বাৰ্তা:যোৰহাট প্ৰভিঞ্চিয়েল ৰেলৱে

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৰেলৱে> ৰেলসেৱা বা ৰে'লৱে' হ'ব নেকি (আটাইকেইটা প্ৰবন্ধতে)? লগতে ষ্টেট>ষ্টে'ট ? — গীতাৰ্থ বৰদলৈ (talk) 08:54, 5 এপ্ৰিল 2014 (UTC)

অসমীয়া ভাষাত "এ" আখৰটোৱে দুটা ধ্বনি প্ৰতিনিধিত্ব কৰে- এ (ɛ) আৰু এ' (e)। ইংৰাজী Rail শব্দটো IPAত এনেদৰে লিখা হয়- "reɪl"। সেই অনুসৰি অসমীয়া ভাষাত Railৰ আটাইতকৈ ওচৰ চপা লিপ্যন্তৰ হ'ব- ৰে'ইল। পিছে বেছিভাগে ৰেল বুলিয়ে লিখেচোন। বিজ্ঞসকলে সিদ্ধান্ত লওক।
Jorhat (Jorehaut) Provincial Railwayক পোনেপোনে লিপ্যন্তৰ কৰা হৈছে "যোৰহাট প্ৰভিঞ্চিয়েল ৰেলৱে" বুলি। "Railway"ক অসমীয়া ভাষাত "ৰেল" বা "ৰেলৱে" বুলি কোৱাই বেছি ভাল হ'ব; "ৰেলসেৱা" ভুল। উদাহৰণ: "Indian Railway"ক অসমীয়া, হিন্দী, বাংলা আদি ভাষাত "ভাৰতীয় ৰেল" বুলিয়ে লিখা হয়। বাবুল বৈশ্য 15:04, 5 এপ্ৰিল 2014 (UTC)
"ৰেল" শব্দটো বহুল প্ৰচাৰিত আৰু অভিধানগত শব্দ, সেইটো সলাব নোৱাৰি। Railway-ৰ প্ৰতিশব্দহে অসমীয়া অভিধানত নাই। সেইটো ৰে'লৱে' বা ৰ'ইলৱে' কৰিব পাৰি চাগে। ("ৰেল" শব্দটোৱে আক' ৰেলৰ আলি আৰু ৰেলসেৱা- এই দুয়োটা অৰ্থ বুজায়।) — গীতাৰ্থ বৰদলৈ (talk) 20:08, 5 এপ্ৰিল 2014 (UTC)
Railwayৰ প্ৰতিশব্দ অসমীয়া অভিধানত নাই হবলা। কিন্তু ইয়াক ৰেল বা ৰেলৱে বুলিয়ে লিখি থকা হৈছে। সমস্যা হৈছে কেবল ঊৰ্দ্ধকমা দিয়া নিদিয়াকলৈ। মোৰ মতে নালাগে। দিলেও কোনো আপত্তি নাই। e (এ') ধ্বনি থকা অসমীয়া ভাষাৰ বহু শব্দত ঊৰ্দ্ধকমাটো নিদিওঁ। পিছে Railwayৰ প্ৰতিশব্দ ৰেলসেৱা কৰাত আপত্তি আছে। কাৰণ ৰেলসেৱাই Rail Serviceকহে বুজাব যেন লাগে। অসমীয়াৰ ভগ্নীভাষাকেইটাতো Railwayৰ প্ৰতিশব্দ ৰেলসেৱা নাই। - বাবুল বৈশ্য 01:28, 6 এপ্ৰিল 2014 (UTC)