বাৰ্তা:গোৱালপাৰীয়া লোকগীত
বিষয় যোগ কৰকঅৱয়ব
Latest comment: 1 বছৰৰ পূৰ্বে by Kandarpajit Kallol in topic গোৱালপৰীয়া নে গোৱালপাৰীয়া?
গোৱালপৰীয়া নে গোৱালপাৰীয়া?
[সম্পাদনা কৰক]নদীৰ পাৰত অৱস্থিত অঞ্চলৰ লগত পৰীয়া শব্দ যোগ হয়। যেনে - লুইতৰ পাৰৰ পৰা লুইতপৰীয়া। ঠিক তেনেদৰে কলং নদীৰ পাৰৰ পৰা কলংপৰীয়া। নৈৰ পাৰৰ পৰা নৈপৰীয়া। গোৱালপাৰা নামৰ কোনো নদী নাই। ঠাইৰ নামৰ লগত পৰীয়া যোগ নহয়। তাৰোপৰি এই অঞ্চলৰ মানুহৰ উচ্চাৰণ লক্ষ্য কৰিলে দেখিবলৈ পাব যে, এই অঞ্চলৰ মানুহে গোৱালপাৰীয়া বুলিয়েই কয়। গোৱালপৰীয়া নহয়। ঠিক যেনকৈ উৰিয়াৰ ঠাইত ওড়িয়া, তেলেগুৰ ঠাইত তেলুগু, উৰিষ্যাৰ ঠাইত ওড়িশা লিখা হয়, তেনেদৰে গোৱালপৰীয়াৰ ঠাইত গোৱালপাৰীয়া বেছি শুদ্ধ ৰূপ।
তাৰোপৰি অসমীয়া ভাষাৰ নাম বেলেগ ভাষাত আসামী, অসমিয়া আদি লিখিলে যেনেদৰে আমাৰ ভাল নালাগে, ঠিক তেনেকৈ গোৱালপাৰীয়াক গোৱালপৰীয়া বুলি লিখিলে আমাৰ দৰে অবিভক্ত গোৱালপাৰা জিলাৰ মানুহৰো ভাল নলগাটো স্বাভাৱিক। ~ কন্দৰ্পজিৎ কল্লোল (বাৰ্তা) 19:58, 7 March 2025 (ইউ.টি.চি.)