বাহাৰ দেহকোৰ্ডি
বাহাৰ দেহকোৰ্ডি | |
|---|---|
২০২৩ চনত বাহাৰ আতিশ | |
| পৃষ্ঠভূমি | |
| অন্য নাম | বাহাৰ আতিশ |
| জন্ম | ১৯ নৱেম্বৰ, ১৯৯০ (৩৫ বছৰ) তেহৰাণ, ইৰান (বৰ্তমান বাসগৃহ: কানাডা) |
| সংগীতৰ ধৰণ | ৰেপ, আৰ এণ্ড বি, হিপ হপ, ট্ৰেপ, পপ |
| পেচা | গায়িকা, থিয়েটাৰ অভিনেত্ৰী, পৰিচালক |
| সক্ৰিয়তাৰ বছৰ | ২০০৫–বৰ্তমান |
বাহাৰ দেহকোৰ্ডি (জন্ম ১৯ নৱেম্বৰ ১৯৯০), তেওঁৰ পেছাদাৰী নাম বাহাৰ আতিশ হিচাপে বেছি জনাজাত। তেওঁ এগৰাকী ইৰানী ৰেপাৰ, থিয়েটাৰ অভিনেত্ৰী আৰু নাৰী অধিকাৰ কৰ্মী।[1][2][3] ফাৰ্চী ৰেপ সংগীতৰ ক্ষেত্ৰখনত সক্ৰিয় হৈ কাৰাবাস খাটিবলগীয়া হোৱা মহিলাসকলৰ ভিতৰত বাহাৰ অন্যতম আছিল।[4]
জীৱনী
[সম্পাদনা কৰক]বাহাৰৰ জন্ম ১৯৯০ চনৰ ১৯ নৱেম্বৰত তেহৰাণত হৈছিল।[5] তেওঁ পাৰভিজ দেহকোৰ্ডিৰ দুই কন্যাৰ ভিতৰত জ্যেষ্ঠ আছিল।[2] বাহাৰে কিশোৰ অৱস্থাতে অতি কম বয়সতে পাৰ্চী ৰেপ জগতত প্ৰৱেশ কৰিছিল।[4] নিজৰ সংগীতৰ জৰিয়তে তেওঁ ইছলামিক ৰিপাব্লিক শাসন ব্যৱস্থাই সৃষ্টি কৰা ৰাজনৈতিক আৰু সামাজিক পৰিস্থিতিৰ তীব্ৰ বিৰোধিতা কৰিছিল, যাৰ ফলত মাত্ৰ পোন্ধৰ বছৰ বয়সতে তেওঁ গ্ৰেপ্তাৰ হ’বলগীয়া হৈছিল।[4] তেওঁ লিংগ সমতা আৰু নাৰী অধিকাৰৰ এগৰাকী প্ৰবল সমৰ্থক, যাৰ প্ৰতিফলন তেওঁৰ গীতসমূহতো দেখিবলৈ পোৱা যায়।[2][4] বাহাৰৰ পিতৃও ইছলামিক ৰিপাব্লিকৰ নীতিৰ বলি হৈছিল। নিজৰ সামাজিক সক্ৰিয়তাত পিতৃৰ প্ৰভাৱ সম্পৰ্কে বাহাৰে কয়:[2][4]
মই মোৰ পিতৃৰ কাষত থাকি স্বাধীনতা আৰু অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ শিকিছোঁ। মই মোৰ পেছাদাৰী নাম "আতিশ" বাছি লৈছিলোঁ কাৰণ মই মোৰ সংগীতৰ জৰিয়তে সেই শাসকসকলক পুৰি ছাৰখাৰ কৰিবলৈ সংকল্পবদ্ধ আছিলোঁ, যিসকলে মোৰ পিতৃৰ যৌৱন আৰু জীৱন ধ্বংস কৰিছিল।
সংগীতৰ সৈতে জড়িত কাৰ্যকলাপৰ বাবে তেওঁক দুবাৰকৈ গ্ৰেপ্তাৰ কৰা হৈছিল।[2] ইৰানত নিষিদ্ধ গীত গোৱাৰ অপৰাধত ২০০৫ চনত ১৫ বছৰ বয়সতে বাহাৰক ইছলামিক ৰিপাব্লিক অৱ ইৰানৰ নিৰাপত্তা বাহিনীয়ে গ্ৰেপ্তাৰ কৰে। সেই সময়ত ৰেপ সংগীত পৰিৱেশন কৰাৰ বাবে গ্ৰেপ্তাৰ হোৱা বাহাৰেই আছিল প্ৰথমগৰাকী মহিলা।[4] ২০০৭ চনত তেওঁৰ প্ৰথমটো অফিচিয়েল গীত মুক্তি পায়, যাৰ বাবে তেওঁক পুনৰবাৰ গ্ৰেপ্তাৰ কৰা হয়।[2] শাস্তি স্থগিত ৰখা আৰু জামিনত মুক্তি পোৱাৰ বাবে তেওঁৰ সংগীতৰ কাৰ্যকলাপ সাময়িকভাৱে বন্ধ হৈ পৰে। অৱশ্যে, কাৰাগাৰৰ পৰা ওলাই অহাৰ পিছত তেওঁ আন আন ক্ষেত্ৰত নিজৰ কলাত্মক প্ৰয়াস অব্যাহত ৰাখে আৰু তেহৰাণৰ ইউনিভাৰ্চিটি অৱ আৰ্টত থিয়েটাৰ অধ্যয়ন কৰে।[4] নানাধৰণৰ চাপ থকাৰ স্বত্বেও বাহাৰে ইৰানত থাকি নিজৰ সক্ৰিয়তা আৰু প্ৰতিবাদী গীত গাই গৈছিল।[6] অৱশেষত ২০২২ চনত, "ৱমেন, লাইফ, ফ্ৰীডম" (মহিলা, জীৱন, স্বাধীনতা) আন্দোলনৰ সমৰ্থনত গোৱা "আজ জেনছ-ই পাইজ" গীতটো পুনৰ ৰেকৰ্ডিং কৰাৰ পিছত তেওঁ ইৰান এৰিবলৈ বাধ্য হয়।[4] ইৰান এৰাৰ পিছত তেওঁ প্ৰথমে তুৰস্ক আৰু তাৰ পিছত কানাডালৈ প্ৰব্ৰজন কৰে, য’ত তেওঁ বৰ্তমান বসবাস কৰি আছে।[6]
সংগীত জীৱন
[সম্পাদনা কৰক]বাহাৰ আতিশে ৰেপ, অ’ল্ড-স্কুল হিপ-হপ আৰু আৰ এণ্ড বি সহ বিভিন্ন ধাৰাত কাম কৰে।[1] ২০০৭ চনৰ পৰা আৰম্ভ কৰি ইৰানৰ আণ্ডাৰগ্ৰাউণ্ড কনচাৰ্টত অংশগ্ৰহণ কৰা তেওঁ প্ৰথমগৰাকী মহিলাৰ ভিতৰত অন্যতম আছিল।[1] ২০০৯ চনৰ ১৯ অক্টোবৰত আনুষ্ঠানিকভাৱে মুক্তি পোৱা "এমশাব শাব-ই মাষ্ট" তেওঁৰ প্ৰথমসমূহ গীতৰ ভিতৰত অন্যতম আছিল।[5][7] তেওঁৰ গীতৰ বিষয়বস্তুসমূহ মূলতঃ নাৰী অধিকাৰ, ইৰানৰ স্বাধীনতা আৰু ৰাজনৈতিক তথা সামাজিক ইছ্যুসমূহৰ ওপৰত কেন্দ্ৰিত। বাহাৰ আতিশে "খাম" আৰু "নাজিব"ৰ দৰে গীতত লিংগ সমতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।[1] তেওঁৰ আন কেইটামান উল্লেখযোগ্য গীত হৈছে "আজ জেনছ-ই পাইজ", "তোলু" আৰু "শাকাফ"।[1] ইৰানৰ সামাজিক বিভাজনক লৈ নিৰ্মিত "শাকাফ" গীতটোত বাহাৰে ট্ৰেপ শৈলী ব্যৱহাৰ কৰিছে।[1] বাহাৰে দুখন ইপিয়ো (EPs) মুকলি কৰিছে, আৰু "জাহ্ৰে আক্ৰাব" আৰু "খোদা বানু" এই এলবামসমূহৰ সফল ট্ৰেক আছিল।[1] ইয়াৰ উপৰিও তেওঁ "নো টু এগজেকিউচন" নামৰ এটা জনগোষ্ঠীয় প্ৰতিবাদী গীত মুকলি কৰিছিল।[8] বাহাৰে জাষ্টিনাৰ দৰে আন আন শিল্পীৰ সৈতে লগ লাগি "ফৰিয়াদ আজাদী" আৰু "ৰেডিকেল"ৰ দৰে গীতত কাম কৰিছে।[9][10][11] ইয়াৰ উপৰিও তেওঁ ৰেজা পিশ্ৰো, আমিৰ তাতালু, আৰ্দালান তোহমে আৰু পোতাকৰ দৰে তাৰকাসকলৰ সৈতে "চেতৰ মিশে" আৰু "ইনকেলাবে চোলহ" গীতত একেলগে কাম কৰিছিল।[12][13][14]
চলচ্চিত্ৰ জীৱন
[সম্পাদনা কৰক]থিয়েটাৰ বিষয়ত অধ্যয়ন কৰা বাহাৰে নিজৰ ডিগ্ৰী সম্পূৰ্ণ কৰিবলৈ আণ্ডাৰগ্ৰাউণ্ড সংগীত জগতৰ পৰা কিছু সময়ৰ বাবে বিৰতি লৈছিল।[4] ইয়াৰ পিছত তেওঁ থিয়েটাৰ আৰু চুটি ছবিত অভিনয় কৰি চলচ্চিত্ৰ জগতত নিজৰ কেৰিয়াৰ অব্যাহত ৰাখে। তেওঁ "হোৰেহ" নামৰ কাৰ্যসূচীত সহ-পৰিচালক আৰু ঘোষিকা হিচাপেও কাম কৰিছিল।[15] এই কাৰ্যসূচীখন ইৰানৰ সংগীতজ্ঞসকলৰ এক আছুতীয়া সাক্ষাৎকাৰভিত্তিক অনুষ্ঠান আছিল।[15] এই সময়ছোৱাত দেহকোৰ্ডিয়ে বিভিন্ন থিয়েটাৰ প্ৰযোজনাত অংশ লয়। তেওঁ মেহদী মালেকীয়ে লিখা "আঘা জবিহ" নাটকত অভিনয় কৰিছিল।[16] সেই নাটকখনত প্ৰথম নাট্য পাঠ উৎসৱৰ জুৰীয়ে অভিনেতা-অভিনেত্ৰীসকলক বিশেষ স্বীকৃতি প্ৰদান কৰিছিল।[17] তেওঁ অভিনয় কৰা আন আন নাটকসমূহৰ কৰিবলৈ ভিতৰত "দ্য অনলি ৱে পচিবল"[18][19][20] আৰু "অবজেক্টছ আৰ ক্ল’জাৰ দেন দেই এপিয়েৰ ইন দ্য মিৰৰ" অন্যতম।[21][22] ইয়াৰ উপৰিও তেওঁ আতিয়েহ জাভিদীৰ পৰিচালনাত নিৰ্মিত "আভায়ে আব" নাটকত সহযোগিতা কৰিছিল।[23][24][25][26][27]
বেহজাদ জান্দিহে লিখা আৰু বাহাৰ দেহকোৰ্ডিৰ পৰিচালনাত নিৰ্মিত "ৰামালী" নাটকখন ২০১৫ চনৰ চতুৰ্থ চিটি থিয়েটাৰ ফেষ্টিভেলত স্থান পোৱা নিৰ্বাচিত নাটকসমূহৰ ভিতৰত অন্যতম আছিল।[28][29] চলচ্চিত্ৰ জগতত কিছুদিন কাম কৰাৰ পিছত, ২০১০ চনৰ শেষৰ ফালে তেওঁ পুনৰ নিজৰ সংগীতৰ কাৰ্যকলাপ আৰম্ভ কৰে।[4]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 3 4 5 6 7 ""Bahar Atish": A Young and Powerful Voice for Equality" (fa-IR ভাষাত). www.radiozamaneh.com. 2024-03-07. https://www.radiozamaneh.com/806519/। আহৰণ কৰা হৈছে: 2024-03-31.
- 1 2 3 4 5 6 "In Memory of Protests Fighter Parviz Mohammadpour Dehkordi" (fa-IR ভাষাত). Akhbar Rooz - Leftist Political News Site. 2024-02-13. https://www.akhbar-rooz.com/233374/1402/11/24/। আহৰণ কৰা হৈছে: 2024-04-02.
- ↑ Siamdoust, Nahid (18 January 2017). Siamdoust, Nahid (2017). Soundtrack of the Revolution: The Politics of Music in Iran. Redwood City: Stanford University Press.. Stanford University Press. ISBN 9781503600966.
- 1 2 3 4 5 6 7 8 9 10 "Protest Rap by Women; An Unseen Struggle Against Veil" (fa-IR ভাষাত). www.radiozamaneh.com. 2024-03-01. https://www.radiozamaneh.com/806162/। আহৰণ কৰা হৈছে: 2024-03-31.
- 1 2 "Bahar Atish". Iranian.com. https://iranian.com/main/music/bahar-atish.html। আহৰণ কৰা হৈছে: 2024-03-31.
- 1 2 "Interview with Bahar Dehkordi about artists' support for the nationwide protests in Iran" (fa ভাষাত). Iran International. https://www.iranintl.com/video/ott_a7c0e09e7a52488b837243b198a19237। আহৰণ কৰা হৈছে: 2024-03-31.
- ↑ "Women's Protest Rap; An Overlooked Struggle Against the Hijab Voice" (fa ভাষাত). Baltarin. 2 March 2024. https://www.balatarin.com/permlink/2024/3/2/6126020। আহৰণ কৰা হৈছে: 2024-04-26.
- ↑ "Bahar Dehkordi Archives" (fa-IR ভাষাত). Kanal Jadid TV. https://kanaljadid.com/tag/%D8%A8%D9%87%D8%A7%D8%B1-%D8%AF%D9%87%DA%A9%D8%B1%D8%AF%DB%8C/। আহৰণ কৰা হৈছে: 2024-12-20.
- ↑ "Femme Vie Liberté! The Voices of the Revolution in Iran" (fr ভাষাত). France Culture. 7 May 2023. https://www.radiofrance.fr/franceculture/podcasts/la-serie-musicale/femme-vie-liberte-les-voix-de-la-revolution-en-iran-3730915। আহৰণ কৰা হৈছে: 2024-04-26.
- ↑ "Koocheshaye Kheshm 22: Nowruz, Women, Life, Freedom" (fa ভাষাত). BBC Persian. 18 March 2023. https://www.bbc.com/persian/tv-and-radio-64997541। আহৰণ কৰা হৈছে: 2024-03-31.
- ↑ Aalaei, Dena (24 April 2023). "To Firuzeh Mahmoudi, Art Is an Act of Resilience and Defiance" (en ভাষাত). KQED. https://www.kqed.org/arts/13928089/firuzeh-mahmoudi-united-for-iran-women-life-freedom। আহৰণ কৰা হৈছে: 2024-04-26.
- ↑ "Protest Song: Chetori Mishe (Amir Tataloo and Reza Pishro Tohmeh and Bahar Atish)" (fa ভাষাত). Baltarin. 11 October 2022. https://www.balatarin.com/permlink/2022/10/11/5878217। আহৰণ কৰা হৈছে: 2024-03-31.
- ↑ "Bahar Atish" (fa ভাষাত). iroon.com. https://iroon.com/irtn/music/14109/بها-آتیش/। আহৰণ কৰা হৈছে: 2024-03-31.
- ↑ (fa-IR ভাষাত) Enqelabe Solh Tataloo Pishro Pootak Bahar Atish, 2 October 2022, https://www.youtube.com/watch?v=Mpuo2ErBq2s, আহৰণ কৰা হৈছে: 2023-01-08
- 1 2 "Horeh". http://fasebooc.rzb.ir/tag/دانلود+هوره+با+کیفیت+بالا.
- ↑ The names of the cast members of this play are listed on the Tiwal website. Tiwal - Agha Zobih (16-11-1395)
- ↑ "From the extension of "Common Sin" to an actor returning to the stage after 28 surgeries" (fa ভাষাত). ISNA. 2024-01-20. https://www.isna.ir/news/1402103021416/از-تمدید-گناه-مشترک-تا-حضور-بازیگری-بر-صحنه-پس-از-۲۸-عمل-جراحی। আহৰণ কৰা হৈছে: 2024-04-08.
- ↑ ""Madhakeh Shabihe Katal" and "The Marriage of Mr. Mississippi", "Real West" and more / Weekend Theater" (fa ভাষাত). Honaronline. 2024-04-08. https://www.honaronline.ir/بخش-اخبار-3/71884-مضحکه-شبیه-قتل-ازدواج-آقای-می-سی-سی-پی-غرب-واقعی-آخر-هفته-با-تئاتر। আহৰণ কৰা হৈছে: 2024-04-08.
- ↑ YJC (2014-09-16). "Performance of the play "Printed" at the Master Meshaykhi Theater" (fa ভাষাত). YJC. https://www.yjc.ir/fa/news/5325479/اجرای-نمایش-چاپ-شده-در-تماشاخانه-استاد-مشایخی। আহৰণ কৰা হৈছে: 2024-04-08.
- ↑ ""The Only Way Possible" reaches the Meshaykhi Theater" (fa ভাষাত). Ana News Agency. 2014-09-24. https://ana.ir/fa/news/38776/تنها-راه-ممکن-به-تماشاخانه-مشایخی-می-رسد। আহৰণ কৰা হৈছে: 2024-04-08.
- ↑ "From Politics to Family on the Theater Stage" (fa ভাষাত). fa. 2017-05-30. https://jamejamonline.ir/fa/news/1033033/از-سیاست-تا-خانواده-روی-صحنه-تئاتر। আহৰণ কৰা হৈছে: 2024-04-08.
- ↑ "Iftar with the Taste of Theater" (fa ভাষাত). www.khabaronline.ir. 2017-05-30. https://www.khabaronline.ir/news/670977/افطار-با-طعم-تئاتر। আহৰণ কৰা হৈছে: 2024-04-08.
- ↑ "Avaye Ab" (fa ভাষাত). Donya-e-Eqtesad. 2024-03-31. https://donya-e-eqtesad.com/بخش-ویژه-نامه-63/3286330-آوای-آب। আহৰণ কৰা হৈছে: 2024-03-31.
- ↑ "Culture in the Media" (fa ভাষাত). Bultannews. 2014-08-05. http://www.bultannews.com/fa/news/302910। আহৰণ কৰা হৈছে: 2024-04-08.
- ↑ "Go to Watch These Plays" (fa ভাষাত). ISNA. 2015-10-26. https://www.isna.ir/news/94080401246/به-تماشای-این-تئاترها-بروید। আহৰণ কৰা হৈছে: 2024-04-04.
- ↑ "Baran Theater Hosts "Avaye Ab"" (fa ভাষাত). Mehr News Agency. 2015-12-06. https://www.mehrnews.com/news/2992567/تماشاخانه-باران-میزبان-آوای-آب-می-شود। আহৰণ কৰা হৈছে: 2024-04-04.
- ↑ "Special Performance for Artists and Media People "Avaye Ab" - Tasnim" (fa ভাষাত). Tasnim. https://www.tasnimnews.com/fa/news/1394/08/19/912082/اجرای-ویژه-هنرمندان-و-اصحاب-رسانه-آوای-آب। আহৰণ কৰা হৈছে: 2024-04-04.
- ↑ "Announcement of Selected Plays for Two Sections of the City Theater Festival - Tasnim" (fa ভাষাত). Tasnim. https://www.tasnimnews.com/fa/news/1394/04/09/785774/اعلام-نمایش-نامههای-برگزیده-دو-بخش-جشنواره-تئاتر-شهر। আহৰণ কৰা হৈছে: 2024-04-04.
- ↑ "Announcement of Selected Plays for the City Theater Festival" (fa ভাষাত). aryanews.com. Archived from the original on 2024-04-04. https://web.archive.org/web/20240404083608/https://www.aryanews.com/News/20150630144220026/%D8%A7%D8%B9%D9%84%D8%A7%D9%85-%D9%86%D9%85%D8%A7%D9%8A%D8%B4%E2%80%8C%D9%86%D8%A7%D9%85%D9%87%E2%80%8C%D9%87%D8%A7%D9%8A-%D8%A8%D8%B1%DA%AF%D8%B2%D9%8A%D8%AF%D9%87-%D8%AF%D9%88-%D8%A8%D8%AE%D8%B4-%D8%AC%D8%B4%D9%86%D9%88%D8%A7%D8%B1%D9%87-%D8%AA%D8%A6%D8%A7%D8%AA%D8%B1-%D8%B4%D9%87%D8%B1। আহৰণ কৰা হৈছে: 2024-04-04.