বিচাৰক
বিচাৰক | |
---|---|
পৰিচালক | প্ৰভাত মুখাৰ্জী |
ৰচনা | তাৰাশংকৰ বন্দোপধ্যায় |
চিত্ৰনাট্য | প্ৰভাত মুখাৰ্জী |
ভিত্তি | তাৰাশংকৰ বন্দোপধ্যায়ৰ উপন্যাস বিচাৰক |
প্ৰযোজক | অৰুন্ধতী দেৱী |
অভিনয়ত | শিশিৰ ভাদুৰী উত্তম কুমাৰ অৰুন্ধতী দেৱী ছবি বিশ্বাস |
চিত্ৰগ্ৰহণকাৰী | অজয় মিত্ৰা |
সম্পাদনা | হৰিদাস মহলনবিশ |
সংগীত পৰিচালক | ৰবীন্দ্ৰনাথ ঠাকুৰ, তিমিৰ বৰণ ভট্টাচাৰ্য |
প্ৰযোজনা কোম্পানী |
প্ৰভাত প্ৰডাকছন |
পৰিবেশক | শ্ৰীভূমি পিকছাৰ্ছ প্ৰাইভেট লিঃ |
মুক্তি |
১৯৫৯ |
দৈৰ্ঘ্য |
১২১ মিনিট |
দেশ | ভাৰত |
ভাষা | বঙালী |
বিচাৰক (ইংৰাজী: Bicharak ) প্ৰভাত মুখাৰ্জী পৰিচালিত বঙালী ভাষাৰ চাইক’লজীকেল থ্ৰিলাৰ ছবি। তাৰাশংকৰ বন্দ্যোপাধ্যায়ৰ একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত এই ছবিখনৰ প্ৰযোজক আছিল অৰুন্ধতী দেৱী।[1][2] ১৯৫৯ চনত[3] প্ৰভাত প্ৰডাকচনৰ বেনাৰত মুক্তি পোৱা বিচাৰকে বঙালী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৭ম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।[4] ছবিখনত অৰুন্ধতী দেৱীৰ সৈতে উত্তম কুমাৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। অন্যান্য গুৰুত্বপূৰ্ণ চৰিত্ৰত আছে ছবি বিশ্বাস, পাহাড়ী সান্যাল আৰু চন্দ্ৰাৱতী দেৱী। ছবিখনত উত্তম কুমাৰে বিচাৰকৰ ভূমিকাত তেওঁ কৰা সৰ্বশ্ৰেষ্ঠ অভিনয়ৰ অন্যতম আছিল। এই ছবিখন তেওঁৰ অভিনয় জীৱনৰ অন্যতম শ্ৰেষ্ঠ ছবি আৰু বঙালী চলচ্চিত্ৰ ইতিহাসৰ শ্ৰেষ্ঠ ছবি হিচাপেও স্মৰণ কৰা হয়।[5] ছবিখনে সমালোচকৰ বিপুল প্ৰশংসাও লাভ কৰাৰ লগতে ব্যৱসায়িক সফলতাও লাভ কৰে।
কাহিনীৰ সাৰাংশ
[সম্পাদনা কৰক]ন্যায়াধীশ জ্ঞানেন্দ্ৰই পত্নী সৰমাৰ সৈতে বাস কৰে। এজন ন্যায়াধীশ ৰূপে তেওঁ বিভিন্ন মোকৰ্দমাৰ বিচাৰ কৰিবলৈ যাওঁতে তেওঁৰ অতীত আৰু নিজৰ ৰহস্যজনক কাৰ্যৰ সত্যতা মনলৈ আহে। তেওঁ এসময়ত এজন জনপ্ৰিয় উকীল আছিল আৰু সুমতিৰ সৈতে বিবাহ হৈছিল। সুমতী এজনী অসভ্য আৰু সন্দেহবাদী তিৰোতা আছিল। কিন্তু জ্ঞানেন্দ্ৰৰ দুৰ্বলতা আছিল তেওঁৰ প্ৰফেচাৰ ছোৱালী সৰমাৰ প্ৰতি। এদিন জ্ঞানেন্দ্ৰৰ ঘৰত জুই লাগে আৰু তাতেই সুমতি জাহ যায়। জ্ঞানেন্দ্ৰই পত্নীক বচাবলৈ কোনো প্ৰয়াস নচলালে, হয়তো তেওঁ সুমতিক আৰু সহ্য কৰিব নোৱাৰা হৈ আহিছিল। ইয়াৰ পাছত তেওঁ সৰমাক বিয়া কৰায় আৰু এজন ন্যায়াধীশ হয়গৈ। কিন্তু তেওঁৰ এক অপৰাধবোধ হয়, যিয়ে অহৰহ আমনি কৰে।
অভিনয় শিল্পী
[সম্পাদনা কৰক]- শিশিৰ ভাদুৰী (ন্যায়াধীশ)
- উত্তম কুমাৰ (জ্ঞানেন্দ্ৰ)
- ছবি বিশ্বাস (উকীল)
- পাহাড়ী সান্যাল (প্ৰফেচাৰ)
- অৰুন্ধতী দেৱী (সৰমা)
- দীপ্তি ৰায় (সুমতি)
- চন্দ্ৰাৱতী দেৱী
- বাণী হাজৰা
- অতনু ঘোষ
বঁটা
[সম্পাদনা কৰক]- ৭ম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৫৯):বঙালী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ চাৰ্টিফিকেট অফ মেৰিট
তথ্যউৎস
[সম্পাদনা কৰক]- ↑ Bandyopadhyay, Tarashankar. "Bicharak". https://archive.org/details/in.ernet.dli.2015.300056। আহৰণ কৰা হৈছে: 15 December 2018.
- ↑ "Bicharak-Bengali Movie". http://calcuttatube.com/bicharak-bengali-movie/141/। আহৰণ কৰা হৈছে: 15 December 2018.
- ↑ "Aspects of Film Festival". http://www.frontierweekly.com/archive/vol-number/vol/vol-46-2013-14/46-31/46-31-Aspects%20of%20Film%20Festival.html। আহৰণ কৰা হৈছে: 14 December 2018.
- ↑ "Hindi TV Serials 7th National Film Awards". nettv4u.com. https://www.nettv4u.com/about/Hindi/awards/7th-national-film-awards। আহৰণ কৰা হৈছে: 15 March 2019.
- ↑ "Once Upon a Cinema: Uttam Kumar's Last Bow" (en ভাষাত). Firstpost. 2022-07-24. https://www.firstpost.com/entertainment/once-upon-a-cinema-uttam-kumars-last-bow-10949141.html। আহৰণ কৰা হৈছে: 2023-04-11.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- বিচাৰক সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।