বিচিত্ৰ অভিজ্ঞতা আৰু অনুভূতি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিচিত্ৰ অভিজ্ঞতা আৰু অনুভূতি  
লেখক হোমেন বৰগোহাঞি
প্ৰচ্ছদ শিল্পী তপন চট্টোপধ্যায়
দেশ ভাৰত
ভাষা অসমীয়া
বিষয় শিক্ষামূলক,নৈতিক,সামাজিক
প্ৰকাৰ প্ৰবন্ধ সংকলন
প্ৰকাশক ষ্টুডেণ্টচ্ ষ্ট’ৰচ্
প্ৰকাশ ডিচেম্বৰ, ২০০০
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ১১৯
আই.এচ.বি.এন. 81-7665-069-2

বিচিত্ৰ অভিজ্ঞতা আৰু অনুভূতি(ইংৰাজী: Bichitra Abhigyata aru Anubhuti) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। সংকলনখনত মুঠ ২০ টা প্ৰবন্ধ আছে। ষ্টুডেণ্টচ্ ষ্ট’ৰচ্ প্ৰকাশনে ২০০০ চনৰ ডিচেম্বৰ মাহত প্ৰকাশ কৰা এই সংকলনটি লেখক হোমেন বৰগোহাঞিয়ে তেখেতৰ ৰান্ধনি,মেনেজাৰ আৰু ছেক্ৰেটাৰি ফকৰুদ্দিন আনচাৰীলৈ উছৰ্গা কৰিছে।[1]

বিৱৰণ[সম্পাদনা কৰক]

কিতাপখনত থকা প্ৰবন্ধসমূহ হৈছে, ৰবীন্দ্ৰ ঠাকুৰ হ’ব কুমাৰীৰ প্ৰথম প্ৰেমিক; এইচ জি ওৱেলছ আৰু যোছেফ ষ্টেলিনৰ কথোপকথন; এমিল লুড্ৱিগ আৰু যোছেফ ষ্টেলিনৰ কথোপকথন; মাৰ্ক্সবাদ; ৰাছিয়াৰ ভাগ্য; মাৰ্কাছ অৰেলিয়াছৰ ‘ধ্যান’; ৰবাৰ্ট লুই ষ্টিভেনশ্যনৰ বিখ্যাত চিঠিখন; ভিনচেণ্ট ভেন গঘৰ এখন চিঠি; লাই হালে জালে আবেলি বতাহে; স্মৃতিসুধা; প্ৰেতপুৰীত দুৰাতি; মেৰিলিন মন্‌ৰোৰ জীৱন আৰু মৃত্যু; টেলিফোন; ম’বাইল ফোন; লেখাৰ সহজ উপায়; মনত পৰিছে ব্ৰেখ্‌টৰ এটা কবিতালৈ; কাৰ্লাৰ কাৰণে এটোপাল চকুপানী; কৰ্মব্যস্ততা; সুখাদ্যৰ মধুৰ স্মৃতি; আৰু অফলা গাঁৱত এটা অভিনৱ কবিতা-সন্ধ্যা।[1]

লেখকৰ চমু পৰিচয়[সম্পাদনা কৰক]

অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাসাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।[2] ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাঢকুৱাখনাত জন্ম হয়।[3]

তথ্যৰ উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 হোমেন বৰগোহাঞি (ডিচেম্বৰ,২০০০). বিচিত্ৰ অভিজ্ঞতা আৰু অনুভূতি. শ্ৰী অজয় কুমাৰ দত্ত. 
  2. Sahitya Akademi Official website Archived 2008-05-13 at the Wayback Machine.
  3. Homen Borgohain

লগতে চাওক[সম্পাদনা কৰক]