভিনয় কৰিছিল। ২০১৩ চনত তেওঁ দূৰদৰ্শন ধাৰাবাহিক সৰস্বতীচন্দ্ৰত অলকৰ চৰিত্ৰত অভিনয় কৰে।[6] ২০১১ চনত প্ৰচাৰিত প্যাৰ কি য়ে এক কাহানীত কৰা অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ সহযোগী চৰিত্ৰৰ বঁটা লাভ কৰে। তেওঁ টেলিভিছন ধাৰাবাহিক বহু হামাৰী ৰজনীকান্তত মেগী কান্তৰ চৰিত্ৰত অভিনয় কৰিছিল। ২০১৩ চনৰ ১৮ ফেব্ৰুৱাৰীৰ পৰা ২০১৩ চনৰ ৪ অক্টোবৰলৈকে লাইফ অ'কেত প্ৰচাৰিত হোৱা সাবিত্ৰী – এক প্ৰেম কাহানী নামৰ ভাৰতীয় কাল্পনিক নাটকৰ দূৰদৰ্শন ধাৰাবাহিকখনতো তেওঁ অভিনয় কৰিছে৷[7]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

মহাৰাষ্ট্ৰৰ পুনেৰ পাৰ্চী পৰিয়ালত বাহবিজৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম জেহাংগীৰ দোৰাবজী আৰু মাতৃৰ নাম ফিৰোজা ডোৰাবজী। তেওঁলোক পুনেৰ প্ৰতিস্থিত উদ্যোগী।

২০১৩ চনত দোৰাবজীয়ে তেওঁৰ প্যাৰ কি য়ে এক কাহানীৰ সহ অভিনেতা ভিভিয়ান দেশনাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ২০১৬ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ ঘটে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Vahbiz Dorabjee's solo birthday trip photos are giving us vacation goals". The Times of India. 6 December 2019. https://timesofindia.indiatimes.com/tv/news/hindi/vahbiz-dorabjees-solo-birthday-trip-photos-are-giving-us-vacation-goals/articleshow/72399077.cms.
  2. Neha Maheshwri (2012-11-18). "Vahbbiz Dorabjee and Vivian Dsena set to tie the knot". The Times of India. https://timesofindia.indiatimes.com/entertainment/tv/Vahbbiz-Dorabjee-and-Vivian-Dsena-set-to-tie-the-knot/articleshow/17255076.cms.
  3. Saadia S Dhailey (2011-12-19). "Vivian D'sena, Vahbbiz Dorabjee's first X'mas together". The Times of India. https://timesofindia.indiatimes.com/entertainment/tv/Vivian-Dsena-Vahbbiz-Dorabjees-first-Xmas-together/articleshow/11166228.cms.
  4. Akash Wadhwa (2011-10-11). "Vahbbizs name trouble!". The Times of India. https://timesofindia.indiatimes.com/entertainment/tv/Vahbbizs-name-trouble/articleshow/10313162.cms.
  5. "PKYEK is a trendsetter, Panchi Story, Recap, Discussion forums & more on StarOne.in - Official website". Archived from the original on 7 February 2011. https://web.archive.org/web/20110207150803/http://www.starone.in/news/1024/pkyek-is-a-trendsetter-panchi.aspx আহৰণ কৰা হৈছে: 9 March 2011.
  6. "Vahbbizz Dorabjee in Saraswatichandra pagal". The Times of India. 2013-07-06. https://timesofindia.indiatimes.com/entertainment/tv/Vahbbizz-Dorabjee-in-Saraswatichandra/articleshow/20942538.cms.
  7. Savitri-a fantasy mega series launched - The Times of India