বাৰ্তা:নিমাতী কইনা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৱিকিপিডিয়ালৈ স্বাগতম! লেখাখিনিত সামান্য সলনি কৰিছোঁ। যেনে 'বিপ্লৱৰ প্ৰতীক জ্যোতিপ্ৰসাদ..' কাটি অকল 'জ্যোতিপ্ৰসাদ..' কৰা হৈছে। কাৰণ এনে বিশেষণ ঠিক তথ্যভিত্তিক নহয়। সেয়ে বিশেষণৰ ব্যৱহাৰত অলপ সাৱধান হ'লে ভাল। আৰু কেইটামান নতুন ভাগ যোগ দিছোঁ। কাহিনী সাৰাংশ থাকিলে ভাল হয়। গোটেইকেইটা গানেই শেষত দি দিব পাৰি। আৰু একেবাৰে শেষত প্ৰৱবন্ধৰ কথাখিনি ক'ৰপৰা লোৱা হৈছে, সেইটো দিব লাগে, তথ্য উৎস হিচাপে। এইটোত নাটকখনেই তথ্য উৎস হ'ব। কিন্তু প্ৰকাশক কোন? কোন চনৰ প্ৰকাশৰপৰা কথাখিনি লোৱা হৈছে, সেইখিনিও দি দিলে ভাল হয়। উদ্দীপতালুকদাৰ 14:27, 16 জানুৱাৰী 2012 (UTC)

জ্যোতিপ্ৰসাদৰ গানকেইটা wikisource-ত দিব পাৰি। ইয়াত অন্য পৃষ্ঠা এখনত তেওঁৰ গানৰ সৰ্বাঙ্গীন তালিকা এখন দিব পাৰি।
চাইপাও 12:46, 17 জানুৱাৰী 2012 (UTC)

'নিমাতী কইনা হ'ল জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা ৰচিত এখনি নাট্যধৰ্মী নাট' -- ইয়াত নিমাতী কইনা নাটখনি নাট্যধৰ্মী বুলি লিখা হৈছে---, কিন্তু অসম প্রকাশন পৰিষদৰ দ্বাৰা প্রকাশিত 'নিমাতী কইনা' পুথিখনৰ পাতনিত, ড. হীৰেণ গোঁহাইদেৱে 'নিমাতী কইনা এক লিৰিকধৰ্মী কাব্য-নাট বুলি উল্লেখ কৰিছে ৷ মৌচুমী (talk)

তথ্য উৎস আদি সকলো আছেই যেতিয়া ঠিক কৰি দিলেই হ'ল। আলোচনা পৃষ্ঠাত উল্লেখ কৰিবও পাৰে, নকৰিবও পাৰে। সম্পাদনাৰ সময়তে সাৰাংশত লিখি দিলেই হ'ল।উদ্দীপতালুকদাৰ (talk) 14:32, 28 জুন 2012 (UTC)

উদ্ধৃতিৰ প্ৰয়োজন আছিল।যথাসম্ভব উদ্ধৃতি দিয়া হ'ল।গীত কেইটা সম্পূৰ্ণ দিয়া নাছিল বাবে যোগ কৰি দিলো।

দ্বিজেন মহন্ত (talk) 18:25, 28 জুন 2012 (UTC)
বঢ়িয়া বিষ্ণু শ‍ইকীয়া বাৰ্তা 18:49, 28 জুন 2012 (UTC)