বাৰ্বাৰা আলিমাডি
| বাৰ্বাৰা আলিমাডি | |
|---|---|
| জন্ম | ১৯৭২ উগাণ্ডা |
| মৃত্যু | ২৭ এপ্ৰিল ২০২০ (৪৮ বছৰ) কিউৱাটুলে, কাম্পালা, উগাণ্ডা |
| শিক্ষা | গায়েজা হাই স্কুল |
| শিক্ষানুষ্ঠান | লণ্ডন মেট্ৰ'পলিটান বিশ্ববিদ্যালয় |
| পেচা | ৰাজনীতিক, মানৱ অধিকাৰ কৰ্মী |
| ৰাজনৈতিক দল | ফ'ৰাম ফৰ ডেম'ক্ৰেটিক চেঞ্জ, এলায়েন্স ফৰ নেচনেল ট্ৰেন্সফৰ্মেচন |
| ৱেবছাইট | |
| https://www.barbaraallimadifoundation.org/ | |
বাৰ্বাৰা এন আলিমাডি (ইংৰাজী: Barbara Ann Allimadi; প্ৰায় ১৯৭২ – ২৭ এপ্ৰিল ২০২০) এগৰাকী উগাণ্ডাৰ ৰাজনীতিবিদ আৰু মানৱ অধিকাৰ কৰ্মী আছিল।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]আলিমাডিৰ উগাণ্ডাত জন্ম হৈছিল৷ তেওঁৰ পিতৃ এৰিফাছ ওটেমা আলিমাডি[1], যি আছিল উগাণ্ডাৰ তৃতীয় প্ৰধানমন্ত্ৰী (১৯৮০–১৯৮৫)।[2] তেওঁৰ ভাতৃ মিল্টন আলিমাদি, সাংবাদিক আৰু বাতৰি কাকতৰ প্ৰতিষ্ঠাপক।[3]
আলিমাডীয়ে গয়াজা হাইস্কুলত শিক্ষা গ্ৰহণ কৰিছিল৷ তাৰ পিছত তেওঁৰ পৰিয়াল নিৰ্বাসনলৈ গৈছিল যেতিয়া দ্বিতীয় ওবোটে চৰকাৰক উৎখাত কৰা হৈছিল।[1] লণ্ডন মেট্ৰ'পলিটান বিশ্ববিদ্যালয়ত ইলেক্ট্ৰনিক্স আৰু যোগাযোগ অভিযান্ত্ৰিকীত তেওঁ ডিগ্ৰী লাভ কৰে।[4] আলিমাডিয়ে ইংলেণ্ডত অভিযান্ত্ৰিক অনুশীলন কৰিছিল[1] আৰু তাৰ পিছত ২০০৭ চনত উগাণ্ডালৈ উভতি আহিছিল।[4]
সক্ৰিয়তা
[সম্পাদনা কৰক]২০১২ চনত ফ'ৰাম ফৰ ডেম'ক্ৰেটিক চেঞ্জ (এফডিচি)ৰ "আইৰন লেডী" নামেৰে পৰিচিত বিৰোধী ৰাজনীতিবিদ ইংগ্ৰিড টুৰিনাৱক,[5] এজন আৰক্ষী বিষয়াই স্তন চেপি ধৰাৰ পিছত এই আক্ৰমণ টেলিভিছনত প্ৰচাৰ কৰাৰ পিছত বাৰ্বাৰা আলিমাডিয়ে সহযোগিতামূলকভাৱে এক প্ৰতিবাদৰ আয়োজন কৰে। ইয়াক উগাণ্ডাত "ব্ৰা প্ৰতিবাদ" বুলি জনা যায়।[4] আলিমাডিয়ে কয় যে "আমাক সুৰক্ষা দিয়াৰ দায়িত্বত থকা আৰক্ষী বাহিনীয়ে সকলোৰে সন্মুখত এগৰাকী মহিলাক আক্ৰমণ কৰাত মই গুৰুতৰভাৱে ক্ষুন্ন হৈছিলোঁ।"[3]
২০১২ চনত সংসদত সংশ্লিষ্ট নাগৰিক গোটৰ সৈতে বিক্ষোভ প্ৰদৰ্শন কৰাৰ পিছত আলিমাডিক গ্ৰেপ্তাৰ কৰা হয় আৰু দুৰ্নীতি বিৰোধী শ্লোগান থকা টি-চাৰ্ট জব্দ কৰা হয়।[6]
আলিমাডি ৰাজনৈতিক দল এফ ডি চিৰ এজন কৰ্মী আছিল,[7]আৰু ২০১৯ চনত নতুনকৈ গঠন হোৱা এলায়েন্স ফৰ নেচনেল ট্ৰেন্সফৰ্মেচনত যোগদান কৰে৷ আলিমাডি তেওঁলোকৰ আন্তঃৰাষ্ট্ৰীয় পৰিক্ৰমা সচিব হয় আৰু প্ৰব্ৰজনকাৰী উগাণ্ডাৰ লোকসকলৰ সমন্বয় সাধন কৰে।[8][2]
মৃত্যু আৰু উত্তৰাধিকাৰ
[সম্পাদনা কৰক]২০২০ চনৰ ২৭ এপ্ৰিলত কাম্পালাৰ কিৱাটুলেত থকা নিজৰ ঘৰত আলিমাডিক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল।[9][10] আৰক্ষীয়ে তেওঁৰ মৃত্যুৰ তদন্ত আৰম্ভ কৰে।[3][9] ২০২১ চনত তেওঁৰ স্মৃতিত বাৰ্বাৰা আলিমাডি ফাউণ্ডেশ্যন আৰম্ভ কৰা হৈছিল, যাতে ছাত্ৰ-ছাত্ৰীসকলক বিশেষকৈ ছোৱালীক কলেজ আৰু বিশ্ববিদ্যালয়ৰ বৃত্তি প্ৰদান কৰিব পাৰি।[2]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 3 Taylor, Mildred Europa (2022-04-23). "Celebrating Barbara Allimadi, the Ugandan political activist known for her defiant bra protest" (en ভাষাত). Face2Face Africa. https://face2faceafrica.com/article/celebrating-barbara-allimadi-the-ugandan-political-activist-known-for-her-defiant-bra-protest। আহৰণ কৰা হৈছে: 2025-02-16.
- 1 2 3 Dominic, Ochola O.. "Barbra Allimadi Foundation Launched in Memory of Her Freedom Fighting Legacy :" (en ভাষাত). Uganda Radionetwork. https://www.ugandaradionetwork.net/story/barbra-allimadi-foundation-launched-in-memory-of-her-freedom-fighting-legacy-। আহৰণ কৰা হৈছে: 2025-02-16.
- 1 2 3 "Ugandan Political Activist Barbara Allimadi Passes Away" (en ভাষাত). OkayAfrica. https://www.okayafrica.com/ugandan-politics-activist-barbara-allimadi-passes-away/। আহৰণ কৰা হৈছে: 2025-02-16.
- 1 2 3 "Barbara Allimadi". AWID. https://www.awid.org/whrd/barbara-allimadi। আহৰণ কৰা হৈছে: 2025-02-16.
- ↑ "Tribute to fallen freedom fighter Barbara Allimadi" (en-US ভাষাত). Uganda. 2021-05-02. https://www.africa-press.net/uganda/all-news/tribute-to-fallen-freedom-fighter-barbara-allimadi। আহৰণ কৰা হৈছে: 2025-02-16.
- ↑ Watch, Human Rights (2013-02-19) (en ভাষাত). World Report 2013: Events of 2012. Seven Stories Press. পৃষ্ঠা. 180. ISBN 978-1-60980-483-1. https://books.google.co.uk/books?id=gLNxnZOqdDcC&pg=PA180&dq=Barbara+Allimadi&hl=en&newbks=1&newbks_redir=0&sa=X&ved=2ahUKEwi889q5_MiLAxWeXEEAHVK3AUEQ6AF6BAgKEAM#v=onepage&q=Barbara%20Allimadi&f=false.
- ↑ "Political activist Barbara Allimadi reported dead" (en ভাষাত). Monitor. 2020-07-19. https://www.monitor.co.ug/uganda/news/national/political-activist-barbara-allimadi-reported-dead-1887212। আহৰণ কৰা হৈছে: 2025-02-16.
- ↑ "Allimadi hailed as justice defender" (en ভাষাত). Monitor. 2020-07-19. https://www.monitor.co.ug/uganda/news/national/allimadi-hailed-as-justice-defender-1888060। আহৰণ কৰা হৈছে: 2025-02-16.
- 1 2 "Police probe political activist Barbara Allimadi’s death" (en ভাষাত). Monitor. 2020-07-19. https://www.monitor.co.ug/uganda/news/national/police-probe-political-activist-barbara-allimadi-s-death-1887238। আহৰণ কৰা হৈছে: 2025-02-16.
- ↑ "Neighbours’ account of Allimadi’s last moments" (en ভাষাত). Monitor. 2020-07-19. https://www.monitor.co.ug/uganda/news/national/neighbours-account-of-allimadi-s-last-moments-1887410। আহৰণ কৰা হৈছে: 2025-02-16.