বাৰ্তা:শ্ৰীমন্ত শংকৰদেৱ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

সংৰক্ষিত প্ৰবন্ধসমূহ

১) শংকৰদেৱে অংকীয়া নাট আৰু বৰগীতসমূহহে ব্ৰজাৱলীত সৃষ্টি কৰিছিল; বাকী কীৰ্তনকে ধৰি অন্যান্য গন্থসমূঅসমীয়াত ৰচনা কৰিছিল। পোন্ধৰ শতিকাত সমগ্ৰ উত্তৰ ভাৰত জুৰি আৰম্ভ হোৱা নৱবৈষ্ণৱ আন্দোলনৰ সৈতে জড়িত সাহিত্যৰাজিত এই ভাষাটো ব্যৱহাৰ কৰা হৈছিল। ব্ৰজাৱলী আছিল সমগ্ৰ উত্তৰ ভাৰতৰ এটা উমৈহতীয়া কৃত্ৰিম ভাষা। অৱশ্যে প্ৰদেশভেদে ভাষাটোৰ সুকীয়া ৰূপ আছিল। অসমৰ ব্ৰজাৱলীৰ স্ৰষ্টা আছিল শংকৰদেৱ।

২) আপুনি কি ভাবে, শংকৰদেৱ মানৱ আছিল নে অতিমানৱ নে ভগৱানৰ অৱতাৰ? মই ভাবো, শংকৰদেৱ এগৰাকী অত্যন্ত প্ৰতিভাশালী, অতি-আধুনিকতাবাদী, অপূৰ্ব সাংগঠনিক দক্ষতা থকা, সত্ আৰু দয়াশীল; কিন্তু আমাৰ নিচিনাই এগৰাকী তেজ-মঙহৰ মানুহ আছিল। অনুগামীসকলে গুৰুজনাক ঈশ্বৰ সজালে। সেইবাবে গুৰুজনাৰ নামত অসংখ্য mythৰ প্ৰচলন হ'ল। আকাৰ, ইকাৰ নিশিকাকৈ গুৰুজনাই 'কৰতল, কমল' লিখিলে-এইটোৱো এটা মীথৰে অংশ। কবিতাটো বিশ্লেষণ কৰি চালে দেখিব যে এইটো এটা অতি ভাবগধুৰ ৰচনা আৰু আৰু এটা বিশেষ ছন্দত কবিটাটো লিখা হৈছে। অলংকাৰ শাস্ত্ৰ নপঢ়াকৈ এই ছন্দ প্ৰয়োগ কৰা সম্ভৱ নহয়। সেয়েহে আকাৰ, ইকাৰ নিশিকাকৈ এনে কবিতা লিখা কথাটো শুদ্ধ হব নোৱাৰে। বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে গুৰুজনাৰ জীৱন আৰু কৰ্মৰাজীৰ বিশ্লষণ হোৱাটো উচিত বুলি আপুনি নাভাবেনে?

--Babulbaishya 04:07, 13 ডিচেম্বৰ 2011 (UTC)

শংকৰদেৱ এগৰাকী অত্যন্ত প্ৰতিভাশালী ... অপূৰ্ব সাংগঠনিক দক্ষতা থকা, সত্ আৰু দয়াশীল; কিন্তু আমাৰ নিচিনাই এগৰাকী...

শাস্ত্ৰ মতেই ইয়ো এক প্ৰকাৰ অৱতাৰৰেই definition (বিভিন্ন প্ৰকাৰৰ অৱতাৰ আছে, অংশ, কলা, সন্ত, পূৰ্ণ, ইত্যাদি) | আমাৰ ক্ষুদ্ৰ বুদ্ধি মতে মহাপুৰুষজনা ঈশ্ৱৰৰেই অৱতাৰ | এজন অৱতাৰী মহাপুৰুষ (Supreme Being)এহে অসমক সেই irredeemable ’অন্ধেন তমসাবৃতা’ অৱস্থাৰ পৰা উদ্ধাৰ কৰিব পাৰিব | ’অত্যন্ত প্ৰতিভাশালী’ Leonardo da Vinciৰো এই Mission Impossible সাধ্য কৰাৰ ক্ষমতা নাই | এয়ে আমাৰ দৃঢ়, অতি দৃঢ়, সুদৃঢ় বিশ্ৱাস |

Power of the Spirit থাকিব‍ই লাগিব | আৰু, কোনো ’অত্যন্ত প্ৰতিভাশালী’ লোকৰ, আনকি Da Vinciৰ দৰে polymathৰো, লেখনি মানুহৰ মৃত্যুৰ সময়ত পাঠ কৰা নহয় | শঙ্কৰদেৱৰ ভাগৱতৰ বাজে | এতেকে Spiritual Connection থাকিব‍ই লাগিব |

সনাতন ধৰ্মৰ দৰ্শন মতেও পৰম ব্ৰহ্ম বা যি সত্তাক আমি Supreme Spirit বুলি কও, সেই পৰম সত্তা কেৱল Transcendentএই নহয়, Immanentও | কেৱল (পৰমাত্মা ৰূপী) ইশ্ৱৰ বা (মায়া ৰহিত) ঈশ্ৱৰাংশ‌ই হে ঈশ্ৱৰৰ লগত জীৱৰ সম্বন্ধ ঘটাব পাৰে | সেই জনেই হ’ল গুৰু | অন্যজনে (সাধাৰণ মনুষ্য‌ই) নোৱাৰে | ক্ষুদ্ৰ জীৱক ঈশ্ৱৰমুখী কেৱল ঈশ্ৱৰেহে কৰাব পাৰে:-

তুমি হৰি কৃপাময় বাহিৰত গুৰু ৰূপে অনুগ্ৰহ কৰি আছা মোক | অন্তৰ্য্যামী গুৰু ৰূপে তাকে সত্য কৰা মোৰ তযু নামে সদা ৰতি হৌক ||৬৩ [শ্ৰীশ্ৰী মাধৱদেৱ, নাম-ঘোষা]

এই কথা Sci-fi novelৰ নহয়, বৰং বেচ লজিকেলেই. শাস্ত্ৰ-সন্মতও | পৰমাত্মা = পৰমগুৰু | কেৱল মাত্ৰ নিজৰ Spiritual Model টো বদলাই লৈ চোৱাৰ প্ৰয়োজন | আমাৰ ভগৱান কেৱল সপ্ত বৈকুণ্ঠৰ উপৰত সিংহাসনত বহি থকা God Almightyএই নহয় বৰঞ্চ 'মায়া নৰ-তনু’ চোলা পিন্ধি ধৰা ধামলৈ নামি অহা অৱতাৰী Lordও; তেও ’অৱতৰিত’ হয়, descendও কৰে | এতেকে, যিয়ে ভগৱান বা দেৱ তত্ত্ৱত বিশ্ৱাস কৰে, Immanent Godৰ conceptটোত বিশ্ৱাস কৰে, সিজনে অৱতাৰ বা গুৰু তত্ত্ৱত আৰু গুৰু-দেৱৰ অভিন্নতাত বিশ্ৱাস নিঃসন্দেহ কৰিব‍ই |

এই কথা বোৰ উপলব্ধি কৰিবলৈ হ’লে অৱশ্যে আমি প্লেটো’ৰ গুহাৰ ভিতৰৰ পৰা ’বাহিৰত’ উলাই আহিব লাগিব | হায়! আমাৰ বিজ্ঞান এতিয়াও অপৰিপক্ক (half-baked), half-educated, tentative অৱস্থাত, সাগৰৰ পাৰত এতিয়াও শিলগুটি বুটলিছে ('gathering pebbles on the sea-shore' - Sir Isaac Newton) | হয়তো এদিন নিজৰ ভূল নিজেই স্ৱীকাৰ কৰি ’ৱেদ-স্তুতি’ৰ বেদগণে স্তুতি কৰা দি ঈশ্ৱৰৰ ওচৰত ক্ষমা বিচাৰি শৰণ পশিব (’ লোকক বঞ্চিলো ছলে...’) | কিন্তু তেতিয়ালৈ একা?

এতেকে কিজানি মহাপুৰুষৰ অনুগামীসকলে সনাতন ধৰ্মৰ সেই পৰম সত্য বা Supreme Philosophy মতেই চলিছিল? সেই মহান তত্ত্ৱদৰ্শী মহাৰুষৰ অনুগামীসকলক ’প্লেটো’ৰ গুহাৰ’ ভিতৰৰ পৰা কোনেও ’Orthodox’ বা ’গোড়া’ বুলি নকয় যেন, এয়ে প্ৰাৰ্থনা | আৰু ক’বলৈ নাই, আধ্যাত্মিকতাৰ সূক্ষ্ম ক্ষেত্ৰত প্ৰৱেশ কৰিব পাৰিলে এই ধাৰণাৰ সত্যতা হৃদয়ঙ্গম হব |

আকাৰ, ইকাৰ নিশিকাকৈ গুৰুজনাই 'কৰতল, কমল' লিখিলে-এইটোৱো এটা মীথৰে অংশ...

আমাৰ ক্ষুদ্ৰ বুদ্ধি মতে নহয়, ’মীথৰে অংশ’ নহয় | ’অত্যন্ত প্ৰতিভাশালী’ (আপুনি কোৱাৰ দৰে) Child prodigyৰ পক্ষে একো আচৰিত নহয় | তদুপৰি ’আকাৰ, ইকাৰ নিশিকাকৈ’ আকাৰ, ইকাৰ নথকা পদ্য এটাৰ ৰচনা ’মীথৰ অংশ’ৰ তালিকাত অন্তৰ্ভুক্ত কেনেকৈ!

আপোনাৰ পৰিচয় ডাঙৰীয়া? — গীতাৰ্থ বৰদলৈ (talk) 18:03, 14 জানুৱাৰী 2013 (UTC)

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

কেইটামান ভাল বাহ্যিক সংযোগ চকুত পৰাত ইয়াত তুলি থলো| সময়ত কামত আহুব বুলি| বিষ্ণু শ‍ইকীয়া বাৰ্তা 15:22, 25 ছেপ্টেম্বৰ 2012 (UTC)

বাক্য গাঁ‌ঠনিৰ সালসলনি[সম্পাদনা কৰক]

কেইটামান বাক্যত মূল লেখকৰ নিজস্ব মতামত প্ৰকাশ কৰাৰ দৰে লগাত সালসলনি কৰিলো। --Chiring chandan (talk) 11:54, 7 May 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

পক্ষপাতিত্বমূলক বাক্য কেইটামান সালসলনি কৰা হ'ল।---Chandan Chiring Phukon Chat 18:09, 26 March 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]