সমললৈ যাওক

বাৎসায়ন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বাৎসায়ন
পেচা দাৰ্শনিক
ৰাষ্ট্ৰীয়তা ভাৰতীয়
বিষয় মানৱ জীৱনৰ যৌনতা সম্বন্ধীয় আনন্দমূলক দিশসমূহ
উল্লেখনীয় কৰ্মৰাজি কামসূত্ৰ

বাৎসায়ন / বাৎস্যায়ন (সংস্কৃত: वात्स्यायन) এগৰাকী প্ৰাচীন ভাৰতীয় দাৰ্শনিক, যি কামসূত্ৰ ৰ ৰচয়িতা হিচাপে প্ৰসিদ্ধ।[1] তেওঁ খ্ৰীষ্টীয় দ্বিতীয় বা তৃতীয় শতাব্দীৰ সময়ছোৱাত ভাৰতত বাস কৰিছিল বুলি ধাৰণা কৰা হয়, সম্ভৱতঃ পাটলিপুত্ৰ (বৰ্তমানৰ বিহাৰৰ ৰাজধানী পটনা)।[2]

গৌতমৰ ন্যায়সূত্ৰ-ৰ প্ৰাচীনতম সংৰক্ষিত ভাষ্য ন্যায়সূত্ৰ ভাষ্যৰ ৰচয়িতা “পক্ষিলস্বামিন বাৎসায়ন” আৰু কামসূত্ৰৰ ৰচয়িতা “বাৎসায়ন” দুগৰাকী ভিন্ন ব্যক্তি।[3] বাৎসায়নৰ নাম কেতিয়াবা ভুলবশতঃ মল্লনাগৰ সৈতে একে বুলি ধাৰণা কৰা হয়। মল্লনাগ হ'ল অসুৰসকলৰ ঋষি আৰু যাৰ সৈতে কামশাস্ত্ৰৰ পৌৰাণিক উৎস জড়িত বুলি উল্লেখ পোৱা যায়।[4]

কামসূত্ৰ বাহিৰে বাৎসায়নৰ বিষয়ে অন্য কোনো উৎসত প্ৰায় একো তথ্য পোৱা নাযায়। মানৱ জীৱনৰ সূক্ষ্ম আৰু সংস্কৃত আচৰণ—যাৰ ভিতৰত লিংগিক আচৰণো অন্তৰ্ভুক্ত—এইবোৰক মানৱ-সিদ্ধিৰ এটা সাধন হিচাপে তেওঁ দেখিছিল, আৰু সেই বক্তব্যই তেওঁৰ গ্ৰন্থ কামসূত্ৰত প্ৰতিফলিত হৈছে।

কামসূত্ৰৰ উপসংহাৰত তেওঁ নিজাকৈ নিজৰ বিষয়ে এইদৰে লিখিছে—

বভ্ৰব্য আৰু অন্যান্য প্ৰাচীন লেখকৰ কৃতিসমূহ পঢ়ি-বিচাৰি, তেওঁলোকৰ দিয়া বিধিসমূহৰ অৰ্থ সুদীৰ্ঘ চিন্তা-ভাবনা কৰি, পৱিত্ৰ শাস্ত্ৰৰ উপদেশ অনুসৰি, বিশ্বমানৱৰ কল্যাণৰ উদ্দেশ্যে এই গ্ৰন্থখন বাত্স্যায়নে ৰচনা কৰিলে, যেতিয়া তেওঁ বেনাৰাছত এটা ধৰ্ম-শিক্ষাৰ্থীৰ জীৱন-যাপন কৰি দেবতাস্মৰণত নিযুক্ত আছিল। এই গ্ৰন্থক কেৱল ইচ্ছা-বাসনা পূৰণৰ উপকৰণ হিচাপে ব্যৱহাৰ নকৰিব। এই শাস্ত্ৰৰ সত্য নীতি সম্বন্ধে যিজন অৱগত, আৰু যিয়ে নিজৰ ধৰ্ম (পুণ্য), অৰ্থ (পাৰ্থিৱ সম্পদ) আৰু কাম (আনন্দ) ৰক্ষা কৰে, লগতে সমাজৰ আচাৰ-প্ৰথাক মানে—সেইব্যক্তিয়ে নিশ্চয় নিজৰ ইন্দ্ৰিয়সমূহৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰিব। সংক্ষেপে, যিজন বুদ্ধিমান ব্যক্তি ধৰ্ম আৰু অৰ্থৰ লগতে কামকো সমানভাৱে গ্ৰহণ কৰে, কিন্তু নিজৰ বাসনাৰ দাস নহয়, সেইজনে সকলো কামত সফলতা লাভ কৰে।

কিছুমানৰ ধাৰণা অনুসাৰে তেওঁ খ্ৰীষ্টীয় প্ৰথম শতিকাৰপৰা ষষ্ঠ শতিকালৈ কোনো এখন সময়ছোৱাত বাস কৰিছিল, আৰু সেই যুক্তিসমূহ হ’ল—তেওঁ উল্লেখ কৰিছে যে কুন্তল ৰাজ্যৰ ৰাজা শাতকৰ্ণি শাতাৱাহনে তেওঁৰ পত্নী মালয়েৱতীক ‘‘কটাৰী’’ অস্ত্ৰৰে প্ৰেমৰ উত্তেজনাত আঘাত কৰি হত্যা কৰিছিল। এই ঘটনাটো বাৎসায়নে বৰ্ণনা কৰিছে যাতে মানুহে কামোত্তেজনাৰ সময়ত নাৰী-প্ৰহাৰৰ দৰে প্ৰাচীন কুচিন্তা-প্ৰথাৰ বিপদ বুজিব পাৰে।[5] কুন্তলৰ এই ৰজাক এই ঘটনাৰ আধাৰত সেই সময়ছোৱাত বাস কৰিলে বুলি ধাৰণা কৰা হয়, সেয়েহে বাৎসায়নক তেওঁৰ পিছত বাস কৰিছিল বুলি অনুমান কৰা হয়।

আনহাতে, অন্য এজন গ্ৰন্থকাৰ বৰাহমিহিৰে তেওঁৰ ‘‘বৃহৎসংহিতা’’ৰ অষ্টাদশ অধিকৃতিত কাম-শাস্ত্ৰৰ বিষয়ে আলোচনা কৰিছে আৰু সেই আলোচনাত বাৎসায়নৰপৰা বহুলভাৱে উদ্ধৃতি লোৱা হৈছে বুলি প্ৰত্যক্ষ হয়। কিছুমানৰ মতে বৰাহমিহিৰ ষষ্ঠ শতিকাত বাস কৰিছিল, সেয়ে বাত্স্যায়নে তেওঁৰ গ্ৰন্থ ষষ্ঠ শতিকাৰ আগতেই ৰচনা কৰিছে বুলি বহুতৰে বিশ্বাস।

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Art of lovemaking!" (en ভাষাত). Hindustan Times. 2006-09-18. https://www.hindustantimes.com/india/art-of-lovemaking/story-SyAj9hL9hmZLlCBIQCEjiI.html। আহৰণ কৰা হৈছে: 2021-12-30. 
  2. A.N.D. Haskar (2011). Kama Sutra. Penguin Classics. পৃষ্ঠা. 17 এবং 22 (প্ৰস্তাৱনা অংশ). ISBN 978-0-14-310659-3. 
  3. Banerji, Sures Chandra (November 7, 1989). A Companion to Sanskrit Literature: Spanning a Period of Over Three Thousand Years, Containing Brief Accounts of Authors, Works, Characters, Technical Terms, Geographical Names, Myths, Legends and Several Appendices. Motilal Banarsidass Publ.. পৃষ্ঠা. 104–105. ISBN 9788120800632. https://books.google.com/books?id=JkOAEdIsdUsC&q=paksilisa&pg=PA104। আহৰণ কৰা হৈছে: 2022-11-08. 
  4. Alain Daniélou, p.4. উদ্ধৃতি: "The attribution of the first name Mallanaga to Vatsyayana is due to the confusion of his role as editor of the Kama Sutra with that of the mythical creator of erotic science."
  5. Burton, Richard, and Forster Fitzgerald Arbuthnot. The Kama Sutra of Vatsyayana. Edited by William George Archer. (Kama Shastra Society of London and Benares, 1883), 11. [1] Archived 2023-12-16 at the Wayback Machine
  • Fosse, Lars Martin, The Kamasutra. YogaVidya.com, Woodstock NY, 2012
  • Doniger, Wendy & Kakar, Sudhir, Vatsyayana's Kamasutra. Oxford University Press, USA, 2009