বিজয়া মেহতা
বিজয়া মেহতা | |
---|---|
![]() ২০১২ চনত মেহতা | |
জন্ম | বিজয়া জয়ৱন্ত ০৪ নৱেম্বৰ, ১৯৩৪ (৯০ বছৰ) বৰোদা, বৰোদা ৰাজ্য, ব্ৰিটিছ ভাৰত (বৰ্তমান গুজৰাটত) |
দাম্পত্যসঙ্গী | হাৰিন খোটে (মৃত্যু) ফাৰুক মেহতা |
বিজয়া মেহতা (ইংৰাজী: Vijaya Mehta; জন্ম: ৪ নৱেম্বৰ ১৯৩৪) [1] এগৰাকী বিখ্যাত ভাৰতীয় মাৰাঠী চলচ্চিত্ৰ আৰু থিয়েটাৰ পৰিচালক আৰু বহু সমান্তৰাল ছবিৰ অভিনেতাও। নাট্যকাৰ বিজয় তেণ্ডুলকাৰ, অভিনেতা অৰবিন্দ দেশপাণ্ডে আৰু শ্ৰীৰাম লাগুৰ সৈতে মুম্বাইস্থিত থিয়েটাৰ ৰংগায়নৰ প্ৰতিষ্ঠাপক সদস্য। ‘দ্য পাৰ্টি’ (১৯৮৪) ছবিত তেওঁৰ প্ৰশংসিত ভূমিকা আৰু ‘ৰাও চাহেব’ (১৯৮৬) আৰু ‘পেষ্টনজী’ৰ (১৯৮৮) পৰিচালনাৰ বাবে তেওঁ বেছিকৈ পৰিচিত। ৰংগায়ন থিয়েটাৰসমূহৰ প্ৰতিষ্ঠাপক সদস্য হিচাপে তেওঁ ১৯৬০ দশকৰ পৰীক্ষামূলক মাৰাঠী নাট্যজগতৰ এগৰাকী আগশাৰীৰ ব্যক্তিত্বত পৰিণত হয়। [2]
কৰ্মজীৱন
[সম্পাদনা কৰক]১৯৬০ দশকৰ মাৰাঠী পৰীক্ষামূলক থিয়েটাৰত তেওঁ এগৰাকী প্ৰধান ব্যক্তিত্বত পৰিণত হয়। তেওঁ নাট্যকাৰ বিজয় তেণ্ডুলকাৰ, অৰবিন্দ দেশপাণ্ডে আৰু শ্ৰীৰাম লাগুৰ সৈতে নাট্যগোষ্ঠী ৰংগায়ন প্ৰতিষ্ঠাপক সদস্য।[3]
তেওঁৰ মঞ্চ প্ৰযোজনা চি টি খানোলকাৰৰ “এক শূন্য বাজীৰাও”ক সমসাময়িক ভাৰতীয় নাট্যৰ এক মাইলৰ খুটি হিচাপে গণ্য কৰা হয়। তেওঁ বাৰ্টল্ড ব্ৰেচ্টৰ দ্য ককেচিয়ান চক চাৰ্কল (আজব ন্যায় বৰ্টুলাচা) আৰু ইয়নেস্কোৰ চেয়াৰছৰ অভিযোজন মাৰাঠী থিয়েটাৰত উপস্থাপন কৰিছিল।
জাৰ্মান পৰিচালক ফ্ৰিটজ বেনেৱিটজৰ সৈতে ভাৰত-জাৰ্মান নাট্য প্ৰকল্পত সহযোগিতা কৰিছিল, য’ত জাৰ্মান অভিনেতাৰ সৈতে মুদ্ৰাৰাক্ষসৰ পৰম্পৰাগত অভিনয়ো অন্তৰ্ভূক্ত আছিল। পেষ্টনজীৰ বাহিৰে তেওঁৰ বেছিভাগ ক্ষেত্ৰতে তেওঁৰ মঞ্চ নাটকক চলচ্চিত্ৰ আৰু টেলিভিছনলৈ অভিযোজিত কৰা হৈছিল।
১৯৭৫ চনত পৰিচালনাত প্ৰদৰ্শন কৰা উৎকৃষ্টতাৰ বাবে সংগীত নাটক অকাডেমী বঁটা লাভ কৰে। ১৯৮৬ চনত ৰাও চাহেব (১৯৮৬) ছবিত অভিনয় কৰি শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আজুৰি আনিবলৈ সক্ষম হয়।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Abhijit Varde: Daughters of Maharashtra: Portraits of Women who are Building Maharastra : Interviews and Photographs, 1997, p. 87
- ↑ "The return of Desdemona". Mumbai Mirror. 25 January 2014. http://www.mumbaimirror.com/others/sunday-read/The-return-of-Desdemona/articleshow/29368448.cms। আহৰণ কৰা হৈছে: 22 June 2014.
- ↑ "Shantata! Awishkar Chalu Aahe". Mumbai Theatre Guide. August 2008. http://www.mumbaitheatreguide.com/dramas/features/08/aug/28_feature_shantata.asp.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- বিজয়া মেহতা সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।