বাৰ্তা:অসমৰ জাতীয় গীত

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা
(বাৰ্তা:অসমৰ জাতীয় সংগীতৰ পৰা পুনঃনিৰ্দেশিত)

আমাৰ অসমত, ডঃ দিলীপ কুমাৰ দত্তই লিখা গোটেই লেখাটোৰ প্ৰতিলিপি মোৰ হাতত আছে৷ গীতটোৰ সুৰ আৰু পংক্তি সম্পৰ্কে বিভিন্ন ব্যক্তিৰ মতবিলাক তেওঁ সুন্দৰকৈ আলোচনা কৰিছে৷ ইয়াত দিলে অতি ভাল হ'ব৷ কিন্তু 'আমাৰ অসম'খনৰ তাৰিখটো পাহৰিলোঁ৷ কাৰোবাৰ মনত আছেনেকি? যোৱা বছৰৰ বা এই বছৰৰ আছিল৷

Anjal Borah ০৬:৪৮, ২২ চেপ্তেম্বৰ ২০১১ (UTC)

good work, anjal borah. this is a terrific find too! চাইপাও ১৫:২৫, ২২ চেপ্তেম্বৰ ২০১১ (UTC)


এই কবিতাটোৰ নাম 'মোৰ দেশ'।নামটোৰ তলতে লক্ষ্মীনাথ বেজবৰুৱাই '(গীত)' বুলি উল্লেখ কৰিছে।তাৰ তলতে 'ইংৰাজী সুৰ' বুলি লিখিছে।'কদম-কলি' পুথিত বেজবৰুৱাদেৱে "চাই লওঁ তোমাৰ মুখনি এবাৰ" বুলিহে লিখা আছে।(পৃষ্ঠা-৩৯)সেহত দুটা শাৰী আছে :-

" অ মোৰ আপোনাৰ দেশ !
অ মোৰ সুকীয়া দেশ !
ৰা তা তা,ৰা তা তা,
তা তা তা, ৰা তা তা
অ মোৰ মৰমৰ দেশ ! "(পৃষ্ঠা-৪০)দ্বিজেন মহন্ত 05:14, 26 ডিচেম্বৰ 2011 (UTC)

ইংৰাকসকলৰ[সম্পাদনা কৰক]

"বন্দেমাতৰম্‍" ভাৰতৰ জাতীয় সঙ্গীত, Rule Britannia" ইংৰাকসকলৰ -----বুলি আছে। ইংৰাজসকলৰ হ'ব নেকি বাৰু?

ঠিক কৰিলোঁ প্রভাকৰ শৰ্মা নেওগ (talk) 14:05, 19 নৱেম্বৰ 2013 (UTC)

অসম সংগীতৰ চৰকাৰী স্বীকৃতি[সম্পাদনা কৰক]

২০১৩ চনৰ নৱেম্বৰ মাহত বাতৰি কাকতত প্ৰকাশ পোৱা তথ্য অনুসৰি, তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত গোলাঘাটৰ এগৰাকী ব্যক্তিয়ে জনোৱা আবেদনৰ ভিত্তিত এই তথ্য পোহৰলৈ আহে যে, "অ' মোৰ আপোনাৰ দেশ..."ক চৰকাৰীভাৱে ৰাজ্যিক জাতীয় সংগীতৰ মৰ্যদা প্ৰদান কৰা হোৱা নাছিল। অৱশ্যে এই তথ্য ওলোৱাৰ পিছত অসম চৰকাৰে এই গীতটিক চৰকাৰীভাৱে জাতীয় সংগীতৰ মৰ্যদা দিবলৈ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে। http://amarasom.glpublications.in/Details.aspx?id=15680&boxid=122349609 http://amarasom.glpublications.in/Details.aspx?id=15690&boxid=12946421

http://www.thehindu.com/news/national/other-states/bezbaroas-song-is-anthem-of-assam/article5365395.ece?homepage=true

http://economictimes.indiatimes.com/news/politics-and-nation/assam-to-adopt-o-mur-apunar-dexas-state-anthem/articleshow/25997815.cms

http://www.telegraphindia.com/1131119/jsp/northeast/story_17586908.jsp#.Uotd9awS4vI

http://www.assamtribune.com/scripts/detailsnew.asp?id=nov1913/at094

প্ৰণৱ জ্যোতি ভূঞা (talk) 12:48, 19 নৱেম্বৰ 2013 (UTC)

মই কথাখিনি আৰু দুটা লিংক ref হিচাবে যোগ কৰিলোঁ। তুমি বাকীখিনি পাৰিবানে? প্রভাকৰ শৰ্মা নেওগ (talk) 13:45, 19 নৱেম্বৰ 2013 (UTC)
আপুনি সম্পূৰ্ণ কৰিয়ে পেলালে দেখোন। ধন্যবাদ! প্ৰণৱ জ্যোতি ভূঞা (talk) 14:38, 19 নৱেম্বৰ 2013 (UTC)

Hi,

Sorry for writing in English. Can anyone from Assamese Wiki translate this article in Bengali language and add it in Bengali Wiki? It would be great. With regards. Bodhisattwa (talk) 17:26, 19 নৱেম্বৰ 2013 (UTC)

"চাই লওঁ তোমাৰ মুখনি এবাৰ" আৰু "চাই লওঁ এবাৰ মুখনি তোমাৰ"[সম্পাদনা কৰক]

ৱিকিত 'বৰ্তমান পৰিৱেশন কৰা গীতটো' শিৰোনামৰ পেৰাগ্ৰাফত 'চাই লওঁ এবাৰ মুখনি তোমাৰ' বুলি উল্লেখ কৰা হৈছে। কিন্তু অসমীয়া ভাযাৰ 'অসম ৰাজ্যিক প'ৰ্টেল'ত 'চাই লওঁ তোমাৰ মুখনি এবাৰ' বুলি উল্লেখ কৰিছে। লগতে চৰকাৰী বিদ্যালয়ৰ পাঠ্য়পুথি সমূহতো একেদৰে উল্লেখ কৰিছে আৰু তেনেদৰে পৰিৱেশন কৰিবলৈ নিৰ্দ্দেশ দিছে। অসমীয়া প'ৰ্টেলৰ সুত্ৰ - https://assam.gov.in/as/about-us/390 আনহাতে ইংৰাজী ভাষাৰ 'অসম ৰাজ্যিক প'ৰ্টেল'ত 'Sai Lou Ebar Mukhkhoni Tumar' (চাই লওঁ এবাৰ মুখনি তোমাৰ) বুলি উল্লেখ আছে। ইংৰাজী প'ৰ্টেলৰ সুত্ৰ - https://assam.gov.in/about-us/390 সম্ভৱতঃ ইংৰাজী প'ৰ্টেলটোত শুদ্ধকৈ লিখা নাই। বৰ্তমান চৰকাৰী বিদ্যালয়ৰ পাঠ্য়পুথিত যেনেদৰে উল্লেথ কৰিছে তেনেদৰে (চাই লওঁ তোমাৰ মুখনি এবাৰ) ৱিকিত থকাটো প্ৰয়োজন বুলি ভাবোঁ। ধন্য়বাদ। Mridul Singha Phukan, M.Sc., UGC NET 16:18, 8 January 2024 (ইউ.টি.চি.)