সমললৈ যাওক

বাৰ্তা:কেওঁট জনগোষ্ঠী

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

কেওট শ্ৰেণীটো কৈৱৰ্ত জাতিৰ এটা ভাগ।

[সম্পাদনা কৰক]

অসমৰ কেওট সকল প্ৰকৃততে কৈৱৰ্ত সম্প্ৰদায়ৰহে। কেওট শব্দটো কৈৱৰ্ত শব্দটোৰ এটা অপভ্ৰংশহে। কৈৱৰ্ত->কেৱৰ্ত->কেৱত->কেওট"...। কে-ৱৰ্ততে-ইতি-> কৈৱৰ্ত। সংস্কৃত ভাষাত 'কে' বা 'ক' মানে পানী। অৰ্থাৎ যি সকল লোক পানীৰ লগত থাকি জীৱিকা নিৰ্বাহ কৰি গোটেই জীৱন কটাই তেওঁলোকেই কৈৱৰ্ত->কেওট। ।এইদৰেই কেওট শব্দটোৰ সৃষ্টি হৈছিল। আজিও কেওট সকলৰ পুৰণি ভূমিৰ নঠি সমুহ উপায়ুক্তৰ কাৰ্যালয়ৰ মহাপেছত গৈ পৰীক্ষা কৰিলে তেওঁলোকৰ পূৰ্বপুৰুষ সকলৰ উপাধি কৈৱৰ্ত পোৱা যায়। অসম মুলুকত বসবাস কৰা হালোৱা কেওট, জালোৱা কেওঁট, মালী, ধোৱী, সোণাৰী, তাঁতী, নম:শুদ্ৰ, কুমাৰ সকল, সমাৰ, পটীয়া, তেলী, হাৰী, ইত্যাদি সকলো কৈৱৰ্ত মূলৰ কেওট। আজিকালি তেওঁলোকে কোনোবাই কাকতি, পাঠক, চৌধুৰী, হাজৰিকা, দাস , হালৈ, জালৈ, ডেকা, বৈশ্য, মালী, মালাকাৰ, বণিয়া, তালুকদাৰ, পাটোৱাৰী, চহৰীয়া বৰা, শইকীয়া, বৰুৱা ইত্যাদি বিভিন্ন উপাধি লিখে। আহোম ৰজাৰ আমোলতেই বিভিন্ন বিষয় বাব দি কৈৱৰ্ত সকলক বিভিন্ন উপাধিৰে এইদৰে ভাগ ভাগ কৰি দিয়া হৈছিল। কৈৱৰ্ত সকলৰ ইতিহাস প্ৰাচীন কামৰূপৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মাই নিজেই এই মুলুকত খোদিত কৰি থৈ গৈছিল। তেওঁৰ অস্তিত্বক কিন্তু আজি ভ্ৰূকুটি কৰা হৈছে। কিন্তু চীন দেশৰ পৰা সেই সময়ত অহা পৰিব্ৰাজক হিউৱেন চাঙে তাম্ৰফলিত সেয়া খোদিত কৰি থৈ গৈছে। যিবোৰ কৈৱৰ্ত সকলৰ বাবে আজিও ইতিহাস আৰু গৌৰৱময় অতীত হৈ আছে। ১৯৫০ চনতেই কৈৱৰ্ত সকলক ভাৰত চৰকাৰে অনুসূচিত জাতিৰ মৰ্যদা দিছিল। কিন্তু একেখন ঘৰৰ দুই ভায়েকৰ জালুৱৈসকলে অনুসূচিত জাতিৰ মৰ্যদা পালে কিন্তু দেশৰ ধৰণী নাঙলেৰে সেউজীয়া কৰি জনগনগক ভাত- কাপোৰৰ যোগান ধৰা হালুৱৈ কেওঁট সকলে আজিও অনুসূচিত জাতিৰ মৰ্যদা প্ৰাপ্তিৰ পৰা বঞ্চিত হৈ ৰ'ল। এই বঞ্চনা আমি কেতিয়াও সহ্য নকৰোঁ। জনগোষ্ঠীটোক সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক, শৈক্ষিক দিশত বিকাশিত কৰি আগুৱাই নিবলৈ চৰকাৰখনে আজিও পিছ দি ৰৈ থাকিল। অসমৰ কেওঁট সকলৰ উন্নয়নৰ বাবে যিখন উন্নয়ন পৰিষদ গঠন কৰি দিয়া হৈছিল সেইখনো ভেকোভাওনাৰ বাদে আন একো নহ'ল। আজিও প্ৰকৃতাৰ্থত জনগোষ্ঠীটোৰ উন্নয়ন পৰিষদখন গঠন নহ'ল। যি সময়ত ১৭ লাখ বড়োয়ে বিটিচি আজুৰি আনিবলৈ সক্ষম হ'ল সেই হ'ল সেই সময়ত ৬০ লাখতকৈ অধিক কেওটক আজিও এখনি স্বায়ত্ব শাসিত পৰিষদৰ গঠন কৰি দিয়া নহ'ল। আমি কেওট সকলে কেতিয়াও বহি নেথাকো। জনগোষ্ঠীটোৰ স্বাৰ্থত যদি বুকুত গুলী পাতি ল'ব লাগে তাৰ বাবে আমি সদায় সাজু আছো। অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীক লগত লৈ আমি আমাৰ সংগ্ৰামখনক আগুৱাই নিব বিচাৰো। সেইবাবেই অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ উন্নয়ন আমি সমানেই বিচাৰো নাইবা অসমৰ সকলো জাতি জনগোষ্ঠীক লগত লৈ কিদৰে আমি বৰ অসম গঢি এখন সমৃদ্ধিশালী ভাৰতবৰ্ষ গঢ়িব পাৰো সেয়া সদৌ অসম কেওট সন্মিলনৰ মূল সংবিধানৰ দ্বিতীয় অনুচ্ছেদে অনবৰতে আমাক আঙুলীয়াই থৈছে। সেই বাবেই অসমৰ বৃহৎ কেওট জনগোষ্ঠীটোৰ আশা আৰু আকাংক্ষাক প্ৰতিফলিত কৰি এশবছৰীয়া ঐতিহাসিক সদৌ অসম কেওট সন্মিলনখনে জনগোষ্ঠীটোক আগুৱাই নি আজি অনুসূচিত জাতিৰ মৰ্যদা প্ৰাপ্তিৰ যিখন সংগ্ৰাম চলাই লৈ গৈ আছে সেয়া চৰকাৰে মানি ল'বই লাগিব। অসমৰ যি সকল কেওটক অনুসূচিত জাতিৰ মৰ্যদা আজিও দিয়া নাই তেওঁলোকক অনুসূচিত জাতিৰ মৰ্যদা দিবই লাগিব আৰু চৰকাৰৰ এয়া দায়িত্ব। জনগোষ্ঠীটোৰ এই যুদ্ধখনত আমি অসমৰ সকলো জ্ঞাতিৰে পূৰ্ণ সহায় সহযোগ আন্তৰিকতাৰে কামনা কৰিছোঁ। জয়তু সদৌ অসম কেওট সন্মিলন।

  1. দৰং জিলাৰ ৭১ তম দ্বি-বাৰ্ষিক অধিবেশনত সদৌ অসম কেওট সন্মিলনৰ ৰাজ্যিক সাধাৰণ সম্পাদকৰ অভিভাষণ।

শ্ৰদ্ধাৰে- শ্ৰী ব্ৰজেন কাকতি ৰাজ্যিক সাধাৰণ সম্পাদক সদৌ অসম কেওট সন্মিলন ইং ১০, এপ্ৰিল, ২০২২, মনিটাৰি, দৰং। অসম কেওট সন্মিলন জিন্দাবাদ