বাৰ্তা:ফাকে জনগোষ্ঠী

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

ফাকিয়াল অসমৰ এটা জনজাতি। ফাকিয়ালসকলৰ প্ৰকৃত নাম 'তাই ফাকে'। 'ফাকে' শব্দৰ পৰা অসমীয়াত 'ফাকিয়াল' শব্দৰ উৎপত্তি হৈছে। 'ফা' মানে 'ৰজা' বা 'শিলৰ দ্বীপ' নতুনা 'বেৰ' আৰু 'কে' মানে পুৰণা বা 'বুঢ়া' নতুবা 'পূৰঠ'। এতেকে ফাকে মানে পুৰণা বা বুঢ়া ৰজাৰ বংশৰ নতুবা পুৰণা শিলৰ দ্বীপৰ বাসিন্দা। অসমত বৰ্তমান মাৰ্ঘেৰিটা, নাহৰকটীয়া, লিডু ন্ংলাই, লংগাঁও, টিপাম আদি ঠাইত প্ৰায় দুহেজাৰ ফাকিয়াল লোক আছে। ফাকিয়ালসকলৰ ভাগ কেইবাটাও: থামুং, মান, হাই, টুমটেন আদি।

ধৰ্ম-বিশ্বাস[সম্পাদনা কৰক]

ফাকিয়ালসকল সাধাৰণতে বৌদ্ধধৰ্মী। পুৰুষ, মহিলা, শিশু আটায়ে পঞ্চশীল আৰু অষ্টাশীল মন্ত্ৰ গ্ৰহণ কৰে। তেওঁলোকৰ ধৰ্মত জীৱহত্যা মহাপাপ। ফাকিয়াল পুৰুষসকলে আঁক-বাঁক থকা লুঙি আৰু কঁকাললৈকে পৰা চোলা পিন্ধে। মহিলাসকলে বুকুত মেঠনি মাৰি মেখেলা পিন্ধে আৰু চাদৰ লয়। শান্তি নোহোৱা ছোৱালীয়ে বগা কাপোৰ লয়। ফাকিয়াল পুৰুষে একাধিক বিয়া কৰাব পাৰে। একেদৰে তেওঁলোকৰ মাজত বিধৱা বিবাহতো কোনো প্ৰতিবন্ধক নাই।

জীৱিকা[সম্পাদনা কৰক]

ফাকিয়ালসকলৰ প্ৰধান জীৱিকা কৃষি। মহিলাসকলে তাঁত বয়। ফাকিয়াল পুৰুষে মাটিৰ কলহ, কাঠ আৰু বাঁহৰ শৰাই তৈয়াৰ কৰি বিক্ৰী কৰে।

উৎসৱ-পাৰ্বণ[সম্পাদনা কৰক]

ফাকিয়াল জনজাতিৰ প্ৰধান উৎসৱ পানী বিহু আৰু বৌদ্ধ পূৰ্ণিমামাঘ বিহুৰ মেজিৰ দৰে ফাকিয়ালসকলে ফাগুনৰ পূৰ্ণিমাত মেজি জ্বলায় আৰু নিশা ভোজভাত খায়। [1]

  1. অসম অভিধান, শান্তনু কৌশিক বৰুৱা, বনলতা,২০০১,পৃষ্ঠা-১৪১ (১)