বিজয়লক্ষ্মী সিং
| বিজয়লক্ষ্মী সিং | |
|---|---|
| জন্ম | ১৯ জুলাই, ১৯৫৯ (৬৬ বছৰ) মহীশূৰ, কৰ্ণাটক, ভাৰত |
| অন্য নাম | মুন্নী[1] |
| শিক্ষানুষ্ঠান | মহীশূৰ বিশ্ববিদ্যালয় |
| পেচা |
|
| দাম্পত্যসঙ্গী | জয় জগদীশ |
| পিতৃ-মাতৃ | ডি. শংকৰ সিং প্ৰতিমা দেৱী |
| সন্তান | ৩ |
বিজয়লক্ষ্মী সিং (ইংৰাজী: Vijayalakshmi Singh) এগৰাকী ভাৰতীয় কানাড়া চলচ্চিত্ৰৰ অভিনেত্ৰী, পৰিচালক, সাজ-পোছাক ডিজাইনাৰ আৰু প্ৰযোজক।[2][3] তেওঁ বহু কানাড়া ছবিত অভিনয় কৰিছে আৰু দূৰদৰ্শন প্ৰকল্পৰ সৈতে সক্ৰিয়ভাৱে জড়িত।[4]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]বিজয়লক্ষ্মীৰ জন্ম হৈছিল মহীশূৰত চলচ্চিত্ৰ ব্যক্তিত্ব ডি. শংকৰ সিং আৰু প্ৰতিমা দেৱীৰ ঘৰত।[5] চলচ্চিত্ৰ পৰিচালক ৰাজেন্দ্ৰ সিং বাবু তেওঁৰ জ্যেষ্ঠ ভাতৃ।
কৰ্মজীৱন
[সম্পাদনা কৰক]১৯৮১ চনত নায়িকা হিচাপে অভিষেক ঘটা বিজয়লক্ষ্মীয়ে সেই সময়ৰ শীৰ্ষ কানাড় অভিনেতা বিষ্ণুবৰ্ধন, অনন্ত নাগ, ৰবিচন্দ্ৰন, জয় জগদীশ আৰু ৰামকৃষ্ণৰ বিপৰীতে অভিনয় কৰে। পুট্টন্না কনগাল, কে. বালাচন্দৰ, গীতাপ্ৰিয়া, কে. এছ. এল. স্বামী আৰু নগাতিহল্লী চন্দ্ৰশেখৰকে ধৰি সেই সময়ৰ কেইবাগৰাকীও শীৰ্ষ পৰিচালকৰ সৈতে কাম কৰিছিল।
বিজয়লক্ষ্মী ৰাজেন্দ্ৰ সিং বাবুৰ বহুকেইখন ছবি যেনে ভাৰী ভৰজাৰী বেটে, বন্ধনা, হুভু হান্নু আদি ছবিৰ সাজ-পোছাক ডিজাইনাৰ আছিল। তেওঁ ৰাণী মহাৰাণীত প্ৰডাকচন কন্ট্ৰ'লাৰ হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে। ২০২০ চনত কানাড়া ধাৰাবাহিক জোথে জোথেয়ালিৰ জৰিয়তে তেওঁ দূৰদৰ্শনত প্ৰৱেশ কৰে।[6]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]বিজয়লক্ষ্মীয়ে কানাড়া অভিনেতা জয় জগদীশৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[7] তেওঁলোকৰ তিনিগৰাকী কন্যা বৈশিৰি, বৈভৱী আৰু বৈনিধিয়ে তেওঁৰ পৰিচালনাত নিৰ্মিত কানাড়া ছবি ইয়ানা (২০১৯)ত অভিনয়ত আত্মপ্ৰকাশ কৰে।[7]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Bhumika K. (2 February 2016). "'Bandhana' with Kannadigas". The Hindu. https://www.thehindu.com/news/cities/bangalore/bandhana-with-kannadigas/article8182192.ece.
- ↑ Muralidhar Khanaje (12 April 2016). "All in the family". The Hindu. https://www.thehindu.com/features/metroplus/kannada-film-with-three-members-from-same-family/article8466881.ece.
- ↑ Roshan H. Nair (3 March 2020). "'Erasing a woman's work is their biggest weapon'". Deccan Herald. https://www.deccanherald.com/amp/metrolife/metrolife-cityscape/erasing-a-woman-s-work-is-their-biggest-weapon-810130.html.
- ↑ "Vijayalakshmi Singh enjoys a vacation in Madikeri". The Times of India. 14 September 2020. https://timesofindia.indiatimes.com/tv/news/kannada/vijayalakshmi-singh-enjoys-a-vacation-in-madikeri/articleshow/78102000.cms.
- ↑ "Veteran Kannada film actress Prathima Devi passes away". Deccan Herald. 6 April 2021. https://www.deccanherald.com/entertainment/veteran-kannada-film-actress-prathima-devi-passes-away-971209.html.
- ↑ Vinay Lokesh (26 October 2019). "Vijayalakshmi Singh makes her debut on Kannada small screen". The Times of India. https://timesofindia.indiatimes.com/tv/news/kannada/vijayalakshmi-singh-makes-her-debut-on-kannada-small-screen/articleshow/71759774.cms#aoh=16181622022788&csi=1&referrer=https%3A%2F%2Fwww.google.com&_tf=From%20%251%24s.
- ↑ 7.0 7.1 Sagarika Devika Bopanna (29 April 2016). "The energetic trio". Deccan Herald. https://www.deccanherald.com/content/543457/energetic-trio.html.