সমললৈ যাওক

বিজয়া দাব্বে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিজয়া দাব্বে
জন্ম বিজয়া
০১ জুন, ১৯৫১
দাব্বে, বেলুৰু, কৰ্ণাটক, ভাৰত
মৃত্যু ২৩ ফেব্ৰুৱাৰী, ২০১৮ (৬৬ বছৰ)
মহীশূৰ, কৰ্ণাটক, ভাৰত
পেচা
  • অধ্যাপক
  • গৱেষক
  • কবি
  • পণ্ডিত
  • লেখক
  • সমালোচক
ভাষা কন্নড়
ৰাষ্ট্ৰীয়তা ভাৰত
ধৰণ
  • কবিতা
  • ভ্ৰমণ-কাহিনী
  • অনুবাদ
  • গৱেষণা
  • সমালোচনা
বিষয়
  • নাৰীবাদ
  • আধুনিক মহিলা সাহিত্য
সাহিত্যিক বিপ্লৱ কৰ্ণাটকে নাৰীবাদী আন্দোলন

বিজয়া দাব্বে (১ জুন ১৯৫১ – ২৩ ফেব্ৰুৱাৰী ২০১৮) আছিল ভাৰতীয় লেখিকা, নাৰীবাদী, পণ্ডিত আৰু কন্নড় ভাষাৰ সাহিত্য সমালোচক।[1] তেওঁক প্ৰায়ে আধুনিক কন্নড় ভাষাৰ প্ৰথম নাৰীবাদী লেখিকা হিচাপে গণ্য কৰা হয়। তেওঁ কৰ্ণাটক নাৰীবাদী আন্দোলনৰ এজন গুৰুত্বপূৰ্ণ ব্যক্তিত্ব আছিল।[2][3][4]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

বিজয়া ১ জুন ১৯৫১ চনত বেলুৰুৰ দাব্বে গাঁৱত কৃষ্ণমূৰ্তি আৰু সীতালক্ষ্মীৰ ঘৰত জন্ম গ্ৰহণ কৰিছিল।[5] তেওঁ কলাসপূৰা আৰু জাভাগলৰপৰা স্কুল শিক্ষা লাভ কৰে, পাছত হাসান আৰু মহীশূৰৰপৰা উচ্চশিক্ষা সম্পন্ন কৰে। তেওঁ মহীশূৰ বিশ্ববিদ্যালয়ত কন্নড় অনুষদৰ সদস্য হিচাপে কৰ্মৰত আছিল।[5]

কৰ্মজীৱন

[সম্পাদনা কৰক]
লেখক হিচাপে

বিজয়াৰ প্ৰথম উল্লেখযোগ্য সাহিত্যকৰ্ম আছিল ইৰুথাভে (১৯৭৫)। এইখন কবিতাৰ সংকলন আছিল। তেওঁৰ অন্যান্য গুৰুত্বপূৰ্ণ গ্ৰন্থসমূহৰ ভিতৰত আছে নীৰু লোহাদা চিন্তে (১৯৮৫) আৰু নাৰী দাৰী দিগন্ত। তেওঁৰ অধিকাংশ কৰ্ম মহিলা-কেন্দ্ৰিক।

নাৰীবাদী আন্দোলন

বিজয়া দাব্বে আছিল বসমথ বেদীকে-ৰ অন্যতম প্ৰতিষ্থাপক। এই সংস্থা ১৯৭৮ চনত প্ৰতিষ্ঠিত হৈছিল। সংস্থাটোৱে লিঙ্গ সমতা, মহিলাৰ ওপৰত পাৰিবাৰিক অত্যাচাৰ, যৌতুক, বাল্যবিবাহ, বৰ্ণ-ভিত্তিক বৈষম্য আৰু অন্যান্য সামাজিক অন্যায়ৰ বিৰুদ্ধে সচেতনতা সৃষ্টি কৰাৰ উদ্দেশ্যে মহিলা লেখক আৰু কৰ্মীসকলক একত্ৰিত কৰিছিল। বিজয়াই কবিতা, নিবন্ধ, কৰ্মশালা, সাহিত্য সভা আৰু কৰ্ণাটক জুৰি সামাজিক কৰ্মৰ যোগেদি এই কাৰ্যসূচীৰ নেতৃত্ব দিছিল।[6]

সাহিত্যকৰ্ম

[সম্পাদনা কৰক]
কবিতা
  1. ইৰুথাভে (১৯৭৫)
  2. নীৰু লোহাদা চিন্তে (১৯৮৫)[7]
  3. ইথিগিথিকে (১৯৯৫)
  4. তিৰুগি নিন্থা প্ৰশ্নে (১৯৯৫)
গৱেষণা
  1. নাগচন্দ্ৰ - ওণ্ডু অধ্যায়ন (১৯৮৩)
  2. নয়সেনা
  3. হিথাইশিয়া হেজ্জেগালু (১৯৯২)
  4. সৰসৰস্বতী (১৯৯৬)
  5. হিথোফিয়া হেজ্জেগালু
ভ্ৰমণ-কাহিনী
  1. উৰিয়া চিগুৰা উথকালে (১৯৯৯)
সমালোচনা
  1. মহিলা সাহিত্য সমাজ (১৯৮৬)
  2. নাৰী দাৰী দিগন্ত (১৯৯৬)
  3. মহিলা মাত্তু মানভাতে
  4. সম্প্ৰতী (১৯৭৭)
অনুবাদ
  1. মেৰি মেকলিয়াথ বেথোন
  2. বিমোচনেয়েদেগে (বিএন সুমিত্ৰাবাইৰ সৈতে, ১৯৮৬)
  3. গুৰুজাদা (১৯৮৬)

পুৰস্কাৰ

[সম্পাদনা কৰক]
  1. ২০০৮ - কৰ্ণাটক চৰকাৰৰ ৰাজ্যোৎসৱ প্ৰশংসা[8]
  2. ২০০৮ - কৰ্ণাটক চৰকাৰৰ দানা চিন্তামণি আত্তিম্বে পুৰস্কাৰ[9]
  3. কৰ্ণাটক লেখকীয়া সংঘৰ অনুমাপমা পুৰস্কাৰ[10]
  4. বৰ্ধমান পুৰস্কাৰ[3]

১৯৯৯ চনৰ ৬ জানুৱাৰী এক পথ দুৰ্ঘটনাৰ পিছত বিজয়া দাব্বে কৰ্মৰপৰা নিষ্ক্ৰিয় হৈ পৰে।[6] পাছত ২০১৮ চনৰ ২৩ ফেব্ৰুৱাৰী হৃদৰোগত আক্ৰান্ত হৈ তেওঁ মহীশূৰত মৃত্যু ঘটে।[11][12]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Writer Vijaya Dabbe passes away". Times of India. 24 Feb 2018. https://timesofindia.indiatimes.com/city/mysuru/writer-vijaya-dabbe-passes-away/articleshow/63049610.cms. 
  2. "ಹಿರಿಯ ಸಾಹಿತಿ ವಿಜಯಾ ದಬ್ಬೆ ನಿಧನ" (Kannada ভাষাত). Vijayakarnataka. 23 Feb 2018. https://vijaykarnataka.com/news/karnataka/kannada-writer-vijaya-dabbe-no-more/articleshow/63047676.cms. 
  3. 3.0 3.1 "Kannada writer Vijaya Dabbe dies after cardiac arrest". The New Indian Express. 24 Feb 2018. https://www.newindianexpress.com/states/karnataka/2018/feb/24/kannada-writer-vijaya-dabbe-dies-after-cardiac-arrest-1778155.html. 
  4. "ಮಹಿಳಾ ಚಳುವಳಿಗೆ ಗಟ್ಟಿ ನೆಲೆ ಒದಗಿಸಿದ ದಬ್ಬೆ" (Kannada ভাষাত). Prajavani. 26 Mar 2018. https://www.prajavani.net/news/article/2018/03/26/561843.html. 
  5. 5.0 5.1 "ಸ್ತ್ರೀವಾದಿ ಸಾಹಿತ್ಯದ ವಿಜಯಾ 'ದಬ್ಬೆ'" (Kannada ভাষাত). Varthabharati. 4 Mar 2018. https://m.varthabharati.in/article/2018_03_04/121922. 
  6. 6.0 6.1 "ಮಹಿಳಾ ಹೋರಾಟಕ್ಕೆ ದಾರಿದೀವಿಗೆ" (Kannada ভাষাত). Prajavani. 8 Mar 2018. https://www.prajavani.net/news/article/2018/03/07/558175.html. 
  7. Vijaya Dabbe (1985). "ನೀರು ಲೋಹದ ಚಿಂತೆ". Sankalpa Publications. https://books.google.com/books?id=c-i9swEACAAJ&q=%E0%B2%B5%E0%B2%BF%E0%B2%9C%E0%B2%AF%E0%B2%BE+%E0%B2%A6%E0%B2%AC%E0%B3%8D%E0%B2%AC%E0%B3%86। আহৰণ কৰা হৈছে: 23 Oct 2020. 
  8. "Rajyotsava Awards". Karnataka Government Official Website. https://karnataka.gov.in/page/Awards/State%20Awards/Rajyotsava+Awards/en। আহৰণ কৰা হৈছে: 23 Oct 2020. 
  9. "Daana Chintamani Attimabbe Award". Karnataka Government Official Website. https://karnataka.gov.in/page/Awards/State+Awards/Daana+Chintamani+Attimabbe+Awards/en। আহৰণ কৰা হৈছে: 23 Oct 2020. 
  10. S N Deepak (1 Jul 2014). "Women writers in Kannada get noticed". The New Indian Express. https://www.newindianexpress.com/cities/bengaluru/2014/jul/01/women-writers-in-kannada-get-noticed-630596.html. 
  11. "Writer Vijaya Dabbe dead". The Hindu. 24 Feb 2018. https://www.thehindu.com/news/national/karnataka/writer-vijaya-dabbe-dead/article22839818.ece. 
  12. "Vijaya Dabbe is no more". City Today. 24 Feb 2018. https://citytoday.news/writer-vijaya-dabbe-is-no-more/. [সংযোগবিহীন উৎস]