বাৰ্তা:ফেইচবুক

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা
(বাৰ্তা:ফেচবুকৰ পৰা পুনঃনিৰ্দেশিত)

নামটো "ফে'চবুক" কৰাৰ বাবে প্ৰস্তাৱ দিলোঁ। (দেৱেন দত্তৰ মতে ফেইচবুক) — গীতাৰ্থ বৰদলৈ (talk) 15:03, 9 অক্টোবৰ 2012 (UTC)

ফে’চবুক শুদ্ধ নে অশুদ্ধ ম‍ই নাজানো, কিন্তু ম‍ই দেখাত প্ৰায় সকলো মানুহেই লিখিতভাৱে "ফেচবুক" ব্যৱহাৰ কৰি আহিছে| ফে'ইচবুক প্ৰথমবাৰৰ বাবে শুনিছো| ৱিকিটো এতিয়ালৈ বহু প্ৰবন্ধত ফেচবুক বুলিয়েই আছে| গতিকে শুদ্ধ পৃষ্ঠাটো স্থানান্তৰ কৰা লগে লগে আন পৃষ্ঠাসমূহটো সালসলনি আৱ্শ্যক হ’ব| গতিকে স্থানান্তৰ কৰিব লগা হ’লে বাকী দায়িত্বও লবলৈ অনুৰোধ জনালো|

ফে’চবুকৰ সন্ধান ফলাফল : ফে’চবুক

ফেচবুকৰ সন্ধান ফলাফল : ফেচবুক বিষ্ণু শ‍ইকীয়া বাৰ্তা 16:45, 9 অক্টোবৰ 2012 (UTC)


উচ্চাৰণ অনুসৰি নাম ৰাখিলে "ফেচবুক" নিশ্চয়কৈ অশুদ্ধ (ফেচ->ফেঁচাৰ দৰে উচ্চাৰণ)। আমি কওঁ "ফে'চবুক" (মুখৰ কথা কওঁতে যেনেকে "ফে'চ" বুলি কওঁ, ফেচ বুলি নকওঁ। বাকীবোৰত দেখা মাত্ৰকে শুধৰালেই হ'ল। — গীতাৰ্থ বৰদলৈ (talk) 19:33, 9 অক্টোবৰ 2012 (UTC)
শিৰোনামাটো "ফেইচবুক" কৰিবলৈ পুনৰ প্ৰস্তাৱ দিলোঁ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰস্তাৱিত লিপ্যন্তৰ পদ্ধতিত এনেদৰে কৈছে- "ei (লিখিত a, ai, ei আদি) অসমীয়াত এই লিখা হ'ব। যেনে- Jail=জেইল্‌, Mail=Male=মেইল্‌, Rail=ৰেইল্‌, Bail=Bale=বেইল্‌ (কিন্তু Bell=বে'ল্‌), Late=লেইট্‌, Vail=Vale=ভেইল্‌ ইত্যাদি। দেৱেন দত্তইও এনেকৈয়ে লিখে। ৱিকিপিডিয়াত সাধাৰণতে শব্দৰ প্ৰচলিত ৰূপকে ৰখা হয় যদিও বহু ক্ষেত্ৰত নামবাচক শব্দৰ বাবে আমি শুদ্ধ ৰূপটো মানি লৈছোঁ। — গীতাৰ্থ বৰদলৈ (talk) 19:21, 19 November 2015 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
Changed the name to ফেইচবুক, since this is the way how the Assamese user interface of the website spells the name. See here: https://as-in.facebook.com/. --SlowPhoton (talk) 11:48, 25 March 2018 (ইউ.টি.চি.)[উত্তৰ দিয়ক]