বাৰ্তা:ফলৰ তালিকা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা
(বাৰ্তা:ফলৰ নামৰ তালিকাৰ পৰা পুনঃনিৰ্দেশিত)

ইংৰাজী plum-ৰ অৰ্থ বগৰী নহ'বনে বাৰু?

এনে তালিকাৰ প্ৰয়োজন আছে জানো?[সম্পাদনা কৰক]

এনে তালিকাৰ প্ৰয়োজন আছে জানো? এনে এখন বিশদ তালিকা মেইন্টেইন কৰা সম্ভব নে?

ফল বুলি এটা শ্ৰেণীৰেই কামটো সহজতে নহ'বনে?

প্রভাকৰ শৰ্মা নেওগ (talk) 15:54, 16 মে' 2014 (UTC)

ফেচবুকৰ আলোচনা[সম্পাদনা কৰক]

চাদিক হুছেইন (https://www.facebook.com/sadiq.hussain.50746/about), May 16 at 10:12pm[সম্পাদনা কৰক]

সম্ভব। দুই-এটা ভুল দেখি সোধৰাই দিছোঁ। সকলোবোৰ ইংৰাজী নামৰ অসমীয়া নিবিচৰাই ভাল। নহ'লে সুবিধাতকৈ অসুবিধা বেছি হ'ব। উদাহৰণ হিচাপে: বগৰী হ'ল Ber। আনহাতে নৰা বগৰী Plum-ৰ এটা প্রজাতি। আহোম বগৰী হ'ল Peach। ষ্ট্রবেৰী আৰু গৰুখিচ ওচৰ সমন্ধীয়। একে বুলি ক'ব নোৱাৰি। সেয়ে ষ্ট্রবেৰীৰ অসমীয়া নিবিচৰাই ভাল যদিও ৱাকিৰ তালিকাত বাৰীখিচ বুলি দিয়া আছে।

ঊষা তামূলী (https://www.facebook.com/usha.tamuli.3/about) June 1 at 5:26pm[সম্পাদনা কৰক]

ফলৰ নামৰ তালিকা সম্পৰ্ক ত দুটামান কথা বিনম্ৰভাৱে জনাব বিচাৰো । ১) ফলৰ নামৰ তালিকাৰ ঠাইত "ফলৰ তালিকা ( ইংৰাজী আৰু বৈজ্ঞানিক নামসহ" হ'লে বেছি ভাল হলহেতেন যেন ধাৰণা হয়। ২) ফলৰ নামবিলাক বৰ্ণানুক্ৰমিক হলে ভাল আছিল । ৩) নৰা-বগৰী (নৰা বগৰী নহয়), ইংৰাজী প্ৰতিশব্দ plum নহয়, আৰু বৈজ্ঞানিক নামো prunus domestica নহয়। চন্দ্ৰকান্ত অভিধান মতে যথাক্ৰমে peach আৰু primspersica হে। অন্যহাতে আহোম-বগৰী হবলাগে aluchu plum আৰু prumis communis(peach/prunus perisca নহয়)।

তালিকাখনত বৰ্ণানুক্ৰমিক ভাৱে সজাব পৰা ব্যৱস্থা ইতিমধ্যে আছেই। ক'লাম বোৰৰ হেডিং বোৰৰ কাষতে একোটা দুইমুখী কাঁড়চিন দেখাপাব। তাতে ক্লিক কৰিলেই তালিকাখন সেই কলামৰ ভিত্তিত বৰ্ণানুক্ৰমিক হৈ পৰিব। প্রভাকৰ শৰ্মা নেওগ (talk) 00:11, 3 জুন 2014 (UTC)

চাদিক হুছেইন ০৩/০৬/২০১৪[সম্পাদনা কৰক]

নৰা-বগৰী আৰু আহোম- বগৰী নামৰ ফল দুবিধক লৈ ছাত্র অৱস্থাত বৰ বিমোৰত পৰিছিলো। গাত শুং থকাবিধক বহুতে আহোম- বগৰী কোৱাৰ বিপৰীতে আন বহুলোকে নৰা- বগৰী বুলি কয়। সেইদৰে ইংৰাজী নাম দুটাৰ ক্ষেত্রটো খেলিমেলি লাগিছিল। পাছলৈ গাত শুং থকাবিধক অহোম-বগৰী ( Peach) আৰু আনবিধ নৰা-বগৰী ( Plum) আৰু দুয়োবিধৰে বৈজ্ঞানিক নাম ক্রমে Prunus perisca আৰু Prunus domestica বুলি জানিব পাৰিছিলো । A.C. Dutta-ৰ Botany for Degree Student –ত Plum আৰু Peach-ক Prunus spp.ৰূপে ৰখা হৈছে। পাছলৈ সহকর্মী-বন্ধু ডঃ ৰাজেন্দ্র প্রসাদ দাসে তেখেতৰ “উদ্যান শস্যৰ সাৰথি” নামৰ বহু সমাদৃত পুথিখনত আহোম-বগৰী আৰু নৰা-বগৰীৰ বৈজ্ঞানিক নাম দুটা ক্রমে Prunus perisca আৰু Prunus domestica হিচাপেই ৰখা দেখিছোঁ। ইংৰাজী নাম দুটাও Pearch আৰু Plum বুলিয়েই উল্লেখ কৰিছে। কিন্তু হঠাৎ নাম দুটালৈ খেলিমেলি হোৱা যেন দেখি Internet-ত বিচাৰি শুং থকাবিধ Prunus perisca আৰু আনবিধ Prunus domestica বুলি আকৌ নিশ্চত হলোঁ। ছবি দুখন upload কৰি দিছোঁ। আনহাতে primspersica, aluchu plum আৰু Prumis communis –ৰ ছবি বিচাৰি আন ছবিহে দেখিলোঁ। এইখিনিতে উল্লেখ কৰোঁ যে “শৰাইঘাট অভিধান”ত আহোম-বগৰীৰ ইংৰাজী নাম Garden Plum আৰু বৈজ্ঞানিক নাম Prunus perisca ৰূপে আছে। আনহাতে নৰা- বগৰী গাত শুং থকা এবিধ বগৰী আৰু ইয়াৰ গছ বুলি আছে যাৰ ইংৰাজী আৰু বৈজ্ঞানিক নাম ক্রমে Peach আৰু Prunus perisca হিচাপে দিয়া আছে।