সমললৈ যাওক

বাৰ্তা:পৌৰসভা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

নামৰূপ পৌৰ সভা

২০১৫ চনত প্ৰতিষ্ঠা লাভ কৰা নামৰূপ পৌৰ সভাই বিজেপিৰ দখলত একক সংখ্যাগৰিষ্ঠতা লাভ কৰি শ্ৰীমতী নিতু সোণোৱাল বুঢ়াগোহাঁই ডাঙৰীয়ানিৰ অধ্যক্ষতাত পৌৰ সভাখন গঠিত হয়। উক্ত পৌৰ সভাত শ্ৰীযুত প্ৰশান্ত গগৈ উপাধ্যক্ষ পদত অধিষ্ঠিত হয়। ২০২২ চনত পুণৰ বিজেপিৰ দখললৈ আহে। আৰু বৰ্তমানেও বাহাল আছে। ২০২২ চনৰ পৰা নামৰূপ পৌৰ সভাত বৰ্তমানে শ্ৰীযুত প্ৰশান্ত গগৈ ডাঙৰীয়া অধ্যক্ষ আৰুশ্ৰীমতী নিতু সোণোৱাল বুঢ়াগোহাঁই ডাঙৰীয়ানি উপাধ্যক্ষ পদত নিয়োজিত হৈ আছে। দহটা ৱাৰ্ডেৰে গঠিত নামৰূপ পৌৰ সভাত বাকী আঠজন ৱাৰ্ড কমিচনাৰ হিচাপে পৌৰ সভাখন গঠিত হৈ আছে।

নামৰূপ পৌৰ সভা

[সম্পাদনা কৰক]

নামৰূপ পৌৰ সভা

২০১৫ চনত প্ৰতিষ্ঠা লাভ কৰা নামৰূপ পৌৰ সভাই বিজেপিৰ দখলত একক সংখ্যাগৰিষ্ঠতা লাভ কৰি শ্ৰীমতী নিতু সোণোৱাল বুঢ়াগোহাঁই ডাঙৰীয়ানিৰ অধ্যক্ষতাত পৌৰ সভাখন গঠিত হয়। উক্ত পৌৰ সভাত শ্ৰীযুত প্ৰশান্ত গগৈ উপাধ্যক্ষ পদত অধিষ্ঠিত হয়। ২০২২ চনত পুণৰ বিজেপিৰ দখললৈ আহে। আৰু বৰ্তমানেও বাহাল আছে। ২০২২ চনৰ পৰা নামৰূপ পৌৰ সভাত বৰ্তমানে শ্ৰীযুত প্ৰশান্ত গগৈ ডাঙৰীয়া অধ্যক্ষ আৰুশ্ৰীমতী নিতু সোণোৱাল বুঢ়াগোহাঁই ডাঙৰীয়ানি উপাধ্যক্ষ পদত নিয়োজিত হৈ আছে। দহটা ৱাৰ্ডেৰে গঠিত নামৰূপ পৌৰ সভাত বাকী আঠজন ৱাৰ্ড কমিচনাৰ হিচাপে পৌৰ সভাখন গঠিত হৈ আছে। জ্যোতিষ্ক বৰুৱা (বাৰ্তা) 18:28, 15 November 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক

নামৰূপত প্রথম বোলছবি নির্মাণ কৰা  চাহ জনগোষ্ঠীয় লোক সকলৰ মাজৰ প্ৰথম জন ব্যক্তি তথা যুৱ শিল্পী মংগল নায়কৰ বিষয়ে চমুকৈ একলম ৷

[সম্পাদনা কৰক]

নামৰূপত প্রথম বোলছবি নির্মাণ কৰা  চাহ জনগোষ্ঠীয় লোক সকলৰ মাজৰ প্ৰথম জন ব্যক্তি তথা যুৱ শিল্পী মংগল নায়ক ৷ বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি সাংস্কৃতিক ক্ষেত্রৰ এক অপূর্ব সমাহাৰ তথা সমন্বয়েৰে পৰিপুষ্ট অসমৰ ডিব্ৰুগড় জিলাৰ নামৰূপ অঞ্চল । এই নামৰূপতেই কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ, প্রযোজক, পৰিচালক মংগল নায়ক, কণ্ঠশিল্পী বর্ণালী কলিতা, যোগেশ ফুকন,পলাশ ফুকনকে ধৰি বহু স্বনামধন্য শিল্পীৰ জন্ম হৈছে ।

          প্রকৃতিৰ অচাক্ষুষ আহ্বানৰ শুভ ক্ষণতে আদিবাসী চাহ জনগোষ্ঠী সমাজৰ সন্তান নামৰূপ চাহ বাগিচাত পিতৃ মহিন্দ্ৰ (চমৰা) নায়কৰ ঔৰসত আৰু মাতৃ শান্তি নায়কৰ গৰ্ভত অসমৰ বহুমুখী প্রতিভা সম্পন্ন এইজন  দৰদী শিল্পী  মংগল নায়কৰ জন্ম হয় । অসমৰ আদিবাসী চাহ জনগোষ্ঠীসকলো কলা- কৃষ্টি, সংস্কৃতিৰ ক্ষেত্ৰত অতিকৈ চহকী  মেটমৰা ভঁৰাল স্বৰূপ। সংস্কৃতিক ঐতিহ্যমণ্ডিত কৰি তুলিবৰ বাবেই যেন মংগল নায়কৰ জন্ম হৈছিল। বিভিন্ন সময়ত বিভিন্ন অভাৱ-অনাটনৰ ওচৰত কেতিয়াও হাৰ মানিব নিবিচৰা নেৰানেপেৰা প্ৰচেষ্টাৰ ফলস্বৰূপে ভৱিষ্যতে শিল্পী হোৱাৰ সপোন দেখা মংগল নায়কে এদিন দিঠকত পৰিণত কৰিলে । পঢ়ি থকা- অৱস্থাতে নামৰূপৰ সংগীত মহাবিদ্যালয়ত নামভর্তি কৰে আৰু গুৰু লক্ষ্যধৰ চৌধুৰীৰ সান্নিধ্যত সংগীতৰ শিক্ষা আৰম্ভ কৰে।

নামৰূপ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মংগল নায়কে মেট্ৰিকৰ দেওনা সুখ্যাতিৰে পাচ কৰাৰ পাছত গুৱাহাটী বি. বৰুৱা মহাবিদ্যালয়ত কলা শাখাত নামভর্তি কৰে ।

গুৱাহাটীতে থাকি মংগল নায়কে পুনৰ সংগীত গুৰু নন্দ বেনাৰ্জীৰ ওচৰত সংগীতৰ শিক্ষা আৰম্ভ কৰিবলৈ লয় । সংগীতৰ লগতে  নিজৰ শৈক্ষিক তথা অধ্যয়ণৰ দিশটোও সমান্তৰাল ভাৱে আগবঢ়াই নিবলৈ সক্ষম হোৱা মংগল নায়কে স্নাতক ডিগ্রীও লাভ কৰে । ডিগ্রী লাভ কৰাৰ পিছত উচ্চ শিক্ষাৰ বাবে মংগলে কটন কলেজিয়েটত স্নাতকোত্তৰ ডিগ্রীৰ বাবে নামভর্তি কৰে।  সেই সময়চোৱাত  গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন মঞ্চত গীত পৰিৱেশন কৰি সুনাম অর্জন কৰিবলৈ সক্ষম হয় । ইয়াৰ লগতে  সমসাময়িকভাবে মংগল নায়কে গুৱাহাটী দূৰদর্শন কেন্দ্র, গুৱাহাটী অনাতাঁৰ কেন্দ্র আৰু নগাওঁ অনাতাঁৰ কেন্দ্ৰত গীত পৰিৱেশন কৰে। পর্যায়ক্রমে গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত চাহ শ্রমিকৰ আঁচৰ" অনুষ্ঠানত প্রায় ৫ বছৰৰো অধিক কাল ঘোষক হিচাপে কাম কৰে ।

মংগল নায়ক সংগীত চর্চাৰ লগতে সমান্তৰালকৈ লিখা মেলাতো  একান্ত অনুৰাগী আছিল। "সাদিন" বাতৰি কাকত, "দৈনিক জনমভূমি"ৰ লগতে অসমৰ বিভিন্ন আলোচনীত তেখেতৰ চুটি গল্প, কবিতা আদি প্রকাশ পাইছে । আনহাতে, সাদিন বাতৰি কাকতত "চাহ  বাগিচাৰ জীৱন " শিতানত প্রায় দুবছৰ ধৰি সাংবাদিক হিচাপে কৰ্মৰত হৈ আছিল । চুটি গল্প লিখাৰ বাবে মংগল নায়কে সাদিন বাতৰি কাকতৰ পৰা "গল্পকাৰ হিচাপেও স্বীকৃতি লাভ কৰি আহিছে ।

২০০০ চনত মংগল নায়কে অসমীয়া ছবি জগতত ভুমুকি মাৰে । অশোক শৰ্মাই নির্মাণ- কৰা "ঘৰ সংসাৰ" নামৰ ছবিখনত আইচুংফা বৰুৱাৰ লগত নায়কৰ ৰূপত অভিনয় কৰে ।

তাৰ পাছত দেবাৰু উৰাংৰ "বোনাছ", বলদেৱ নাগৰ "বাদল ঢাকা চান্দ" আদি ছবিত অভিনয় কৰে। সিমানতে ক্ষান্ত নাথাকি মংগল নায়কে নিজে চিনেমা নিৰ্মাণৰ পৰিকল্পনা কৰে । প্রথমবাৰ "আইনা" নামৰ এক পূর্ণদৈর্ঘ্যৰ ছবি নির্মাণ কৰি ছবিখনত কণ্ঠদানৰ আৰু অভিনয়ৰ লগতে কাহিনী, সংলাপ, চিত্রনাট্য, প্রযোজনা আৰু পৰিচালনাৰ দায়িত্বত নিজে পূৰ্ণ ভূমিকা পালন কৰে  । তাৰ পিছত তেখেত একেধাৰে "আখড়া মে বাজে  ঢল", আঁখিয়া, লালচুনাৰিয়া, ধোঁৱা, কালা যাদু, সুন্দৰ চেহেৰা (এলবাম), নিস্তব্ধ (দুই মিনিটৰ ছবি), দিৱানা দিল (এলবাম) মালতী, মহিমা (হিন্দী এলবাম), কৰুনাৰ ওপৰত আধাৰিত দুখন ছুটি-ছবি আছি নির্মাণ কৰে।

বোলছবি জগতখনত সমান্তৰালকৈ মংগল নায়কে এন. কে প্ৰডাকচনৰ পৰদেশী বাবু, ৱেভ নিবেদিত  দিলৰুবা, কৃষ্ণমণি চুতীয়াৰ লালপাড়ী, চলগৰী দ্বিতীয়, তিলক নেবাৰৰ মেম চাহাব, জে.ডি.ৰ চামেলী - আদি জনপ্রিয় এলবাম বিলাকত গীত ৰচনা কৰিছে আৰু সুৰ দিছে । আৰু তেখেতে লিখা গীতৰ ইতিমধ্যে কন্ঠ নিগৰাইছে জুবিন গার্গ, কৃষ্ণমণি চুতীয়া, সীমান্ত শেখৰ, বর্ণালী কলিতা, চয়নিকা ভূঞাঁ,  তুষাৰ অর্জুন আদি স্বনামধন্য শিল্পীসকলে।

বর্তমান মংগল নায়ক আদিবাসী চাহ জনগোষ্ঠীয় ভাষাৰ ছবি গুমৰাহ, পাঞ্জা খিলাড়ীৰ ছুটি ছবিৰ নিৰ্মাণৰ কামত ব্যস্ত হৈ আছে । ২০২১ চনত মংগল নায়কে শিল্পী কৰ্মৰ বাবে অসম চৰকাৰৰ সাংস্কৃতিক আৰু পৰিক্রমা বিভাগৰ পৰা "শিল্পী বঁটা" লাভ কৰিবলৈ সক্ষম হৈছে ।

অসমীয়া সংস্কৃতিৰ জগতখনলৈ অনবদ্য আগবঢ়াই অহা মংগল নায়ক বৰ্তমান নগাওঁ জিলাৰ বাসিন্দা যদিও জন্ম ঠাই নামৰূপৰ প্ৰতি আছে অগাধ ভালপোৱা ৷ নামৰূপৰ মানুহ লগ পালেই মানুহ জন হৈ পৰে আপোন পাহৰা ৷ অঞ্চলটোৰ মানুহৰ খৱৰ,যুৱ প্ৰজন্মৰ শিক্ষাৰ অগ্ৰগতি তথা বিভিন্ন দিশত আপোন ঠাই নামৰূপৰ খৱৰ বতৰা লৈ সুখ অনুভৱ কৰে ৷  সাংস্কৃতিক দিশত সংস্কৃতিৰ চেতনাৰ মন এটি লৈ বৰ্তমানেও বিভিন্ন দিশত অধিক কাল সময় কটাই  ভাৱনাত উৎপন্ন সৃষ্টিক গতিশীল মাত্ৰাৰে এক ৰূপ দিয়াৰ ক্ষেত্ৰত কঠোৰ  চিৰ-সাধনাত ব্ৰতী ৷ সফলতাৰ মাপ-কাঠিৰে "সাফল্যৰ এখোজ" দিশেৰে ধাৱমান হৱ খুজা সমগ্ৰ  নামৰূপ অঞ্চলৰে গৌৰৱ মংগল নায়কৰ অগ্ৰণী ভূমিকা আৰু অৱদানখিনি  সাৰ্থক হওক ৷ শেষত তেখেতৰ সুন্দৰ সুস্বাস্থ্য আৰু শতবৰ্ষীয়া আয়ুসে জীৱনটো গৰকি যাওক তাৰেই কামনাৰে ভগৱানৰ চৰণত সেৱা জনাইছোঁ ৷

✍ জ্যোতিষ্ক বৰুৱা জ্যোতিষ্ক বৰুৱা (বাৰ্তা) 07:38, 1 December 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক