বাৰ্তা:চৰ্যাপদ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

এই প্ৰৱন্ধটো মৃণাল জ্যোতি গোস্বামীৰ অনুমতিসাপেক্ষে তেখেতৰ ব্ল'গ "ভগ্নাংশ নিৰ্মাণ"ৰ পৰা সংগ্ৰহ কৰা হৈছে । Gitartha.bordoloi ১২:০৩, ২২ আগষ্ট ২০১১ (UTC)


চৰ্য্যাগীত আৰু বুদ্ধতন্ত্র --


১৯০৭খৃত মহামহোপাধ্যায় শ্রী হৰপ্রসাদ শাস্ত্রীৰ দ্বাৰা ৰচিত নেপালৰ ৰাজকীয় গ্রন্থাগাৰত সংৰক্ষিত অৱস্থাত বৌদ্ধধৰ্মৰ চৰ্য্যাগীত সমূহ পোৱা যায় ৷ এই চৰ্য্যাগীত সমূহক অধ্যয়ন কৰি বিভিন্ন্ পন্ডিতে বিভিন্ন মত পোষন কৰিছে ৷ তাৰে ভিতৰত সুনীতি কুমাৰ চট্টোপাধ্যায়(১৯২৬), মহম্মদ শহীদুল্লাহ, সুকুমাৰ সেন, শশীভূষন দাসগুপ্ত আৰু পৰীক্ষিত হাজৰীকাৰ নাম উল্লেখযোগ্য ৷ চৰ্য্যাগীত সমূহৰ ৰচনাৰ ঐতিহাসিক পটভূমি সমূহৰ অধ্যয়নৰ বাবে প্রধানকৈ দুখন গ্রন্থৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় ৷ সেই দুখন গ্রন্থ হ’ল - Mystic Tales Of Lama Tarantah আৰু তাঞ্জুৰ তালিকা ৷

বৌদ্ধধৰ্মৰ তন্ত্রৰ সৰহভাগ কথা বাস্তব উপাখ্যান আৰু জনশ্রুতিৰ সংমিশ্রন ৷ হিন্দুধৰ্মীয় গুৰু সকলৰ দৰেই বৌদ্ধ সন্তসকলেও নিজৰ পৈত্রিক নামৰ উপৰিও ধৰ্মীয় নামো গ্রহন কৰিছিল ৷ তাৰে কিছুমান তেওঁলোকৰ গুৰুৱে দিয়া, কিছুমান নিজে লোৱা, কিছুমান শিষ্যসকলে দিয়া আৰু কিছুমান ভক্তবৃন্দই দিয়া নাম আছিল ৷ সেয়েহে একেজন মানুহৰ দহটালৈকে নাম আছিল ৷ বৌদ্ধধৰ্মত কমেও তিনিজন প্রসিদ্ধ নাগাৰ্জুন আছে ৷ এই চৰ্য্যাগীত সমূহৰ বিশেষজ্ঞ কলিকতা বিশ্ববিদ্যালয়ৰ অধ্যাপক শ্রীজাহ্নবী কুমাৰ চক্রৱৰ্ত্তীয়ে লিখিছে , ‘’আদিসিদ্ধা ৰাহুলভদ্র সৰহ, তাহাৰ শিষ্যসিদ্ধ নাগাৰ্জুন, তৎশিষ্য শৱৰীপদ বা লুইপা ৷’’ খ্রীষ্টিয় দ্বিতীয় শতাব্দীৰ প্রখ্যাত দাৰ্শনীক , যাৰ শুন্যতাবাদৰ ভিত্তিত মধ্যমিকা আৰু যোগাচাৰী নামৰ দুই বৌদ্ধদৰ্শনে গঢ়লৈ উঠিছিল ৷

ইয়াৰ পিছত জাপানৰ জেন, চীনৰ চেন আৰু ভাৰতবৰ্ষৰ ধ্যানৰ উপদৰ্শনেই প্রধান ৷ ‘’প্রজ্ঞানামা মূল মধ্যমিকা’’ গ্রন্থৰ ৰচক নাগাৰ্জুন লুইপাৰ মাত্র তিনাটা অংশ আৰু আঠখন ভাষ্যহে স্বীকৃত ৷ মূল আৰ্য্য নাগাৰ্জুন লুইপাদৰ ছশ বছৰৰ পাছত আন এজন বিখ্যাত আয়ুবেদাচাৰ্য্য নাগাৰ্জুন বাতিকা নামেৰে জনা যায় ৷ লুইপাৰ চৰ্য্যা ক্রমিকনং ২৯ত উল্লেখ আছে যে, ‘’উদক - চান্দ জিম সাচন মিচ্ছা ৷’’ অৰ্থাৎ জলবিন্দুত প্রতিফলিত চন্দ্র সচাও নহয় মিছাও নহয় ৷ এইশাৰী বাক্য উপনিষদতো উল্লেখ আছে আৰু অসমৰ শঙ্কৰদেবেও ব্যৱহাৰ কৰিছে ৷৷

লুইপাই ভক্তসকলৰ মাজত নিজকে নাগাৰ্জুন বুলি ঘোষনা কৰিছিল ৷ লুইপাদে প্রানায়ামৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছিল ৷ ইয়াৰ পৰা বুজিব পাৰি যে, তেওঁ মধ্যমিকা দৰ্শনৰ পৰা উদ্ভব হোৱা মহাযান পন্থাৰ ক্রিয়া তন্ত্র সাধনা পদ্ধতিৰ অনুগামী আছিল ৷ সমূৰ্ন মধ্যমিকা বৌদ্ধধৰ্মত উল্লেখ আছে যে, ‘’ভাবো নহোই অভাব নজাই ৷’’ সেইদৰে ৰচক ভূচুকপাদৰ চৰ্য্যাগীতত আছে, ‘’আইএ অণুঅনা এ জগৰে ভাংতি এসো পড়িহাই ৷’’ ইয়াৰ অৰ্থ, আদিতে অদৃষ্ট জগত ভ্রম স্বৰূপেহে প্রতিপন্ন হৈছিল ৷ এইয়াই মধ্যমিকা দৰ্শনৰ মূল সূত্র ৷

ইয়াতে প্রমান হয় যে, ৰচক ভূচুকপাদ যোগাচাৰ তন্ত্রৰ সাধক আছিল আৰু যোগাচাৰ তন্ত্রৰ কিছুমান নীতি মধ্যমিকা দৰ্শনতো আছে ৷ গীতিকাৰ ভূচুকপাদৰ চৰ্য্যাগীতৰ ৪৯ নং অধ্যায়ত উল্লেখ আছে, কবিয়ে পিছত যোগাচাৰ তন্ত্র এৰি অনুত্তৰ তন্ত্রৰ সাধনাৰ অভ্যাস কৰি পিছত পুনৰ যোগাচাৰ তন্ত্রলৈ উভতি আহিছিল ৷

অন্য এজন চৰ্য্যাগীতৰ সাধক কুক্কুৰীপাদে নিজৰ চৰ্য্যাগীতত একাধিক তন্ত্র পদ্ধতি অভ্যাস কৰি মাতৃতন্ত্রক (শক্তিমন্ত্র ) শেষত নিষ্ফল বুলি কৈছে ৷ এনে সাধনা পূৰনী অসমৰ কামাখ্যা মন্দিৰতো হৈছিল ৷

ঐতিহাসিক একাধিক বৌদ্ধতন্ত্র সাধকে তেওঁলোকৰ জীবনৰ বিভিন্ন সময়ত ভিন ভিন তান্ত্রিক দৰ্শনৰ সমৰ্থনৰ গীত ৰচিছিল যদিও সময় বিশেষে তেওঁলোকৰ লক্ষ্যৰ তাৰতম্য দেখিবলৈ পোৱা যায় ৷ চৰ্য্যাগীত সমূহৰ চৰিত্র আৰু অৰ্থ নিৰূপনৰ একমাত্র নিৰ্ভৰযোগ্য অবলম্বন শব্দসম্ভাৰ আৰু বৌদ্ধতান্ত্রিক দৰ্শনৰ ক্রমিক বিকাশ আৰু শব্দৰ বিশ্লেষনেই উল্লেখযোগ্য ৷

চৰ্য্যাগীতৰ উৎপত্তি - বৌদ্ধধৰ্মই আদিকালৰে পৰাই হিন্দুধৰ্মৰ পৰম্পৰাৰ প্রকাশ ধাৰাকে অনুগমন কৰি আহিছে ৷ এনেদৰেই সিদ্ধাৰ্থ গৌতমে নিৰঞ্জনা নদীৰ পাৰৰ বোধিবৃক্ষৰ তলত প্রথম পৰমজ্ঞান লাভ কৰিয়েই পালি ভাষাত চন্দ সহকাৰে গাই উঠিছিল, ‘’আজি মই গৃহকাৰকক অৰ্থাৎ পূৰ্নজন্মৰ কাৰনক বিচাৰি পাইছো ৷’’ বাসনাৰ অন্তই জন্মচক্রক ধংস কৰে ৷ এনেদৰে চন্দগতভাবে ধৰ্মোপদেশ দিয়াৰ ৰীতি বৌদ্ধগুৰু সকলৰ মাজত ওঠৰ শতিকালৈকে প্রচলিত আছিল ৷ চৰ্য্যাগীতৰ ৰচক বৌদ্ধতান্ত্রিক সকলে কোন পৰম্পৰা অনুগমন কৰিছিল তাৰ অধ্যায়নৰ বাবে শ্রেষ্ঠ সহায়ক গ্রন্থ হ’ল, ‘’বৌদ্ধতান্ত্রিক আৰু তিব্বতৰ জাতীয় কবি জেৎচন মিলাৰেপাৰ জীবনী ৷ এই চৰ্য্যাগীতসমূহ ৰচনাকালত জেৎচন মিলাৰেপা জীৱিত আছিল আৰু চৰ্য্যাগীতৰ ৰচক বৌদ্ধসিদ্ধ সকলৰ লগত নিকট ধৰ্মীয় সম্বন্ধ ৰাখিছিল ৷

খৃষ্টীয় ১০৫২ত জন্ম গ্রহন কৰা এইজনা মনিষীৰ জীবনী বিতংভাবে তিব্বতী ভাষাত সংকলন কৰা হৈছিল ৷ তেখেতৰে অত্যন্ত প্রিয় শিষ্য ৰেচুঙ্গেই ১৯২৮ খৃষ্টাব্দত ইংৰাজী ভাষাত ‘’ The Life Of Milerapa ‘’ অনুবাদ কৰি প্রকাশ কৰে ৷

The Life Of Milerapa বৰ্ত্তমান Oxford University ৰ সংগ্রাহলয়ত সংৰক্ষিত হৈ আছে ৷

জেৎচন মিলেৰাপাৰ গুৰু মাৰপা প্রখ্যাত তান্ত্রিক নৰোপাৰ শিষ্য আছিল ৷ নৰোপা বা নৰোত্তমেই ‘’ শেকোদ্দেশতিকা ‘’ নামৰ তন্ত্র পুঠিখনৰ ৰচক ৷

তিব্বতলৈ দ্বিতীয় প্রৱাহ বহন কৰোঁতাজন হ’ল, শ্রী দীপপংকৰ অতীশজ্ঞান ৷ নৰোপাৰ গুৰু মহাসিদ্ধ তিৰোপাই অতিতন্ত্রৰ সিদ্ধি লাভ কৰাৰ পিছত সাংসাৰিক কোনো বান্ধোন, বৌদ্ধ সংঘৰ নীতি – নিয়ম আৰু আনকি কোনো বিনয়ো স্বীকাৰ নকৰিছিল ৷ এবাৰ তেওঁ এখন বৌদ্ধমঠত আশ্রয়লৈ থকা অৱস্থাতে মাছ খোৱাৰ বাবে মঠ কতৃপক্ষই তেওঁক মঠৰ সাময়িক আশ্রয়ৰ পৰাও উলিয়াই দিছিল ৷ ভূচুকপাদৰ চৰ্য্যাগীতৰ ৬নং অধ্যায়ত এই কথা উল্লেখ আছে ৷

তিব্বতী কবি বৌদ্ধতান্ত্রিক মিলেৰাপা ভাৰতীয় বৌদ্ধসিদ্ধ সকলৰ সমসাময়িক আছিল ৷ তেওঁলোকেও একেই ধৰ্মীয় ধাৰাৰ অনুগামী আছিল ৷ জেৎচন মিলেৰাপাৰ জীবনীত বৌদ্ধতান্ত্রিক সিদ্ধসকলে কোনো গুৰুত্বপূৰ্ন ধৰ্মীয় সংগঠনৰ স্মৰনাৰ্থে এই ধৰ্মীয় গীত সমূহ ৰচনা কৰাৰ কথা উল্লেখ আছে ৷ এনেকুৱা গীতসমূহ ‘’ অভিজ্ঞান ‘’ ৰূপে স্বীকৃত ৷ অতীতৰ সামবেদৰ সামগান সমূহৰ দৰেই এই গীত সমূহো কেৱল মুখে মুখে ৰচনা কৰি শিষ্য সকলক মুখস্থ কৰোৱাই গোৱা হৈছিল ৷ এই গীত সমূহ পিছতো লিখিতভাবে ৰখাৰ কথা ক’তো উল্লেখ নাই ৷ গীতৰ ৰচকে গীতৰ মাজত নিজৰ নাম উল্লেখ নকৰিছিল কিন্তু শিষ্যসকলে গীতৰ মাজে মাজে নিজৰ নিজৰ গুৰুৰ নাম গীতৰ মাজত সুমুৱাই গাইছিল ৷ ফলত পিছত ৰচকৰ নামৰ নিশ্বয়তা নোহোৱা হৈছিল ৷ সমগ্র পূৰ্বভাৰতত যিকোনো গীত ৰচকে নিজৰ গীতত ইচ্ছামতে ‘’ কহত কৰিবা বা কহয় কৰিবা ‘’ এই শব্দ কেইটা যোগ দিয়াৰ দৰে চৰ্য্যাগীত সমূহতো শিষ্য সকলে নিজৰ প্রিয় গুৰুৰ নাম উল্লেখ কৰি গাইছিল ৷ অসমৰ শঙ্কৰদেৱ আৰু মাধৱদেবৰ ৰচিত বৰগীত সমূহতো এনেধৰনৰ শব্দৰ উল্লেখ থকা দেখিবলৈ পোৱা যায় ৷ সন্ত কবি কবিৰেও বাঈজী বা ৰাজহুৱা নৰ্ত্তকীৰ গান ঠুমৰীৰ আৰ্হিত ৰচনা কৰিছিল এইদৰে, ‘’ কহত কৰিবা সুনো ভাই সাধু, নাচে না টৌড়ে ঘুঙ্গুৰু ‘’ ৷ বহুতে কিন্তু সন্ত কবি কবিৰে এই গীত ৰচনা কৰাৰ কথা মানি লবলৈ টান পায় ৷ এই ঠুমৰীটোত কিন্তু কবিৰৰ নামেই উল্লেখ আছে ৷

অসমৰ উল্টাপুৰানৰ গীত, দেহবিচাৰৰ গীত, বঙ্গদেশৰ বাউল গীত, বোষ্টম-বোষ্টমীৰ গীত আৰু বিহাৰৰ দোহা - চাপাইয়া আদিতো চৰ্য্যাগীতৰ অংশবিশেষ শুনিবলৈ পোৱা যায় ৷ প্রখ্যাত লেখক পৰিক্ষীত হাজৰীকাদেবে গাওঁৰ অৰ্দ্ধশিক্ষিত সকলৰ বাবে নিজৰ ‘’ জৰ – খাপৰি – জৰাত ‘’ মন্ত্র হিচাপে চৰ্য্যাগীতৰ বিশেষ অংশ ব্যৱহাৰ কৰিছে ৷ চৰ্য্যাগীতৰ ৰচকসকলেও ‘’ মৰু মৰীচী,’’ ‘’বাং ধি – সু আ’’ ( বন্ধ্যাসুত ), ‘’ সসৰ সিংগে, ‘’ ‘’ উদক চান্দ ‘’ ( জলবিন্দুত প্রতিফলিত চন্দ্র ), বেদান্ত আৰু বেদান্তসাৰৰ পৰা বিনা দ্বিধাই তুলি আনি নিজৰ গীতত ঠাই দিছে ৷

এই চৰ্য্যাগীত সমূহ চিত্তবিনোদনৰ গীতো নহয় অথবা বৰাগীসকলে বাটে বাটে ভিক্ষা মাগি ঘুৰি ফুৰোতে গোৱা গীতো নহয় ৷ পিছৰকালত বিদ্যাপতিৰ পৰা বীন - বৰাগীলৈকে এই চৰ্য্যাগীত সমূহৰ পৰা তুলি আনি নিজৰ গীতত অন্তৰ্ভূক্ত কৰিছে ৷ বৰ্ত্তমান এই চৰ্য্যাগীত সমূহ ধ্রুপদী (Classical ) গীতৰ পদ ( Lyrics ) বুলিয়েই সংকলন কৰা হৈছে ৷ প্রতিলিপিকাৰে এই গীতসমূহৰ ওপৰত ৰাগ ‘ কহু গুঞ্জৰী ‘, ৰাগ ‘ কামোদ ‘, ৰাগ ‘ মলহাৰ ‘ আদি ভাৰতীয় শাস্ত্রীয় ৰাগৰ নাম উল্লেখ কৰা বাবে ইয়াক অবসৰ বিনোদনৰ গীত বুলিও ভবাৰ থল আছে ৷

কিন্তু মহাসিদ্ধ নৰোপা বা মিলাৰেপা বা লুইপা আদি কোনো জনেই কেতিয়াও শাস্ত্রীয় সঙ্গীতৰ ধ্রুপদী সঙ্গীতৰ শিক্ষাগ্রহন কৰাৰ কথা ক’তো উল্লেখ নাই ৷ যিহেতু ৰাগ ভৈৰবী, মলহাৰ, কহু – গুঞ্জৰী, কামোদ, মালকোংশ আদি কেবল মাৰ্গ সঙ্গীতৰ প্রশিক্ষনপ্রাপ্ত গায়কেহে শুদ্ধকৈ গাব পাৰে ৷

এসময়ত এই চৰ্য্যাগীত সমূহ ৰজা জমিদাৰৰ বৈঠকত বা ধৰ্মীয় সভাৰ গায়কী বৈঠকত একমাত্র প্রশিক্ষনপ্রাপ্ত গায়কেহে গাইছিল ৷ ৰক্ষনশীল বৌদ্ধধৰ্মত বৌদ্ধভিক্ষুৰ কথাই নাই সাংসাৰিক বৌদ্ধধৰ্মীলোককো সামূহিয়া গীত নৃত্য উৎসৱ আদিতো অংশগ্রহন কৰা মানা আছিল ৷ মহাযানপন্থী সকল উদাৰ আছিল যদিও নৃত্য – গীত বৌদ্ধতান্ত্রিকৰ শিক্ষাৰ অংগ নাছিল ৷

বৌদ্ধ দোহা আৰু চৰ্য্যাগীত সমচৰিত্রৰ নহয় ৷ বৌদ্ধ দোহা আৰু কবিৰৰ দোহাসমূহ মহাপুৰুষীয়া নাম – কীৰ্ত্তনৰ দৰে সামূহিকভাবে সমস্বৰে গোৱাৰ প্রথা আছিল ৷ কালক্রমত চৰ্য্যাগীত সমূহ প্রশিক্ষনপ্রাপ্ত সঙ্গীতজ্ঞই শ্রোতাৰ আগত গোৱা মাৰ্গ সঙ্গীতৰ দৰেই হৈ পৰিছিল ৷ এইয়া হৈছিল বৌদ্ধধৰ্মৰ সামাজিক পতনৰ পাচত যেতিয়া হিন্দুধৰ্মই সঙ্গীত আৰু নৃত্যৰ প্রয়োজনীয়তা অনুভব কৰিছিল ৷

বৌদ্ধধৰ্মৰ গীতসমূহ প্রধানকৈ কেৱল শ্রৱনৰ বাবেহে প্রস্তুত কৰা হৈছিল ৷ চৰ্য্যাগীতসমূহ পূৱ আৰু উত্তৰ – পূৱভাৰতত বৌদ্ধধৰ্মীয় সভাসমূহতহে অধিক জনপ্রিয় আছিল ৷ সেইসময়ত গূঢ়াৰ্থ ভালকৈ নুবুজাকৈ বুদ্ধশাস্ত্রক সাধাৰনতে তিব্বতী ভাষালৈও অনুবাদ কৰা নহৈছিল ৷ ভাৰত আৰু তিব্বত বৌদ্ধ সংস্কৃতিৰ এনাজৰীডাল শিথিল হোৱাৰ সময়তে এইসমূহ অনুবাদ কৰা হৈছিল ৷ বৰ্ত্তমান বিভিন্ন বৌদ্ধতন্ত্রৰ সিদ্ধপুৰুষ সকলৰ ৰচিত অশ্লীল গ্রাম্য শব্দযুক্ত চৰ্য্যাগীত সমূহ নিৰ্বিবাদে সংগ্রাহলয় সমূহত স্থান পাইছে ৷ হৰপ্রসাদ শাস্ত্রীদেবে তেনেগীতৰ প্রতিলিপি নেপালৰ ৰাজকীয় গ্রন্থাগাৰত আবিস্কাৰ কৰিছিল ৷ তাত তেওঁ একেটা শব্দকে দুবাৰ দুটা বানানেৰে লিখা আবিস্কাৰ কৰিছিল ৷

তেনেক্ষেত্রত বৰাহমিহিৰৰ ‘’ বৃহৎসংহিতা ‘’ ৰ প্রতিলিপি আৰু অলবিৰুণিৰ ‘’ আৰব ‘’ অনুবাদৰ শব্দৰ অকনো ইফাল সিফাল হোৱা দেখা নেযায় ৷ বৌদ্ধতন্ত্রই বিভিন্ন ধাৰা উপধাৰাক সাঙুৰি লোৱা বাবে এই চৰ্য্যাগীত সমূহৰ কোনো মৌলিক গুৰুত্ব নাই ৷

বৌদ্ধ দাৰ্শনীক উপদেশসমূহ বেদান্ত বা উপনিষদৰ সুত্রৰ লগত তুলনা কৰিব পাৰি ৷ নিৰপেক্ষভাবে দিয়া মধ্যমিকা পথৰ ওপৰত অসমৰ উল্টাপুৰানৰ গীত বা বৈষ্ণৱৰ সহজীয়া প্রেমৰ গীতত চৰ্য্যাগীতৰ উপনিষদ আৰু ভগবৎগীতাৰ উপদেশৰ লগত যথেষ্ট মিল আছে ৷

চৰ্য্যাগীতত লুইপাই গাইছে, ‘’ জাহেৰ বান চিহ্ন ৰূ ণ জানি, সো কইসে আগম বে এঁ বখাণী ‘’ ৷ ইয়াৰ অৰ্থ, যাৰ বৰ্ণ চিহ্ন আৰু ৰূপ জানিব নোৱাৰি তাক তন্ত্রশাস্ত্র আৰু বেদে কেনেকৈ জানিব ৷

বেদান্তত ব্যৱহৃত হোৱা বন্ধ্যাৰ পুত্র, আকাশত ফুল, মোহ তৰু, চিত্তবৃক্ষ আদিৰ আদিৰ তুলনাও চৰ্য্যাগীতত দেখিবলৈ পোৱা যায় ৷

চৰ্য্যাগীতত আছে, সংসাৰৰ মায়ামোহ এৰি মনলৈ শুন্যতাবোধ আনিব পাৰিলেহে জন্ম – মৃত্যুৰ পূৰ্নজন্মৰ চক্রৰ পৰা মুক্তি পাব পাৰি ৷ সমস্ত ভগবৎগীতাও এই দৰ্শনৰ ওপৰতে প্রতিস্থিত ৷

দ্বিতীয়তে, প্রানায়ামৰ দ্বাৰা মনলৈ শুন্যভাব অনা সম্ভব হয় ৷ থিক সেইদৰে ভগবৎগীতাৰো অষ্ট অধ্যায়ত অক্ষৰ ব্রহ্মযোগৰ উল্লেখ আছে ৷

তৃতীয়তে, চৰ্য্যাগীতত কোনো কৰ্ম স্বভাবতে অপবিত্র নহয় বুলি কৈছে ৷ সাধকে কৰ্মক যি ভাবতে লয় তাৰ ওপৰতহে ফলাফল নিৰ্ভৰ কৰে ৷ সেইদৰে ভগবৎগীতাতো কৰ্মযোগৰ ওপৰত গুৰুত্ব দিয়া হৈছে ৷

চতুৰ্থতে, ভগবৎগীতাৰ ১৫ অধ্যায়ৰ ৩য় শ্লোকত পুৰুষোত্তমযোগৰ ‘’ অশ্বহুমেনং সুবিৰূঢ়মূলম, অসংগশসত্রেন দৃহেন ছিত্বা ‘’ ৷ থিক সেইদৰে চৰ্য্যাগীততো কৈছে, মানব চিত্ত আৰু কামনা বাসনা মোহ আদি বৃক্ষ স্বৰূপ, তাৰ মূল ছেদন নকৰালৈকে ইয়াৰ পৰা মুক্তি পাব নোৱাৰি ৷ ( সুন তৰুবৰ গ অণ কুঠাৰ, ছেবহ সো তৰু মূল ন ডাল -- চৰ্য্যাগীত ) ৷

ধৰ্মীয় উপদেশমূলক চৰ্য্যাগীতসমূহৰ ভাষা সৰল, অৰ্থ গভীৰ আৰু শব্দচয়ন দ্ব্যাৰ্থহীন ৷ আনহাতে ভিন্ন বৌদ্ধপন্থাক নিষ্ফল, হীন বা ব্যভিচাৰময় প্রতিপন্ন কৰিবলৈ ৰচনা কৰা চৰ্য্যাগীতসমূহ আধুনীক ব্যঙ্গ আৰু প্রহসনময় ৷ এনেদৰে আন তন্ত্র সমূহক হেয় প্রতিপন্ন কৰিবলৈ লিখা চৰ্য্যাগীতসমূহত, ‘’ সবৰো ভূজঙ্গ ণহ’ৰামনি দাৰী ‘’ ৷ অৰ্থাৎ সাধকক বেশ্যাগামী আৰু সাধনা সঙ্গিনীক দ্বিচাৰিনী বা বেশ্যা বুলি কৈছে ৷ চৰ্য্যাগীতৰ ৩৭নং অধ্যায়ত লিখা আছে, ‘’লিঙ্গ অন্ডকোষৰ সাতোঁৰৰ অভিজ্ঞতা লোৱা, ইয়াক কথাৰে প্রকাশ কৰিব নোৱাৰি ‘’ ৷ এনে ক্ষেত্রত ৰচকে যৌনতাক নীচ বা হীন বুলি চিহ্নিত কৰিছে ৷ যৌনতাক গলৰ ফাঁচ বুলিও কৈছে ৷

এইটো সত্যযে, সেই সময়ৰ সাহিত্যত শালীনতাৰ অভাব আছিল ৷ চৰ্য্যাগীত সমূহৰ দুটা দিশ স্পষ্ট আছিল, এটা সত্যপূৰ্ন উচ্ছমাৰ্গ দৰ্শন আৰু আনটো শ্রোতাৰ আনন্দৰ বাবে অবসৰ বিনোদনৰ বাবে ৷ ইয়াৰ পিছৰ তৰ্জাগীতসমূহো এই অধঃপতিত চৰ্য্যাগীতৰ পৰাই আৰম্ভ হৈছিল ৷

চৰ্য্যাগীতৰ দৰ্শনৰ ঐতিহাসিক বিশ্লেষন সিদ্ধাৰ্থ গৌতম প্রচাৰিত বৌদ্ধ ধৰ্ম বুদ্ধৰ জীবন কালতে একাধিক শাখাত ভাগ হোৱা দেখিবলৈ পোৱা যায় ৷ বুদ্ধৰ মৃত্যুৰ এশবছৰৰ ভিতৰতে স্থিৰবাদী আৰু মহাসংঘিকা নামেৰে দুটা সুতিৰ সৃষ্টি হৈছিল । মধ্যমিকা দৰ্শন শক্তিশালী হোৱাৰ পৰাই খৃষ্টীয় দ্বিতীয় শতিকাত মহাযান পন্থাৰ পৰা মন্ত্রযান পন্থা নামেৰে অন্য এটা প্রচলিত হয় ৷ ইয়াৰ মূল আদৰ্শ, তপ-জপ আৰু মন্ত্র পঠনৰ ওপৰত অধিক গুৰুত্ব আৰোপ ৷ এই মন্ত্রযানৰ উপশাখা সমূহেই যৌনাচাৰক সাধনাৰ প্রধান অঙ্গ হিচাপে গ্রহন কৰে ৷ তেওঁলোকেই যৌনাচাৰী তান্ত্রিক সহজীয়া বজ্রযানী বৌদ্ধতান্ত্রিক চৰ্য্যাগীতসমূহৰ ৰচক ৷ উল্লেখযোগ্যযে, এই সহজীয়া পন্থাটো বৈষ্ণৱ ধৰ্মতো আছে ৷

বৌদ্ধৰ মৃত্যুৰ ছশবছৰৰ পিছত মহাযান পন্থাৰ ওঠৰটা বৌদ্ধ উপমতৰ সৃষ্টি হৈছিল ৷ মহাসংঘিকাৰ উপশাখাসমূহক উত্তৰপন্থী, ব্রজীয়, বেতুল্য, হেতুবাদীন আদি নামেৰে জনা যায় ৷ উত্তৰপন্থীসকলে সত্যতা, বেতুল্যসকলে মহাশুন্যতাবাদ আৰু কৰুনা ভিত্তিত যৌনাচাৰৰ অনুমতিপ্রাপ্ত আছিল ৷ যোগাচাৰতন্ত্রৰ আলয়বিজ্ঞান উল্লেখনীয় ৷ ইয়াক পদযুগল আত্মা অৰ্থাৎ প্রানায়ামৰ দ্বাৰা মনক স্থিৰ কৰা আৰু সমাধিয়ে আধ্যাত্মিক সাধনাৰ লক্ষ্য ৷

ভাৰতবৰ্ষত স্থিৰবাদী আৰু মহাসংঘিকা আদি সকলোৱে এই সিদ্ধান্ত গ্রহন কৰিছে ।

খৃষ্টীয় সপ্তম অষ্টম শতিকাত ক্রিয়াতন্ত্রৰ অংশস্বৰূপে প্রানায়ামে প্রাধান্য লাভ কৰিলে ৷ নাগাৰ্জুন লুইপা সম্পূৰ্ন ক্রিয়াতন্ত্রি আছিল ৷ অন্যহাতে তিৰোপা, নৰোপা, আৰ্যদেব আদি সিদ্ধই মহাশুন্য আৰু যৌনাচাৰ দুয়োটাকে সমৰ্থন কৰিছিল ৷ শেষত বৌদ্ধদৰ্শনে দুটা প্রান্ত বিন্দুৰ মাজতে গমনাগমন কৰি যিতো বিন্দুতে গোলোক দেখে তাতে স্থিৰ হৈ থাকি যায় ৷

-পৰিনীতা শৰ্মা