সমললৈ যাওক

বিজয়ৰাজামল্লিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিজয়ৰাজামল্লিকা
জন্ম মনু জে. কৃষ্ণন
০১ মাৰ্চ, ১৯৮৫ (৪০ বছৰ)
মুথুভাৰ, থ্ৰিছুৰ, কেৰালা, ভাৰত
পেচা লেখিকা, সমাজকৰ্মী, শিক্ষিকা, কৰ্মী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
মাতৃশিক্ষায়তন
  • ৰাজাগিৰি সমাজ বিজ্ঞান মহাবিদ্যালয়
  • চেণ্ট থমাছ কলেজ, থ্ৰিছুৰ
উল্লেখনীয় কৰ্মৰাজি
  • দৈৱতিন্তে মকাল
  • ആൺ നദി (Aan Nadhi)
  • മല്ലികാവസന്തം (Mallikavasantham)
  • ആണല്ല പെണ്ണല്ല (Aanalla Pennalla)
  • A Word to Mother
  • Pennayavalude Kavithakal
দাম্পত্যসংগী জাশিম

বিজয়ৰাজামল্লিকা মালয়ালম সাহিত্যৰ এগৰাকী ট্ৰান্সজেণ্ডাৰ কবি।[1] তেওঁ এগৰাকী লেখিকা, শিক্ষিকা, সমাজকৰ্মী, অনুপ্ৰেৰণা বক্তা আৰু সামাজিক কৰ্মী হিচাপেও পৰিচিত।

প্ৰাথমিক জীৱন, পৰিয়াল আৰু শিক্ষা

[সম্পাদনা কৰক]

বিজয়ৰাজামল্লিকাৰ জন্ম ১৯৮৫ চনত কেৰালাৰ থ্ৰিছূৰ জিলাৰ মুথুভাৰত হৈছিল। তেওঁৰ পিতৃ কনিয়ামকোনাথ ভেট্টিল ৱাই. কৃষ্ণন কেৰালা ৰাজ্যিক বিদ্যুৎ ব’ৰ্ড (KSEB)-ৰ অৱসৰপ্ৰাপ্ত অধীক্ষক আৰু মাতৃ জয়া কৃষ্ণন এগৰাকী শিক্ষিকা আছিল।[2]

তেওঁৰ প্ৰাথমিক শিক্ষা কেন্দ্ৰীয় বিদ্যালয়, পুৰাণ্টুকাৰত হৈছিল।[2] ২০০৫ চনত তেওঁ থ্ৰিছুৰৰ ছেইণ্ট থমাছ কলেজৰ পৰা ইংৰাজী সাহিত্য আৰু ইতিহাসত স্নাতক ডিগ্ৰী লাভ কৰে আৰু কালিকাট বিশ্ববিদ্যালয়ৰ পৰা দ্বিতীয় স্থান লাভ কৰে। ২০০৯ চনত তেওঁ ৰাজাগিৰি সমাজ বিজ্ঞান মহাবিদ্যালয়ৰ পৰা সামাজিক কৰ্মত স্নাতকোত্তৰ (MSW) ডিগ্ৰী লাভ কৰে।[2]

বিজয়ৰাজামল্লিকাই নিজকে “দেহত পুৰুষ হলেও হৃদয়ত মই এগৰাকী মহিলা” বুলি বৰ্ণনা কৰিছে।[2] তেওঁ ক্লাইনফেলটাৰ চিনড্ৰম (47, XXY) থকা এগৰাকী আন্তঃলিংগ ব্যক্তি বুলি ৩২ বছৰ বয়সত জানিব পাৰে।[3]

তেওঁৰ বিবাহ চফটৱেৰ ইঞ্জিনিয়াৰ জাছিমৰ লগত বিতৰ্কিত প্ৰেম বিবাহ হৈছিল। থ্ৰিছুৰ কেৰেলা সাহিত্য পৰিষদৰ ৰাজ্যিক সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এই বিবাহৰ বিৰোধিতা কৰিছিল জাছিমৰ পিতৃ-মাতৃ আৰু আত্মীয়ই।[4]

সাহিত্যিক জীৱন

[সম্পাদনা কৰক]

দৈৱতিন্তে মকাল (ঈশ্বৰৰ কন্যা) তেওঁৰ প্ৰথম কবিতা সংকলন, যাক মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ‌ মালয়ালম বিভাগৰ পাঠ্যসূচীত অন্তৰ্ভুক্ত কৰা হৈছে।[5]

এই সংকলনৰ কবিতা ‘‘মৰনান্তৰম’’ মহাত্মা গান্ধী বিশ্ববিদ্যালয়, কেৰেলা আৰু ‘‘নীলাম্বৰি’’ শ্ৰী শংকৰাচাৰ্য সংস্কৃত বিশ্ববিদ্যালয়ৰ পাঠ্যসূচীত অন্তৰ্ভুক্ত কৰা হৈছে।

তেওঁৰ দ্বিতীয় কবিতা সংকলন আন নদী (পুৰুষ নদী) এলজিবিটিআইএকিউ+ সমাজৰ জীৱন আৰু সংগ্ৰামৰ ওপৰত আধাৰিত।

তেওঁৰ আত্মজীৱনী মল্লিকাবসন্তম মালয়ালম সাহিত্যৰ প্ৰথম ট্ৰান্সজেণ্ডাৰ আত্মজীৱনী হিচাপে পৰিচিত।

সামাজিক অৱদান

[সম্পাদনা কৰক]

বিজয়ৰাজামল্লিকা হৈছে সাহাজ ইণ্টাৰনেশ্যনেল নামৰ ভাৰতৰ প্ৰথম ট্ৰান্সজেণ্ডাৰ বিকল্প শিক্ষাকেন্দ্ৰৰ প্ৰতিষ্ঠাপক।[6]

তেওঁ ‘‘আনাল্লা পেন্নান্না কানমণি নী’’ নামৰ বিশ্বৰ প্ৰথম ইণ্টাৰচেক্স লালন-গীতখনো ৰচনা কৰিছে।[7]

বঁটা আৰু স্বীকৃতি

[সম্পাদনা কৰক]
  • আৰালী বঁটা (২০১৬)
  • যুৱ সাহিত্য বায়লাৰ কবিতা বঁটা (২০১৯)
  • স্বামী বিবেকানন্দ যুৱ প্ৰতিভা বঁটা (২০১৯)
  • লীলা মেনন সাহিত্য বঁটা (২০২১)

তথ্যসূত্ৰ

[সম্পাদনা কৰক]