বাৰ্বাডোছ থ্ৰেডস্নেক
| বাৰ্বাডোছ থ্ৰেডস্নেক | |
|---|---|
| সংৰক্ষণ স্থিতি | |
| বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| অধিজগৎ: | সংকোষকেন্দ্ৰী |
| ৰাজ্য: | প্ৰাণী |
| পৰ্ব: | পৃষ্ঠদণ্ডী |
| শ্ৰেণী: | Reptile |
| বৰ্গ: | Squamata |
| উপবৰ্গ: | Snake |
| পৰিয়াল: | Leptotyphlopidae |
| গণ: | Tetracheilostoma |
| প্ৰজাতি: | T. carlae |
| দ্বৈৰাশিক নামকৰণ | |
| Tetracheilostoma carlae (Hedges, 2008)[2] | |
| সমাৰ্থক[3] | |
| |
বাৰ্বাডোছ থ্ৰেডস্নেক (ইংৰাজী: Barbados threadsnake; বৈজ্ঞানিক নাম - Tetracheilostoma carlae) বাৰ্বাডোছৰ এক স্থানীয় সাপৰ প্ৰজাতি, ইয়াক পৃথিৱীৰ অন্যতম সৰু সাপ বুলি ভবা হয়।
শ্ৰেণীবিভাজন আৰু ব্যুৎপত্তিবিজ্ঞান
[সম্পাদনা কৰক]বাৰ্বাডোছৰ থ্ৰেডস্নেকক প্ৰথমবাৰৰ বাবে ২০০৮ চনত পেনচিলভেনিয়া ষ্টেট ইউনিভাৰ্চিটিৰ এজন সৰ্পবিশেষজ্ঞ এছ ব্লেয়াৰ হেজছে পৃথক প্ৰজাতি হিচাপে চিনাক্ত কৰিছিল।[4] হেজছে তেওঁৰ পত্নী কাৰ্লা এন হাছৰ সন্মানত এই নতুন প্ৰজাতিৰ সাপটোৰ নামকৰণ কৰিছিল, যি নিজেও এগৰাকী সৰ্পবিশেষজ্ঞ আছিল আৰু এই আৱিষ্কাৰ দলটিৰ সদস্য আছিল।[5][6] লণ্ডনৰ প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয় আৰু কেলিফৰ্ণিয়াৰ এটা সংগ্ৰহালয়ত ইতিমধ্যে ইয়াৰ নমুনা সংগ্ৰহত আছিল যদিও ইয়াক আন প্ৰজাতিৰ বুলি ভুলকৈ চিনাক্ত কৰা হৈছিল।[2]
গৱেষণা প্ৰকাশৰ সময়ত ২০০৮ চনৰ আগষ্ট মাহত টি. কাৰ্লেক বিশ্বৰ আটাইতকৈ সৰু প্ৰাপ্তবয়স্ক সাপৰ প্ৰজাতি বুলি বৰ্ণনা কৰা হৈছিল।[7][8] গৱেষক দলটোৱে লোৱা প্ৰথম বৈজ্ঞানিক নমুনাবোৰ এখন অৰণ্যৰ শিলৰ তলৰ পৰা উদ্ধাৰ কৰা হৈছিল। এই সাপবিধক সাপৰ আকাৰৰ নিম্ন সীমাৰ ওচৰত বুলি ভবা হয়, কিয়নো পোৱালি সাপে উপযুক্ত খাদ্য বিচাৰিবলৈ এটা নিৰ্দিষ্ট নূন্যতম আকাৰ লাভ কৰিব লাগে।[8]
বিৱৰণ
[সম্পাদনা কৰক]
টি. কাৰ্লেৰ প্ৰাপ্তবয়স্কৰ গড় মুঠ দৈৰ্ঘ্য (নেজকে ধৰি) প্ৰায় ১০ চে.মি., আজিলৈকে পোৱা আটাইতকৈ ডাঙৰ নমুনাটোৰ মুঠ দৈৰ্ঘ্য ১০.৪ চে.মি.(৪.০৯ ইঞ্চি)।[2] হেজছে এই সাপটোক "স্পেগেটি নুডলৰ সমান বহল" বুলি উল্লেখ কৰিছে।" [4][9]
টি. কাৰ্লেকৰ পৃষ্ঠীয় ৰেখা আৰু চুটি দৈৰ্ঘ্যৰ বাবে একে ধৰণৰ ইণ্ডোটাইফ্লপছ ব্ৰেমিনাছ (Indotyphhlops braminus)ৰপৰা পৃথক।[10]
খাদ্য
[সম্পাদনা কৰক]টি. কাৰ্লেই প্ৰধানকৈ উঁইপৰুৱা আৰু পিঁপৰাৰ পলুক খাদ্য হিচাপে গ্ৰহণ কৰে বুলি ভবা হয়।[8]
প্ৰজনন
[সম্পাদনা কৰক]থ্ৰেডস্নেকে (Leptotyphlopidae) ডিম্বাণু জন্ম দি বংশবৃদ্ধিৰ বাবে কণী পাৰে। এই সাপ প্ৰজাতিৰ মাইকীজনীয়ে এবাৰত মাত্ৰ এটা ডাঙৰ কণীহে উৎপন্ন কৰে। নৱজাতক সন্তানৰ দৈৰ্ঘ্য মাতৃৰ প্ৰায় আধা হয়।[8]
টি.কাৰ্লেৰ দৰে সৰু প্ৰজাতিৰ সাপৰ প্ৰাপ্তবয়স্কৰ তুলনাত তুলনামূলকভাৱে ডাঙৰ নৱজাত সন্তান থাকে। ডাঙৰ ডাঙৰ সাপৰ সন্তানৰ দৈৰ্ঘ্য প্ৰাপ্তবয়স্ক সাপৰ দহ ভাগৰ এভাগ মাত্ৰ, আনহাতে সৰু সাপৰ সন্তান সাধাৰণতে প্ৰাপ্তবয়স্কৰ দৈৰ্ঘ্যৰ আধা হয়৷
সংৰক্ষণৰ স্থিতি
[সম্পাদনা কৰক]এই প্ৰজাতিটোৰ পৰিৱেশ বিজ্ঞান, প্ৰাচুৰ্য্য বা বিতৰণৰ বিষয়ে বহুত কমেইহে জনা যায়।[2] মূলতঃ বাৰ্বাডোছৰ কোনো মূল অৰণ্য বাকী নাই যদিও এই থলুৱা প্ৰজাতিটো জীয়াই থকাৰ বাবে বনাঞ্চলৰ বাসস্থানৰ প্ৰয়োজনৰ সম্ভাৱনা অতি বেছি যিহেতু ই বনাঞ্চলৰ উপস্থিতিত বিকশিত হৈছিল।[2] জনাজাত নমুনা কমসংখ্যক আৰু ইয়াৰ বিতৰণ আপাত দৃষ্টিত পূব বাৰ্বাডোছত সীমাৱদ্ধ হোৱাৰ বাবে এই প্ৰজাতিটোৰ অস্তিত্ব বৰ্তাই ৰখাটো এক চিন্তাৰ বিষয়।
সাপবিধ সৰু আকাৰৰ হোৱাৰ বাবে বনাঞ্চলত বিচাৰি পোৱা বা নিৰীক্ষণ কৰাটো কঠিন হৈ পৰিছে, আৰু ইয়াক সংৰক্ষণ গোট ৰিঃৱাল্ড (Re:wild)এ "বিজ্ঞানৰ পৰা হেৰাই যোৱা" বুলি ঘোষণা কৰিছিল। প্ৰায় দুটা দশকৰ পিছত ২০২৫ চনৰ ২০ মাৰ্চত ইয়াক পুনৰ আৱিষ্কাৰ কৰা হয় যদিও কোনো নমুনা চিনাক্ত কৰা হোৱা নাছিল। বাৰ্বাডোছৰ পৰিৱেশ মন্ত্ৰালয়ৰ এজন প্ৰজেক্ট অফিচাৰ কন’ৰ ব্লেডছে এটা শিলৰ তলত সাপটো পাই মাইক্ৰস্কোপৰ সহায়ত চিনাক্ত কৰে। ২০২৫ চনৰ ২৩ জুলাইত এই আৱিষ্কাৰৰ কথা ঘোষণা কৰা হৈছিল।[10]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Daltry JC, Powell R, Henderson RW (2016). "Tetracheilostoma carlae (errata version published in 2017)". The IUCN Red List of Threatened Species 2016: e.T203637A115351519. https://dx.doi.org/10.2305/IUCN.UK.2016-3.RLTS.T203637A2769298.en. Downloaded on 26 July 2018.
- 1 2 3 4 5 Hedges, S. Blair (August 4, 2008). "At the lower size limit in snakes: two new species of threadsnakes (Squamata: Leptotyphlopidae: Leptotyphlops) from the Lesser Antilles". Zootaxa খণ্ড 1841: 1–30. doi:10.11646/zootaxa.1841.1.1. Archived from the original on 13 August 2008. https://web.archive.org/web/20080813023833/http://www.mapress.com/zootaxa/2008/f/zt01841p030.pdf। আহৰণ কৰা হৈছে: 2008-08-04.
- ↑ সাঁচ:EMBL species www.reptile-database.org.
- 1 2 Dunham, Will. Reuters UK (3 August 2008). (See: ¶ 5)"World's smallest snake is as thin as spaghetti". Reuters. 2008-08-03. Archived from the original on September 2, 2008. https://web.archive.org/web/20080902051450/http://uk.reuters.com/article/UKNews1/idUKN0151253520080803। আহৰণ কৰা হৈছে: August 4, 2008.
- ↑ Turner, Alice (August 3, 2008). "World's Smallest Snake Discovered on the Caribbean Island of Barbados". eFluxMedia. Archived from the original on 6 August 2008. https://web.archive.org/web/20080806185328/http://www.efluxmedia.com/news_Worlds_Smallest_Snake_Discovered_on_the_Caribbean_Island_of_Barbados_21414.html। আহৰণ কৰা হৈছে: 2008-08-04.
- ↑ Beolens, Bo; Watkins, Michael; Grayson, Michael (2011). The Eponym Dictionary of Reptiles. Baltimore: Johns Hopkins University Press. xiii + 296 pp. আই.এচ.বি.এন. 978-1-4214-0135-5. (Leptotyphlops carlae, p. 48).
- ↑ Brahic, Catherine (August 3, 2008). "World's smallest snake discovered". New Scientist. Archived from the original on 1 September 2008. https://web.archive.org/web/20080901182720/http://environment.newscientist.com/article/dn14453-worlds-smallest-snake-discovered.html। আহৰণ কৰা হৈছে: 2008-08-03.
- 1 2 3 4 Kennedy, Barbara K.. "World's smallest snake found in Barbados". Penn State University. Archived from the original on 5 September 2008. https://web.archive.org/web/20080905235530/http://www.eurekalert.org/pub_releases/2008-08/ps-wss072808.php। আহৰণ কৰা হৈছে: 2008-08-03.
- ↑ S. Blair Hedges (2008). "At the lower size limit in snakes: two new species of threadsnakes (Squamata: Leptotyphlopidae: Leptotyphlops) from the Lesser Antilles". Zootaxa খণ্ড 1841: 1–30. doi:10.11646/zootaxa.1841.1.1. https://mapress.com/zootaxa/2008/f/zt01841p030.pdf। আহৰণ কৰা হৈছে: 16 March 2022.
- 1 2 Coto, Dánica (2025-07-23). "Scientists in Barbados overturn hundreds of rocks to rediscover world's smallest-known snake" (en ভাষাত). AP News. https://apnews.com/article/barbados-smallest-snake-rediscovered-threadsnake-9bd072caaa335c7d45b1f0b294bf897f। আহৰণ কৰা হৈছে: 2025-07-23.