বাৰ্তা:পাঠ্যক্ৰম

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

মাধ্যমিক শিক্ষা আয়োগ (Secondary Education Commission) দেৱজিৎ বৰকাকতী শিক্ষা বিভাগ, ডি. ডি. আৰ. মহাবিদ্যালয়, চাবুৱা

মাধ্যমিক শিক্ষাৰ সংস্কাৰ সাধনৰ বাবে ভাৰত চৰকাৰে 1952 ৰ 23 ছেপ্তেম্বৰ মাহত ডঃ লক্ষ্মণস্বামী মুডালিয়াৰ সভাপতিত্বত মাধ্যমিক শিক্ষা আয়োগ নিযুক্তি দিছিল। ডঃ লক্ষ্মণস্বামী মুডালিয়াৰ আছিল সেই সময়ৰ মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য। সেয়েহে, তেওঁৰ নাম অনুসৰি এই আয়োগক মুডালিয়াৰ আয়োগ বুলিও কোৱা হয়। এই আয়োগক 1952 চনৰ 6 অক্টোবৰত আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল সেই সময়ৰ ভাৰতৰ শিক্ষামন্ত্ৰী মৌলানা আবুল কালাম আজাদে। এই আয়োগে 1953 চনৰ 29 আগষ্টত 250 পৃষ্ঠা জোৰা 15 টা অধ্যায়যুক্ত প্ৰতিবেদন দাখিল কৰিছিল। ইয়াৰ সৰ্বমুঠ 9 জন সদস্য আছিল, তাৰে 2 জন বিদেশী সদস্য আছিল। বিদেশী সদস্যকেইজন হ’ল প্ৰফেছাৰ জন ক্ৰিষ্টি আৰু ডঃ কেনেথ ৰাষ্ট উইলিয়ামচ। আয়োগৰ মূল উদ্দেশ্য 1. প্ৰচলিত মাধ্যমিক শিক্ষাৰ সৰ্বদিশৰ অনুসন্ধান কৰি প্ৰতিবেদন যুগুত কৰা। 2. মাধ্যমিক শিক্ষাৰ পুনৰ গঠন আৰু উন্নয়ণৰ বাবে নিম্নলিখিত দিশসমুহ পৰ্যালোচনা কৰা। ক) মাধ্যমিক শিক্ষাৰ লক্ষ্য, বিষয়বস্তু আৰু সংগঠন সম্পৰ্কে বিচাৰ কৰা। খ) প্ৰাথমিক আৰু উচ্চ শিক্ষাৰ সৈতে মাধ্যমিক শিক্ষাৰ সম্পৰ্ক পৰ্যালোচনা কৰা। গ) বিভিন্ন ধৰণৰ মাধ্যমিক স্কুলৰ মাজৰ আন্তঃসম্বন্ধ বিচাৰ কৰা। ঘ) মাধ্যমিক শিক্ষাৰ লগত সামঞ্জস্য থকা অন্যান্য সমস্যা সমুহ বিচাৰ কৰা।

মাধ্যমিক শিক্ষা আয়োগৰ মতে মাধ্যমিক শিক্ষাৰ সমস্যাসমুহ (Problems of secondary education according to Secondary Education Commission) মাধ্যমিক শিক্ষা আয়োগৰ এটা প্ৰধান উদ্দেশ্য হ’ল সেই সময়ৰ প্ৰচলিত মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত প্ৰতিফলিত হোৱা সমস্যাসমুহ বিশ্লেষণ কৰা আৰু সমাধানৰ বাবে উপযুক্ত পৰামৰ্শ প্ৰদান কৰা। সেই উদ্দেশ্যে আয়োগে মাধ্যমিক শিক্ষাৰ কিছুমান সমস্যা উল্লেখ কৰিছিল। সেই সমুহ হ’ল--- 1. সংকীৰ্ণ আৰু একপক্ষীয়ঃ মাধ্যমিক শিক্ষা আয়োগৰ মতে সেই সময়ত প্ৰচলিত মাধ্যমিক শিক্ষা ব্যৱস্থা অতি সংকীৰ্ণ আৰু একপক্ষীয় বিধৰ আছিল। কাৰণ মাধ্যমিক শিক্ষাই কেৱল শৈক্ষিক বিকাশৰ লগতহে গুৰুত্ব আৰোপ কৰিছিল। শিক্ষাৰ্থীৰ ব্যক্তিত্বৰ বিকাশৰ ক্ষেত্ৰত সম্পূৰ্ণ উদাসীন আছিল বা গুৰুত্ব দিয়া নাছিল। 2. জীৱনৰ লগত সম্পৰ্কহীনঃ আয়োগৰ মতে সেই সময়ত প্ৰচলিত মাধ্যমিক শিক্ষা ব্যৱস্থা জীৱনৰ লগত সম্পৰ্কহীন আছিল। শিক্ষাৰ্থীৰ অন্তদৰ্শন আৰু বাস্তৱ জীৱনৰ ওপৰত গুৰুত্ব নিদি পাঠ্যক্ৰম প্ৰস্তুত কৰাৰ লগতে আৰু পৌৰাণিক পদ্বতিৰে প্ৰণয়ন কৰা হৈছিল। 3. ইংৰাজী ভাষাত গুৰুত্বঃ আয়োগৰ মতে সেই সময়ৰ মাধ্যমিক শিক্ষা ব্যৱস্থা্ত ইংৰাজী ভাষাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছিল। যিসকল শিক্ষাৰ্থীৰ ইংৰাজী ভাষাৰ ক্ষেত্ৰত বিশেষ সামৰ্থতা নাছিল তেওঁলোকৰ অধ্যয়নত বিৰূপ প্ৰভাৱ পৰিছিল। 4. অনুপযুক্ত শিক্ষাদান পদ্ধতিঃ সেই সময়ৰ শিক্ষা ব্যৱস্থাত প্ৰচলিত শিক্ষাদান পদ্ধতি অনুপযুক্ত হোৱাৰ বাবে শিক্ষাৰ্থী সকলৰ স্বাধীন চিন্তা আৰু কৰ্মসম্পাদন ক্ষমতাৰ বিকাশৰ বাধাৰ সৃষ্টি হৈছিল। 5. মাত্ৰাধিক শিক্ষাৰ্থীঃ সেই সময়ৰ মাধ্যমিক বিদ্যালয় সমুহত শ্ৰেণীৰ আকাৰ ডাঙৰ হোৱাৰ বাবে বা শ্ৰেণিকক্ষত মাত্ৰাধিক শিক্ষাৰ্থী থকাৰ বাবে শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত পাৰস্পৰিক সম্পৰ্ক সুস্থ হৈ নুঠে। সেয়েহে শিক্ষাৰ্থীৰ চৰিত্ৰ আৰু অনুশাসনৰ বিকাশ বাধা প্ৰাপ্ত হয়। 6. পৰীক্ষাকেন্দ্ৰীকঃ আয়োগৰ মতে সেইসময়ৰ মাধ্যমিক শিক্ষা ব্যৱস্থা সম্পূৰ্ণৰূপে বিসংগতিপূৰ্ণ পৰীক্ষা ব্যৱস্থাৰ দ্বাৰা প্ৰভাৱান্বিত। সেয়েহে, ইয়াৰ দ্বাৰা শিক্ষাৰ্থীৰ প্ৰকৃত জ্ঞানৰ পৰিমাপন কৰিব পৰা নাযায়। 7. ক্ৰটিপূৰ্ণ শিক্ষক নিৰ্বাচনঃ সেই সময়ত শিক্ষক নিৰ্বাচনৰ বাবে উপযুক্ত পদ্ধতি বা প্ৰক্ৰিয়া অভাৱ আছিল। তাৰোপৰি তেওঁলোক প্ৰয়ে প্ৰশিক্ষণপ্ৰাপ্ত নাছিল। 8. সহ-পাঠ্যক্ৰমিক কাৰ্যাৱলীৰ অভাৱঃ সহ-পাঠ্যক্ৰমিক কাৰ্যাৱলী সমুহ হ’ল শিক্ষাৰ এক অতি প্ৰয়োজনীয় উপাদান যিয়ে শিক্ষাৰ্থীৰ মনো-সামাজিক দিশৰ বিকাশ সাধন কৰে। যদিওবা সেই সময়ত সহ-পাঠ্যক্ৰমিক কাৰ্যাৱলী সমুহ অন্তৰ্ভূক্ত কৰা হৈছিল কিন্তু সেইসমুহৰ ওপৰত অতি কম গুৰুত্ব দিয়া হৈছিল। তাৰোপৰি সমান্তৰালভাৱে বৃত্তিমূলক শিক্ষাৰ ক্ষেত্ৰতো গুৰুত্ব দিয়া হোৱা নাছিল।

আয়োগৰ মতে মাধ্যমিক শিক্ষাৰ লক্ষ্যসমুহ (Aims of secondary education according to the Commission) 1. গণতান্ত্ৰিক নাগৰিকত্বৰ বিকাশঃ গণতান্ত্ৰিক ৰাষ্ট্ৰৰ সকলো লোকৰ বাবে নাগৰিকত্বৰ গুণাগুণসমুহৰ প্ৰয়োজন। প্ৰত্যেকে ব্যক্তিয়ে যিকোনো ধৰণৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক জটিলতাত পতিয়ন যাব পৰাকৈ স্বাধীন চিন্তা আৰু কৰ্মসম্পাদনৰ ক্ষমতাৰ বিকশিত কৰিব লাগে। বহুতো শিক্ষাৰ্থীৰ বাবে মাধ্যমিক শিক্ষা তেওঁলোকৰ অন্তিম আনুষ্ঠানিক শিক্ষাৰ স্তৰ হৈ পৰে। সেয়েহে, এই স্তৰৰ শিক্ষাৰ প্ৰধান লক্ষ্য তথা দ্বায়িত্ব হ’ল দেশৰ সকলো ধৰণৰ জটিলতাক নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰিব পৰা সামৰ্থতাৰ বিকাশ সাধন কৰা। 2. বৃত্তিমুলক যোগ্যতাৰ উন্নতকৰণঃ মাধ্যমিক শিক্ষাই দেশৰ শিক্ষাৰ্থীসকলৰ মাজত উৎপাদনশীল, কাৰিকৰী গুণ আৰু বৃত্তিগত দক্ষতাৰ বিকাশ সাধনত গুৰুত্ব আৰোপ কৰিব লাগে। ফলত শিক্ষাৰ্থী সকলে নতুন বৈজ্ঞানিক মনোভাৱ গঢ়ি তোলাৰ লগতে শ্ৰম মানক উৎসাহিত কৰাত সফল হ’ব। সেয়েহে, মাধ্যমিক স্তৰত ভিন্নমুখি পাঠ্যক্ৰম অন্তৰ্ভুক্তি কৰাৰ পৰিৱৰ্তে হস্তশিল্প আৰু উৎপাদনমুলক কৰ্ম আদিত গুৰুত্ব দিব লাগে। 3. ব্যক্তিত্বৰ বিকাশঃ মাধ্যমিক শিক্ষাৰ আন এটা উদ্দেশ্য হ’ল শিক্ষাৰ্থীৰ ব্যক্তিত্বৰ বিকাশ সাধন কৰা। এই স্তৰৰ শিক্ষাই শিক্ষাৰ্থীৰ সৃজিনীশীল শক্তিক এনেদৰে বৰ্হিপ্ৰকাশ ঘটাব লাগে যাতে তেওঁলোকৰ সৃষ্টিশীল আৰু মূল্যবোধৰ আগ্ৰহ জাগ্ৰত হয় আৰু নিজস্ব সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ হয়। গতিকে মাধ্যমিক শিক্ষাৰ জৰিয়তে শিক্ষাৰ্থীৰ পূৰ্ণ ব্যক্তিত্বৰ বিকাশ সাধন কৰিবলৈ আয়োগে বিভিন্ন বিষয় যেনে- কলা (Art), হস্তশিল্প (Craft), সংগীত (Music), নৃত্য (Dance) আদি অন্তৰ্ভূক্ত কৰাৰ পৰামৰ্শ দিছিল। 4. নেতৃত্বৰ শিক্ষাঃ আয়োগৰ মতে মাধ্যমিক শিক্ষাৰ অন্তিম গুৰুত্বপূৰ্ণ লক্ষ্য হ’ল শিক্ষাৰ্থীসকলৰ মাজত যিকোনো দ্বায়িত্ব বহন আৰু পৰিচালনা কৰিব পৰাকৈ নেতৃত্বৰ গুণাগুণসমুহৰ বিকাশ সাধন কৰা। নেতৃত্ব হৈছে এনে এক কলা য’ত উমৈহতিয়া লক্ষ্যত উপনিত হ’বৰ বাবে দলৰ সদস্যসকলক অনুপ্ৰাণিত কৰা হয়। ই হ’ল ব্যক্তিৰ এনে এক সামৰ্থতা যাৰ সহায়ত অনুষ্ঠানৰ অন্য সদস্যসকলক প্ৰভাৱিত আৰু নিৰ্দেশনা দিয়া হয়। সেয়েহে, এখন দেশক সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, উদ্যোগিক, সাংস্কৃতিক আদি দিশত আগবঢ়াই নিবলৈ মাধ্যমিক শিক্ষাই শিক্ষাৰ্থীসকলক প্ৰশিক্ষিত কৰাতো লক্ষ্য হ’ব লাগে।

মাধ্যমিক শিক্ষা আয়োগ (Secondary Education Commission)[সম্পাদনা কৰক]

পাঠ্যক্ৰম প্ৰস্তুত[সম্পাদনা কৰক]

kru 2401:4900:12C7:2C79:E4FD:60AF:9937:9DBE 12:40, 28 December 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]