বাৰ্তা:সৌমাৰ নন্দিনী (উপন্যাস)
বিষয় যোগ কৰকজুৰি শইকীয়া
[সম্পাদনা কৰক]জুৰি শইকীয়া ( wikipedia) অসমীয়া সাহিত্যৰ এগৰাকী জনপ্ৰিয় লেখিকা । তেওঁ মূলত : বুৰঞ্জীমূলক, গৱেষণা ধৰ্মী তথা শিশু সাহিত্য সৃষ্টিত বিশেষভাৱে জড়িত ।
তেওঁ ঐতিহাসিক শিৱসাগৰ জিলাৰ আমগুৰি হিলৈদাৰী গাঁৱৰ বাসিন্দা ।
"সৌমাৰ নন্দিনী " খ্যাত জনপ্ৰিয় লেখিকা গৰাকীয়ে নব্বৈ দশকৰপৰা প্ৰান্তিক, গৰীয়সী আদিত গল্প লেখি গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰে । পিছলৈ তেওঁ ২০১৫ চনত বহুপঠিত উপন্যাস সৌমাৰ নন্দিনীৰ যোগেদি অসমীয়া উপন্যাস সাহিত্যত জনপ্ৰিয়তা লাভ কৰে । তেওঁৰ সৰহ সংখ্যক গ্ৰন্থ বনলতা আৰু অসম পাবলিচিং কোম্পানীয়ে প্ৰকাশ কৰিছে ।
জুৰি শইকীয়াৰ উল্লেখযোগ্য সাহিত্য কৃতি :
সৌমাৰ নন্দিনী : ২০১৫ চনত এই উপন্যাস বনলতা প্ৰকাশনে প্ৰকাশ কৰে । মূলত: চুতীয়া জনগোষ্ঠীৰ সংস্কৃতি, সমাজ , চুতীয়া ৰাজ্য আৰু ৰাণী সাধনীৰ বিষয়ে লেখা হৈছে ।
সাঁজবাতি : কমলা কুঁৱৰীৰ কিম্বদন্তীৰ আধাৰত কোঁচ ৰাজবংশী জনগোষ্ঠীৰ বিষয়ে " লেখা গৱেষণা উপযোগী উপন্যাস।
ৰাধিকা : সতী ৰাধিকাৰ জীৱনভিত্তিক উপন্যাস " ৰাধিকা " ।
নাং হিং মূলা:
মূলা গাভৰুৰ অমৰ বীৰত্বৰ বিষয়ে লেখা উপন্যাস " নাং হিং মূলা " তেখেতৰ আন এখন জনপ্ৰিয় উপন্যাস ।
নিষিদ্ধ যাত্ৰা :
তেওঁৰ সামাজিক উপন্যাস " নিষিদ্ধ যাত্ৰা "।
কামৰূপৰ বিক্রমাদিত্য মহাৰাজ নৰনাৰায়ণ: মহাৰাজ নৰনাৰায়ণৰ বিষয়ে তেখেতে লেখা এইখন এখন জনপ্ৰিয় আৰু বহুপঠিত জীৱনী গ্ৰন্থ।
সূৰ্য্য উঠা দেশ আৰু বীৰাঙ্গনা সাধনী - চুতীয়া সকলৰ বিষয়ে প্ৰকাশিত প্ৰৱন্ধৰ সংকলন ।
তেখেতৰ প্ৰকাশিত গল্পৰ সংকলন চাৰিখন । এগৰাকী শিশু সাহিত্যিক হিচাবেও তেখেত পৰিচিত ।
তেওঁৰ শিশু গ্ৰন্থ সমূহ হ'ল :
- ড: ভীমৰাও আম্বেদকাৰ
- অকণিৰ ভাগৱতৰ সাধু
- যুগান্তৰৰ জয়মতী
- শৰাইঘাটৰ লাচিত বৰফুকন
- বিশ্ব মহাবীৰ চিলাৰাই
- লক্ষ্মীনাথ বেজবৰুৱা
- মণিৰাম দেৱান
- শ্বহীদ কুশল কোঁৱৰ
- সাহসী কনকলতা বৰুৱা
- ৰত্নপীঠৰ ৰত্ন অম্বিকাচৰণ চৌধুৰী
অইল ইণ্ডিয়া শিক্ষাৰত্ন বঁটা প্ৰাপক জুৰি শইকীয়াই দুই শতাধিক প্ৰৱন্ধ আৰু তিনিকুৰিৰো অধিক গল্পৰ লেখিকা ।