সমললৈ যাওক

বিজয় মহান্তি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিজয় মহান্তি

সহৰী বাঘা (১৯৮৫) চলচ্চিত্ৰৰ ছেটত মহান্তি
জন্ম ০৮ এপ্ৰিল, ১৯৫০
পাণ্ডিৰি, কেন্দ্ৰপড়া, ওড়িশা, ভাৰত
মৃত্যু ২০ জুলাই ২০২০ (বয়স ৭০)
ভুৱনেশ্বৰ, ওড়িশা, ভাৰত
শিক্ষানুষ্ঠান নেচনেল স্কুল অৱ ড্ৰামা
পেচা
  • অভিনেতা
  • ৰাজনীতিবিদ
সক্ৰিয় হৈ থকা সময় ১৯৭৭–২০২০
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ (২০১৪–২০১৮)
দাম্পত্যসঙ্গী তন্দ্ৰা ৰায়
সন্তান

বিজয় মহান্তি (ওড়িয়া: ବିଜୟ ମହାନ୍ତି; ইংৰাজী: Bijay Mohanty; ৮ এপ্ৰিল ১৯৫০ – ২০ জুলাই ২০২০) এগৰাকী ভাৰতীয় অভিনেতা আৰু ৰাজনীতিবিদ আছিল, যি প্ৰধানকৈ ওড়িয়া চলচ্চিত্ৰত কাম কৰিছিল।[1] তেওঁ অভিনয় কৰা চিলিকা তীৰে চলচ্চিত্ৰখনক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰ প্ৰদান কৰা হৈছিল।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

১৯৫০ চনত কেন্দ্ৰপড়াৰ পাণ্ডিৰীৰ এটা অভিজাত পৰিয়ালত জন্মগ্ৰহণ কৰা মহন্তই ওড়িশাৰ ময়ুৰভঞ্জৰ বড়িপদাত ডাঙৰ-দীঘল হৈছিল।[2] এম কে চি হাইস্কুলত পঢ়ি থকাৰ সময়তে তেওঁ অভিনয় আৰম্ভ কৰে। বি এ স্নাতক হোৱাৰ পিছত তেওঁ নেচনেল স্কুল অৱ ড্ৰামাত যোগদান কৰে৷ নাছিৰুদ্দিন শ্বাহ, ৰাজ বব্বৰ, ওম পুৰী আদি সহপাঠীৰ সৈতে এন এছ ডিৰ পৰা সফলতাৰে উত্তীৰ্ণ হৈ থিয়েটাৰত অভিনয় কৰি ১৯৭৫ চনলৈকে দিল্লীত থাকে।

বিজয়ৰ বিবাহ হৈছিল ওডিয়া চলচ্চিত্ৰ জগতৰ অভিনেত্ৰী তন্দ্ৰা ৰায়ৰ সৈতে৷ ইজনে সিজনৰ বিপৰীতে কেইবাখনো ছবিত অভিনয় কৰিছিল। তেওঁলোকৰ এগৰাকী কন্যা সন্তান আছে।

কেৰিয়াৰ

[সম্পাদনা কৰক]

১৯৭৭ চনত মহন্তই ওড়িয়া চলচ্চিত্ৰ জগতত নিজৰ কেৰিয়াৰ আৰম্ভ কৰে চিলিকা তীৰে ছবিৰ জৰিয়তে, যিয়ে সেই বছৰৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। প্ৰথম অৱস্থাত তেওঁ বেছিভাগেই নেতিবাচক ভূমিকা বাছি লৈছিল। নগা ফাছ , সময় বড়া বলবান, দণ্ডা বালুংগা, ডোৰা, সহৰী বাঘ, চকা ভৌঁৰি, আৰু চকা আখীসবু দেখুছি এই ধৰণৰ চৰিত্ৰ হিচাপে তেওঁৰ কেইখনমান উল্লেখযোগ্য ছবি। তেওঁৰ বাবে উপলব্ধ প্ৰায় প্ৰতিটো ভূমিকাতে অভিনয় কৰিছিল; নায়ক, খলনায়ক, আৰু কমেডিয়ানৰ পৰা আৰম্ভ কৰি বিভিন্ন চৰিত্ৰৰ ভূমিকাত অভিনয় কৰিছিল। প্ৰতিটো ক্ষেত্ৰতে তেওঁ নিজৰ অতুলনীয় চিন ৰাখিছিল। মহন্তৰ আন উল্লেখযোগ্য ছবিসমূহ হ’ল; আৰতি (১৯৮১), জগা হাতৰে পঘা (১৯৮৫), মমতা মাগে মূলা (১৯৮৫), এই আম সংসাৰ (১৯৮৬), আম ঘৰ আম সংসাৰ (১৯৯১), কি হেবা সুৱা পচিলে , ভীস্মা প্ৰতিজ্ঞা (১৯৯৩), ভাই হেলা ভগৰী (১৯৯৪), সুনা পাঞ্জুৰী (১৯৯৫), জীবন সাথি (১৯৯৬), লক্ষ্মণ ৰেখা , ৰাখী ভিজিগলা আখী লুহাৰে আৰু আই লাভ মাই ইণ্ডিয়া ।

তেওঁ ভুলি হুয়েনা (১৯৮৭) চলচ্চিত্ৰখনৰ পৰিচালনা কৰিছিল।[3]

১৯৭৭ চনত উৎকল সংগীত মহাবিদ্যালয়ৰ নাট বিভাগত যোগদান কৰি শেহতীয়া বছৰবোৰত প্ৰতিষ্ঠানটোৰ পৰা অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে।

তেওঁৰ জন্মস্থান বড়িপদাত গঠন কৰা নাট্যদল "জুগেশা" এটা সুপৰিচিত দল আছিল আৰু সমগ্ৰ দেশৰ লগতে ওড়িশাৰ বিভিন্ন প্ৰান্তত নাটক মঞ্চস্থ কৰিছিল।

দূৰদৰ্শনত প্ৰচাৰিত টেলিভিছন ধাৰাবাহিকৰ ভিতৰত আশাৰ আলোক, শ্ৰী জগন্নাথ, সুভদ্ৰা, সাৰা আকাশ, সময় চকা, সকালৰ অপেক্ষা ৰে, নদেখিলে লোক দেখে, মহায়াজ্ঞান আৰু বিধাতৰা খেলা আদিত অভিনয় কৰিছিল৷

ৰাজনৈতিক জীৱন

[সম্পাদনা কৰক]

মহান্তিয়ে ২৭ ফেব্ৰুৱাৰী ২০১৪ তাৰিখে ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰিছিল।[4] তেওঁ ২০১৪ ভাৰতীয় লোকসভা নিৰ্বাচনত ভুৱনেশ্বৰ লোকসভা আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল, কিন্তু পৰাস্ত হৈছিল।[5][6][7] ২০১৮ চনত, তেওঁ কংগ্ৰেছৰ পৰা ইস্তফা দিয়ে।[8]

২০ জুলাই ২০২০ৰ সন্ধিয়া, মহান্তি ৭০ বছৰ বয়সত ভুৱনেশ্বৰস্থিত কেয়াৰ হস্পিটেলত মৃত্যুবৰণ কৰে।[9] সন্ধিয়াত তেওঁৰ শাৰীৰিক অৱস্থা অৱনতি হোৱাৰ পিছত তেওঁক তৎক্ষণাৎ কেয়াৰ হস্পিটেললৈ লৈ যোৱা হৈছিল। কিন্তু চিকিৎসাধীন অৱস্থাতহে তেওঁৰ মৃত্যু ঘটে।[10]

চলচ্চিত্ৰ

[সম্পাদনা কৰক]
  • কৰ্ত্তব্য, ২০২৩
  • সেলফিস্ দিল্, ২০১৯
  • গোল্ মাল্ লভ্, ২০১৯
  • পিলাটা বিগিড়িগলা, ২০১৫
  • হাত ধৰি চালুথা, ২০১৩
  • লুচকাল়ি, ২০১২
  • ছাতিৰে লেখিছি তোৰি নাঁ, ২০১১
  • সত্যমেব জয়তে, (২০০৮)
  • চকা চকা ভউঁৰী, ২০০৭
  • নাৰী নুহেঁ তু নাৰায়ণী, ২০০৭
  • ধৰ্মৰ হেব জয়, ২০০৫
  • সিন্দূৰ নুহেঁ খেল়ঘৰ, ২০০২
  • কিএ পোছিব মা' আখিৰ লুহ, ১৯৯৯
  • মন ৰহিগলা তুমৰি ঠাৰে, ১৯৯৯
  • কৃষ্ণা কাবেৰী, ১৯৯৯
  • বোউ, ১৯৯৮
  • সন্তান, ১৯৯৮
  • ভাই হেলা ভগাৰি, ১৯৯৪
  • লক্ষে শিব পূজি পাইছি পুঅ, ১৯৯৪
  • ভাগ্য হাতে ডোৰি, ১৯৯৩
  • ভীষ্ম প্ৰতিজ্ঞা, ১৯৯৩
  • আম ঘৰ আম সংসাৰ, ১৯৯১
  • মমতাৰ ডোৰি, ১৯৮৯
  • সাগৰ, ১৯৮৯
  • টোপাএ সিন্দূৰ দি পট শঙ্খা, ১৯৮৯
  • পঞ্চুপাণ্ডব, ১৯৮৯
  • প্ৰতিশোধ অপৰাধ নুহেঁ, ১৯৮৯
  • এই আম সংসাৰ, ১৯৮৬
  • সময় বড় বল়বান, ১৯৮৫
  • মমতা মাগে মূল, ১৯৮৫
  • দণ্ডা বাল়ুঙ্গা, ১৯৮৪
  • আৰতী, ১৯৮১
  • নাগফাস, ১৯৭৭ (খল়নায়ক ভাবে)[11]

পুৰস্কাৰ আৰু সন্মান

[সম্পাদনা কৰক]
  • চিলিকা তীৰে — ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰ (১৯৭৮) — শ্ৰেষ্ঠ ওড়িয়া চলচ্চিত্ৰৰ বাবে মেধাসন্মান।
  • জয়দেৱ পুৰস্কাৰ — ২০১৪ (ওড়িশা ৰাজ্য চলচ্চিত্ৰ পুৰস্কাৰ)।[12]
  • শিল্প আৰু সাহিত্যত তেওঁৰ অৱদানৰ বাবে ৰাষ্ট্ৰীয় পুৰস্কাৰে সন্মানিত কৰা হৈছিল।
  • আৰতী (১৯৮১), মমতা মাগে মূল (১৯৮৫), এই আম সংসাৰ (১৯৮৬), আম ঘৰ আম সংসাৰ (১৯৯১), ভীষ্ম প্ৰতিজ্ঞা (১৯৯৩) আৰু ভাই হেলা ভগাৰি (১৯৯৪) চলচ্চিত্ৰসমূহৰ বাবে ছয়বাৰকৈ ওড়িশা ৰাজ্য চলচ্চিত্ৰ পুৰস্কাৰ লাভ কৰিছিল।
  • ১৯৮৭ চনত ‘‘দশকৰ উৎকৃষ্ট অভিনেতা’’ৰ বাবে ওড়িশা চিনে সমালোচক সন্মান লাভ।

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. P.Ram (1 December 2014). Life in India. AnVi. পৃষ্ঠা. 163–. GGKEY:43NZKK4BRBF. https://books.google.com/books?id=OjT4BQAAQBAJ&pg=PA163.[সংযোগবিহীন উৎস]
  2. "Archive title". 2 December 2015. Archived from the original on 26 November 2015. https://web.archive.org/web/20151126190901/http://sambadepaper.com/Details.aspx?id=211058&boxid=195912669.
  3. Orissa reference: glimpses of Orissa. TechnoCAD Systems. 2001. https://books.google.com/books?id=1RBuAAAAMAAJ.
  4. "Actor Bijay Mohanty joins Congress". The Hindu. 28 February 2014. https://www.thehindu.com/news/national/other-states/actor-bijay-mohanty-joins-congress/article5735976.ece.
  5. "Odia film star Bijay Mohanty joins Congress". Zee News. 27 February 2014. http://zeenews.india.com/news/odisha/odia-film-star-bijay-mohanty-joins-congress_914618.html আহৰণ কৰা হৈছে: 29 August 2015.
  6. "Actor Bijay Mohanty joins Congress". The Hindu. 28 February 2014. http://www.thehindu.com/news/national/other-states/actor-bijay-mohanty-joins-congress/article5735976.ece.
  7. "BIJAY MOHANTY". Myneta. https://www.myneta.info/ls2014/candidate.php?candidate_id=3349 আহৰণ কৰা হৈছে: 10 February 2025.
  8. "Veteran Ollywood Actor Bijay Mohanty quits Congress". Odisha TV. 6 April 2018. https://odishatv.in/odisha-news/body-slider/veteran-ollywood-actor-bijay-mohanty-quits-congress-286626.
  9. "Actor Bijay Mohanty dead - OrissaPOST" (en-US ভাষাত). Odisha News, Odisha Latest news, Odisha Daily - OrissaPOST. 20 July 2020. https://www.orissapost.com/actor-bijay-mohanty-dead/ আহৰণ কৰা হৈছে: 20 July 2020.
  10. "Odisha bids a tearful adieu to Bijay Mohanty | Events Movie News - Times of India". The Times of India. https://timesofindia.indiatimes.com/entertainment/events/bhubaneswar/odisha-bids-a-tearful-adieu-to-bijay-mohanty/articleshow/77110843.cms আহৰণ কৰা হৈছে: 23 July 2020.
  11. নন্দ, প্ৰশান্ত. "'নাগফাস'ৰে নায়িকা সাজিলে মাল়বিকা ৰায়". নজৰ্ (নিতিদিন). http://odishanewsnitidin.com/index.php?ID=20&PubId=3&schedule=2016-09-04&PageId=10737&PageNum=12 আহৰণ কৰা হৈছে: 5 September 2016.[সংযোগবিহীন উৎস]
  12. "Bijay Mohanty gets Jayadev Award". Archived from the original on 26 November 2015. https://web.archive.org/web/20151126164107/http://www.dailypioneer.com/state-editions/bhubaneswar/bijay-mohanty-gets-jayadev-award.html আহৰণ কৰা হৈছে: 26 November 2015.