বাৰ্তা:গৰু বিহু

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

গৰু বিহুৰ লগত জড়িত অসমীয়া সমাজৰ লোকাচাৰ আৰু লোকবিশ্বাস[সম্পাদনা কৰক]

"ব’হাগ মাথোঁ এটি ঋতু নহয়

    নহয় ব’হাগ এটি মাহ

   অসমীয়া জাতিৰ ই আয়ুস-ৰেখা

    গণজীৱনৰ ই সাহ ।"

  ড° ভূপেন হাজৰিকাই কৈ যোৱাৰ দৰে বহাগ মাথো এটি ঋতু নহয়,বহাগ অসমীয়া জাতিৰ আয়ুস-ৰেখা । বহাগ অসমীয়া জাতিৰ প্ৰাণ,য'ত নিহিত হৈ থাকে অসমীয়া জাতিৰ পৰিচয় । কুলিৰ মাতত বসন্ত আহে ।বসন্তৰ আগমনৰ লগে লগে সমস্ত প্ৰকৃতিয়ে নিজৰ ৰূপ সলায় নতুন সাজেৰে তৈয়াৰ হয় বহাগক আদৰিবলৈ। বসন্তৰ এনে সময়তে চহা ৰাইজেও জীৱন উপভোগ কৰিবলৈ আগবাঢ়ি আহে । প্ৰত্যেকজন অসমীয়াৰ সিৰে সিৰে শিপাই গৈ বহাগে যেন লৈ আহে আনন্দৰ বন্যা । বছৰৰ আৰম্ভণিতে পালন কৰা বহাগ বিহু প্ৰত্যেকজন অসমীয়াৰ আদৰৰ । এই বিহু তিনিটা বিহুৰ ভিতৰতে প্ৰধান । এই বিহুত ৰং-ৰহইছ বেছি,যাৰবাবে এই বিহুক ৰঙালী বিহু আখ্যা দিয়া হয় ।  

         প্ৰকৃতপক্ষে অসমীয়া সমাজ জীৱনৰ ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, ধৰণ-কৰণ, পিন্ধন-উৰণ, খেতি-বাতি, খোৱা-বোৱা, চিন্তা-কল্পনা আদি এনে এটা দিশ নাই, যিসমূহ বিহুৰ মাজেদি প্ৰতিফলিত হোৱা নাই । গতিকে বিহু সংস্কৃতি বুলিলেই বিহু আৰু ইয়াৰ সৈতে জড়িত থকা ভালেমান সামাজিক লোকাচাৰ আৰু বিশ্বাসৰ কথা মনলে আহে । ব’হাগ বিহুৰ লগত ৰং-তামাচা, নৃত্য-গীতৰ লগতে বহুতো ৰীতি-নীতি, লোকাচাৰ আৰু জনবিশ্বাস জড়িত হৈ আছে ।কৃষিজীৱি অসমীয়াই কৃষিভিত্তিক এই লোক উৎসৱটিৰ মাজেৰে নিজৰ জাতীয় পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে।

ব’হাগ বিহু বা ৰঙালী বিহু চ’তৰ সংক্রান্তি অৰ্থাৎ গৰু বিহুৰ দিনাখনৰ পৰা আৰম্ভ হৈ ব’হাগৰ ছয় দিনলৈ পালন কৰা হয় । সাতদিন ধৰি পালন কৰা এই বিহুৰ প্ৰত্যেক দিনৰে একোটাকৈ পৃথক নাম আৰু পৰম্পৰা আছে। এই সাত বিহু হ'ল গৰু বিহু,মানুহ বিহু,গোঁসাই বিহু,চেনেহী বিহু,তাঁতৰ বিহু,নাঙলৰ বিহু আৰু চেৰা বিহু । এই মূল সাতবিহুৰ বিভিন্ন জনগোষ্ঠীভেদে ভিন ভিন নাম আছে। জাতি-জনগোষ্ঠী ভেদে ভিন ভিন নাম হলেও সমগ্ৰ অসমীয়া জাতিয়ে ব’হাগ বিহু উলহ-মালহেৰে পালন কৰে।

    ব’হাগ বিহু বা ৰঙালী বিহুৰ প্ৰথম দিনটোৱেই হ’ল গৰু বিহু। চ’ত আৰু বহাগ মাহৰ সংক্ৰান্তিৰ দিনা অসমীয়া কৃষিজীৱি ৰাইজৰ কৃষিকৰ্মৰ প্রধান সম্বল গৰুৰ নামত উছৰ্গা কৰি “গৰু বিহু” হিচাপে পালন কৰা হয়।ঘৰৰ গোহালিৰ গৰুকেইটাৰ মংগল তথা সু-স্বাস্থ্য কামনা কৰি সংক্ৰান্তিৰ দিনাখন অতীতৰ পৰাই অসমীয়াই গৰু বিহু পালন কৰি আহিছে । গৰু বিহুৰ দিনা চহা লোকে পুৱা দোকমোকালিতে শোৱাপাটীৰ পৰা উঠি গোহালিৰ

গৰুকেইটা শুই আছে নে নাই সেইটো নিৰীক্ষণ কৰে

গৰুকেইটা যদি ঠিয় হৈ থকা দেখে তেন্তে সেই বছৰটোত বানপানী নহয় আৰু শুই থকা দেখিলে বানপানী হয় বুলি এক বিশ্বাস কৃষিজীৱি ৰাইজৰ মাজত প্ৰচলিত । সেইদিনা

গাঁৱৰ প্ৰত্যেকঘৰ মানুহে চাট সাজে । চাটৰ তলফালটো হাতেৰে মুঠি মাৰি ধৰিব পৰাকৈ ডাঙৰ হয় আৰু গা অংশত দুই বা ততোধিক শলা থাকে। সাধাৰণতে চাটসমূহ দুই, তিনি বা চাৰিসিৰীয়াকৈ সজা হয় । অঞ্চলবিশেষে ইয়াক বিহুৰ দিনা পুৱাৰ সলনি আগদিনা ৰাতিয়েই সাজি ৰখা হয়। লাও, বেঙেনা,কেৰেলা, থেকেৰা, তিঁয়হ, হালধি(কেঁতুৰি)

টুকুৰা টুকুৰকৈ বা চকল চকলকৈ কাটি চাটসমূহত গুঠা হয়। মাহ-হালধি পতাত পিহি লৈ গৰুৰ গাত ঘঁহি দিয়া হয় আৰু গোহালিৰ গৰুসমূহ দীঘলতী, মাখিয়তীৰে কোবাই কোবাই নৈ,বিল,জান-জুৰি বা মুকলি পথাৰত গা ধুৱাবলৈ নিয়া হয়।গৰুৰ গাত কোবোৱাৰ অন্তৰালত উৰ্বৰা বিশ্বাস জড়িত হৈ আছে। সকলো ৰাইজ একেলগ হৈ গৰু গা ধুৱায় আৰু গৰুৰ গাত চাটৰ লাও,বেঙেনা, কেৰেলা ছটিয়ায় আৰু গায় –

       “লাও খা, বেঙেনা খা

        বছৰে বছৰে বাঢ়ি যা,

        মাৰ সৰু,বাপেৰ সৰু

        তই হ’বি বৰ বৰ গৰু। “

এইদৰে কৰিলে গৰুৰ শ্ৰীবৃদ্ধি হয় বুলি বিশ্বাস কৰা হয় ।

তদুপৰি মাখিয়তি পাতেৰে কোবালে গৰুৰ গাত মহ-মাখি কমকৈ পৰে বুলি লোকবিশ্বাস প্ৰচলিত আছে।গৰু গা

ধুওৱাৰ পিছত গৰুবোৰক পথাৰত মুকলিকৈ চৰিবলৈ এৰি দি চাটত থাকি যোৱা অৱশিষ্ট লাউ বেঙেনাৰে চাটবিলাক আনৰ লগত সলনা-সলনি কৰি ঘৰলৈ অনা হয় ।এনে কৰিলে অপায়-অমংগল দূৰ হয় আৰু মানুহৰ মাজৰ সম্পৰ্কবোৰ দৃঢ় হয় তথা মিলা-প্ৰীতি বাঢ়ে বুলি চহা সমাজত বিশ্বাস কৰে আৰু এই চাট গৃহস্থই সযতনে গোহালিৰ এটা চুকত ওলোমাই থয়। অঞ্চলভেদে গৰুৰ গালৈ ছটিওৱা চাটৰ পাচলিৰ একাংশ বুটলি সেইদিনা দুপৰীয়া গ্ৰহণ কৰা পঁ‌ইতা ভাতৰ সৈতে খাবলৈ আঞ্জা ৰন্ধাৰো পৰম্পৰা আছে । চাটৰ বস্তু খালে বেমাৰ-আজাৰ নহয় বুলি বিশ্বাস কৰা হয়। সাধাৰণতে চাট বোৰ দুই,তিনি,চাৰি সিৰীয়াকৈ ত্ৰিশূলাকৃতিত বনোৱা হয় । জনপ্ৰবাদ অনুসৰি পথাৰত বা নদীৰ পাৰত গৰুৰ গালৈ মৰা হালধিৰে সেইদিনা গা ধুলে বহুখিনি বেমাৰৰ পৰা হাত সাৰিব পাৰি। মাঘ বিহুৰ দিনা মাহ-কৰাই খোৱাৰ দৰে ব’হাগ বিহুৰ দিনাও আমৰ কলি, কঁঠালৰ মুচি, মচুৰ মাহ খালে বছৰটোলৈ বেমাৰ আজাৰ নহয় বুলি বিশ্বাস প্ৰচলিত আছে। বিহুৰ দিনা পুৱাবেলা কণীযুঁজ, কড়ি খেলৰ যি পৰম্পৰা অসমীয়া সমাজত প্ৰচলিত আছে তাক উৰ্বৰতা বিশ্বাসৰ ভেটিতেই গঢ় লৈ উঠিছে বুলি ক’ব পাৰি ।

সন্ধিয়া গৰুবোৰ ঘৰলৈ উভতি অহাৰ সময়ত পদূলিমুখত আৰু গৰুৰ গোহালিৰ মুখত বিহলঙনী, টিকনি বৰুৱা,তুঁহ,খেৰ,দীঘলতি, মাখিয়তী,মৰলীয়া আদিৰে জুই জ্বলাই জাগ দিয়া হয়। এই জাগৰ ধোঁৱা বিচনীৰে বিচি গৰুক দিয়া হয় । জাগৰ ধোঁৱাই গোহালিৰ মহ-ডাঁহ আঁতৰোৱাৰ উপৰি অপদেৱতাক খেদি পঠায় বুলি সহজ-সৰল চহালোকে বিশ্বাস কৰি আহিছে। ঠাই বিশেষে সাপ আদিৰপৰা ঘৰচীয়া জীৱ-জন্তুক ৰক্ষা কৰিবলৈ সেইদিনা গোহালিৰ চাৰিওকাষে নহৰু বটা পানীত ছটিওৱা হয়। গোটেই বছৰটোৰ বাবে গৰু-ছাগলীৰ ডিঙিত বগা, ৰঙা সূতা মেৰিয়াই দিয়া হয় । গৰুবোৰ গোহালিত সোমোৱাৰ পিছত আদৰ-সাদৰ কৰি মাহ হালধিৰে কপালত ফোঁট দি পিঠা খাবলৈ দিয়া হয় আৰু ডিঙিত নতুন পঘা দিয়া হয় তাৰ পিছত মাখিয়তীৰ পাতেৰে বিচি দি এইদৰে গোৱা হয়-“মাখিয়তীৰ মাখিপাত, মাখি মাৰোঁ জাত জাত।"

গৰুৰ পঘাডাল সাধাৰণতে মৰাপাটেৰে তৈয়াৰ কৰা হয়। মৰাপাটৰ প্ৰতিটো পাকৰ মাজে মাজে ‘তৰাগছ’ৰ বাকলি খাজি এই পঘা সাজি উলিওৱা হয়। তাত হালধিৰে মিহি প্ৰলেপ সানি গৰু বিহুৰ দিনাই গৰুক নতুন পঘাৰে আদৰণি জনোৱা হয় । এই পঘাত তুলসী-দূবৰি গুঁজি দিয়া হয় । এনে কৰিলে গৰুৰ বংশ বৃদ্ধি হয় বুলি বিশ্বাস কৰা হয় । প্ৰকৃততে হালৰ গৰুৰ সু-স্বাস্থ্য কামনাৰেই এই ধৰণৰ লোকাচাৰ চহা লোকসকলে পালন কৰি আহিছে- এই কথা নিঃসন্দেহে ক’ব পাৰি ।

         গৰু বিহুৰ দিনৰ পৰাহে আমাৰ সমাজত বিচনীৰ বা লোৱাৰো নিয়ম। আগতে ল’লে মূৰঘূৰণি হয় বুলি বিশ্বাস কৰা হয় । সেইদিনাই ঘৰৰ মূল মানুহজনীকো বিচনীৰে বিচি দিয়াৰ পৰম্পৰা প্ৰচলন আছে । সেইদিনা গৰুক বিচনীৰ বিচ দিয়াৰ পিছতেহে মানুহে বিচনীৰ বা লয় আৰু এনে কৰিলে গোটেই বছৰটো শৰীৰ জুৰ পৰি থাকে বুলি বিশ্বাস কৰা হয় । গৰু বিহুৰ দিনা নাহৰ পাতত মন্ত্ৰ লিখি ঘৰত ওলমাই ৰখা হয়। এই মন্ত্ৰটো হৈছে –

   “দেৱ দেৱ মহাদেৱ,নীলগ্ৰীৱ জঁটাধৰ।

   বাত বৃষ্টি হৰং দেৱ,মহাদেৱ নমস্ততে। । “

মন্ত্ৰটো লিখি ঘৰৰ চালত আৰু গোহালি ঘৰৰ চালত খুচি থোৱাৰ প্ৰথা অসমীয়া সমাজত আছে। লগতে টিকনি বৰুৱাৰ লতা এডালো মূল দুৱাৰৰ ওপৰত লগোৱা হয়।

ঘৰখন বতাহ-ধুমুহা ,ঢেৰেকণি, বজ্ৰপাত,বৰদৈচিলা বা আন যিকোনো প্ৰাকৃতিক দুৰ্যোগৰ পৰা যাতে ৰক্ষা পৰে,তাৰ বাবেই গৃহস্থই নাহৰ পাতত এই মন্ত্ৰ লিখি ঘৰত থয় ।

   গৰু বিহুৰ দিনাই অসমীয়া লোকে এশ এবিধ(১০১) শাক বুটলি খোৱাটো এটা নিয়ম। বিভিন্ন ঔষধি গুণেৰে ভৰপুৰ গুণসম্পন্ন খাদ্য সমূহে আমাক গোটেই বছৰটো সুস্থ-সবল হৈ থকাত সহায় কৰে । এই এশ এবিধ শাকত বিভিন্ন শাক-পাচলি, তৰু-লতা-তৃণ আদি অন্তৰ্ভুক্ত কৰা হয়।এনেবোৰ শাকৰ ভিতৰত- ঢেঁকীয়া, কচু, চুকাশাক, লাই, লফা,ভেদাইলতা, ধুতুৰা, কলমৌ, মাটিকাঁদুৰী, মহানিম, জিলমিল,বহমথুৰি, মানিমুনি, দোৰোণ, সৰিয়হ আদি অন্যতম। লগতে গৰুৰ চাকত দিয়া লাও, বেঙেনা, হালধি, থেকেৰা আদিও খোৱা হয় ।এই সকলো শাক-পাচলিবোৰত টেঙা, কেঁহা, তিতা আদি গুণৰ সমাহাৰ হয়,যাৰবাবে এই ব্যঞ্জনবিধ সকলো ৰোগৰ মহৌষধ তথা এইদৰে এশ এবিধ শাকে দেহৰ বিভিন্ন ৰোগ নিৰাময় কৰে বুলি লোকবিশ্বাস আছে। তদুপৰি অসমীয়া জনমানসত এক গভীৰ বিশ্বাস প্ৰতিষ্ঠা হৈ গৈছে যে গৰুবিহুৰ দিনাখন প্ৰতিবিধ বনশাক বিশেষ ঔষধি গুণসম্পন্ন হৈ উঠে আৰু সেই শাকেৰে এসাজ খালে ৰোগ-ব্যাধি নিৰাময় হয় । সেইদিনা বিহ খালেও ঔষধৰ কাম কৰে বুলি বিশ্বাস কৰা হয়। এশ এবিধ শাক যোগাৰ কৰিব নোৱাৰিলেও সাতবিধেৰে কাম চলোৱা হয়; ইয়াকে ‘সাতশাকী’ বোলে। এই দিনটোত আমৰলি টোপো খোৱা হয়। আমৰলি টোপ খালেও এশ এবিধ শাক খোৱাৰ দৰেই হয় বুলি কোৱা হয়। অসমৰ বহু ঠাইত সাত বিহুৰ দিনাহে এই এশ এবিধ শাক খোৱাৰ পৰম্পৰা আছে।

    গৰু বিহুৰ দিনাই গধূলি কাম-বন সামৰি জীয়ৰী-বোৱাৰী সকলে হাতত জেতুকা লয় । সাধাৰণতে জেতুকা পাতৰ লগত পাণ, থেকেৰা, ডালিমৰ কোঁহ, মধুৰিআমৰ কোঁহ আদি মিহলাই পটাত পিহি মিহি কৰি দুহাতৰ তলুৱাত, নখত, ভৰিৰ আঙুলিৰ নখত,ফাঁকত ঘঁহা হয়। কোনো কোনোৱে বেছিকৈ ৰং ধৰিবৰ বাবে ৰাতিটো হাতত বান্ধি থয়। লগতে কোনো কোনো ঠাইত কেঁচা জেতুকাৰ ৰস অকন খোৱাৰো নিয়ম। এনে কৰিলে বছৰটোৰ বিভিন্ন ৰোগৰপৰা মুক্তি পায় বুলি বিশ্বাস কৰা হয়।

       এনেদৰে অসমীয়া সমাজত বিভিন্ন লোকবিশ্বাস আৰু লোকাচাৰৰ মাজেৰে গৰুবিহু পালন কৰা হয়। বৰষা বড়া (বাৰ্তা) 08:08, 6 April 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]