সমললৈ যাওক

বাহমান গোবাদী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বাহমান গোবাদী

ছান ছেবাষ্টিয়ান চলচ্চিত্ৰ মহোৎসৱত বাহমান গোবাদী (২০০৬)
স্থানীয় নাম بهمن قبادی
জন্ম ১ ফেব্ৰুৱাৰী, ১৯৬৯ (৫৭ বছৰ)
বানেহ, ইৰান
শিক্ষা ইৰান ব্ৰডকাষ্টিং ইউনিভাৰ্ছিটি
পেচা চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, লেখক
সক্ৰিয় হৈ থকা সময় ১৯৯০–বৰ্তমান
সংস্থা মিজ ফিল্ম
জনা যায় এ টাইম ফৰ ড্ৰাংকেন হৰ্চেচ, টাৰ্টেলছ কেন ফ্লাই, হাফ মুন, নো ৱান নোজ এবাউট পাৰ্চিয়ান কেটছ
শৈলী ড্ৰামা, সামাজিক সমস্যা
ৰাজনৈতিক আন্দোলন ইৰানীয় নতুন ঢৌ
বঁটা, সন্মান, পুৰস্কাৰ আদি কেমেৰা ডি অ’ৰ, গোল্ডেন শ্বেল, আন চাৰ্টেইন ৰেগাৰ্ড
ৱেবছাইট
http://www.mijfilm.com

বাহমান গোবাদী (জন্ম: ১ ফেব্ৰুৱাৰী, ১৯৬৯) এজন ইৰানীয় কুৰ্দিশ চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক আৰু লেখক। তেওঁ ইৰানীয় চিনেমাৰ "নতুন ঢৌ" আন্দোলনৰ সৈতে জড়িত।[1][2]

তেওঁৰ জন্ম ইৰানৰ এখন কুৰ্দিশ চহৰ বানেহত হৈছিল। ১৯৮১ চনত তেওঁৰ পৰিয়ালটো ছানান্দাজলৈ স্থানান্তৰিত হয়। গোবাদীয়ে ইৰান ব্ৰডকাষ্টিং কলেজৰ পৰা চলচ্চিত্ৰ পৰিচালনাৰ স্নাতক ডিগ্ৰী লাভ কৰে। ঔদ্যোগিক ফটোগ্ৰাফীৰ চুটি কৰ্মজীৱনৰ পিছত গোবাদীয়ে হ্ৰস্বদৈৰ্ঘ্য ৮ মিমি ছবি নিৰ্মাণ কৰিবলৈ লয়। তেওঁৰ লাইফ ইন ফগ নামৰ তথ্যচিত্ৰখনে বহুতো বঁটা লাভ কৰিছিল। বাহমান গোবাদীয়ে আব্বাছ কিয়াৰোস্তামীৰ দা ৱিণ্ড ৱিল কেৰী আছ চলচ্চিত্ৰখনত সহকাৰী পৰিচালক হিচাপে কাম কৰিছিল।[3]

বাহমান গোবাদীয়ে ২০০০ চনত 'মিজ ফিল্ম' প্ৰতিষ্ঠা কৰে। এই কোম্পানীটোৰ উদ্দেশ্য আছিল ইৰানৰ বিভিন্ন জনগোষ্ঠীৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণ কৰা। তেওঁৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ আছিল এ টাইম ফৰ ড্ৰাংকেন হৰ্চেচ (২০০০), যিখন ইৰানত নিৰ্মিত প্ৰথমখন কুৰ্দিশ চলচ্চিত্ৰ আছিল।[4] এই ছবিখনে কান চলচ্চিত্ৰ মহোৎসৱত কেমেৰা ডি অ’ৰ বঁটা লাভ কৰে। তেওঁৰ দ্বিতীয়খন পূৰ্ণদৈৰ্ঘ্য ছবি আছিল মেৰুণ্ড ইন ইৰাক (২০০২), যাৰ বাবে তেওঁ চিকাগো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ পৰা গোল্ড প্লেক লাভ কৰে। ইয়াৰ পিছত ২০০৪ চনত তেওঁৰ তৃতীয়খন পূৰ্ণদৈৰ্ঘ্য ছবি টাৰ্টেলছ কেন ফ্লাই মুক্তি পায়। এই ছবিখনে বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত গ্লাছ বিয়েৰ আৰু পিচ ফিল্ম বঁটা আৰু ছান ছেবাষ্টিয়ান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত গোল্ডেন শ্বেল বঁটা লাভ কৰে।[5]

২০০৬ চনত গোবাদীৰ হাফ মুন ছন ছেবাষ্টিয়ান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত গোল্ডেন শ্বেল বঁটা লাভ কৰে। এই ছবিত ইৰানৰ প্ৰখ্যাত অভিনেতা গোলছিফতেহ ফাৰাহানী, হাছান পুৰছিৰাজী আৰু হেকদিয়েহ তেহৰানীয়ে অভিনয় কৰিছিল। ছবিখনৰ সংগীত পৰিচালনা কৰিছিল ইৰানৰ সংগীতজ্ঞ হোছেইন আলীজাদেহে। ইৰান, ফ্ৰান্স, অষ্ট্ৰিয়া আৰু ইৰাকৰ এক যৌথ প্ৰজেক্ট হিচাপে নিৰ্মিত এই চলচ্চিত্ৰখনৰ সম্পূৰ্ণ শ্বুটিং ইৰানৰ কুৰ্দিস্তানত কৰা হৈছিল। ইয়াত এদল ইৰানীয় কুৰ্দিশ সংগীতজ্ঞৰ কাহিনী বৰ্ণনা কৰা হৈছে যিসকলে ইৰাকী কুৰ্দিস্তানলৈ ভ্ৰমণ কৰি তাত এটা সংগীত অনুষ্ঠানৰ আয়োজন কৰিব বিচাৰে।[6]

২০০৬ চনত ইনডেক্স অন চেন্সৰশ্বিপে গোবাদীক তেওঁৰ টাৰ্টেলছ কেন ফ্লাই ছবিৰ জৰিয়তে মত প্ৰকাশৰ স্বাধীনতালৈ আগবঢ়োৱা উল্লেখনীয় অৱদানৰ বাবে ইনডেক্স ফিল্ম বঁটা প্ৰদান কৰে।[7]

২০০৯ চনৰ মে’ মাহত তেওঁৰ চিনেমা নো ৱান নোজ এবাউট পাৰ্চিয়ান কেটছএ কান চলচ্চিত্ৰ মহোৎসৱত প্ৰিমিয়াৰ হোৱাৰ সময়ত আন চাৰ্টেইন ৰেগাৰ্ড বিশেষ জুৰী বঁটা লাভ কৰে। এই ছবিখনত চেন্সৰশ্বিপৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰা তৰুণ ইৰানীয় সংগীতজ্ঞসকলে সন্মুখীন হোৱা কষ্টৰ কথা লিপিৱদ্ধ কৰা হৈছে।

২০১২ চনত তেওঁৰ পৰৱৰ্তী ছবি ৰাইনো চিজন ছান ছেবাষ্টিয়ান চলচ্চিত্ৰ মহোৎসৱত মুক্তি পায়। এই ছবিত তেওঁ মনিকা বেল্লুচীৰ সৈতে কাম কৰে আৰু ইয়াত আন্তঃৰাষ্ট্ৰীয় অভিনেতা-অভিনেত্ৰীক একত্ৰিত কৰা হৈছিল।

এই ছবিখনৰ সমালোচনাত্মক সফলতাৰ পিছত তেওঁ 'ৱৰ্ডছ ৱিথ গডছ' নামৰ সংকলনমূলক চলচ্চিত্ৰখনৰ কাবিী নামৰ অংশটো পৰিচালনা কৰি অন্যতম পৰিচালক হিচাপে অংশগ্ৰহণ কৰে।

২০১৫ চনত তেওঁৰ পূৰ্ণদৈৰ্ঘ্য তথ্যচিত্ৰ এ ফ্লেগ ৱিদাউট এ কান্ট্ৰী মুক্তি পায়। ছাণ্ডান্স চলচ্চিত্ৰ মহোৎসৱত প্ৰিমিয়াৰ হোৱা এই তথ্যচিত্ৰখন কুৰ্দসকল, মধ্যপ্ৰাচ্যৰ যুদ্ধ আৰু প্ৰায় ৪৫ নিযুত জনসংখ্যা থকাৰ পিছতো এতিয়াও কোনো দেশ নথকা জাতি "কুৰ্দিস্তান"-ৰ বিষয়ে নিৰ্মিত।

এই তথ্যচিত্ৰখনৰ পিছত তেওঁ পুনৰ কল্পকাহিনীমূলক চিনেমালৈ ঘূৰি আহে আৰু দা ফ'ৰ ৱালছ পৰিচালনা কৰে। য’ত তেওঁ পুনৰ আমিৰ আঘায়ী, ফুন্দা এৰয়িগিত আৰু ডেনিজহান আকবাবাক ধৰি এক আন্তঃৰাষ্ট্ৰীয় অভিনয় শিল্পীৰ দল একত্ৰিত কৰে।

তেওঁ বৰ্তমান লিখা, পৰিচালনা আৰু প্ৰযোজনাৰ কাম কৰি আছে আৰু সমগ্ৰ বিশ্বতে মানৱ অধিকাৰ আৰু বাক স্বাধীনতাৰ সমৰ্থনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আহিছে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]