সমললৈ যাওক

বাৰোৱাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১৯১৯ চনত প্ৰতিষ্ঠিত বাগবাজাৰ সৰ্বজনীন দুৰ্গা পূজাৰ পৰম্পৰাগত দুৰ্গা প্ৰতিমা।

বাৰোৱাৰী (ইংৰাজী: Barowari) বুলিলে বাঙালী হিন্দুসকলৰ সৰ্বজনীন (ৰাজহুৱা) পূজা বা উৎসৱকে বুজোৱা হয়। এই শব্দটি মূলতঃ পশ্চিমবংগতেই প্ৰচলিত। "বাৰোৱাৰী" বা "বাৰোয়াৰি" শব্দটিৰ উৎপত্তি "বাৰ" (১২) আৰু "ইয়াৰ" (বন্ধু) শব্দদুটিৰপৰা হৈছে।[1] ১৭৬১ চনত হুগলিৰ গুপ্তিপাৰাত বাৰ জন ব্ৰাহ্মণ বন্ধুৱে এটি সৰ্বজনীন পূজা কৰিব বুলি মনস্থ কৰিছিল। ওচৰ-চুবুৰীয়াসকলৰপৰা চান্দা তুলি সেই পূজা আয়োজিত হয়। এইদৰেই বংগত যি সৰ্বজনীন পূজা-অনুষ্ঠানৰ সূচনা হৈছিল সেয়া লোকমুখে "বাৰোৱাৰী পূজা" নামেৰে জনপ্ৰিয় হৈ উঠে। প্ৰথমাৱস্থাত, দুৰ্গা পূজা কেৱল কলকাতাৰ ধনী বাবুসকলৰ ঘৰতেই আয়োজিত হৈছিল। কিন্তু বাৰোৱাৰী পূজা আৰম্ভ হোৱাৰ পিছত ব্যক্তিগত উদ্যোগত পূজাৰ সংখ্যা হ্ৰাস পায় আৰু দুৰ্গা পূজা এক গণ উৎসৱত পৰিণত হয়।

বৰ্তমান যুগত ‘বাৰোৱাৰী’ শব্দটিৰ পৰিৱৰ্তে বহু ক্ষেত্ৰতেই ‘সৰ্বজনীন’ শব্দ ব্যৱহৃত হোৱা দেখা যায়। ঘৰৰ পূজাত বাহিৰা লোকৰ প্ৰৱেশাধিকাৰ থাকিলেও এই পূজা মূলতঃ পাৰিবাৰিক বা ব্যক্তিগত উদ্যোগত আয়োজিত হৈ থাকে। কিন্তু বাৰোৱাৰী পূজা সম্পূৰ্ণ ৰাইজৰ উদ্যোগত চান্দা তুলিয়েই কৰা হয়।

কলকাতাৰ বাৰোৱাৰী দুৰ্গা পূজা, বাৰাসত-বেৰেকপুৰ অঞ্চলৰ বাৰোৱাৰী কালী পূজা, কৃষ্ণনগৰ আৰু চন্দননগৰৰ বাৰোৱাৰী জগদ্ধাত্ৰী পূজা, উলুবেড়িয়া, কাটোয়া, চুঁচূড়া-বাঁশবেড়িয়া অঞ্চলৰ বাৰোৱাৰী কাৰ্তিক পূজা আৰু নবদ্বীপৰ বাৰোৱাৰী শাক্ত ৰাস উৎসৱ বিশেষভাৱে প্ৰসিদ্ধ। লক্ষ্মী পূজা, সৰস্বতী পূজা আৰু বিশ্বকৰ্মা পূজাত বাৰোৱাৰী প্ৰথাত অনুষ্ঠিত হোৱা দেখা যায়। পশ্চিমবংগৰ লগতে বাংলাদেশতো হিন্দু ধৰ্মাৱলম্বী লোকসকলে বাৰোৱাৰী পূজা আয়োজন কৰে।

ব্যুৎপত্তি

[সম্পাদনা কৰক]

অতীতত, কোনো এক কাৰণত গুপ্তিপাৰাত কোনো এক ঘৰৰ পূজাত সমাজৰ কিছুসংখ্যক মানুহে অংশগ্ৰহণ কৰা বন্ধ কৰি দিছিল। ইহঁতৰ ভিতৰৰে বাৰ জন লগ হৈ এটি বাৰোৱাৰী পূজাৰ আয়োজন কৰিছিল। বঙালী ভাষাত "ইয়াৰ" শব্দৰ অৰ্থ হৈছে বন্ধু। ঠিক কিমান চনত এই পূজা আৰম্ভ হৈছিল, সেয়া লৈ মতবিৰোধ আছে। কাৰো কাৰো মতে, এই পূজা আৰম্ভ হৈছিল ১৭৬১ চনত। কিন্তু আন এক মত অনুসৰি, এই পূজাৰ সূচনা হৈছিল ১৭৯০ চনত।

ঘৰৰ পূজা

[সম্পাদনা কৰক]
হুগলি জিলাৰ চন্দননগৰ চহৰৰ এটি পৰম্পৰাগত বাৰোৱাৰী জগদ্ধাত্ৰী পূজা মণ্ডপৰ দৃশ্য। উল্লেখ্যযোগ্য যে, এই হুগলি জিলাতেই বাৰোৱাৰী পূজাৰ উৎস স্থান অৱস্থিত।

১৭৫৭ চনত শোভাবাজাৰ ৰাজবাড়িত নৱকৃষ্ণ দেৱে দুৰ্গা পূজাৰ আৰম্ভণি কৰিছিল। তেওঁৰ নিৰ্দেশিত পথতেই দুৰ্গা পূজা পৰৱৰ্তীকালত কলকাতাৰ বণিক বাবু সম্প্ৰদায়ৰ মৰ্যাদাৰ প্ৰতীক হৈ উঠে। শাস্ত্ৰাচাৰ এই পূজাবোৰত গৌণ বিষয় হৈ পৰে। যি পূজাত যিমান বেছিসংখ্যক আমন্ত্ৰিত ইংৰাজ অতিথি উপস্থিত হৈছিল, সেই পূজাৰ মৰ্যাদা সিমানেই বাঢ়িছিল। দেৱীপ্ৰতিমাৰ সন্মুখতেই মুছলমান বাইজি নৃত্যৰ মণ্ডলী বহিছিল। ইংৰাজসকলে আহি নাচ-গান কৰিছিল, তেওঁলোকৰ বাবে উইলচন হোটেলৰপৰা গৰু আৰু গাহৰিৰ মাংস অনা হৈছিল আৰু মদ্যপানৰ মজলিচও বহিছিল।[2]

১৬১০ চনৰপৰা সাবৰ্ণ ৰায়চৌধুৰী পৰিয়ালে বড়িশাত তেওঁলোকৰ আদি বাসভৱনত দুৰ্গাপূজাৰ আয়োজন কৰি আহিছে। য়েই সম্ভৱতঃ কলকাতাৰ প্ৰাচীনতম দুৰ্গোৎসৱ। বৰ্তমান এই পৰিয়ালৰ সাত গৰাকী সহ-উত্তৰাধিকাৰীৰ ঘৰত সাতটা দুৰ্গা পূজা অনুষ্ঠিত হয়। এইবোৰৰ ভিতৰত ছটা বড়িশাত আৰু এটা বিৰাটিত অনুষ্ঠিত হয়। বড়িশাৰ দুৰ্গাপূজাসমূহ হʼল আটচালা, বড়ো বাড়ি, মেজো বাড়ি, বেনাকি বাড়ি, কালীকিংকৰ ভবন আৰু মাঝেৰ বাড়ি। দুৰ্গা পূজাৰ বাদেও এই পৰিয়ালত চণ্ডী পূজা, জগদ্ধাত্ৰী পূজা, দোলযাত্ৰা আৰু ৰথ যাত্ৰা উৎসৱ অনুষ্ঠিত হৈ থাকে।[3][4]

ৰাণী ৰাসমণিয়ে এই প্ৰথাৰ বিৰুদ্ধে গৈ শুদ্ধাচাৰে তেওঁৰ জানবাজাৰৰ নিজা বাসগৃহত দুৰ্গা পূজা আৰম্ভ কৰিছিল। তেওঁ ইংৰাজ অতিথিসকলৰ বিনোদনৰ সলনি তেওঁৰ দেশৰ প্ৰজাসকলৰ বিনোদনৰ বাবে পূজা উপলক্ষ্যে যাত্ৰাণুষ্ঠানেৰ আয়োজন কৰিছিল। ১৮৬১ চনত তেওঁৰ মৃত্যুৰ পাছত ৰাণীৰ জী-জোঁৱাইসকলে নিজ নিজ বাসভৱনত ৰাণীৰ প্ৰদৰ্শিত পথেৰেই দুৰ্গা পূজাৰ আয়োজন কৰে।[5]

বংগত বিভিন্ন প্ৰান্তত বহুতো গৃহত দুৰ্গা পূজা অনুষ্ঠিত হৈ থাকে। এই পূজাবোৰত জনসাধাৰণৰ বাবে অভিগম্য দুৱাৰ হʼলেও, পূজাৰ উদ্যোগ আৰু ব্যয়নিৰ্বাহৰ ক্ষেত্ৰত সাধাৰণ লোকসকলৰ কোনো ভূমিকা নাথাকে। গোটেই পূজাভাগ উদ্যোক্তা পৰিয়ালৰদ্বাৰা পৰিচালিত হয়।

কলকাতাত আৰু বহুতো ঘৰত এইদৰেই দুৰ্গাপূজাৰ আৰম্ভণি হৈছিল।

বাৰোৱাৰী দুৰ্গা পূজা

[সম্পাদনা কৰক]

বিংশ শতিকাৰ প্ৰথম ভাগত কলকাতাত বাৰোৱাৰী দুৰ্গাপূজাৰ সূচনা ঘটে। অৱশ্যে কৃষ্ণনগৰ আৰু চন্দননগৰ বাৰোৱাৰী জগদ্ধাত্ৰী পূজাই অষ্টাদশ আৰু ঊনবিংশ শতিকাতেই জনপ্ৰিয়তা লাভ কৰিছিল। ১৯১০ চনত ভবাণীপুৰৰ বলৰাম বসু ঘাট ৰোডত ভবাণীপুৰ সনাতন ধৰ্মোৎসাহিনী সভাৰ তৰফৰপৰা বাৰোৱাৰী দুৰ্গা পূজা আয়োজিত হৈছিল। এই পূজা বৰ্তমানো অনুষ্ঠিত হয়। ইয়াৰ পিছত ১৯১১ চনত শ্যামপুকুৰ আদি সৰ্বজনীন,[6] ১৯১৩ চনত শ্যামবাজাৰেৰ শিকদাৰবাগান, ১৯১৯ চনত নেবুবাগান অৰ্থাৎ বৰ্তমান বাগবাজাৰ সৰ্বজনীন আৰু ১৯২৬ চনত চিমলা ব্যায়াম সমিতিৰ বাৰোৱাৰী দুৰ্গা পূজা আৰম্ভ হয়।[7]

বৰ্তমান কলকাতাত দুই হাজাৰতকৈও অধিক বাৰোৱাৰী পূজা অনুষ্ঠিত হয়।[8]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Welcome To Durgapujas.com & Puja Schedules". E-sol.Inc 2/2 Jugipara Lane, Manicktolla, Calcutta 7000006.. Archived from the original on ২০১০-০৯-১১. https://web.archive.org/web/20100911074936/http://durgapujas.com/history.htm। আহৰণ কৰা হৈছে: 2010-11-01. 
  2. Jaya Chaliha and Bunny Gupta, Durga Puja in Calcutta in Calcutta The Living City Vol II, edited by Sukanta Chaudhuri, Oxford University Press, first published 1990, paperback edition 2005, pp 332-333. আই.এচ.বি.এন. 0-19-563697-X
  3. Bangiya Sabarna Katha Kalishetra Kalikatah by Bhabani Roy Choudhury, বঙালী, Manna Publication. আই.এচ.বি.এন. 81-87648-36-8
  4. Sabarna Prithivi - website of the Sabarna Roy Choudhury family
  5. Chaliha, Jaya and Gupta, Bunny, Durga Puja in Calcutta, in Calcutta, the Living City, Vol. II, edited by Sukanta Chaudhuri, first published 1990, 2005 edition, pp. 334-335, Oxford University Press, আই.এচ.বি.এন. 019 563697 X.
  6. "Shyampukur Adi Sarbojanin Durgotsab". Committee, 22, Ramdhan Mitra Lane, Kolkata 700004 by Soumendra Nath Thakur. Archived from the original on ২০১১-০৭-১৪. https://web.archive.org/web/20110714020117/http://www.madurga100.com/History.html। আহৰণ কৰা হৈছে: 2010-11-01. 
  7. Kolkatar karcha – Sekaler Durga Puja, Ananda Bazar Patrika, বঙালী, 15 October 2007
  8. Gandhi, Maneka. "Think Again:Crime and No Punishment". 8th Day. The Statesman, 13 January 2008. Archived from the original on 2023-05-10. https://web.archive.org/web/20230510230338/http://www.thestatesman.net/page.news.php?clid=30&id=185669&usrsess=1। আহৰণ কৰা হৈছে: 2008-01-13.