সমললৈ যাওক

বিজয়লক্ষ্মী ৰবীন্দ্ৰনাথ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিজয়লক্ষ্মী ৰবীন্দ্ৰনাথ
জন্ম ১৮ অক্টোবৰ, ১৯৫৩ (৭২ বছৰ)
চেন্নাই, ভাৰত
জাতীয়তা ভাৰতীয়
ক্ষেত্ৰ স্নায়ুবিজ্ঞান
কৰ্মস্থান ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান, ৰাষ্ট্ৰীয় মগজু গৱেষণা কেন্দ্ৰ, ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য আৰু স্নায়ুবিজ্ঞান প্ৰতিষ্ঠান, চেণ্টাৰ ফৰ ব্ৰেইন ৰিচাৰ্চ
শিক্ষানুষ্ঠান অন্ধ্ৰ বিশ্ববিদ্যালয়, মহীশূৰ বিশ্ববিদ্যালয়
ডক্তৰেল পৰামৰ্শদাতা চন্দ্ৰশেখৰ এন
জনা যায় স্নায়ুবিজ্ঞান গৱেষণাক প্ৰসাৰিত কৰা আৰু ভাৰতত স্নায়ুবিজ্ঞানৰ প্ৰধান গৱেষণা কেন্দ্ৰ স্থাপন কৰা
উল্লেখনীয় বঁটা শান্তি স্বৰূপ ভাটনগৰ বঁটা, পদ্মশ্ৰী সন্মান

বিজয়লক্ষ্মী ৰবীন্দ্ৰনাথ (ইংৰাজী: Vijayalakshmi Ravindranath; জন্ম ১৮ অক্টোবৰ ১৯৫৩) এগৰাকী ভাৰতীয় স্নায়ুবিজ্ঞানী। বৰ্তমান তেওঁ বাংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ চাইন্সৰ চেণ্টাৰ ফৰ নিউৰ’ছায়েন্সৰ অধ্যাপিকা। তেওঁ গুৰগাঁৱৰ ৰাষ্ট্ৰীয় মগজু গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক সঞ্চালিকা (২০০০-০৯) আৰু ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ স্নায়ুবিজ্ঞান কেন্দ্ৰৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল। তেওঁৰ আগ্ৰহৰ মূল ক্ষেত্ৰ হৈছে এলঝেইমাৰ আৰু পাৰ্কিনছনৰ দৰে স্নায়ুৰ অৱক্ষয়ী ৰোগকে ধৰি মগজু সম্পৰ্কীয় বিকাৰৰ অধ্যয়ন।[1][2] তেওঁ বাংগালুৰুৰ চেণ্টাৰ ফৰ ব্ৰেইন ৰিচাৰ্চৰ প্ৰতিষ্ঠাপক সঞ্চালিকা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।[3]

শিক্ষা আৰু কৰ্মজীৱন

[সম্পাদনা কৰক]

ৰবীন্দ্ৰনাথে অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ পৰা বি. এছচি. আৰু এম.এছচি. ডিগ্ৰী লাভ কৰি ১৯৮১ চনত মহীশূৰ বিশ্ববিদ্যালয়ৰ পৰা জৈৱ ৰসায়ন বিজ্ঞানত পিএইচ.ডি. লাভ কৰে আৰু আমেৰিকাৰ নেচনেল কেন্সাৰ ইনষ্টিটিউটত প'ষ্ট ডক্টৰেট ফেল' হিচাপে কাম কৰে। তেওঁ বাংগালোৰৰ নেচনেল ইনষ্টিটিউট অৱ মেন্টেল হেল্থ এণ্ড নিউৰ'চাইন্সেছত যোগদান কৰিছিল, য'ত তেওঁ মানৱ মস্তিষ্কৰ বিপাক ক্ষমতাৰ বিষয়ে অধ্যয়ন কৰিছিল আৰু বিশেষকৈ মনোবৈজ্ঞানিক ঔষধ আৰু পৰিৱেশৰ বিষাক্ত পদাৰ্থৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।[4] ১৯৯৯ চনত ভাৰত চৰকাৰৰ জৈৱ প্ৰযুক্তি বিভাগক ভাৰতত স্নায়ুবিজ্ঞান গৱেষণা গোটসমূহৰ সমন্বয় আৰু নেটৱৰ্ক স্থাপনৰ বাবে ৰাষ্ট্ৰীয় মগজু গৱেষণা কেন্দ্ৰ স্থাপন কৰাত সহায় কৰে।[5]

বঁটা আৰু স্বীকৃতি

[সম্পাদনা কৰক]

ৰবীন্দ্ৰনাথ ভাৰতীয় বিজ্ঞান একাডেমী, ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী, ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী আৰু চিকিৎসা বিজ্ঞান একাডেমী, ভাৰতীয় স্নায়ু বিজ্ঞান একাডেমী আৰু তৃতীয় বিশ্ব বিজ্ঞান একাডেমীৰ নিৰ্বাচিত ফেলো।[6][7]

  • ১৯৯৬ চনত চিকিৎসা বিজ্ঞানৰ বাবে শান্তি স্বৰূপ ভাটনগৰ বঁটা৷[8]
  • ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ কে পি ভাৰ্গৱ পদক৷
  • ২০০১ চনত বিজ্ঞান আৰু প্ৰযুক্তিৰ বাবে ওম প্ৰকাশ ভাচিন বঁটা৷[9]
  • জে.চি. বসু ফেল'শ্বিপ (২০০৬)৷
  • ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ এছ.এছ.ভাটনগৰ বঁটা (২০১৬)৷
  • ২০১০ চনত পদ্মশ্ৰী সন্মান৷[10]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Prof. Vijayalakshmi Ravindranath". Indian Institute of Science. Archived from the original on 12 October 2014. https://web.archive.org/web/20141012184154/http://www.cns.iisc.ernet.in/viji/ আহৰণ কৰা হৈছে: 6 October 2014.
  2. Ravindranath, Vijayalakshmi. Lilavathi Daughters. http://www.ias.ac.in/womeninscience/LD_essays/259-261.pdf আহৰণ কৰা হৈছে: 11 October 2014.
  3. "Centre for Brain Research". Archived from the original on 15 August 2022. https://web.archive.org/web/20220815215028/https://www.cbr.iisc.ac.in/director/ আহৰণ কৰা হৈছে: 11 October 2014.
  4. "Awardee Details: Shanti Swarup Bhatnagar Prize". http://ssbprize.gov.in/content/Detail.aspx?AID=15 আহৰণ কৰা হৈছে: 2016-07-18.
  5. "Biographical Sketch of Dr. Vijayalakshmi Ravindranath". 2016-08-16. Archived from the original on 16 August 2016. https://web.archive.org/web/20160816103634/http://www.iiscalumni.com/news-events/downloads/Photo%20%26%20CV_Prof.Vijayalakshmi%20Ravindranath.pdf আহৰণ কৰা হৈছে: 2019-02-16.
  6. "List of Fellows". National Academy of Medical Sciences. 2016. http://www.nams-india.in/downloads/fellowsmembers/ZZ.pdf আহৰণ কৰা হৈছে: 19 March 2016.
  7. "Archived copy". Archived from the original on 16 August 2016. https://web.archive.org/web/20160816103634/http://www.iiscalumni.com/news-events/downloads/Photo%20%26%20CV_Prof.Vijayalakshmi%20Ravindranath.pdf আহৰণ কৰা হৈছে: 2016-07-18.
  8. "Career in CSIR". www.csir.res.in. Archived from the original on 2012-02-10. https://web.archive.org/web/20120210163924/http://www.csir.res.in/External/Utilities/Frames/career/main_page.asp?a=topframe.htm&b=leftcon.htm&c=..%2F..%2F..%2FHeads%2Fcareer%2Fawards.htm আহৰণ কৰা হৈছে: 2015-08-09.
  9. "Shri Om Prakash Bhasin Awards – Health and Medical Sciences". Archived from the original on 18 February 2022. https://web.archive.org/web/20220218064129/http://www.opbfawards.com/health.html আহৰণ কৰা হৈছে: 16 July 2016.
  10. "Indian Fellow, Dr V Ravindranath". Indian National Science Academy. Archived from the original on 8 October 2014. https://web.archive.org/web/20141008045719/http://www.insaindia.org/detail.php?id=P05-1399 আহৰণ কৰা হৈছে: 6 October 2014.