বাৰ্তা:চ্যু-কা-ফা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা
(বাৰ্তা:চুকাফাৰ পৰা পুনঃনিৰ্দেশিত)

"অসম দিৱস (চ্যুকাফা দিৱস)ৰ উৎপত্তি", হেম গগৈ, অসমীয়া খবৰ, ২ ডিচেম্বৰ, ২০১১, ৰ তথ্য অনুসৰি 'অসম দিৱস'ৰ চৰকাৰী স্বীকৃতি ১৯৮৭ চনত দিয়া হয়।

ৱিকিপিডিয়াৰ এই প্ৰবন্ধটোত থকা- "বৰ-অসম গঢ়াৰ ক্ষেত্ৰত চুকাফাৰ অৱদানলৈ শ্ৰদ্ধা জনাই ১৯৯৬ চনৰ ২ ডিচেম্বৰৰ পৰা অসমত চুকাফা দিৱস বা অসম দিৱস উদ্‌যাপন কৰি অহা হৈছে৷" কথাখিনিৰ সংক্ৰান্তত তথ্যটো আগবঢ়ালো।

আনহাতে উপৰোক্ত প্ৰবন্ধটোৰ তথ্য অনুসৰি চ্যুকাফা দিৱস ১৯৭২ চনত ছৈখোৱা অঞ্চলৰ ভীমকান্ত বুঢ়াগোহাঁই নামৰ এজন সমাজকৰ্মীয়ে ১৯৭২ চনত আৰম্ভ কৰিছিল। ১৯৮৭ চনত এই দিৱসক অসম দিৱস হিচাপে চৰকাৰী স্বীকৃতি প্ৰদান কৰা হয়। Pankaj Jyoti Mahanta (পংকজ জ্যোতি মহন্ত) (talk) 19:51, 4 জুলাই 2012 (UTC)

@KhiLanTzi মোৰ বোধেৰে চুকাফা বহুল ব্যৱহৃত নাম। আহোম ভাষাৰ উচ্চাৰণৰ ক্ষেত্ৰত চ্যু-কা-ফা হ'লেও বহুলভাৱে প্ৰচলিত নামটোকেই ৰখা উচিত। চ্যু-কা-ফালৈ এটা পুনৰনিৰ্দেশ ৰাখিব পৰা যায়।-Chandan Chiring Phukon Chat 11:27, 8 March 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

@Chiring chandan মোহনদাস কৰমচান্দ গান্ধীতকৈ মহাত্মা গান্ধীটো বেছি প্ৰচলিত। কিন্তু তাত প্ৰকৃত নাম ব্যবহাৰ কৰা দেখিলোঁ। আৰু ফেইচবুক পৃষ্ঠাটো উচ্ছাৰনকে প্ৰাধান্য দিয়া হৈছে। অসমত কিমান জনে ফেচবুকৰ সলনি ফেইচবুক বুলি কয় সেয়া সকলোৱে জানো। তদুপৰি চ্যু-কা-ফা বুলিও যথেষ্ট কিতাপত তথা দল সংগঠনেও চুকাফাৰ সমানে ব্যৱহাৰ কৰা দেখা যায়। খিলঞ্জীত বাৰ্তা 18:23, 8 March 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
স্বৰ্গদেউসকলৰ আহোম নামবোৰৰ ভিন্নতা পোৱা যায়। আহোম ৰাজবংশ এই সাঁচটোত থকা আৰু ৱিকিপিডিয়াত থকা নামবোৰ "ইতিহাসে সোঁৱৰা ছশটা বছৰ" কিতাপৰ পৰা লোৱা হৈছে আৰু অসমীয়া ভাষাত পূৰ্বৰে পৰা তেনেকৈয়ে লিখি অহা হৈছে। এতিয়াহে কিছুলোকে টাই ভাষাৰ আৰ্হিত লিখিবলৈ আৰম্ভ কৰিছে। গতিকে এই নামবোৰ তেনেকৈয়ে থোৱাৰ লগতে সাঁচটোও পূৰ্ৱবত কৰি দিব লাগে। দিব্য দত্ত (বাৰ্তা) 14:55, 16 August 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
 সমৰ্থন --চন্দন চিৰিং ফুকন ✉️ 00:25, 17 August 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@Chiring chandan, @KhiLanTzi, আহোম ভাষাত কি উচ্চাৰণ হ'ব সেয়া মূলকথা নহয়; মূলকথা হ'ল অসমীযা ভাষাত কি বানানেৰে লিখা হয় সেইটোহে। অসমীয়া ভাষাত প্ৰকাশিত পাঠ্যপুথি, বিশিষ্ট লেখকে লিখা ইতিহাস বিষয়ক গ্ৰন্থ, চৰকাৰী গেজেট, বিশিষ্ট প্ৰচাৰমাধ্যম আদিয়ে নামবাচক শব্দবোৰৰ যি বানান অনুসৰণ কৰে, অসমীয়া ৱিকিপিডিয়ায়ো তাকে অনুসৰণ কৰিব। ইয়াত ব্যক্তি বিশেষৰ নিজস্ব চিন্তাধাৰা বা বিচাৰ কোনোমতেই প্ৰযোজ্য নহব। অনা-অসমীয়া বা বিদেশী ভাষাৰ পৰা অহা নামবাচক শব্দবোৰৰ মূলত যি উচ্চাৰণে নহওক কিয়, অসমীয়া ভাষাত তাক নিজৰ বানান শৈলীৰেহে লিখা হয়। 'ফেচবুক'ক যদি 'ফেইচবুক' শিৰোনামেৰে লিখা হৈছে, তেন্তে তাকো সলনি কৰা উচিত। বাবুল বৈশ্য (বাৰ্তা) 08:56, 16 August 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@Babulbaishya WP:COMMONNAME অনুসৰি যিটো নাম বহুলভাৱে প্ৰচাৰিত সেই নামটো ব্যৱহাৰ কৰিব লাগে। ইয়াত ভাষাৰ কথা নাহে ৱিকিপিডিয়াৰ নিজা নিয়ম আছে নামকৰণৰ আৰু WP:COMMONNAME অনুসৰি মই লাচিত বৰফুকনৰ পৃষ্ঠাটো লা-চিত ফুকন-লুঙ কৰা নাই কিন্তু চ্যু-কা-ফা কৰিছোঁ। কিন্তু লা-চিত ফুকন-লুঙ শব্দটো @দিব্য দত্ত ই আঁতৰাই দিলে যিটো নিয়ম অনুসৰি আঁতৰাব নালাগে native name সদায় () দি ৰাখিব লাগে। চুকাফাতকৈ বিশ্ববিদ্যালয়, গৱেষণাগাৰ, চিকিৎসালয়,সংগ্ৰহাল়য়, ক্ৰীড়া ক্ষেত্ৰ, পথ আৰু বৰ্তমানৰ অৱস্থাঅধিক ব্যবহৃত(WP:COMMONNAME) নাম ব্যবহাৰ কৰিব লগে। ব
বৰ্তমান সময়ত চুকাফাতকৈ চ্যু-কা-ফা অধিক ব্যবহৃত।
উদাহৰণ:--
বিশ্ববিদ্যালয়ত :-
  1. চ্যু-কা-ফা আসন, বুৰঞ্জী বিভাগ ডিব্ৰুগড় বিশ্ববিদ্যালয়
চিকিৎসালয়ত :-
  1. চ্যু-কা-ফা মালটিস্পেচিয়েলিতি চিকিৎসালয়, শিৱসাগৰ
সংগ্ৰহাল়য়ত :-
  1. স্বৰ্গদেউ চাওলুং চ্যু-কা-ফা সমন্বয় ক্ষেত্ৰ, যোৰহাট (Swargadeo Chaolung Siu-Ka-Pha Samanway Kshetra)
ক্ৰীড়া ক্ষেত্ৰত :-
  1. চাওলুং চ্যু-কা-ফা ইনদ'ৰ ষ্টেডিয়াম, ফুকন নগৰ, শিৱসাগৰ, অসম 785640
  2. চ্যু-কা-ফা কাপ, শদিয়া
বটা :-
  1. চ্যু-কা-ফা বঁটা (২০০৯ ত ৰংবং তেৰাঙে লাভ কৰিছিল)
চৰকাৰী ব্যৱহাৰ:-
  1. চ্যু-কা-ফা দিৱস (অসম দিৱসৰ চৰকাৰী নাম)
  2. চাওলুং চ্যু-কা-ফাৰ মূৰ্তি স্থাপন কাৰ্য্যসূচী, জনতা ভবন
  3. ৰাইজৰ বাতৰি - চৰকাৰী আলোচনী (গৃহ নং ১, দ্বিতীয় মহলা, দ্বাৰকা পথ, মহাপুৰুষ হৰিদেৱ পথ, হাতীগাঁও, গুৱাহাটী : ৭৮১০৩৮)
পথ নামকৰণ :-
  1. চ্যু-কা-ফা পথ, জয়পুৰ, অসম 785640
অন্য উদাহৰণ: en:V (singer) V হিচাপে বহুলভাৱে প্ৰচাৰিত সেয়ে articleৰ নাম Kim Tae-hyung বুলি দিয়া নাই। KZ 13:52, 17 August 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
ইয়াত আলোচনাটোৰ দুটা দিশ। এক- নাম সলনি সম্পৰ্কীয় আৰু দুই- নাম সলাওঁতে আলোচনা নকৰা। যিহেতু আগৰ নামবোৰ চিধাচিধি ভুল নাছিল, সেয়ে পৃষ্ঠা স্থানান্তৰ কৰোঁতে অন্য সদস্যসকলৰ মতামত লোৱাটোও প্ৰয়োজনীয়। মহাত্মা গান্ধীৰ প্ৰবন্ধ বহুকেইটা ৱিকিত সেই নামেৰেই আছে, গতিকে অসমীয়া ৱিকিতো আলোচনা মাধ্যমেৰে সদস্যসকলে উচিত ব্যৱস্থা ল'ব। "ফেইচবুক" নামটো সম্ভৱ আনুষ্ঠানিক অনুবাদৰ পৰা লোৱা হৈছে। "বৰ্তমান সময়ত চুকাফাতকৈ চ্যু-কা-ফা অধিক ব্যবহৃত"- ইয়াৰ বিপক্ষে ক'ব পাৰি যে গুগলত "চুকাফা" সন্ধান কৰিলে ১২০০০+ ফল আহে আৰু "চ্যুকাফা"ৰ ~৪৬০০ ফল আহে। গতিকে ভৱিষ্যতে নামটোৰ প্ৰচলন অধিক নোহোৱালৈকে আটাইবোৰ প্ৰবন্ধৰ শিৰোনাম আগৰ দৰেই (চু....) ৰখাৰ সপক্ষে মত দিলোঁ৷ — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 15:59, 18 August 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@Gitartha.bordoloiমই চ্যু-কা-ফা Google search কৰোতে পিছে About 6,26,00,000 results (0.46 seconds) বুলি দিছে। Screenshot দিব পৰা ব্যবস্থা থকা হেঁতেন দিলোঁ হয়। মাত্ৰ টাই-আহোম ভাষাৰ হোৱাৰ বাবেই বিশ্ববিদ্যালয়, গৱেষণাগাৰ, চিকিৎসালয়,সংগ্ৰহাল়য়, ক্ৰীড়া ক্ষেত্ৰ, পথ আৰু চৰকাৰী ভাৱে ব্যবহাৰ হোৱা চ্যু-কা-ফা ৱিকিপিডিয়াত ব্যবহাৰৰ ইমান বিৰোধিতা কিয় কৰা হৈছে বুজি পোৱা নাই। মই ভাবো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগে আমাতকৈ বেছি ভালদৰে জানে আৰু তেওঁলোকে চ্যু-কা-ফা ব্যৱহাৰ কৰে। নাম সলাওঁতে আলোচনা নকৰাৰ বাবে ক্ষমা কৰিব মই তেতিয়ালৈকে জনা নাছিলোঁ যে নাম সলাওঁতে আলোচনা পৃষ্ঠাত জনাই লব লাগে। KZ 11:25, 20 August 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
চ্যু-কা-ফা Google search কৰিলে চ্যু, কা আৰু ফা থকা অসমীয়া পৃষ্ঠাৰ লগতে ইংৰাজী KA আৰু FA ও আহে৷ — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 18:43, 24 August 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@Gitartha.bordoloiৱিকিপিডয়া মতে চাৰ্চ ইঞ্জিনৰ ফলাফল কিছুমান পক্ষপাতিত্ব আৰু কাৰিকৰী সীমাবদ্ধতা থাকে। ওপৰত বিশ্বাস যোগ্য উৎস সমুহ দিয়া হৈছে। KZ 08:02, 3 September 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]