সমললৈ যাওক

বাৰ্তা:ছত্ৰপতি শিৱাজী টাৰ্মিনাছ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

শিৱাজী নে শিবাজী

[সম্পাদনা কৰক]

এই প্ৰৱন্ধটোৰ শিৰোনাম প্ৰকৃততে হব লাগে 'ছত্ৰপতি শিৱাজী টাৰ্মিনাছ'। 'শিৱাজী' কিয় হব লাগে তাৰ যুক্তি এনেধৰণৰ-

  1. শিৱাজীৰ মূল 'শিৱ'। 'শিৱ' শব্দটোত 'ব' ব্যৱহাৰ নহয়।
  2. মাৰাঠী আৰু হিন্দী ভাষাত শিৱাজী শব্দটোত 'ব' নহয় 'ৱ'-হে ব্যৱহাৰ হয়। (হিন্দী-छत्रपति शिवाजी टर्मिनस, মাৰাঠী- छत्रपती शिवाजी टर्मिनस)
  3. ইংৰাজীত লিখা হয়- Shivaji. v' আখৰটোৱে 'ৱ'ক প্ৰতিনিধিত্ব কৰে।
  4. বাংলা ভাষাত 'ৱ' নাই। সেয়েহে বাংলাত 'শিবাজী' বুলি লিখা হয়।
  5. বাংলা আৰু অসমীয়া ভাষাৰ আখৰবোৰ প্ৰায় একে যদিও ভাষা দুটা সম্পূৰ্ণ সুকীয়া। বানান সুকীয়া, ব্যাকৰণ সুকীয়া, প্ৰকাশভঙ্গী সুকীয়া। তেনেস্থলত আমি বাংলাক অনুসৰণ নকৰিলেও হব।

বাবুল বৈশ্য 03:01, 5 জানুৱাৰী 2013 (UTC)


প্ৰবন্ধটো লিখোতেই মই এই কথাটো চিন্তা কৰিছিলো| কিন্তু ’পূব’ আৰু ’পূৱ’ৰ দৰে খেলিমেলি অৱস্থা হোৱা শিবাজীয়েই লিখি থলো| শিৱাজীৰ পৰাও পুনৰ্নিৰ্দেশ এটা দি থৈছিলো সেয়ে| শিৱাজী লিখাত মোৰ একো আপত্তি নাই| বিষ্ণু শইকীয়া 17:54, 5 জানুৱাৰী 2013 (UTC)