বিজয়তা পণ্ডিত
বিজয়তা পণ্ডিত (ইংৰাজী: Vijayta Pandit ) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু নেপথ্য কণ্ঠশিল্পী। তেওঁৰ প্ৰথম ছবি লাভ ষ্ট'ৰীৰ (১৯৮১) বাবে বিখ্যাত।[1]
কেৰিয়াৰ
[সম্পাদনা কৰক]ৰাজেন্দ্ৰ কুমাৰে লাভ ষ্ট'ৰীৰ (১৯৮১) বাবে বিজয়তাক পুত্ৰ কুমাৰ গৌৰৱৰ সৈতে কাষ্টিং কৰিছিল। এইখন বক্স অফিচত "ব্লকবাষ্টাৰ" ছবি সাব্যস্ত হৈছিল।[2] তেওঁ আৰু গৌৰৱে ষ্টাৰ ক্ৰছড্ প্ৰেমিক-প্ৰেমিকাৰ চৰিত্ৰত অভিনয় কৰিছিল আৰু পৰ্দাৰ বাহিৰতো তেওঁলোকৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। যদিও ছবিখন হিট হৈছিল, তথাপিও বিভিন্ন কাৰণত তেওঁৰ কেৰিয়াৰে আগবঢ়া নাছিল। পাৰিবাৰিক চাপৰ বাবে তেওঁলোকৰ সম্পৰ্কও শেষ হৈ গ'ল।[3] তেওঁৰ চলচ্চিত্ৰ কেৰিয়াৰৰ এই ব্যৱধানৰ বাবে বিজয়তাই ৰাজেন্দ্ৰ কুমাৰক দোষাৰোপ কৰে।[4]
কেইবছৰমানৰ পিছত বিজয়তাই মোহব্বত (১৯৮৫) ছবিখনেৰে পুনৰ ছবি জগতলৈ উভতি আহে॥ তেওঁ কাৰ থিফ (১৯৮৬) ছবিখন পৰিচালনা কৰা সমীৰ মালকনৰ সৈতে বিবাহপাশত আবদ্ধ হয় যদিও বৈবাহিক জীৱন অতি কম সময়ৰ বাবে আছিল।[5] বিজয়তাই মুখ্য চৰিত্ৰত অভিনয় কৰা ছবিসমূহৰ ভিতৰত আছে- জীতে হ্যায় শ্বান ছে (১৯৮৬), দীৱানা তেৰে নাম কা (১৯৮৭), জলজলা (১৯৮৮), প্যাৰ কা তুফান (১৯৯০)। সুজিত গুহ পৰিচালিত ব্লকবাষ্টাৰ বাংলা ছবি অমৰ সংগীতো (১৯৮৭) তেওঁ বাংলা ছবি বিয়েৰ ফুলৰ বাবেও এটা গীত গাইছে।[6]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Bollywood's Forgotten Stars: 10 Interesting facts about 'Love Story' fame Kumar Gaurav" (en ভাষাত). Free Press Journal. https://www.freepressjournal.in/cmcm/bollywoods-forgotten-stars-10-interesting-facts-about-love-story-fame-kumar-gaurav। আহৰণ কৰা হৈছে: 14 April 2020.
- ↑ "Archived copy". http://boxofficeindia.com/showProd.php?itemCat%3D187%26catName%3DMTk4MQ%3D%3D। আহৰণ কৰা হৈছে: 27 January 2015.
- ↑ "Hits and misses". Screen. Archived from the original on 22 October 2008. https://web.archive.org/web/20081022114050/http://www.screenindia.com/old/20020426/fcover.html। আহৰণ কৰা হৈছে: 2 July 2018.
- ↑ "Rajendra Kumar sabotaged his son Kumar Gaurav's career and mine: Love Story actor Vijayta" (en ভাষাত). India Today. 2024-09-18. https://www.indiatoday.in/movies/celebrities/story/rajendra-kumar-sabotaged-his-son-kumar-gaurav-career-and-mine-love-story-actor-vijayta-2602264-2024-09-18। আহৰণ কৰা হৈছে: 2024-11-07.
- ↑ "Stars who gave up the glitter of the silver screen and embraced spirituality" (en ভাষাত). Moneylife NEWS & VIEWS. https://www.moneylife.in/article/stars-who-gave-up-the-glitter-of-the-silver-screen-and-embraced-spirituality/53478.html। আহৰণ কৰা হৈছে: 2024-11-07.
- ↑ "বিয়েৰ ফুলেৰ স্মৃতি ভোলেননি প্ৰসেনজিৎ" (bn ভাষাত). RTV (Bangladeshi TV channel) (Dhaka). 18 April 2021. https://www.rtvonline.com/entertainment/127338/%E0%A6%AC%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%B0-%E0%A6%AB%E0%A7%81%E0%A6%B2%E0%A7%87%E0%A6%B0-%E0%A6%B8%E0%A7%8D%E0%A6%AE%E0%A7%83%E0%A6%A4%E0%A6%BF-%E0%A6%AD%E0%A7%8B%E0%A6%B2%E0%A7%87%E0%A6%A8%E0%A6%A8%E0%A6%BF-%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%B8%E0%A7%87%E0%A6%A8%E0%A6%9C%E0%A6%BF%E0%A7%8E.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]![]() |
ৱিকিমিডিয়া কমন্সত বিজয়তা পণ্ডিত সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিজয়তা পণ্ডিত সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।