বাৰ্তা:অসমৰ এলজিবিটি ব্যক্তিৰ তালিকা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

প্ৰয়োজনীয়তা[সম্পাদনা কৰক]

লেখাটোৰ কিবা প্ৰয়োজন আছে? — গীতাৰ্থ বৰদলৈ (talk) 14:03, 9 September 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

@সদস্য:Gitartha.bordoloiনিশ্চয় , প্ৰয়োজন আছে। এলজিবিটি প্ৰবন্ধ শৃংখলা দিয়া সাঁচ:এলজিবিটিত পূৰ্বতে এই প্ৰবন্ধ বিষয়ে দিয়া হৈছিল। তাৰোপৰি অন্য ৱিকিপিডিয়াত নিজৰ স্থানৰ এলজিবিটি লোকৰ তালিকা প্ৰবন্ধ ৰূপে প্ৰকাশ কৰিছে। যেনে:- ইংৰাজী ৱিকিপিডিয়াত List of LGBTQ people from New York City বা List of LGBT African Americans , তালিকাখনত আনুষ্ঠানিক ভাৱে ওলাই অহা সকলৰ নামহে উল্লেখ কৰা হব। লগতে উৎস প্ৰসংগও যোগদান কৰিম। ḱḩḭ-ḸḀN-ʈẐɛ̃ɛ̃ কথামেলপুথি-পাজী
@KhiLanTzi: এই লেখাটোৰ প্ৰয়োজন তেতিয়াহে থাকিব, যেতিয়া কোনো উল্লেখযোগ্য ব্যক্তিৰ নাম ইয়াত থাকিব। কেৱল এলজিবিটি হোৱাৰ বাবেই কোনো ব্যক্তিৰ নাম ৱিকিপিডিয়াৰ অন্তৰ্ভূক্ত হোৱাৰ যোগ্যতা কেতিয়াও লাভ নকৰে। এলজিবিটি হোৱাৰ ওপৰিও তেঁওৰ ৱিকিৰ অন্তৰ্ভূক্ত হ'ব পৰাকৈ অন্য যোগ্যতা থাকিব লাগিব। দিব্য দত্ত (বাৰ্তা) 12:52, 11 September 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@দিব্য দত্ত:সকলো এলজিবিটিৰ নাম প্ৰদান নিশ্চয় কৰা নাই আৰু এয়া সম্ভৱো নহয় কাৰণ প্ৰতিখন ঠাইতে বহুত সংখ্যক এলজিবিটি সদস্য আছে। যিসকলৰ নাম দিয়া হৈছে বা দিয়া হব তেওঁলোকৰ উৎস প্ৰসংগ আছে। উল্লেখযোগ্য ব্যক্তি যাৰ ৱিকি যোগদানৰ অৰ্হতা আছে তেওঁলোকৰ হে উৎস প্ৰসংগ থাকিব নিশ্চয়। বৰ্তমানলৈকে যোগদান কৰা , বেনজামিন দৈমাৰী এজন অসমীয়া অভিনেতা হয় যাৰ অসমীয়া চলচিত্ৰৰ বাবে তেওঁ দক্ষিণ এছিয়াৰ ভিতৰতে শ্ৰেষ্ঠ অভিনেতা স্থান পাইছে। ঠিক তেনেদৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত চৰ্চিত , ন্যায়াধীশ আদিৰ নাম উল্লেখ কৰাত নিশ্চয় বাধা থাকিব নালাগে। অইন ৱিকিত সাধাৰণভাবে কেৱল সদস্যৰ তালিকা বুলিয়ে আছে কিন্তু যদি আপোনালোকৰ বিশেষ অসুবিধা হৈছে তেন্তে নামটো অসমৰ উল্লেখযোগ্য এলজিবিটিৰ তালিকা বুলি কৰিব পৰা যাব। পিছে অইন ৱিকিত এলজিবিটি তালিকা বুলিয়ে আছে।ব্যক্তিগত ব্যস্ততাৰ বাবে উৎস প্ৰসংগ বা ৱিকি সম্পাদনা কৰিব পৰা নাই এইকেইদিনৰ ভিতৰতে উৎস আৰু বাকী অনুবাদসমূহ কৰা হব। ḱḩḭ-ḸḀN-ʈẐɛ̃ɛ̃ কথামেলপুথি-পাজী
@দিব্য দত্ত:, @KhiLanTzi:: তেন্তে হ'ব। ৱিকি প্ৰৱন্ধ থকা লোকৰ নামহে এই তালিকাত থকা উচিত। "নিজকে চিনাক্ত কৰা" অংশ লাগেনে নাই বা "উল্লেখযোগ্য" বুলি লিখিব লাগেনে সেয়া আলোচনা কৰিব পাৰি। — গীতাৰ্থ বৰদলৈ (talk) 09:18, 13 September 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@Gitartha.bordoloi: ok template lgbt টো translate কৰা জনে "নিজক চিনাক্ত কৰা এলজিবিটি তালিকা" বুলি দিছিল গতিকে এই নামত পৃষ্ঠাটো বনোৱা হল। মই সলনি কৰি "উল্লেখযোগ্য অসমৰ এলজিবিটিৰ তালিকা" কৰি দিছোঁ। ḱḩḭ-ḸḀN-ʈẐɛ̃ɛ̃ কথামেলপুথি-পাজী
Nayan j Nath (talk) নাম উল্লেখ কৰা ব্যক্তি দুজনৰ অনুমতি লোৱা হৈছিল নে?
@KhiLanTzi:, শিৰোনামটো সলাব লাগিব। 'অসম' উল্লেখযোগ্য নহয়, ব্যক্তিকেইগৰাকীহে উল্লেখযোগ্য। — গীতাৰ্থ বৰদলৈ (talk) 17:30, 16 September 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ৱিকিত প্ৰবন্ধ নথকা এলজিবিটি নাম[সম্পাদনা কৰক]

ৱিকিপিডিয়াত একমাত্ৰ বেঞ্জামিন দৈমাৰীৰ বিষয়েহে প্ৰবন্ধ আছে। বাকী দুজনৰ বিষয়ে কোনো প্ৰবন্ধ নাই। সেয়েহে সদ্যহতে বাকী দুটা আঁতৰাই দিয়া হ'ল। তেওঁলোকৰ বিষয়ে প্ৰবন্ধ সৃষ্টি হ'লে পৰৱৰ্তী পৰ্যায়ত তেওঁলোকৰ লগতে আন এলজিবিটিৰ নামো অন্তৰ্ভূক্ত কৰিব পৰা যাব। কেবল এলজিবিটি হোৱাটোৱে তালিকাত অন্তৰ্ভূক্ত হোৱাৰ যোগ্যতা নিশ্চয় নহয়। ইংৱিকিৰ List of LGBT people from New York City শীৰ্ষক যিটো প্ৰবন্ধৰ কথা কোৱা হৈছে, তাতো কেবল ৱিকিত প্ৰবন্ধ থকা এলজিবিটিসকলৰ নামহে উল্লেখ আছে।
বাবুল বৈশ্য (বাৰ্তা) 04:01, 12 May 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]