বিদিশা শ্ৰীবাস্তৱ
| বিদিশা শ্ৰীবাস্তৱ | |
|---|---|
| জন্ম | ২৮ এপ্ৰিল ১৯৮৮ বাৰাণসী, উত্তৰ প্ৰদেশ, ভাৰত |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ২০০৪–বৰ্তমান |
| দাম্পত্যসঙ্গী | চায়ক পাল (বি. ২০১৬) |
| সন্তান | ১ |
| আত্মীয়-স্বজন | শানৱী শ্ৰীবাস্তৱ (ভগ্নী) |
বিদিশা শ্ৰীবাস্তৱ এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ তেলুগু চলচ্চিত্ৰ আৰু হিন্দী দূৰদৰ্শনত অভিনয় কৰে। তেওঁ মূলতঃ ভাবীজী ঘৰ পৰ হ্যায়! ধাৰাবাহিকত অনিতা মিশ্ৰৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]বিদিশা উত্তৰ প্ৰদেশৰ বাৰাণসীৰ বাসিন্দা।[1] তেওঁৰ এজন জ্যেষ্ঠ ভাতৃ আৰু এগৰাকী কনিষ্ঠ ভগ্নী অভিনেত্ৰী শানৱী শ্ৰীবাস্তৱ আছে। তেওঁ জৈৱ প্ৰযুক্তি বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল আৰু ব্যৱসায় ব্যৱস্থাপনাৰ এটা পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছিল।[2]
কৰ্মজীৱন
[সম্পাদনা কৰক]বিদিশা এগৰাকী উচ্চাকাংক্ষী অভিনেত্ৰী আছিল যদিও মডেল হিচাপেহে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।[2] ২০০৪ চনত ১৬ বছৰ বয়সত দূৰদৰ্শনৰ ধাৰাবাহিক চৌধ ফেৰেৰ জৰিয়তে তেওঁ টেলিভিছনত আত্মপ্ৰকাশ কৰে, য’ত তেওঁ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।[3]
১৯ বছৰ বয়সত [2] এছ পি এণ্টাৰটেইনমেণ্টৰ মা ইদ্দাৰি মধ্যৰ জৰিয়তে তেওঁ চলচ্চিত্ৰ জগতত খোজ পেলায়। ২০০৭ চনৰ আৰম্ভণিতে তেওঁৰ তিনিখন ছবি মুক্তি পাইছিল— আলা, প্ৰেম আৰু ই. ভি. ভি. সত্যনাৰায়ণৰ অথিলি ছত্তি বাবু এল কে জি। ইয়াৰে অথিলি ছত্তি বাবু এল কে জি এখন হিট ছবি আছিল। ৱানইণ্ডিয়াই ইয়াৰ আলা ছবিৰ পৰ্যালোচনাত লিখিছিল যে বিদিশাক "অত্যন্ত ধুনীয়া দেখিছিল আৰু তেৱেঁই ছবিখনৰ একমাত্ৰ আকৰ্ষণ আছিল যিয়ে ছবিখনত গ্লেমাৰৰ মাত্ৰা যোগ কৰিছিল।" অথিলি ছত্তি বাবু এল কে জিত তেওঁ কৰা অভিনয়ৰ বিষয়ে ছাইফায়ে লিখিছে, "বিদিশা নৃত্যৰ দৃশ্যবোৰত সুন্দৰ আৰু তেওঁ এগৰাকী ভাল নৃত্যশিল্পী হিচাপে নিজকে প্ৰমাণ কৰিছে। তেওঁৰ প্ৰতিভা প্ৰদৰ্শনৰ বাবেও যথেষ্ট থল আছে।" একেদৰে ইণ্ডিয়াগ্লিটজে লিখিছে, "গ্লেমাৰৰ স্থান পূৰণ কৰাৰ উপৰি বিদিশাই ভাল অভিনয় কৰিছে।"
পৰৱৰ্তী সময়ত ২০০৭ চনত তেওঁ নলি নলিয়ুথা (২০০৭) ছবিৰ জৰিয়তে কানাড়া চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে। দ্য টাইমছ অৱ ইণ্ডিয়াই লিখিছে, "এই চৰিত্ৰটোৰ বাবে বিদিশা এক নিখুঁত পছন্দ",[4] আনহাতে ৰেডিফে লিখিছে যে তেওঁক "দেখিবলৈ গ্লেমাৰাছ যদিও অভিনয় কি সেয়া এতিয়াও শিকিবলৈ বাকী আছে।" [5] তেওঁৰ প্ৰথম তামিল ছবি আছিল ২০০৮ চনত মুক্তি পোৱা কাথাভাৰায়ন [6][7] আৰু তেওঁৰ প্ৰথম মালয়ালম ছবি আছিল ২০১১ চনত মুক্তি পোৱা লাকী জোকাৰ্ছ। ২০১২ চনত তেওঁ দেৱৰায় ছবিৰ জৰিয়তে তেলুগু চলচ্চিত্ৰলৈ পুনৰ ঘূৰি আহে আৰু 123telugu.com-এ লিখিছিল যে তেওঁৰ অভিনয় ভাল আছিল আৰু "যদি তেওঁ নিজৰ প্ৰকল্পবোৰৰ যত্ন লয় তেন্তে উদ্যোগটোত তেওঁৰ ভৱিষ্যত থাকিব পাৰে।" তেওঁ পুনৰ এখন কানাড়া ছবি বিৰাটতো কাম কৰিছিল।
১৩ বছৰৰ পাছত, ২০১৭ চনত তেওঁ য়ে হ্যে মহব্বতে ধাৰাবাহিকত ৰোশ্নি ভাল্লাৰ চৰিত্ৰত অভিনয়েৰে টেলিভিছনলৈ উভতি আহে। পৰৱৰ্তী সময়ত ২০১৯ চনত তেওঁ মেৰী গুড়িয়াত ৰাত্ৰি গুজৰালৰ চৰিত্ৰত অভিনয় কৰে, যিখন ভাৰতত ক'ভিড-১৯ মহামাৰীৰ বাবে ২০২০ চনত বন্ধ হৈ গৈছিল। তেওঁ শ্ৰীমদ্ভাগৱত মহাপুৰাণত সীতা, কাহত হনুমান জয় শ্ৰী ৰাম (২০২০)ত দেৱী পাৰ্বতী, ২০২১ চনত দুৰ্গা – মাতা কি ছায়া আৰু ২০২১ চনৰপৰা ২০২২ চনলৈ কাশীবাই বাজীৰাও বাল্লালত শিৱ কৃষ্ণ যোশীৰ চৰিত্ৰত অভিনয় কৰিছিল।
২০২২ চনৰপৰা তেওঁ জনপ্ৰিয় হিন্দী ধাৰাবাহিক ভাবীজী ঘৰ পৰ হ্যায়ত আছিফ শ্বেখৰ বিপৰীতে অনিতা বিভূতি নাৰায়ণ মিশ্ৰৰ মুখ্য চৰিত্ৰত অভিনয় কৰি আহিছে, যাৰ বাবে তেওঁ বৰ্তমান দৰ্শকৰ মাজত যথেষ্ট জনপ্ৰিয় হৈ পৰিছে।
২০২৬ চনত তেওঁৰ আটাইতকৈ দীঘলীয়া হিন্দী ধাৰাবাহিকখনৰ ওপৰত আধাৰিত ছবি ভাবীজী ঘৰ পৰ হ্যায়! ফান অন দ্য ৰাণৰ জৰিয়তে আছিফ শ্বেখৰ বিপৰীতে পুনৰ চলচ্চিত্ৰ জগতলৈ উভতি আহে।
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]বিদিশাই ২০১৬ চনৰ ডিচেম্বৰ মাহত নিজৰ জন্মস্থান বাৰাণসীত চায়ক পালৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[1][8] পাল ৰাঁচীৰ এটা খনি কোম্পানীত কৰ্মৰত আৰু তেওঁৰ ঘৰ কলকাতাত।[1][9] ২০২৩ চনৰ জুলাই মাহত তেওঁ এটি কন্যা সন্তান জন্ম দিয়ে।[10]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 3 Maheshwari, Neha (7 June 2022). "Exclusive: I didn't hide my marriage. I just didn't speak about it, says Vidisha Srivastava aka Anita Bhabhi of Bhabiji Ghar Par Hai!". The Times of India. https://timesofindia.indiatimes.com/tv/news/hindi/exclusive-i-didnt-hide-my-marriage-i-just-didnt-speak-about-it-says-vidisha-srivastava-aka-anita-bhabhi-of-bhabiji-ghar-par-hai/articleshow/92033789.cms.
- 1 2 3 "Times of India Publications". 16 May 2011. http://lite.epaper.timesofindia.com/mobile.aspx?article=yes&pageid=25§id=edid=&edlabel=TOIA&mydateHid=16-05-2011&pubname=&edname=&articleid=Ar02501&publabel=TOI। আহৰণ কৰা হৈছে: 16 February 2014.
- ↑ Tiwari, Vijaya (Mar 24, 2022). "Exclusive - Bhabi Ji's Vidisha Srivastava on facing rejections: Once I had packed my bags to leave for shoot & I learnt someone else was cast". The Times of India. https://timesofindia.indiatimes.com/tv/news/hindi/tellyblazer-exclusive-bhabi-jis-vidisha-srivastava-on-facing-rejections-once-i-had-packed-my-bags-to-leave-for-shoot-i-learnt-someone-else-was-cast/articleshow/90414684.cms.
- ↑ "Nali Naliyutha Movie Review". The Times of India. 10 May 2016. https://timesofindia.indiatimes.com/entertainment/kannada/movie-reviews/nali-naliyutha/movie-review/2328368.cms.
- ↑ Vijayasarathy, R. G. (3 September 2007). "Nali Naliyutha: Just average". Rediff. https://www.rediff.com/movies/review/nali/20070903.htm.
- ↑ Srinivasan, Pavithra (3 June 2008). "Kathavaraayan, a mindless outing". Rediff. https://www.rediff.com/movies/2008/jun/03ssk.htm.
- ↑ "The K factor - Kaathavaraayan". The Hindu. 6 June 2008. http://www.thehindu.com/todays-paper/tp-features/tp-fridayreview/the-k-factor-kaathavaraayan/article1434463.ece.
- ↑ "Happy 3rd my love @vidishasrivastava". Instagram. 9 December 2019. https://www.instagram.com/p/B51F259nNMu/?igshid=MzRlODBiNWFlZA%3D%3D। আহৰণ কৰা হৈছে: 14 July 2023.
- ↑ Maheshwari, Neha (18 March 2023). "Exclusive! Vidisha Srivastava aka Anita Bhabhi of Bhabiji Ghar Par Hai! is expecting; the baby is due in June". The Times of India. https://timesofindia.indiatimes.com/tv/news/hindi/exclusive-vidisha-srivastava-aka-anita-bhabhi-of-bhabiji-ghar-par-hai-is-expecting-the-baby-is-due-in-june/articleshow/98729434.cms.
- ↑ Maheshwari, Neha (14 July 2023). "Vidisha Srivastava aka Gori Mem of Bhabiji Ghar Par Hai! blessed with a baby girl; plans to resume the shoot a month-and-a-half later". The Times of India. https://timesofindia.indiatimes.com/tv/news/hindi/vidisha-srivastava-aka-gori-mem-of-bhabiji-ghar-par-hai-blessed-with-a-baby-girl-plans-to-resume-the-shoot-a-month-and-a-half-later/articleshow/101755697.cms.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত Vidisha সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Vidisha সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- ইনষ্টাগ্ৰামত বিদিশা শ্ৰীবাস্তৱ