বাৰ্তা:ছুৱেজ খাল

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

ছুয়েজ খাল (Suez Canal) (আৰবী: قناة السويس Qanāt al-Suways) ইজিপ্টত অৱস্থিত এটা সাগৰীয় উচ্চতাত থকা কৃত্ৰিম খাল (artificial sea-level waterway) যি ভূমধ্য সাগৰ আৰু ৰেড ছিক সংযোগ কৰিছে ৷ সুদীৰ্ঘ দহবছৰীয়া নিৰ্মাণৰ অন্তত এই খাল ১৮৬৯ চনৰ ১৭ নৱেম্বৰত মুকলি কৰা হয় ৷ এই খাল কাৰ্যক্ষম হোৱাৰ লগে লগে আফ্ৰিকাৰ মাজেৰে পাৰ নোহোৱাকৈ ইউৰোপ আৰু দক্ষিণ এছিয়াৰ মাজত জলপৰিৱহণৰ বাট মুকলি হ’ল ৷ ফলত ইউৰোপ আৰু ভাৰতৰ মাজৰ সাগৰীয় যাত্ৰাৰ দূৰত্ব প্ৰায় ৭,০০০ kilometre (4,300 মাইল) হ্ৰাস পালে ৷

প্ৰথম নিৰ্মাণৰ সময়ত এই খালৰ দৈৰ্ঘ্য আছিল 164 km (102 মাইল) আৰু গভীৰতা আছিল 8 মিটাৰ (26 ফুট) ৷ বৰ্তমান কেইবাবাৰো সংবৰ্দ্ধনৰ পিছত ইয়াৰ দৈৰ্ঘ্য 193.30 km (120.11 মাইল), গভীৰতা 24 মিটাৰ (79 ফুট) আৰু প্ৰস্থ ২০৫ মিটাৰ (673 ফুট) হৈছেগৈ৷ [1] [2]

  1. "Canal Characteristics". Suez Canal Authority. 2010. http://www.suezcanal.gov.eg/sc.aspx?show=12। আহৰণ কৰা হৈছে: 2 April 2010. 
  2. "Characteristics of the canal". http://www.sis.gov.eg/En/Land&people/SCanal/031300000000000002.htm.