বাৰ্তা:কৈৱৰ্ত

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা
    1. কৈৱৰ্ত্ত ###

মোৱামৰীয়া বিদ্ৰোহৰ সময়লৈকে আঢ্যৱন্ত কৈৱৰ্ত্তৰ কথা পোৱা যায়। কিন্তু বিদ্ৰোহৰ পাছত কৈৱৰ্ত্ত সকলৰ শক্তি নিৰ্মূল কৰিবলৈ মাটি-বাৰী কাড়ি লোৱা হ'ল আৰু চুটীয়াসকলৰ দৰেই কৈৱৰ্ত্ত সকলক বিভিন্ন অঞ্চললৈ ভাগ ভাগ কৰি খেদি পঠিওৱা হ'ল। ইয়াৰ আভাস ড. ধ্ৰূবজ্যোতি বৰাৰ "কথা ৰত্নাকৰ" কিতাপ খনত পোৱা যায়। এইয়া আন আন জাতি জনজাতিৰ বুদ্ধিজীৱীয়ে কৈৱৰ্ত্ত জাতিৰ উপৰত তেওঁলোকৰ গ্ৰন্থ সমূহত উল্লেখ কৰা কথা। এই বুদ্ধিজীৱী সকলৰ বহুতে অসমীয়া ভাষা সংস্কৃতিৰ বাবে কৈৱৰ্ত্ত সকলৰ অৰিহণাক স্বৃকৃতি দিয়ে আৰু কৃতজ্ঞতা জনাই। আৰু আন বহুতে কৈৱৰ্ত্ত সকলক পাকে প্ৰকাৰে অস্পৃশ্য বুজাবলৈ চেষ্টা কৰি অসমীয়া ভাষা সংস্কৃতি সমাজলৈ ডোম শব্দ আমদানি কৰি জাতিটোলৈ অন্ধকাৰ নমাই আনিলে। অসমীয়া জাতিটোৰ বাবে কৈৱৰ্ত্ত জাতিৰ অৱদান অশেষ বুলি জানি আহিছো লগতে কৈৱৰ্ত্ত সকলৰ পৌৰাণিক দিনবোৰ বৰ সুন্দৰ আছিল বুলি জনা যায় । কৈৱৰ্ত্ত সকলৰ জীৱিকা কি আছিল ?

  • যোগীনি তন্ত্ৰ মতে শাসক, *ৰজা হাজাৰাবৰ্মাৰ তাম্ৰ ফলিৰ মতে কৰ সংগ্ৰহকাৰী বিষয়া, *ৰাজতৰঙ্গীনী আৰু সম সাময়িক বৌদ্ধ ধৰ্মী পুথি মতে যোদ্ধা,
  • আহোম বুৰঞ্জী মতে নৌসেনা,
  • কিছু সংখ্যকৰ মতে সদাগৰ, *সাউদ, মুদৈ, নাবিক যি সকলে ২ হাজাৰ বছৰৰ আগতেই এই ভূখণ্ডৰ বাকী জাতি জনজাতি সকলৰ লগত ব্যৱসায় কৰিবৰ হেতু অসমীয়া ভাষাৰ সৃষ্টি কৰিছিল।

কৈৱৰ্ত্ত সকল কেতিয়াৰ পৰা মৎস্যজীৱি হ'ল? মাছ ধৰাটো এটা জীৱিকা হব নোৱাৰে যেতিয়ালৈকে মাছ বিকাটো জীৱিকা নহয়। কেৱল মাছ খাই জীৱন ধাৰণ কৰাটো এটা অমূলক কথা। তেনেহলে কৈৱৰ্ত্ত সকলে কাক মাছ বিকিছিল ? এই ভূখণ্ডৰ প্ৰতিটো জাতি জনজাতিয়ে মাছ ধৰাত পাকৈত আছিল, আহোম সকলে মাছ ধৰাটো এক ক্ৰিয়া হিচাপে লৈছিল, মিচিং সকল মাছুৱৈ, তিৱাসকলৰ মাছধৰা উৎসৱ পাতিছিল, বাকী কাৰ্বি বড়ো সকলৰ কথা নকলেওঁ হ'ব। মহেঞ্জোদাৰো হৰপ্পা সভ্যতাৰ সৃষ্টিকাৰী জলসিঞ্চন উদভাৱক দ্ৰাবীড় মূলীয় এই কৈৱৰ্ত্ত সকলে কৃষিকৰ্ম ত্যাগ কৰি মাছ ধৰাটো জীৱিকা হিছাপে লোৱাৰ সম্ভাৱনিয়তা সম্পৰ্কে গৱেষণাৰ যথেষ্ট স্থল আছে।

ৰজা ঘৰীয়াই যদিও হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল, অসমত সেই সময়ত আৰ্য্যৱৰ্ত্তত প্ৰচলিত চাৰি বৰ্ণ প্ৰথাটোৱে গা কৰি উঠিব পৰা নাছিল। কিন্তু ৰাজপুৰুহিত হিচাপে ন্যায়বাগীস কৃষ্ণৰাম ভট্টাচাৰ্যক কলকতাৰ পৰা আমন্ত্ৰণ কৰি আনি নিয়োগ কৰাৰ পাচত অসমৰ সমাজখনৰ আমোল পৰিৱৰ্তন ঘটিল। ৰাজপুৰুহিতে ৰজাক পতিয়ন নিয়ালে যে ধৰ্মৰক্ষাৰ বাবে সমাজখন চাৰি বৰ্ণত বিভাজন কৰি বৰ্ণ সমূহৰ মাজত চুৱা-পৰাচিত ব্যৱস্থাটো মানি চলাটো অতি প্ৰয়োজন। ৰাজপুৰুহিতৰ প্ৰৰোচনাত বৰ্ণ বিভাজনৰ কাম আৰম্ভ হ'ল। বৃত্তিয়াল, আন জাতি জনগোষ্ঠীৰ লগতে কৈৱৰ্ত্ত সকলো শূদ্ৰ জাতীৰ অন্তৰ্ভুক্ত হল। আনকি বিভিন্ন জাতি জনগোষ্ঠীৰে গথিত সেনাসকলো শূদ্ৰ শ্ৰেণীৰ অন্তৰ্ভুক্ত হল। সেই সময়ত বিদ্ৰোহৰ যুদ্ধত জুৰুলা , বিদ্ৰোহ দমনৰ নামত সৰ্বস্বান্ত, বিতাৰিত কৈৱৰ্ত্ত সকলক সমাজত আতাইতকৈ নিম্নতম স্থান দিয়া হ'ল। সেয়ে স্বৰ্গদেউ ৰাজেস্বৰ সীংহৰ আমোলত নতুনকৈ অহা ৰাজপুৰুহিত ন্যায়বাগীশ কৃষ্ণৰাম ভট্টাচাৰ্যৰ প্ৰৰোচনাত কৈৱৰ্ত্ত সকলৰ আৰ্থ-সামাজিক অৱস্থাৰ চৰম বিপৰ্য্যয় ঘটিছিল ১৭০০-১৭৫০ চনৰ ভিতৰৰ সময়ছোৱাত। কৈৱৰ্ত্ত সকলৰ উপৰত হোৱা নিৰ্যাতন চাই থাকিব নোৱাৰি ৰাজেস্বৰ সীংহৰ পিতৃ ৰুদ্ৰ সীংহৰ বিশাল নৌবাহিনি মকৰল হোৱা কৈৱৰ্ত্ত সৈন্য তথা বিষয়া সকলে ৰাজপৰিয়ালৰ বিৰুদ্ধে বিদ্ৰোহত ভাগ ললে। আৰু এয়ে মুৱামৰীয়া বিদ্ৰোহৰ আৰম্ভণি। সেই সময়তে কৈৱৰ্ত্ত সকলক সমাজৰ নিকৃষ্ট শ্ৰেণী বুজিবলৈ ডোম শব্দটো হিন্দুস্থানৰ পৰা অসমলৈ আমদানি কৰি আনি যুদ্ধ ভগনীয়া জৰাজীৰ্ণ অৱস্থাৰ কৈৱৰ্ত্ত সকলৰে উপৰত প্ৰয়োগ কৰিলে। এই ভূমিহীন কৈৱৰ্ত্ত সকলৰ বহুতেই জীৱন ধাৰণৰ বাবে মাছ ধৰা আৰু ছাউল আদি যাৱতীয় সামগ্ৰীৰ লগত বিনিময় কৰা আৰম্ভ কৰিলে আৰু বাকী খিনিয়ে সম্ভ্ৰান্ত আহোম বিষয়াৰ কৃষি কৰ্মত ব্ৰতি হ'ল। ৰাজপুৰুহিতৰ পৃষ্ঠপোষকতাত কৈৱৰ্ত্ত সকলক সহজে দুৰৈৰ পৰা চিনি পাব পৰাকৈ কপালত মাছৰ ছবি ক্ষোদিত কৰা আৰু ঘৰবোৰৰ আগফালে মাছৰ ছবি অঁকাৰো ব্যৱস্থা কৰিছিল। ৰাজেস্বৰ সীংহৰ আগলৈকে শংকৰদেৱৰ সময়লৈকে ১৪০০-১৫০০ শতিকালৈকে অসমত কেৱল কৈৱৰ্ত্ত শব্দৰহে প্ৰচলন আছিল ডোম শব্দ প্ৰচলন কোনো কালেই নাছিল। সেয়ে সেইসময়ৰ শংকৰদেৱকে আদি কৰি সাহিত্যিক সকলে তেওঁলোকৰ লেখনিত কৈৱৰ্ত্ত শব্দহে প্ৰয়োগ ডোম শব্দ নহয়।ডোম শব্দৰ প্ৰচলন থকা হ'লে তেওঁলোকে ডোম শব্দহে লিখিলে হয়। সমাজত কৈৱৰ্ত্ত সকলৰ স্থান উচ্চ আছিল। শংকৰদেৱৰ প্ৰধান শিস্যসকলৰ বহুতেই কৈৱৰ্ত্ত আছিল, তদুপৰি গায়ন বায়ন সকল, ধাইমাৰূপী চন্দৰী আই আদি সকলো কৈৱৰ্ত্ত মানুহৰে পৰিবেষ্টিত আছিল। কৈৱৰ্ত্তসকল ধৰ্মভীৰু জাতি। যোৱা দুটা-তিনিতা দশকৰ আগলৈকে আহোমৰ পৰা ফুলেশ্বৰী কুৱৰীৰ দিনত অৱনমিত হোৱা কৈৱৰ্ত্ত আৰু মটকৰ কৈৱৰ্ত্ত সকলক বাদ দি বাকী সকলো কৈৱৰ্ত্তই বৈদিক পন্থাত বিশ্বাস কৰিছিল আৰু ৰীতিনীতি সমূহ মানি চলিছিল। ক্ৰিয়া-কৰম, যাগ-যজ্ঞ বাবে প্ৰত্যেকখন কৈৱৰ্ত্ত অধ্যুষিত অঞ্চলত যথেষ্ট সংখ্যাক ব্ৰাহ্মণ পৰিয়ালে বাস কৰিছিল। এই ব্ৰাহ্মণ সকলো কৈৱৰ্ত্ত সকলৰ মাজৰে পুথি-পাজি পঢ়িব পৰা শিক্ষিত শ্ৰেণীটোৰে গঠিত হৈছিল। গোসাঁয়ে কৈৱৰ্ত্ত সকলৰ মাজৰে পঢ়িব জনা দুই এজনক এই দ্বায়িত্ব অৰ্পন কৰিছিল। ধৰ্মভীৰু হোৱা হেতুকে এসময়য়ত কৈৱৰ্ত্ত দান-বৰঙনীৰে কৈৱৰ্ত্ত সত্ৰকেইখন বিৰাট সমৃদ্ধ্শালী আছিল। কৈৱৰ্ত্ত সকলে বৈদিক পন্থা এৰি "এক শৰণ ভাগৱতী সমাজ, শংকৰ সমাজ, শংকৰ সংঘ" ইত্যাদি পন্থা লোৱাৰ ফলত ব্ৰাহ্মণ গোসাঁই আৰু কৈৱৰ্ত্ত সত্ৰসমূহ এলাগি হ'ল। কৈৱৰ্ত্তসকল ধৰ্মভীৰু জাতি। আজিৰ পৰা ৪টা বা ৫ টা দশক আগতে ফুলেশ্বৰী কুৱৰীৰ দিনত আহোমৰ পৰা অৱনমিত হোৱা আৰু মটকৰ কৈৱৰ্ত্ত সকলক বাদ দি বাকি থকা সকলো কৈৱৰ্ত্তই বৈদিক পন্থাত বিশ্বাস কৰিছিল। ক্ৰিয়া-কৰম আৰু বৈদিক ৰীতিবোৰ পালনৰ বাবে কৈৱত্ত গাওঁবোৰত বহুতো ব্ৰাহ্মণ পৰিয়ালে বাস কৰিছিল।এই ব্ৰাহ্মণ সকল মূলতে শিক্ষিত কৈৱৰ্ত্ত আছিল ৷ শংকৰদেৱৰ কৈৱৰ্ত্ত শিষ্যসকলক ধৰ্মপ্ৰচাৰৰ দ্বায়িত্ব দিয়াত তেওঁলোকে সূদিৰ গোসাঁই হিচাপে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ কেইবাখনো সত্ৰ প্ৰতিস্থা কৰি ধৰ্ম প্ৰচাৰ চলাই গৈছিল। এই সত্ৰ সমূহৰ ভিতৰত তেজপুৰৰ নিকামূল, গোলাঘাটৰ নগুৰা, ডিব্ৰূগড়ৰ দিহিঙীয়াকে আদি কৰি ৯ খন প্ৰধান সত্ৰ। এই সত্ৰাধিকাৰ সকলৰ আজিৰ প্ৰজন্মই যদিও গোস্বামী মহন্ত আদি উপাধি লিখে , তেওলোকক বহুতেই ডোমৰ গোসাঁই বুলি উপলুঙা কৰে। অসমৰ স্বনামধন্য বুদ্ধিজীৱী সকলেও তেওঁলোকৰ উপন্যাস আদিত তেওঁলোকক কৈৱৰ্তৰ লগত সাঙুৰি অপমান কৰাৰ বহু উদাহৰণ আছে। বতৰ্মান এই সত্ৰ সমূহৰ কিছুমান বেদখলকাৰীৰ কবলত পৰিল। বামুণ ,গোস্বামী বিলাকেও চহৰলৈ গৈ আন আন বামুণ গোসাঁইৰ লগত সমাজ পাতিলেগৈ........... কোন কৈৱৰ্ত্তৰ গোসাঁই, কোন নহয় চিন চাব নোহোৱা হল। বুৰঞ্জীৰ পৰা এটা কথা অনুধাৱন কৰিব পাৰি যে ব্ৰাহ্মণ আৰু বেঙ্গলী সকলৰ বাবেহে কৈৱৰ্ত্ত সকল মৎস্যব্যৱসায় আৰম্ভ কৰিলে......কিয়নো কেৱল মাত্ৰ এই দুটা জাতিয়ে মাছ ধৰিব নাজানে কিন্তু খাই ভাল পায়। ব্ৰিটিছ গেজেটত উল্লেখ আছে যে ব্ৰিটিছ আমোলত অসমৰ লক্ষীমপুৰ জিলাৰ পৰাই আতাইতকৈ বেছি ৰাজহ সংগ্ৰহ হৈছিল আৰু সেয়া আহিছিল বিল ডাকত লোৱা কৈৱৰ্ত্ত বিষয়া সকলৰ পৰা, অৰ্থাৎ মৎস্যব্যৱসায়ৰ পৰা।

অসমৰ খিলঞ্জীয়া কৈবৰ্ত্ত সকলৰ বিস্তৃত ইতিহাস আছে। এই জনগোষ্ঠীটোৱে অতীত অসমক জিলিকাই ৰাখিছিল। বৈদিক যুগৰ এই জনগোষ্ঠীটো কৈবৰ্ত্ত বুলি পৰিচিত । এই জনগোষ্ঠীটোৱে ২ শতিকাৰ পৰা ১৬ শতিকালৈ অসম ৰাজত্ব কৰিছিল। বহু পন্ডিতে এই জনগোষ্ঠীটো অসমৰ সবাটোকৈ পুৰণি জনগোষ্ঠী বুলি প্ৰমাণ কৰিছে। প্ৰচলিত ভিন্ন মত অনুসৰি কৈবৰ্ত্ত সকল দ্ৰাবিড় আৰু তেনেকৈ বহুসংখ্যকে আয্যʼ বুলি নিৰ্ণয় কৰে। নৃতত্ব বিজ্ঞানৰ বিশ্লেষণ অনুযায়ী এওঁলোক অধিকাংশই দেখাত দ্ৰাবিড় জনগোষ্ঠীৰ ।

এম. এল. কাঠবৰুৱাই এওঁলোক ওখ খাপৰ সু-সভ্য জাতি বুলি উল্লেখ কৰিছে। (অসম বুৰঞ্জী ৪থ´ অধ্যায়, পৃ: ৯) আৰ্য্য আৰু দ্ৰাবিড় মিশ্ৰত বংশধৰৰুপে সৰযূৰ কৈৱৰ্ত্ত সকলে প্ৰথমে অসমৰ নামনি অংশত লৌহিত্যপুৰ ৰাজ্য স্থাপন কৰিছিল। নাগশংকৰ ৰজাই শোণিতপুৰৰ প্ৰতাপগড়ত ৰাজধানী পাতি লৌহিত্যপুৰ নামেৰে ৰাজ্য প্ৰতিস্থা কৰিছিল। এৱেঁই শিৱ দেৱালয় স্থাপন কৰিছিল পুখুৰি খন্দাইছিল। এই দেৱালয় নাগশংকৰ মন্দিৰ হিচাপে জনাজাত আৰু আজিও সাক্ষ্য বহন কৰি আছে। পাছৰ কৈৱত্ত´সকলে অসমৰ নামনি আৰু মধ্যভাগত ৰাজ্য স্থাপন কৰিছিল। নগাৱঁৰ ডবকা ৰাজ্যৰ ৰাজধানী চম্পাৱতীত ৭০০০ ধনী সদাগৰে বানিজ্য কৰি উন্নতিৰ শিখৰত আছিল। সমুদ্ৰগুপ্তৰ এলাহাবাদ শিলালেখত কপিলীভেলীৰ ডবকা যে এখন স্বাধীন ৰাজশাসিত অঞ্চল আছিল তাৰ প্ৰমাণ পোৱা যায় ৷

ৰজা হজ'ৰবৰ্মনৰ (৮২০-৮৩৫ খ্ৰী:) ৰাজত্বকালত নৌশক্তি যথেস্ট শক্তিশালী আছিল। এই নৌ শক্তিৰ মূলতেই আছিল কৈৱৰ্ত্ত সকল। নৌ বাহিনীৰ সৈন্যসকল অৰ্থাৎ কৈৱৰ্ত্ত´সকলে ব্ৰহ্মপুত্রৰ পাৰত বৰ্তমান তেজপুৰৰ জাহাজঘাটৰ প্ৰায় এমাইলমান ভেটিত এটা ছাউনীত নিজ শক্তি অনুশীলন কৰিছিল। কৈৱৰ্ত্তসকলে সততে নিমাখিত অন্য ব্যৱসায়ী নাৱৰীয়া সকলৰ লগত কাজিয়াত লিপ্ত হৈছিল,যি বোৰ অন্য নাৱৰীয়াৰ নাৱে নৈ বাহিনীক আহুকাল লগাইছিল, সেইবোৰ তেওঁলোকে কাঢ়ি আনি নিজৰ কৰি লৈছিল। কেতিয়াবা নদীত ডুবাইও দিছিল। এনে ধৰণৰ বিবাদে তুংগত ঠাই পোৱাৰ বাবে এটা ৰাজ আদেশ জাৰি কৰিছিল আৰু এই আদেশ নদীৰ পাৰৰ এটি শিলত খোদিত কৰি ৰখা হৈছিল (৫২০ গুপ্তাব্দ, ৮২৯ খ্ৰী:)। উক্ত আদেশমতে কোনো অন্য নাৱৰীয়াই তেওঁলোকৰ নাওঁ ভৰা সুঁতিলৈ নিব নোৱাৰিব অাৰু যি এই নিয়ম উলংঘা কৰব তেওঁ পাচঁ পইচা জৰিমনা ভৰিব লাগিব। উক্ত ৰাজ আদেশ লিখা শিলটো এতিয়াও আছে। (Asomiya Sanskritir Patabhumi: An Assamese Version of Rajmohan Nath's book the Background of the Assamese Cultural by Bhabskanta Nath)

ইয়াৰ পৰাই কৈৱৰ্ত্তসকল যে মাছমৰীয়া নাছিল নিসন্দেহে ঠাৱৰ কৰিব পাৰি।

ড° সূয´কুমাৰ ভূঞাই অসম ইতিহাসত উল্লেখ কৰিছে যে নাগাক্ষ বংশৰ আৰিমত্ত ৰজাই ১৪ শতিকাত মাজুলি আৰু বহ্মপুত্ৰৰ উত্তৰ পাৰে ৰাজত্ব কৰিছিল ৷ প্ৰতাপী আৰিমত্ত ৰজা সুন্দৰ সুঠাম দেহৰ দেখত আঁৰি মাছৰ দৰে, সেয়ে তেওঁ আৰিঁমত্ত বুলি পৰিচিত। তেওঁ নিজ বাহুবলেৰে সেই সময়ৰ সৰু সৰু ৰাজ্যসমূহ জয় কৰি ৰাজ্যৰ চাৰিসীমা বৃদ্ধি কৰিছিল। এওঁ কামৰূপৰ সৌমাৰপীঠৰ, কামপীঠ, সুবণ´পীঠ আৰু ৰত্নপীঠ নামৰ চাৰি পীঠৰ অধিকাৰী আছিল। হৰগৌৰী সম্বাদমতে আৰিমত্ত জিতাৰী বংশৰ শেষ ৰজা ৰামচন্দ্ৰ পুত্ৰ যিজনক কৈৱত´ হিচাবে জনা যায়। আৰিমত্ত শশাংক বুলিও জনা যায়। অসমীয়া লিখিত সাহিত্যৰ নিদশ´ন হিচাপবে চৰ্যা পদসমূহৰ মূল্য অপৰিসীম। এই চযা´পদৰ ৰচক হ'ল মীনাপা। সেই সময় চৌৰাশী সিদ্ধৰ ভিতৰত লুইপা আৰু মীনাপা ভাৰতবষ´ৰ দুখন বিশ্ববিদ্যালয় ক্ৰমে বিক্ৰমশীলা আৰু নালন্দাৰ আচাৰ্য্য আছিল। অসমত বাস কৰা সকলো জাতি জনগোষ্ঠীৰ নিজা ভাষা বা দোৱান আছে ,কিন্তু কৈবৰ্ত সকলে অসমীয়া ভাষাৰ বাহিৰে বেলেগ ভাষা ব্যৱহাৰ নকৰে ,কাৰণ কৈৱৰ্ত্ত সকলৰ এটাই ভাষা আছিল, যিটো ভাষা কৈৱৰ্তৰ পূৰ্বপুৰুষ সকলৰ দ্বাৰা অসমৰ বাবে দান আছিল ৷

ওৰিষ্যা ,বেংগল ,অসম এইবিলাক অঞ্চলত কৈবৰ্ত সকলে ২০০০ বছৰত কৈও আগতে শাসন কৰাৰ কথা বুৰঞ্জীত উল্লেখ আছে ৷

    1. অসমীয়া ভাষাৰ প্ৰাচীন জকাটো কৈৱৰ্ত সকলৰেই সৃষ্টি, এই কথা সত্য ৷ কৈৱৰ্ত সকলৰ মুখৰ ভাষাকেই মূল উৎস হিচাৱে লৈ ইংৰাজ সকলে আধুনিক ৰূপ প্ৰদান কৰিলে ৷ তাৰো বহু প্ৰাচীন কালতে মৎসেন্দ্ৰ নাথ নামৰ কামৰূপৰ এজন বৌদ্ধ সিদ্ধাচাৰ্যই বৌদ্ধ ধৰ্ম প্ৰচাৰৰ বাবে যি গ্ৰন্থ লিখিছিল তাত থকা দোহাবোৰ (চৰ্যাপদ") যি ভাষাত লিখিছিল সেইয়াই কৈৱৰ্ত্তৰ মুখৰ ভাষা আছিল ৷ মৎসেন্দ্ৰনাথো এজন কৈৱৰ্ত আছিল ৷ প্ৰাচীন কামৰূপত জনজাতি সকলক বাদ দি অধিক সংখ্যক বাসিন্দাই কৈৱৰ্ত আছিল ৷ সেই কথা ইংৰাজ শাসন কাললৈকে সত্য আছিল ৷ ইংৰাজৰ দ্বাৰাই কৰা ১৮৪০ চনৰ লোকপিয়লত ৰিপৰ্টত তাৰ প্ৰমান পাব ৷ পিছলৈ পশ্চিমৰ পৰা অহা ভাৰতীয় পণ্ডিত সকলৰ আৰ্যকৰনৰ প্ৰক্ৰিয়াত নিজৰ কূল লুপ্ত কৰি বহু কৈৱৰ্ত্তই উচ্চ বৰ্ণলৈ ৰূপান্তৰিত হৈ পৰিল , সেই সকলে এতিয়া নিজকে বহুতে ব্ৰাহ্মণ,কায়স্ত,কলিতা ইত্যাদি ৰূপে পৰিছয় দিয়া হল ৷

মীনাপাই চযা´গীত ৰচনা কৰাৰ উপৰি "কামশাস্ত্র স্মৰদীপিকা" আৰু "বাহ্যান্তৰ বোদ্ধিচিত্ত বন্দোপদেশ" নামৰ গ্ৰন্থ লিখিছিল। সেই গ্ৰন্থসমূহেই সুসভ্য কৈৱত´সকলৰ অতীত বুৰঞ্জীৰ কথা প্ৰমাণ কৰে।

ঋতুপৰ্ণ দাস ,তিনিচুকীয়া |.

অনামী সম্পাদকৰ লেখা স্থানান্তৰ[সম্পাদনা কৰক]

  1. কৈৱৰ্ত সম্প্ৰদায়ৰ ইতিহাস |# +++++ মোৱামৰীয়া বিদ্ৰোহৰ সময়লৈকে আধ্যৱন্ত কৈৱৰ্ত্তৰ কথা পোৱা যায়। কিন্তু বিদ্ৰোহৰ পাছত কৈৱৰ্ত্ত সকলৰ শক্তি নিৰ্মূল কৰিবলৈ মাটি-বাৰী কাড়ি লোৱা হ'ল আৰু চুটীয়াসকলৰ দৰেই কৈৱৰ্ত্ত সকলক বিভিন্ন অঞ্চললৈ ভাগ ভাগ কৰি খেদি পথিওৱা হ'ল। ইয়াৰ আভাস ড. ধ্ৰূবজ্যোতি বৰাৰ "কথা ৰত্নাকৰ" কিতাপ খনত পোৱা যাই।

+ এইয়া আন আন জাতি জনজাতিৰ বুদ্ধিজীৱীয়ে কৈৱৰ্ত্ত জাতিৰ ওপৰত তেওঁলোকৰ গ্ৰন্থ সমূহত উল্লেখ কৰা কথা। এই বুদ্ধিজীৱী সকলৰ বহুতে অসমীয়া ভাষা সংস্কৃতিৰ বাবে কৈৱৰ্ত্ত সকলৰ অৰিহণাক স্বৃকৃতি দিয়ে আৰু কৃতজ্ঞতা জনাই। আৰু আন বহুতে কৈৱৰ্ত্ত সকলক পাকে প্ৰকাৰে অস্পৃশ্য বুজাবলৈ চেষ্টা কৰি অসমীয়া ভাষা সংস্কৃতি সমাজলৈ ডোম শব্দ আমদানি কৰি জতিটোলৈ অন্ধকাৰ নমাই আনিলে। অসমীয়া জাতিটোৰ বাবে কৈৱৰ্ত্ত জাতিৰ অৱদান অশেষ আছে, লগতে কৈৱৰ্ত্ত সকলৰ পৌৰাণিক দিনবোৰ বৰ সুন্দৰ আছিল বুলি জানিব পৰা যায়। + কৈৱৰ্ত্ত সকলৰ জীৱিকা কি আছিল?যোগীনি তন্ত্ৰ মতে শাসক, ৰজা হাজাৰাবৰ্মাৰ তাম্ৰ ফলিৰ মতে কৰ সংগ্ৰহকাৰী বিষয়া, ৰাজতৰঙ্গীনী আৰু সম সাময়িক বৌদ্ধ ধৰ্মী পুথি মতে যোদ্ধা, আহোম বুৰঞ্জী মতে নৌসেনা, স্বাধীনোত্বৰ কিছু সংখ্যাক বুদ্ধিজীৱীৰ মতে অস্পৃশ্য জাতী, কিছু সংখ্যকৰ মতে মাছমৰীয়া জাতী, কিছু সংখ্যকৰ মতে সদাগৰ, সাউদ, মুদৈ, নাবিক যি সকলে ২ হাজাৰ বছৰৰ আগতেই এই ভূখণ্ডৰ বাকী জাতী জনজাতি সকলৰ লগত ব্যৱসায় কৰিবৰ হেতু অসমীয়া ভাষাৰ সৃষ্টি কৰিছিল। + + কৈৱৰ্ত্ত সকল কেতিয়াৰ পৰা মৎস্যজীৱি হ'ল? মাছ ধৰাটো এটা জীৱিকা হ'ব নোৱাৰে যেতিয়ালৈকে মাছ বিকাটো জীৱিকা নহয়। কেৱল মাছ খাই জীৱন ধাৰণ কৰাটো এটা অমূলক কথা। তেনেহলে কৈৱৰ্ত্ত সকলে কাক মাছ বিকিছিল? এই ভূখণ্ডৰ প্ৰতিটো জাতী জনজাতিয়ে মাছ ধৰাত পাকৈত আছিল, আহোম সকলে মাছ ধৰাটো এক ক্ৰিয়া হিচাপে লৈছিল, মিচিং সকল মাছুৱৈ, তিৱাসকলৰ মাছধৰা উৎসৱ পাতিছিল, বাকী কাৰ্বি বড়ো সকলৰ কথা নকলেওঁ হ'ব। মহেঞ্জোদাৰো হৰপ্পা সভ্যতাৰ সৃস্তিকাৰি জলসিঞ্চন উদভাৱক দ্ৰাবীড় মূলীয় এই কৈৱৰ্ত্ত সকলে কৃষিকৰ্ম ত্যাগ কৰি মাছ ধৰাটো জীৱিকা হিছাপে লোৱাৰ সম্ভাৱনিয়তা সম্পৰ্কে গৱেষণাৰ যথেষ্ট স্থল আছে। + ৰজা ঘৰীয়াই যদিও হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল, অসমত সেই সময়ত আৰ্য্যাৱৰ্ত্তত প্ৰচলিত চাৰি বৰ্ণ প্ৰথাটোৱে গা কৰি উঠিব পৰা নাছিল। কিন্তু ৰাজপুৰুহিত হিচাপে ন্যায়বাগীস কমলাকান্ত ভট্টাচাৰ্যক কলকাতাৰ পৰা আমন্ত্ৰণ কৰি আনি নিয়োগ কৰাৰ পাচত অসমৰ সমাজখনৰ আমোল পৰিৱৰ্তন ঘটিল। + ৰাজপুৰুহিতে ৰজাক পতিয়য়ন নিয়ালে যে ধৰ্মৰক্ষাৰ বাবে সমাজখন চাৰি বৰ্ণত বিভাজন কৰি বৰ্ণ সমূহৰ মাজত চুৱা-পৰাচিত ব্যৱস্থাটো মানি চলাটো অতি প্ৰয়োজন। + ৰাজপুৰুহিতৰ প্ৰৰোচনাত বৰ্ণ বিভাজনৰ কাম আৰম্ভ হ'ল। বৃত্তিয়াল, আন জাতি জনগোষ্ঠীৰ লগতে কৈৱৰ্ত্ত সকলো সূদ্ৰ জাতীৰ অন্তৰ্ভুক্ত হ'ল। আনকি বিভিন্ন জাতি জনগোষ্ঠীৰে গথিত সেনাসকলো সূদ্ৰ শ্ৰেণীৰ অন্তৰ্ভুক্ত হ'ল। সেই সময়ত বিদ্ৰোহৰ যুদ্ধত জুৰুলা, বিদ্ৰোহ দমনৰ নামত সৰ্বস্বান্ত, বিতাৰিত কৈৱৰ্ত্ত সকলক সমাজত আতাইতকৈ নিম্নতম স্থান দিয়া হ'ল। + সেয়ে স্বৰ্গদেউ ৰাজেস্বৰ সীংহৰ আমোলত নতুনকৈ অহা ৰাজপুৰুহিত ন্যায়বাগীশ কমলাকান্ত ভট্টাচাৰ্যৰ প্ৰৰোচনাত কৈৱৰ্ত্ত সকলৰ আৰ্থ-সামাজিক অৱস্থাৰ চৰম বিপৰ্য্যয় ঘটিছিল ১৭০০-১৭৫০ চনৰ ভিতৰৰ সময়ছোৱাত। কৈৱৰ্ত্ত সকলৰ ওপৰত হোৱা নিৰ্যাতন চাই থাকিব নোৱাৰি ৰাজেস্বৰ সীংহৰ পিতৃ ৰুদ্ৰ সীংহৰ বিশাল নৌবাহিনি মকৰল হোৱা কৈৱৰ্ত্ত সৈন্য তথা বিষয়া সকলে ৰাজপৰিয়ালৰ বিৰুদ্ধে বিদ্ৰোহত ভাগ ললে। আৰু এয়ে মুৱামৰীয়া বিদ্ৰোহৰ আৰম্ভণি। + সেই সময়তে এই ভূমিহীন কৈৱৰ্ত্ত সকলৰ বহুতেই জীৱন ধাৰণৰ বাবে মাছ ধৰা আৰু ছাউল আদি যাৱতীয় সামগ্ৰীৰ লগত বিনিময় কৰা আৰম্ভ কৰিলে আৰু বাকী খিনিয়ে সম্ভ্ৰান্ত আহোম বিষয়াৰ কৃষি কৰ্মত ব্ৰতি হ'ল। ৰাজপুৰুহিতৰ প্ৰিস্থপোষকতাত কৈৱৰ্ত্ত সকলক সহজে দুৰৈৰ পৰা চিনি পাব পৰাকৈ কপালত মাছৰ ছবি ক্ষোদিত কৰা আৰু ঘৰবোৰৰ আগফালে মাছৰ ছবি অঁকাৰো ব্যৱস্থা কৰিছিল। + ৰাজেস্বৰ সীংহৰ আগলৈকে শংকৰদেৱৰ সময়লৈকে ১৪০০-১৫০০ শতিকালৈকে অসমত কেৱল কৈৱৰ্ত্ত শব্দৰহে প্ৰচলন আছিল ডোম শব্দ প্ৰচলন কোনো কালেই নাছিল। সেয়ে সেইসময়ৰ শংকৰদেৱকে আদি কৰি সাহিত্যিক সকলে তেওঁলোকৰ লেখনিত কৈৱৰ্ত্ত শব্দহে প্ৰয়োগ ডোম শব্দ নহয়। ডোম শব্দৰ প্ৰচলন থকা হ'লে তেওঁলোকে ডোম শব্দহে লিখিলে হয়। সমাজত কৈৱৰ্ত্ত সকলৰ স্থান উচ্চ আছিল। শংকৰদেৱৰ প্ৰধান শিস্যসকলৰ বহুতেই কৈৱৰ্ত্ত আছিল, তদুপৰি গায়ন বায়ন সকল, ধাইমাৰূপী চন্দৰী আই আদি সকলো কৈৱৰ্ত্ত মানুহৰে পৰিবেস্তিত আছিল। + কৈৱৰ্ত্তসকল ধৰ্মভীৰু জাতি। যোৱা দুটা-তিনিতা দশকৰ আগলৈকে আহোমৰ পৰা ফুলেশ্বৰী কুৱৰীৰ দিনত অৱনমিত হোৱা কৈৱৰ্ত্ত আৰু মতকৰ কৈৱৰ্ত্ত সকলক বাদ দি বাকী সকলো কৈৱৰ্ত্তই বৈদিক প্ৰন্থাত বিশ্বাস কৰিছিল আৰু ৰিতি-নিতি সমূহ মানি চলিছিল। ক্ৰিয়া-কৰম, যযমাদিৰ বাবে প্ৰত্যেকখন কৈৱৰ্ত্ত অভ্যূসিত অঞ্চলত যথেষ্ট সংখ্যাক ব্ৰাহ্মণ পৰিয়ালে বাস কৰিছিল। এই ব্ৰাহ্মণ সকলো আমাৰ কৈৱৰ্ত্ত সকলৰ মাজৰে পুথি-পাজি পড়িব পৰা শিক্ষিত শ্ৰেণীটোৰে গথিত হৈছিল। গোসাঁয়ে আমাৰ কৈৱৰ্ত্ত সকলৰ মাজৰে পড়িব জনা দুই এজনক এই দ্বায়িত্ব অৰ্পণ কৰিছিল। + ধৰ্মভীৰু হোৱা হেতুকে এসময়য়ত কৈৱৰ্ত্ত দান-বৰঙনীৰে কৈৱৰ্ত্ত সত্ৰকেইখন বিৰাট সম্ৰিদ্ধিশালি আছিল। কৈৱৰ্ত্ত সকলে বৈদিক পন্থা এৰি "এক শৰণ ভাগৱতী সমাজ, শংকৰ সমাজ, শংকৰ সংঘ" ইত্যাদি পন্থা লোৱাৰ ফলত ব্ৰাহ্মণ গোসাঁই আৰু কৈৱৰ্ত্ত সত্ৰসমূহ এলাগি হ'ল। + কৈৱৰ্ত্তসকল ধৰ্মভীৰু জাতি। আজিৰ পৰা ৪টা বা ৫টা দশক আগতে ফুলেশ্বৰী কুৱৰীৰ দিনত আহোমৰ পৰা অৱনমিত হোৱা আৰু মতকৰ কৈৱৰ্ত্ত সকলক বাদ দি বাকি থকা সকলো কৈৱৰ্ত্তই বৈদিক পন্থাত বিশ্বাস কৰিছিল। ক্ৰিয়া-কৰম আৰু বৈদিক ৰিতিবোৰ পালনৰ বাবে কৈৱত্ত গাওঁবোৰত বহুতো ব্ৰাহ্মণ পৰিয়ালে বাস কৰিছিল। এই ব্ৰাহ্মণ সকল মূলতে শিক্ষিত কৈৱৰ্ত্ত। + শংকৰদেৱৰ কৈৱৰ্ত্ত শিস্যসকলক ধৰ্মপ্ৰচাৰৰ দ্বায়িত্ব দিয়াত তেওঁলোকে সূদিৰ গোসাঁই হিচাপে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ কেইবাখনো সত্ৰ প্ৰতিষ্ঠা কৰি ধৰ্ম প্ৰচাৰ চলাই গৈছিল। এই সত্ৰ সমূহৰ ভিতৰত তেজপুৰৰ নিকামূল, গোলাঘাটৰ নগুৰা, ডিব্ৰূগড়ৰ দিহিঙীয়াকে আদি কৰি ৯খন প্ৰধান সত্ৰ। এই সত্ৰাধিকাৰ সকলৰ আজিৰ প্ৰজন্মই যদিও গোস্বামী মহন্ত আদি উপাধি লিখে। তেওঁলোকক বহুতেই ডোমৰ গোসাঁই বুলি উপলুঙা কৰে। অসমৰ স্বনামধন্য বুদ্ধিজীৱী সকলেও তেওঁলোকৰ উপন্যাস আদিত তেওঁলোকক আমাৰ লগতে সাঙুৰি অপমান কৰাৰ বহু উদাহৰণ আছে। ড. হোমেন বৰগোহাঞিৰ মৎস্যগন্ধা তেনে এখন উপন্যাস। + বতৰ্মান এই সত্ৰ সমূহ বেদখলকাৰিৰ কবলত। বমুন গোস্বামী বিলীকেও চহৰলৈ গৈ আন আন বামুণ গোসাঁইৰ লগত সমাজ পাতিলেগৈ........... কোন কৈৱৰ্ত্তৰ গোসাঁই কোন নহয় চিন চাব নোহোৱা হ'ল। + বুৰঞ্জীৰ পৰা এটা কথা অনুধাৱন কৰিব পাৰি যে ব্ৰাহ্মণ আৰু বেঙ্গলী সকলৰ বাবেহে কৈৱৰ্ত্ত সকল মৎস্যব্যৱসায় আৰম্ভ কৰিলে......কিয়নো কেৱল মাত্ৰ এই দুটা জাতিয়ে মাছ ধৰিব নাজানে কিন্তু খাই ভাল পায়। ব্ৰিটিছ গেজেটত উল্লেখ আছে যে ব্ৰিটিছ আমোলত অসমৰ লক্ষ্মীমপুৰ জিলাৰ পৰাই আতাইতকৈ বেছি ৰাজহ সংগ্ৰহ হৈছিল আৰু সেয়া আহিছিল বিল ডাকত লোৱা কৈৱৰ্ত্ত বিষয়া সকলৰ পৰা। অৰ্থাৎ মৎস্যব্যৱসায়ৰ পৰা। +

অসমৰ খিলঞ্জীয়া কৈবৰ্ত্ত সকলৰ বিস্তৃত ইতিহাস আছে। এই জনগোষ্ঠীটোৱে অতীত অসমক জিলিকাই ৰাখিছিল। বৈদিক যুগৰ এই জনগোষ্ঠীটো কৈবৰ্ত্ত বুলি পৰিচিত। এই জনগোষ্ঠীটোৱে ২ শতিকাৰ পৰা ১৬ শতিকালৈ অসম ৰাজত্ব কৰিছিল। বহু পণ্ডিতে এই জনগোষ্ঠীটো অসমৰ সবাটোকৈ পুৰণি জনগোষ্ঠী বুলি প্ৰমাণ কৰিছে। প্ৰচলিত ভিন্ন মত অনুসৰি কৈৱত´ সকল দ্ৰাবিড় আৰু তেনেকৈ বহুসংখ্যকে আৰ্য বুলি নিৰ্ণয় কৰে। নৃতত্ত্ব বিজ্ঞানৰ বিশ্লেষণ অনুযায়ী এওঁলোক অধিকাংশই দেখাত দ্ৰাবিড় জনগোষ্ঠী। এম. এল. কাঠবৰুৱাই এওঁলোক ওখ খাপৰ সু-সভ্য জাতি বুলি উল্লেখ কৰিছে। (অসম বুৰঞ্জী ৪থ´ অধ্যায়, পৃ: ৯) আয´ আৰু দ্ৰাবিড় মিশ্ৰত বংশধৰৰুপে সৰযূৰ কৈৱত´সকলে প্ৰথমে অসমৰ নামনি অংশত লৌহিত্যপুৰ ৰাজ্য স্থাপন কৰিছিল। নাগশংকৰ ৰজাই শোণিতপুৰৰ প্ৰতাপগড়ত ৰাজধানী পাতি লৌহিত্যপুৰ নামেৰে ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। এৱেঁই শিৱ দেৱালয় স্থাপন কৰিছিল পুখুৰি খন্দাইছিল। এই দেৱালয় নাগশংকৰ মন্দিৰ হিচাপে জনাজাত আৰু আজিও সাক্ষ্্য বহন কৰি আছে। পাছৰ কৈৱত্ত´সলে অসমৰ নামনি আৰু মধ্যভাগত ৰাজ্য স্থাপন কৰিছিল। নগাৱঁৰ ডবকা ৰাজ্যৰ ৰাজধানী চম্পাৱতীত ৭০০০ ধনী সদাগৰে বাণিজ্য কৰি উন্নতিৰ শীষ´ত আছিল। সমুদ্ৰগুপ্তৰ এলাহাবাদ শিলালেখাত কপিলীভেলীৰ ডবকা যে এখন স্বাধীন ৰাজশাসিত অঞ্চল আছিল তাৰ প্ৰমাণ পোৱা যায়।

+

+ + হজ´ৰ বম´নৰ (৮২০-৮৩৫ খ্ৰী:) ৰাজত্বকালত নৌশক্তি যথেষ্ট শক্তিশালী আছিল। এই নৈ শক্তিৰ মূলতেই আছিল কৈৱত´সকল। নৌ বাহিনীৰ সৈন্যসকল অথা´ৎ কৈৱত´সকলে ব্ৰহ্মপুত্ৰৰ পাৰত বত´মান তেজপুৰৰ জাহাজঘাটৰ প্ৰায় এমাইলমান ভেটিত এটা ছাউনীত নিজ শক্তি অনুশীলন কৰিছিল। কৈৱত´সকলে সততে নিমাখিত মাছমৰীয়া সকলৰ লগত কাজিয়াত লিপ্ত হৈছিল। যি বোৰ মাছমৰীয়া নাৱে নৈ বাহিনীক আহুকাল লগাইছিল, সেইবোৰ তেওঁলোকে কাঢ়ি আনি নিজৰ কৰি লৈছিল। কেতিয়াবা নদীত ডুবাইও দিছিল। এনে ধৰণৰ বিবাদে তুংগত ঠাই পোৱাৰ বাবে এটা ৰাজ আদেশ জাৰি কৰিছিল আৰু এই আদেশ নদীৰ পাৰৰ এটি শিলত খোদিত কৰি ৰখা হৈছিল (৫২০ গুপ্তাব্দ, ৮২৯ খ্ৰী:)। উক্ত আদেশমতে কোনো মাছমৰীয়াই তেওঁলোকৰ নাও ভৰা সুঁতিলৈ নিব নোৱাৰিব আৰু যি এই নিয়ম উলংঘা কৰব তেওঁ পাচঁ পইচা জৰিমনা ভৰিব লাগিব। উক্ত ৰাজ আদেশ লিখা শিলটো এতিয়াও আছে। (Asomiya Sanskritir Patabhumi: An Assamese Version of Rajmohan Nath's book the Background of the Assamese Cultural by Bhabskanta Nath) + + ইয়াৰ পৰাই কৈৱত´সকল যে মাছমৰীয়া নাছিল নি: সন্দেহে ঠাৱৰ কৰিব পাৰি ৷ ড॰ সূয´কুমাৰ ভূঞাই অসম ইতিহাসত উল্লেখ কৰিছে যে নাগাক্ষ বংশৰ আৰিমত্ত ৰজাই ১8 শতিকাত মাজুলি আৰু বহ্মপুত্ৰৰ উত্তৰ পাৰে ৰাজত্ব কৰিছিল॥ + প্ৰতাপী আৰিমত্ত ৰজা সুন্দৰ সুঠাম দেহৰ দেখত আঁৰি মাছৰ দৰে, সেয়ে তেওঁ আৰিঁমত্ত বুলি পৰিচিত। তেওঁ নিজ বাহুবলেৰে সেই সময়ৰ সৰু সৰু ৰাজ্যসমূহ জয় কৰি ৰাজ্যৰ চাৰিসীমা বৃদ্ধি কৰিছিল। এওঁ কামৰূপৰ সৌমাৰপীঠৰ, কামপীঠ, সুবণ´পীঠ আৰু ৰত্নপীঠ নামৰ চাৰি পীঠৰ অধিকাৰী আছিল। হৰগৌৰী সংবাদমতে আৰিমত্ত জিতাৰী বংশৰ শেষ ৰজা ৰামচন্দ্ৰ পুত্ৰ যিজনক কৈৱত´ হিচাবে জনা যায়। আৰিমত্ত শশাংক বুলিও জনা যায়। + অসমীয়া লিখিত সাহিত্যৰ নিদশন হিচাপে চযা´পদসমূহৰ মূল্য অপৰিসীম। এই চযা´পদৰ ৰচক হ'ল মীনাপা। সেই সময় চৌৰাশী সিদ্ধৰ ভিতৰত লুইপা আৰু মীনাপা ভাৰতবষ´ৰ দুখন বিশ্ববিদ্যালয় ক্ৰমে বিক্ৰমশীলা আৰু নালন্দাৰ আচায´ আছিল। মীনাপাই চযা´গীত ৰচনা কৰাৰ উপৰি "কামশাস্ত্ৰ স্মৰদীপিকা" আৰু "বাহ্যান্তৰ বোদ্ধিচিত্ত বন্দোপদেশ" নামৰ গ্ৰন্থ লিখিছিল। সেই গ্ৰন্থসমূহেই সুসভ্য কৈৱত´সকলৰ অতীত বুৰঞ্জীৰ কথা প্ৰমাণ কৰে।

অনামী সম্পাদকৰ উপৰোক্ত লেখাখিনিয়ে ৱিকিপিডিয়াৰ শৈলী অনুসৰণ নকৰাৰ বাবে মূল প্ৰবন্ধৰ পৰা আঁ‌তৰোৱা হ'ল। পিছলৈ মূল প্ৰবন্ধটো উন্নত কৰাত সহায় হ'ব পাৰে বুলি কথাখিনি সালসলনি নকৰাকৈ তুলি ইয়াতে ৰখা হ'ল। --ন্দন  চিৰিং  ফুকন 14:36, 23 June 2020 (ইউ.টি.চি.)

কৈৱৰ্ত সম্প্ৰদায়[সম্পাদনা কৰক]

কৈৱৰ্ত সম্প্ৰদায় 2409:4065:182:5A48:0:0:238F:70AD 13:34, 3 March 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]